< Cakarijas 1 >
1 Astotā mēnesī, Dārija otrā gadā, Tā Kunga vārds notika uz pravieti Zahariju, Bereķijas, Idus dēla, dēlu, sacīdams:
১দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ অষ্টম মাহত, ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল:
2 Tas Kungs dusmodamies dusmojies par jūsu tēviem.
২“যিহোৱাই তোমালোকৰ পূৰ্বপুৰুষসকলৰ ওপৰত অতিশয় অসন্তুষ্ট হৈছিল!
3 Tāpēc saki uz tiem: tā saka Tas Kungs Cebaot: atgriežaties atkal pie Manis, saka Tas Kungs Cebaot, tad Es atkal griezīšos pie jums, saka Tas Kungs Cebaot.
৩সেই কাৰণে তুমি লোকসকলক কোৱা: ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, “তোমালোকে মোলৈ ঘূৰা!” এয়ে বাহিনীসকলৰ যিহোৱাৰ বাক্য; “তেতিয়া মই তোমালোকলৈ ঘূৰিম!” এই কথা বাহিনীসকলৰ যিহোৱাই কৈছে।
4 Neesiet kā jūsu tēvi, uz ko tie pirmie pravieši sauca un sacīja: tā saka Tas Kungs Cebaot: atgriežaties jel no saviem ļauniem ceļiem un saviem ļauniem darbiem! Bet tie neklausīja un Mani neņēma vērā, saka Tas Kungs.
৪তোমালোকৰ পূৰ্ব-পুৰুষসকলৰ নিচিনা তোমালোক নহ’বা; যিসকলৰ আগত আগৰ কালৰ ভাববাদীসকলে কৈছিল, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ কু-পথৰ, আৰু নিজ নিজ কু-কাৰ্যৰ পৰা ঘূৰা!” কিন্তু তেওঁলোকে সেই কথা নুশুনিলে, বা মোলৈ কাণ নিদিলে।” এয়ে যিহোৱাৰ ঘোষণা।
5 Jūsu tēvi, kur tie ir? Un tie pravieši, vai tie var mūžīgi dzīvot?
৫“তোমালোকৰ পূৰ্বপুৰুষসকল ক’ত? আৰু ভাববাদীসকল চিৰকাললৈকে জীয়াই আছে নে?
6 Bet Mani vārdi un Mani likumi, ko Es biju pavēlējis Saviem kalpiem, tiem praviešiem, vai tie nav nākuši pār jūsu tēviem? Tā ka tie atgriezdamies sacīja: tā kā Tas Kungs Cebaot bija nodomājis mums darīt pēc mūsu ceļiem un pēc mūsu darbiem, tā Viņš mums ir darījis.
৬কিন্তু মোৰ দাস ভাববাদীসকলক মই আজ্ঞা কৰা মোৰ বাক্য আৰু নিয়মবোৰ তোমালোকৰ পূৰ্বপুৰুষসকলৰ কাণত পৰা নাছিল নে? তেতিয়া তেওঁলোকে মন পালটন কৰি ক’লে, ‘আমাৰ আচাৰ-ব্যৱহাৰ আৰু আমাৰ কাৰ্য অনুসাৰে আমালৈ কৰিবৰ কাৰণে বাহিনীসকলৰ যিহোৱাই থিৰ কৰাৰ দৰে তেওঁ আমালৈ কৰিলে’।”
7 Divdesmit ceturtā dienā, vienpadsmitā mēnesī, tas bija Zebat mēnesis, Dārija otrā gadā, Tā Kunga vārds notika uz pravieti Zahariju, Bereķijas, Idus dēla, dēlu, sacīdams:
৭দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ একাদশ, অৰ্থাৎ চবাট মাহৰ চৌবিশ দিনৰ দিনা ইদ্দোৰ নাতিয়েক বেৰেখিয়াৰ পুত্ৰ জখৰিয়া ভাববাদীক যিহোৱাৰ দ্বাৰাই এই বাক্য জনোৱা হ’ল,
8 Es redzēju naktī un raugi, vīrs jāja uz sarkana zirga, un tas stāvēja starp mirtēm ielejā, un aiz viņa bija sarkani, bēri un balti zirgi.
৮“মই ৰাতি দৰ্শনত দেখিলোঁ যে, এজন লোকে এটা ৰঙা ঘোঁৰাত উঠি সমতলত থকা মেন্দি গছবোৰৰ মাজত থিয় হৈ আছিল; আৰু তেওঁৰ পাছত ৰঙা, মুগা আৰু বগা বৰণীয়া কেইবাটাও ঘোঁৰা আছিল।
9 Tad es sacīju: mans kungs, kas tie tādi? Un tas eņģelis, kas ar mani runāja, sacīja uz mani: es tev rādīšu, kas šie tādi.
৯তেতিয়া মই সুধিলোঁ, “হে মোৰ প্ৰভু, এইবোৰ কি বস্তু?” তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “এইবোৰ কি বস্তু সেই বিষয়ে মই তোমাক দেখুৱাম।”
10 Tad tas vīrs, kas stāvēja starp tām mirtēm, atbildēja un sacīja: šie ir tie, ko Tas Kungs izsūtījis, pārstaigāt zemi.
১০তেতিয়া মেন্দি গছবোৰৰ মাজত থিয় দি থকা সেই লোকজনে উত্তৰ দি ক’লে, “পৃথিৱীত চাৰিওফালে ফুৰিবলৈ যিহোৱাই পঠোৱা লোক এইসকল।”
11 Un tie atbildēja Tā Kunga eņģelim, kas stāvēja starp tām mirtēm, un sacīja: mēs zemi esam pārstaigājuši, un redzi, visa zeme ir klusa un mierā.
১১তেতিয়া তেওঁলোকে মেন্দি গছবোৰৰ মাজত থিয় হৈ থকা যিহোৱাৰ দূতজনাক উত্তৰ দি ক’লে, “আমি পৃথিৱীৰ সকলো ফালে ফুৰিলোঁ আৰু চোৱা, গোটেই পৃথিৱী সুস্থিৰ আৰু বিশ্ৰামে আছে।”
12 Tad Tā Kunga eņģelis atbildēja un sacīja: Kungs Cebaot! Cik ilgi Tu neapžēlosies par Jeruzālemi un par Jūda pilsētām, par kurām Tu esi dusmojies šos septiņdesmit gadus?
১২তেতিয়া যিহোৱাৰ দূতজনে উত্তৰ দি ক’লে, “হে বাহিনীসকলৰ যিহোৱা, যি যিৰূচালেমৰ, আৰু যিহূদাৰ নগৰবোৰৰ অহিতে আপুনি এই সত্তৰ বছৰ ক্ৰোধ কৰিয়েই আছে, সেই যিৰূচালেম আৰু যিহূদাৰ সেই নগৰবোৰৰ ওপৰত আপুনি কিমান কাললৈ দয়া নকৰাকৈ থাকিব?”
13 Un Tas Kungs tam eņģelim, kas ar mani runāja, atbildēja labus vārdus, prieka vārdus.
১৩তেতিয়া যিহোৱাই মোৰে সৈতে কথা হোৱা দূতজনক উত্তম বাক্য, এনে কি, শান্ত্বনাদায়ক বাক্যেৰে উত্তৰ দিলে।
14 Un tas eņģelis, kas ar mani runāja, sacīja uz mani: sludini un saki: tā saka Tas Kungs Cebaot: Es esmu iekarsis par Jeruzālemi un par Ciānu ar lielu karstumu.
১৪তেতিয়া মোৰ লগত কথা হোৱা দূতজনে মোক ক’লে, “তুমি ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যিৰূচালেম আৰু চিয়োনৰ অৰ্থে মহা অন্তৰ্জ্বালাৰে জ্বলিছোঁ।
15 Un ar lielām dusmām Es dusmojos par tiem drošiem pagāniem, jo Es biju maķenīt dusmīgs, bet tie palīdzēja uz ļaunumu.
১৫আৰু নিশ্চিন্তে থকা জাতি সমূহৰ ওপৰত মই অতিশয় অসন্তুষ্ট হৈছোঁ; কিয়নো মই কেৱল অলপ অসন্তুষ্ট হোৱাত, তেওঁলোক অমঙ্গলৰ অৰ্থে সাহায্য কৰোঁতা হ’ল।”
16 Tāpēc tā saka Tas Kungs: Es atgriezīšos uz Jeruzālemi ar apžēlošanu, Mans nams tur taps uztaisīts, saka Tas Kungs Cebaot, un mēra auklu vilks pār Jeruzālemi.
১৬এই হেতুকে যিহোৱাই এই কথা কৈছে: “মই নানা দয়াৰে সৈতে যিৰূচালেমলৈ ঘূৰিলোঁ; তাত মোৰ গৃহ সজা হ’ব।” বাহিনীসকলৰ যিহোৱাৰ এই বচন- “আৰু যিৰূচালেমৰ ওপৰত এডাল পৰিমাণ-জৰী বিস্তাৰ কৰা হ’ব!”
17 Sludini vēl un saki: tā saka Tas Kungs Cebaot: Manām pilsētām atkal labi klāsies, jo Tas Kungs atkal iepriecinās Ciānu un atkal izredzēs Jeruzālemi. -
১৭তুমি আকৌ ঘোষণা কৰি কোৱা, ‘বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ নগৰবোৰ পুনৰায় মঙ্গলেৰে উপচি পৰিব, যিহোৱাই চিয়োনক পুনৰায় শান্ত্বনা কৰিব আৰু যিৰূচালেমক আকৌ মনোনীত কৰিব।”
18 Un es pacēlu savas acis un skatījos, un redzi, tur bija četri ragi.
১৮পাছত চকু তুলি চাই মই চাৰিটা শিং দেখিলোঁ।
19 Un es sacīju uz to eņģeli, kas ar mani runāja: kas tie tādi? Un viņš sacīja uz mani: šie ir tie ragi, kas izkaisījuši Jūdu un Israēli un Jeruzālemi.
১৯তেতিয়া মোৰ লগত কথা হোৱা দূতজনক মই সুধিলোঁ, “এইবোৰ কি?” তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “যিহূদা, ইস্ৰায়েল আৰু যিৰূচালেমক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ।”
20 Un Tas Kungs man rādīja četrus kalējus.
২০তাৰ পাছত যিহোৱাই মোক চাৰিজন শিল্পকাৰ দেখুৱালে।
21 Tad es sacīju: ko tie nāk darīt? Un viņš runāja un sacīja: še ir tie ragi, kas Jūdu izkaisījuši, tā ka neviens savu galvu nepaceļ, bet šie ir nākuši tos biedināt un nosist zemē ragus tiem pagāniem, kas bija ragu pacēluši pret Jūda zemi, to izkaisīt. -
২১তেতিয়া মই সুধিলোঁ, “এওঁলোকে কি কৰিবলৈ আহিছে?” তেওঁ উত্তৰ দি ক’লে, “যি কোনো মানুহকে নিজৰ মূৰ দাঙিব নোৱাৰাকৈ যিহূদাক ছিন্ন-ভিন্ন কৰা শিং এইবোৰ; কিন্তু যি জাতিবোৰে যিহূদা দেশ ছিন্ন-ভিন্ন কৰিবলৈ নিজ নিজ শিং তুলিছিল, সেই জাতিবোৰক ত্ৰাসিত কৰিবলৈ আৰু তেওঁলোকৰ শিংবোৰ ভাঙি পেলাবলৈ, এওঁলোক আহিছে।