< Psalmi 114 >
1 Kad Israēls izgāja no Ēģiptes, Jēkaba nams no svešas valodas ļaudīm,
১ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল,
2 Tad Jūda Viņam tapa par svētu daļu, un Israēls par Viņa valstību.
২তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য।
3 Jūra redzēja un bēga, Jardāne griezās atpakaļ;
৩সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে; যৰ্দ্দন নদী উজাই গ’ল।
4 Kalni lēkāja kā auni, pakalni kā jēri.
৪পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে।
5 Kas tev bija, jūra, ka tu bēdz, un tev, Jardāne, ka tu atpakaļ griezies?
৫হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা?
6 Jums, kalni, ka jūs lēkājāt kā auni, pakalni, kā jēri?
৬হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা?
7 Priekš Tā Kunga drebi, zeme, Jēkaba Dieva priekšā,
৭হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা।
8 Kas klinti pārvērsa par ezeru un akmeņus par ūdens avotiem.
৮তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চক্মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।