< Ceturtā Mozus 34 >
1 Un Tas Kungs runāja uz Mozu un sacīja:
১পাছত যিহোৱাই মোচিক ক’লে,
2 Pavēli Israēla bērniem un saki tiem: kad jūs uz Kanaāna zemi nākat, tad šī būs tā zeme, kas jums kritīs par īpašumu: Kanaāna zeme pēc savām robežām.
২“তুমি ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা দিয়া, তেওঁলোকক এই কথা কোৱা, ‘যেতিয়া তোমালোক কনান দেশত সোমাবা, তোমালোকে অধিকাৰৰ অৰ্থে পাব লগা দেশ এই, চাৰিসীমা অনুসাৰে এয়ে কনান দেশ,
3 Tad nu dienvidu mala lai jums ir no Cin tuksneša pie Edoma sāniem, un dienvidu robeža lai jums ir no sāls jūras gala pret rītiem.
৩তেতিয়া ইদোমৰ কাষত থকা ছিন মৰুভূমিৰ পৰা তোমালোকৰ দক্ষিণ অঞ্চল হ’ব; তোমালোকৰ দক্ষিণ সীমা লৱণ-সমুদ্ৰৰ অন্তৰ পৰা পূৱফালে হ’ব।
4 Un lai tā robeža iet apkārt no dienvidiem(Negebas) uz Akrabu kalniem un lai iet pāri uz Cin, un lai iziet uz Kādeš Barneas dienvidu pusi, un lai iet uz Acar Adaru un iet cauri līdz Acmonam.
৪আৰু তোমালোকৰ সীমা পৰ্ব্বত পাৰ হৈ যোৱা অক্ৰব্বীম নামেৰে ঠাইৰ দক্ষিণে ঘূৰি ছিনলৈকে যাব আৰু কাদেচ-বৰ্ণেয়াৰ দক্ষিণফালে ওলাব আৰু হচৰ-অদ্দৰ ওলাই অচমোনলৈকে যাব।
5 Un tad šai robežai būs iet apkārt no Acmona uz Ēģiptes upi, un viņas gals lai ir pie jūras.
৫পাছত এই সীমা অচমোনৰ পৰা মিচৰ জুৰিলৈ ঘূৰি আহিব আৰু সমুদ্ৰত এই সীমা শেষ হ’ব।
6 Vakara pusē lai tā lielā jūra jums ir par robežu, - šī lai jums ir tā vakaru robeža.
৬আৰু তোমালোকৰ পশ্চিম সীমা হ’লে, মহাসাগৰ আৰু তাৰ অঞ্চল; এয়ে তোমালোকৰ পশ্চিম সীমা হ’ব।
7 Un šī lai jums ir tā ziemeļu robeža: no tās lielās jūras jums būs mērot līdz Hora kalnam.
৭আৰু তোমালোকৰ উত্তৰ সীমা এই; তোমালোকে মহাসাগৰ পৰা হোৰ পৰ্ব্বত লক্ষ্য কৰিবা।
8 No Hora kalna jums būs mērot, kamēr nāk uz Amatu, un tā robeža lai noiet uz Cedadu.
৮পাছত হোৰ পৰ্ব্বতৰ পৰা হমাতৰ প্ৰৱেশস্থানলৈকে ঠিক কৰিবা আৰু তাৰ পৰা সেই সীমা ওলাই চদাদ পাব।
9 Un tā robeža lai stiepjas uz Zifronu, un viņas gals lai ir Enana ciems; šī lai jums ir tā ziemeļu robeža.
৯আৰু সেই সীমা বাহিৰ হৈ জিফ্ৰোণলৈ যাব আৰু হচৰ-ঐননত তাৰ শেষ হ’ব। এয়ে তোমালোকৰ উত্তৰ সীমা হ’ব।
10 Un par robežu pret rītiem jums būs mērot no Enana ciema līdz Šefamam.
১০আৰু তোমালোকে হচৰ-ঐননৰ পৰা চফামলৈকে তোমালোকৰ পূৱ সীমা ঠিক কৰিবা।
11 Un šī robeža lai nostiepjas no Šefama uz Riblu, Aīnam pret rītiem; pēc lai tā robeža nostiepjas un iet gar Ķinneretes jūras malu pret rītiem.
১১পাছত সেই সীমা চফামৰ পৰা ঐনৰ পূৱফাল হৈ ৰিব্লালৈ নামি যাব; সেয়ে আৰু নামি কিন্নেৰৎ সাগৰৰ পূৱ চুকত লাগিব।
12 Un šī robeža lai nostiepjas gar Jardāni, un viņas gals lai ir sāls jūra. Šī nu lai jums ir tā zeme pēc savām robežām visapkārt.
১২পাছত সেই সীমা যৰ্দ্দনলৈ নামি লৱণ-সমুদ্ৰত তাৰ শেষ হ’ব। সেই চাৰিফালৰ সীমা অনুসাৰেই তোমালোকৰ দেশ হ’ব’।”
13 Un Mozus pavēlēja Israēla bērniem un sacīja: šī ir tā zeme, ko jums caur meslošanu būs par īpašumu dabūt, ko Tas Kungs ir pavēlējis dot tām deviņām ciltīm un tai pusciltij.
১৩পুনৰায় মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক এই আজ্ঞা কৰিলে, “যি দেশ তোমালোকে চিঠি-খেলেৰে অধিকাৰ কৰিবা, যি দেশ যিহোৱাই ন ফৈদ আৰু আধা ফৈদক দিবলৈ আজ্ঞা কৰিছে, সেয়ে এই দেশ।
14 Jo Rūbena bērnu cilts pēc saviem tēvu namiem un Gada bērnu cilts pēc saviem tēvu namiem un Manasus puscilts savu daļu ir dabūjušas.
১৪কিয়নো নিজ নিজ পিতৃ-বংশ অনুসাৰে ৰূবেণৰ সন্তান সকলৰ ফৈদ আৰু নিজ নিজ পিতৃ-বংশ অনুসাৰে গাদৰ সন্তান সকলৰ ফৈদ আৰু মনচিৰ আধা ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।
15 Divas ciltis un viena puscilts savu īpašumu ir dabūjušas šaipus Jardānes, no Jērikus pret rītiem, pret austrumu.
১৫যিৰীহোৰ সন্মুখত যৰ্দ্দনৰ পূৱ পাৰত সূৰ্য ওলোৱা ফালে সেই আঢ়ৈ ফৈদে নিজ নিজ উত্তৰাধিকাৰ ল’লে।”
16 Un Tas Kungs runāja uz Mozu un sacīja:
১৬পাছত যিহোৱাই মোচিক ক’লে,
17 Šie ir to vīru vārdi, kas to zemi jums lai izdala: Eleazars, tas priesteris, un Jozuas, Nuna dēls.
১৭যিসকলে দেশ ভাগ কৰি তোমালোকক দিব, তেওঁলোকৰ নাম এই, ইলিয়াজৰ পুৰোহিত আৰু নুনৰ পুত্ৰ যিহোচূৱা।
18 Un no ikvienas cilts jums būs ņemt vienu virsnieku pie zemes izdalīšanas.
১৮আৰু উত্তৰাধিকাৰৰ অৰ্থে দেশ ভাগ কৰিবলৈ প্ৰত্যেক ফৈদৰ এজন এজন অধ্যক্ষ ল’বা।
19 Un šie ir to vīru vārdi: no Jūda cilts Kālebs, Jefunna dēls,
১৯সেই লোকসকলৰ নাম এই: যিহূদা ফৈদৰ যিফুন্নিৰ পুত্ৰ কালেব।
20 Un no Sīmeana bērnu cilts Šemuēls, Amiuda dēls,
২০আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ অম্মীহূদৰ পুত্ৰ চমূৱেল।
21 Un no Benjamina cilts Elidus, Ķislona dēls,
২১আৰু বিন্যামীন ফৈদৰ কিশ্লোনৰ পুত্ৰ ইলীদদ।
22 Un no Dana bērnu cilts virsnieks Būkus, Jagla dēls,
২২আৰু দানৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ যগ্লীৰ পুত্ৰ বুক্লী।
23 No Jāzepa bērniem, no Manasus cilts virsnieks Hanniēls, Efoda dēls,
২৩আৰু যোচেফৰ পুত্ৰসকলৰ মাজত মনচিৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ এপোদৰ পুত্ৰ হন্নীয়েল।
24 Un no Efraīma bērnu cilts virsnieks Ķemuēls, Šiftana dēls,
২৪আৰু ইফ্ৰয়িমৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ চিপ্তনৰ পুত্ৰ কেমূৱেল।
25 Un no Zebulona bērnu cilts virsnieks Elicafans, Parnaka dēls,
২৫আৰু জবূলূনৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ পৰ্ণাকৰ পুত্ৰ ইলিচাফন।
26 Un no Īsašara bērnu cilts virsnieks Paltiēls, Asana dēls,
২৬আৰু ইচাখৰৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ অজ্জনৰ পুত্ৰ পল্টীয়েল।
27 Un no Ašera bērnu cilts virsnieks Aķiuds, Zelona dēls,
২৭আৰু আচেৰৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ চলোমীৰ পুত্ৰ অহীহূদ।
28 Un no Naftalus bērnu cilts virsnieks Pedaēls, Amiuda dēls.
২৮আৰু নপ্তালীৰ সন্তান সকলৰ ফৈদৰ অধ্যক্ষ অম্মীহূদৰ পুত্ৰ পদহেল।
29 Šie ir tie, kam Tas Kungs pavēlējis Israēla bērniem izdalīt to īpašumu Kanaāna zemē.
২৯কনান দেশত ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে উত্তৰাধীকাৰ ভাগ কৰি দিবলৈ যিহোৱাই এই সকলো লোকক আজ্ঞা কৰিলে।