< Psalmi 44 >
1 Koraha bērnu pamācība. Dziedātāju vadonim. Dievs, ar savām ausīm mēs to esam dzirdējuši, mūsu tēvi to mums ir teikuši: vienu darbu Tu esi darījis viņu laikā sendienās.
১হে ঈশ্বৰ, আমি আমাৰ নিজৰ কাণেৰে শুনিলোঁ; পূৰ্বকালত আমাৰ পূর্বপুৰুষ সকলৰ দিনত তুমি যি যি কাৰ্য কৰিছিলা, সেই সম্বন্ধে আমাক তেওঁলোকে ক’লে।
2 Ar savu roku pagānus Tu esi izdzinis, bet viņus Tu esi dēstījis; tautas Tu esi mocījis, bet viņus Tu esi izplatījis.
২তুমি তোমাৰ নিজৰ হাতেৰেই আন জাতিবোৰক খেদি দিছিলা; সেই ঠাইত তুমি আমাৰ লোকসকলক স্থাপন কৰিলা। তুমি সেই সকলো লোকক নাশ কৰিলা, কিন্তু আমাৰ লোকসকলক তুমি মুক্ত কৰি বিস্তাৰিত কৰিলা।
3 Jo tie to zemi caur savu zobenu nav iemantojuši, un viņu elkonis tiem nav palīdzējis, bet Tava labā roka un Tavs elkonis un Tava vaiga gaišums, jo Tev bija labs prāts pie tiem.
৩তেওঁলোকে নিজৰ তৰোৱালৰ দ্বাৰাই সেই দেশ অধিকাৰ কৰা নাছিল, নিজৰ বাহুৰ শক্তিত জয় লাভ কৰা নাছিল; কিন্তু তোমাৰ সোঁ হাত, তোমাৰ বাহু, আৰু তোমাৰ মুখৰ দীপ্তিয়েহে তাক কৰিছিল; কিয়নো আমাৰ লোকসকলৰ ওপৰত তোমাৰ অনুগ্ৰহ আছিল।
4 Tu tas esi, ak Dievs, mans ķēniņš; sūti Jēkabam pestīšanu.
৪তুমিয়েই মোৰ ৰজা, তুমিয়েই মোৰ ঈশ্বৰ; যাকোবৰ জয়ৰ বাবে তুমিয়েই আজ্ঞা কৰা।
5 Ar Tevi mēs gribam sadauzīt savus ienaidniekus, Tavā vārdā gribam samīt, kas mums ceļas pretim.
৫আমাৰ শত্রুবোৰক আমি তোমাৰ দ্বাৰায়েই তললৈ ঠেলি পঠাম; আমাৰ বিপক্ষে উঠাসকলক আমি তোমাৰ নামত ভৰিৰ তলত গছকিম।
6 Jo es neceru uz savu stopu, un mans zobens man nevar palīdzēt.
৬মই নিজৰ ধনুৰ ওপৰত ভাৰসা নকৰোঁ, মোৰ তৰোৱালে মোক ৰক্ষা কৰিব নোৱাৰে।
7 Bet Tu mūs izglābi no mūsu pretiniekiem, un Tu mūsu ienaidniekus lieci kaunā.
৭কিন্তু তুমিয়েই শত্ৰুবোৰৰ পৰা আমাক ৰক্ষা কৰিলা, আৰু আমাক ঘৃণা কৰা সকলক তুমি লাজত পেলালা।
8 Ar Dievu mēs lielāmies cauru dienu un pateicamies Tavam vārdam mūžīgi. (Sela)
৮ঈশ্বৰৰ নামতে আমি সকলো সময়তে গর্ব কৰি আহিছোঁ; চিৰকাল আমি তোমাৰ নামৰ ধন্যবাদ কৰি থাকিম। (চেলা)
9 Bet nu Tu mūs atstūmi un lieci mūs kaunā un neizej ar mūsu karaspēku.
৯কিন্তু তুমি এতিয়া আমাক ত্যাগ কৰিলা, আমাক অপমানিত কৰিলা; আমাৰ সৈন্য সমূহৰ লগত তুমি যাত্রা নকৰা।
10 Tu mūs dzeni atpakaļ priekš mūsu pretiniekiem, ka mūsu ienaidnieki mūs aplaupa.
১০শত্রুৰ সন্মুখৰ পৰা তুমি আমাক পাছ হুঁহুকি আহিবলৈ বাধ্য কৰিলা; আমাক শত্রুবোৰে আমাক লুট কৰিছে।
11 Tu mūs nodevi kā avis par barību, un mūs izkaisi starp pagāniem.
১১তুমি আমাক কাটিবলৈ নিয়া মেৰ-ছাগৰ দৰে কৰিলা; জাতিবোৰৰ মাজত আমাক সিঁচৰতি কৰিলা।
12 Tu pārdevi Savus ļaudis pa velti, un nespriedi priekš viņiem nekādas maksas.
১২তুমি তোমাৰ লোক সমূহক, বিনামূল্যেই বেচিলা, তেওঁলোকৰ বিনিময়ত তুমি অধিক ধন নিবিচাৰিলা।
13 Tu mūs cēli par apsmieklu mūsu kaimiņiem, par nievāšanu un apmēdīšanu tiem, kas ir ap mums.
১৩ওচৰ-চুবুৰীয়াৰ আগত তুমি আমাক নিন্দাৰ বিষয় কৰিছা; চাৰিওফালৰ লোক সকলৰ ওচৰত আমাক বিদ্ৰূপ আৰু তুচ্ছজ্ঞানৰ পাত্ৰ কৰিছা।
14 Tu mūs dari par sakāmu vārdu starp pagāniem, ka tautas par mums galvu krata.
১৪অন্যান্য জাতিবোৰৰ মাজত তুমি আমাক দৃষ্টান্ত কৰিছা; লোক সকলৰ মাজত আমাক হাঁহিয়াতৰ পাত্র কৰিছা।
15 Cauru dienu mans negods man ir klāt, un kauns apklāj manu vaigu
১৫ওৰে দিনটো মোৰ অপমান মোৰ আগতে আছে, আৰু মোৰ মুখৰ লাজে মোক ঢাকিছে;
16 Mēdītāju un zaimotāju valodas pēc, ienaidnieku un atriebēju dēļ.
১৬মোক নিন্দা আৰু তুচ্ছ জ্ঞান কৰাসকলৰ কথাৰ কাৰণে, শত্রু আৰু প্রতিহিংসাকাৰী সকলৰ কাৰণে,
17 Viss tas mums uzgājis, taču mēs Tevi neesam aizmirsuši, nedz viltīgi darījuši pret Tavu derību.
১৭আমালৈ এই সকলো ঘটিল; তথাপি আমি তোমাক পাহৰা নাই, অথবা তোমাৰ ব্যৱস্থাৰ বিষয়ে বিশ্বাস-ঘাতকতা কৰা নাই।
18 Mūsu sirds nav atpakaļ griezusies, nedz mūsu soļi noklīduši no Taviem ceļiem,
১৮তোমাৰ পৰা আমাৰ মন ঘূৰা নাই; তোমাৰ পথৰ পৰাও আমাৰ ভৰি আঁতৰি যোৱা নাই।
19 Ka Tu mūs tā satriec zvēru vidū, un mūs apklāj ar nāves ēnu.
১৯তথাপিও তুমি আমাক শিয়ালবোৰৰ ঠাইত গুড়ি কৰিলা, মৃত্যুচ্ছায়াৰে আমাক ঢাকি ধৰিলা।
20 Ja mēs būtu aizmirsuši sava Dieva vārdu, un pacēluši savas rokas uz kādu svešu dievu,
২০আমাৰ ঈশ্বৰক যদি আমি পাহৰিলোঁ, নাইবা আমাৰ হাত যদি আন কোনো দেৱতাৰ ফালে আগবঢ়াইছো,
21 Vai Dievs to nevarētu samanīt? Jo Viņš zina sirds noslēpumus.
২১তেন্তে ঈশ্বৰে জানো তাক নাজানিব? কিয়নো তেওঁ মনৰ গোপনীয় সকলো কথাই জানে।
22 Bet Tevis pēc mēs topam nāvēti visaugošu dienu, un topam turēti līdzi kaujamām avīm.
২২কিন্তু তথাপিও তোমাৰ কাৰণেই আমি গোটেই দিনটো হত হৈছোঁ; আমি বধ কৰিব লগীয়া মেৰ-ছাগৰ নিচিনা গণিত হৈছোঁ।
23 Uzmosties, Kungs, kāpēc Tu guli? Mosties, neatstum mūžīgi.
২৩হে যিহোৱা, সাৰ পোৱা, তুমি কিয় টোপনিয়াই আছা? জাগি উঠা, চিৰকাললৈকে আমাক ত্যাগ নকৰিবা!
24 Kāpēc Tu apslēpi Savu vaigu un aizmirsti mūsu bēdas un mokas?
২৪তুমি কিয় তোমাৰ মুখ ঢাকি ৰাখিছা? আমাৰ ক্লেশ আৰু উপদ্ৰৱ কিয় পাহৰিছা?
25 Jo mūsu dvēsele ir nospiesta pīšļos, mūsu vēders līp pie zemes.
২৫আমাৰ প্ৰাণ ধূলিলৈকে নামি হৈছে, আমাৰ শৰীৰ মাটিত লাগি গৈছে।
26 Celies mums par palīgu, un izglāb mūs Savas žēlastības dēļ.
২৬উঠি আহা, আমাক সহায় কৰা; তোমাৰ গভীৰ প্রেম অনুসাৰে তুমি আমাক মুক্ত কৰা।