< Marka Evaņg̒elijs 9 >
1 Un Viņš uz tiem sacīja: “Patiesi, Es jums saku: citi no tiem, kas še stāv, nāvi nebaudīs, pirms tie nebūs redzējuši Dieva valstību ar spēku nākam.”
১যীচুৱে তেওঁলোকক ক’লে, “মই তোমালোকক স্বৰূপকৈ কওঁ, ইয়াত উপস্থিত থকা লোক সকলৰ মাজৰ কিছুমানে ঈশ্বৰৰ ৰাজ্য পৰাক্ৰমেৰে অহা নেদেখালৈকে মৃত্যুৰ সোৱাদ নাপাব৷”
2 Un pēc sešām dienām Jēzus ņēma līdz Pēteri un Jēkabu un Jāni un tos veda savrup uz vienu augstu kalnu. Un Viņš tapa apskaidrots viņu priekšā.
২তাৰ ছয় দিনৰ পাছত যীচুৱে কেৱল পিতৰ, যাকোব আৰু যোহনক লগত লৈ এটা ওখ পর্বতৰ ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকৰ সন্মুখত তেওঁ ৰূপান্তৰিত হ’ল।
3 Un Viņa drēbes tapa spožas un ļoti baltas tā kā sniegs, ka neviens balinātājs virs zemes tā nevar balināt.
৩তেওঁৰ বস্ত্ৰ উজ্বল আৰু এনে বগা হৈছিল যে পৃথিৱীৰ কোনো ধোবাই তেনে বগা কৰিব নোৱাৰে।
4 Un tiem Elija ar Mozu parādījās un runāja ar Jēzu.
৪তেতিয়া মোচিৰ সৈতে এলিয়াই তেওঁলোকক দেখা দিলে, আৰু যীচুৰ লগত কথা-বতৰা হ’ল।
5 Un Pēteris atbildēja un uz Jēzu sacīja: “Rabbi, šeit mums labi; taisīsim trīs būdas, vienu Tev un vienu Mozum un vienu Elijam.”
৫তাতে পিতৰে মাত লগাই যীচুক ক’লে, “ৰব্বি, ইয়াত থকা আমাৰ ভাল; আমি আপোনালৈ এটা, মোচিলৈ এটা, এলিয়াৰ বাবে এটা, এইদৰে তিনিটা পঁজা সাজোঁ।”
6 Jo tas nezināja, ko tas runāja; jo tie bija pārbijušies.
৬কিয়নো কি কব লাগিছিল, সেই বিষয়ে পিতৰে নাজানিছিল; কাৰণ তেওঁলোকৰ বৰ ভয় লাগিছিল।
7 Un viens padebesīs nāca, tos apēnodams; un balss nāca no tā padebeša sacīdama: “Šis ir Mans mīļais Dēls, klausiet Viņu.”
৭তেতিয়া এডোখৰ মেঘে তেওঁলোকক ছাঁ কৰি ধৰিলে; আৰু সেই মেঘৰ পৰা এই বাণী শুনা গ’ল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা”।
8 Un tūdaļ tie skatījās visapkārt un nevienu vairs pie sevis neredzēja, bet Jēzu vien.
৮পাছত তেওঁলোকে অকস্মাতে চাৰিওফাললৈ চাই, যীচুৰ বাহিৰে আন কাকো দেখা নাপালে৷
9 Un noejot no tā kalna, Viņš tiem piekodināja, ka tie nevienam nesacītu, ko tie redzējuši, pirms Tas Cilvēka Dēls no miroņiem nebūs augšām cēlies.
৯পাছত তেওঁলোক পৰ্বতৰ পৰা নামি আহোতে, যীচুৱে তেওঁলোকক এই আজ্ঞা দিলে, “তোমালোকে যি যি দেখিলা, মানুহৰ পুত্ৰ মৃত লোকৰ মাজৰ পৰা পুনৰায় নুঠালৈকে এই বিষয়ে কাকো নক’বা”।
10 Un tie to vārdu paturēja savā prātā un apjautājās, kas tas esot: no miroņiem augšām celties?
১০তাতে তেওঁলোকে সেই কথা মানি ললে কিন্তু ‘মৃত্যুৰ পৰা পুনৰুত্থান’ কি হয়, এই বিষয়ে নিজৰ মাজতে সুধা-সুধি কৰিলে।
11 Un tie Viņam jautāja sacīdami: “Kā tad tie rakstu mācītāji saka, ka Elijam jānāk papriekš?”
১১পাছত তেওঁলোকে যীচুক সুধিলে, “এলিয়া প্ৰথমে আহিব লাগে বুলি বিধানৰ অধ্যাপক সকলে কিয় কয়?”
12 Bet Viņš atbildēdams uz tiem sacīja: “Gan Elija papriekš nākdams atkal visu sataisīs; un kā ir rakstīts par To Cilvēka Dēlu, ka Tam daudz būs ciest un tapt nicinātam?
১২তাতে তেওঁ তেওঁলোকক ক’লে, “এই কথা বাস্তৱিক যে এলিয়াই প্ৰথমে আহি সকলোকে পুনঃপ্ৰতিষ্ঠা কৰে; তেনেহ’লে মানুহৰ পুত্ৰৰ বিষয়েও নো কেনেকৈ লিখা আছে যে, তেওঁ অনেক দুখভোগ কৰিব আৰু তেওঁক অৱহেলা কৰা হ’ব?
13 Bet Es jums saku: ka Elija arī ir nācis, bet tie tam ir darījuši, ko gribēdami, tā kā par to ir rakstīts.”
১৩কিন্তু মই তোমালোকক কওঁ যে, এলিয়া আহিল আৰু তেওঁৰ বিষয়ে যেনেকৈ লিখা আছে, তেনেকৈ মানুহবোৰে নিজ ইচ্ছা অনুসাৰে তেওঁলৈ কৰিলে।”
14 Un Viņš pie Saviem mācekļiem nācis, redzēja daudz ļaužu pie tiem un rakstu mācītājus, kas ar tiem apjautājās.
১৪পাছত যেতিয়া তেওঁলোক অন্য শিষ্য সকলৰ ওচৰলৈ আহিল, তেতিয়া তেওঁলোকৰ চাৰিওফালে অলেখ মানুহে আহি ভিৰ কৰি থকা দেখিলে আৰু বিধানৰ অধ্যাপক সকলে তাতে তেওঁলোকৰ সৈতে তর্ক-বিতর্ক কৰি আছিল।
15 Un tūdaļ visi ļaudis, kad tie To redzēja, izbijās un pieskrējuši To sveicināja.
১৫তেতিয়া লোক সকলে যীচুক দেখি অতিশয় চমৎকৃত হ’ল আৰু তেওঁৰ ওচৰলৈ বেগাই গৈ তেওঁক আদৰণি জনালে৷
16 Un Viņš tiem rakstu mācītājiem vaicāja: “Ko jūs ar tiem apjautājaties?”
১৬তেতিয়া তেওঁ শিষ্য সকলক সুধিলে, “তোমালোকে এওঁলোকৰ লগত কি বিষয়ত তর্ক-বিতর্ক কৰি আছা?”
17 Un viens no tiem ļaudīm atbildēdams sacīja: “Mācītāj, es savu dēlu pie Tevis esmu atvedis, tam ir mēms gars.
১৭তেতিয়া লোক সকলৰ মাজৰ পৰা এজন লোকে তেওঁক উত্তৰ দিলে, “হে গুৰু, মই আপোনাৰ ওচৰলৈ মোৰ পুত্ৰক আনিলো; অশুচি আত্মাই তাৰ তাত প্ৰৱেশ কৰি তাক কথা কবলৈ বাধা কৰে৷
18 Un kad tas viņu sakampj, tad tas to rausta; un tas puto un griež zobus un izdilst; un es Taviem mācekļiem esmu sacījis, lai tie to izdzen, bet tie nav varējuši.”
১৮সেই কাৰণে তাৰ কঁপনি উঠে আৰু তাক তললৈ পেলাই দিয়ে; তাৰ মুখৰ পৰা ফেন ওলায় আৰু য’তে তাক ধৰে, ত’তে তাক আছাৰ মাৰি পেলায়; তেতিয়া তাৰ মুখেদি ফেন ওলায়, আৰু সি দাঁত কৰচে। সি খীণাই গৈছে; সেয়েহে তাক খেদাবলৈ আপোনাৰ শিষ্য সকলৰ আগত নিবেদন কৰিছিলোঁ, কিন্তু তেওঁলোকে নোৱাৰিলে।”
19 Bet Viņš tam atbildēja un sacīja: “Ak tu neticīgā cilts? Cik ilgi Es pie jums būšu? Cik ilgi Es jūs panesīšu? Vediet to pie Manis.”
১৯তেতিয়া যীচুৱে উত্তৰ দি তেওঁলোকক ক’লে, “হে অল্পবিশ্বাসী বংশ, মই তোমালোকৰ লগত কিমান কাল থাকিম? কিমান কালনো তোমালোকক সহিম? তেওঁক মোৰ ওচৰলৈ আনা৷”
20 Un tie to atveda pie Viņa, un kad tas gars Viņu redzēja, tad tas tūdaļ to plosīja, un tas pie zemes krizdams vārtījās putodams.
২০তাতে তেওঁলোকে ল’ৰা জনক তেওঁৰ ওচৰলৈ আনিলে আৰু তাতে ভূতৰ আত্মাই যীচুক দেখাৰ লগে লগে লৰা জনক মুচৰি পেলালে, আৰু তাতে সি মাটিত পৰি মুখেদি ফেন উলিয়াই, ছটফটাবলৈ ধৰিলে।
21 Un Viņš viņa tēvam jautāja: “Cik ilgi viņam tā noticies?” Bet tas sacīja: “No bērnu dienām.
২১তেতিয়া যীচুৱে ল’ৰা জনৰ দেউতাকক সুধিলে, “ইয়াৰ এনে অৱস্থা হোৱা কিমান দিন হ’ল?” তাতে তেওঁ ক’লে, “শিশু কালৰে পৰা হৈছে;
22 Un dažkārt viņš to ir iemetis ugunī, ka viņš to nomāktu; bet ja Tu ko spēj, tad palīdzi mums, apžēlojies par mums!”
২২আৰু এই আত্মাই তাক নষ্ট কৰিবলৈ বাৰে বাৰে জুই আৰু পানীতো পেলায়; কিন্তু আপুনি যদি কিবা কৰিব পাৰে তেনেহলে আমালৈ কৃপা কৰি উপকাৰ কৰক।”
23 Bet Jēzus uz to sacīja: “Kaut tu varētu ticēt! tas visu spēj, kas tic.”
২৩তেতিয়া যীচুৱে তেওঁক ক’লে, “যদি পাৰে বুলি ক’লা যে! বিশ্বাস কৰা জনৰ বাবে সকলো সম্ভৱ।”
24 Un tūdaļ tā bērna tēvs brēca un sacīja ar asarām: “Es ticu, Kungs, palīdzi manai neticībai!”
২৪তেতিয়া সেই ল’ৰা জনৰ বাপেকে ৰিঙিয়াই ক’লে, “বিশ্বাস কৰিছোঁ; মোৰ অবিশ্বাসৰ প্ৰতিকাৰ কৰক!”
25 Bet Jēzus redzēdams, ka tie ļaudis satecēja, apdraudēja to nešķīsto garu, uz to sacīdams: “Tu mēmais un kurlais gars, Es tev pavēlu, izej ārā no tā un neieej vairs iekš tā.”
২৫তেতিয়া যীচুৱে মানুহৰ দলটোক একেলগে ল’ৰি অহা দেখি, সেই অশুচি আত্মাক ডবিয়াই ক’লে, “হে বোবা আৰু কলা আত্মা, মই তোক আজ্ঞা দিছোঁ, তই ইয়াৰ পৰা বাহিৰ ওলাই যা; পুনৰ ইয়াত প্ৰৱেশ নকৰিবি৷”
26 Un tas izgāja, brēkdams un to gauži plosīdams, un viņš tapa tā kā mironis, tā ka daudzi sacīja: tas ir nomiris.
২৬তেতিয়া সি আটাহ পাৰি ল’ৰা জনক বৰকৈ মোচোৰা মাৰি বাহিৰ ওলাল; আৰু ল’ৰা জন দেখিবলৈ মৰাৰ নিচিনা হোৱাত, বহুত মানুহে ক’লে, “সি মৰিল”।
27 Bet Jēzus to ņēma pie rokas, to uzcēla, un tas pacēlās.
২৭কিন্তু যীচুৱে হাতত ধৰি তাক উঠালে আৰু তেতিয়া সি উঠি বহিল।
28 Un kad Viņš namā bija iegājis, Viņa mācekļi tam savrup jautāja: “Kāpēc mēs nespējām to izdzīt?”
২৮পাছত তেওঁ ঘৰৰ ভিতৰত প্ৰৱেশ কৰোঁতে তেওঁৰ শিষ্য সকলে গুপুতে তেওঁক সুধিলে, “আমি সেই আত্মাটোক কিয় খেদাব নোৱাৰিলোঁ?”
29 Un Viņš uz tiem sacīja: “Šī suga citādi nevar iziet, kā vien caur lūgšanu un gavēšanu.”
২৯তাতে তেওঁ তেওঁলোকক ক’লে, “প্ৰাৰ্থনাৰ অবিহনে আন কোনো উপায়েৰে এইবিধক খেদাব নোৱাৰি।”
30 Un no turienes izgājuši, tie pārstaigāja Galileju, un Viņš negribēja, ka to kas zinātu.
৩০পাছত তেওঁলোকে সেই ঠাইৰ পৰা ওলাই, গালীল প্ৰদেশৰ মাজেদি যাত্ৰা কৰিলে, কিন্তু যীচুৱে ইচ্ছা কৰিছিল, তেওঁলোকৰ যাত্রাৰ কথা কোনেও যেন নাজানে।
31 Jo Viņš Savus mācekļus mācīja un uz tiem sacīja: “Tas Cilvēka Dēls taps nodots cilvēku rokās, un tie To nokaus, un nokauts Viņš trešā dienā augšām celsies.”
৩১কিয়নো তেওঁ নিজৰ শিষ্য সকলক শিক্ষা দি কৈছিল, বোলে ‘মানুহৰ পুত্ৰক মানুহবোৰৰ হাতত শোধাই দিয়া হ’ব, তেওঁলোকে তেওঁক বধ কৰিব আৰু বধ কৰাৰ তিন দিনৰ পাছত তেওঁ পুনৰায় উঠিব’।
32 Bet tie šo vārdu nesaprata un bijās Viņu jautāt.
৩২কিন্তু তেওঁলোকে সেই কথা নুবুজিলে, আৰু তেওঁক সুধিবলৈকো ভয় কৰিলে।
33 Un Viņš nāca Kapernaūmā, un mājās būdams Viņš tiem jautāja: “Ko jūs savā starpā esat apjautājušies uz ceļa?”
৩৩এইদৰে তেওঁলোক কফৰনাহূমলৈ আহিল। পাছত তেওঁ ঘৰ সোমাই তেওঁলোকক সুধিলে, “তোমালোকে বাটত কি কোৱা-মেলা কৰিছিলা?”
34 Bet tie cieta klusu; jo tie savā starpā bija sarunājušies uz ceļa, kurš esot tas lielākais?
৩৪কিন্তু তেওঁলোক নিজম দি থাকিল; কিয়নো কোন শ্ৰেষ্ঠ, সেই বিষয়ে বাটত তেওঁলোকে পৰস্পৰে কোৱা-মেলা কৰি আহিছিল।
35 Un Viņš apsēdās, atsauca tos divpadsmit un uz tiem sacīja: “Ja kas grib pirmais būt, tas lai ir no visiem tas pēdīgais un visu kalps.”
৩৫তাতে তেওঁ বহিল, আৰু বাৰ জন পাঁচনিক মাতি ক’লে, কোনোৱে যদি প্ৰথম হ’বলৈ ইচ্ছা কৰে, তেওঁ সকলোৰে শেষ আৰু সকলোৰে পৰিচাৰক হ’ব।
36 Un Viņš ņēma vienu bērnu un to veda viņu vidū un to skūpstīja un uz tiem sacīja:
৩৬তেতিয়া তেওঁ শিশু এজনক লৈ আহিল আৰু তেওঁলোকৰ মাজত থলে৷
37 “Ja kas vienu no šiem bērniem uzņem Manā Vārdā, tas Mani uzņem; bet kas Mani uzņem, tas neuzņem Mani, bet To, kas Mani sūtījis.”
৩৭তাৰ পাছত তাক কোলাত লৈ তেওঁলোকক ক’লে, “যি কোনোৱে এনে শিশু এটিক মোৰ নামেৰে গ্ৰহণ কৰে; তেওঁ মোকেই গ্ৰহণ কৰে আৰু যি কোনোৱে মোক গ্ৰহণ কৰে, তেওঁ মোক পঠোৱা জনক গ্ৰহণ কৰে।”
38 Bet Jānis Tam atbildēja un sacīja: “Mācītāj! Mēs vienu redzējām Tavā Vārdā velnus izdzenam, tas neturas pie mums, un mēs tam to esam lieguši, tāpēc ka tas neturas pie mums.”
৩৮তেতিয়া যোহনে তেওঁক ক’লে, “হে গুৰু, আপোনাৰ নামেৰে ভূতবোৰক খেদোৱা এজনক আমি দেখিলোঁ; কিন্তু তেওঁ আমাৰ পাছে পাছে নহাত, আমি তেওঁক নিষেধ কৰিলোঁ।”
39 Bet Jēzus sacīja: “Neliedziet viņam, jo neviens nedara brīnumu Manā Vārdā, kas tūdaļ no Manis varētu ļaunu runāt.
৩৯তেতিয়া যীচুৱে ক’লে, “তেওঁক নিষেধ নকৰিবা; কিয়নো মোৰ নামেৰে পৰাক্ৰম কাৰ্য কৰাৰ পাছত, সোনকালে মোৰ নিন্দা কৰিব পৰা কোনো নাই।
40 Jo kas nav pret mums, tas ir ar mums.
৪০কাৰণ যি জন আমাৰ বিপক্ষ নহয়, তেওঁ আমাৰ সপক্ষ।
41 Jo, ja kas jūs dzirdinās ar biķeri ūdens Manā Vārdā, tāpēc ka jūs Kristum piederat, patiesi, Es jums saku: tam sava alga nezudīs.
৪১যি কোনোৱে খ্ৰীষ্টৰ লোক বুলি তোমালোকক এবাটি পানীকে খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ নিজৰ পুৰস্কাৰ কোনোমতে নেহেৰুৱাব।
42 Un ja kas apgrēcina vienu no šiem vismazākajiem, kas tic uz Mani, tam būtu labāki, ka tam dzirnu akmeni pie kakla piekārtu un to iemestu jūrā.
৪২কিন্তু যি কোনোৱে মোত বিশ্বাস কৰা এই শিশু সকলৰ মাজৰ এজনৰো বিঘিনি জন্মায়, তেওঁৰ ডিঙিত জাঁত আঁৰি, সাগৰত পেলাই দিয়াই তেওঁৰ বাবে ভাল হ’ব।
43 Jeb kad tev tava roka apgrēcina, nocērt to; tas tev ir labāki, ka tu kroplis ieej dzīvošanā, nekā tev ir divas rokas, un tu noej ellē, tai neizdzēšamā ugunī, (Geenna )
৪৩যদি তোমাৰ হাত, তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে সেই হাত কাটি পেলোৱা; দুহতীয়া হৈ নৰকৰ নুনুমুৱা জুইলৈ যোৱাতকৈ, কোঙা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। (Geenna )
44 Kur viņu tārps nemirst, un tas uguns neizdziest.
৪৪
45 Un kad tava kāja tevi apgrēcina, tad nocērt to; tas tev ir labāki, ka tu tizls ieej dzīvošanā, nekā tev ir divas kājas, un topi mests ellē, tai neizdzēšamā ugunī, (Geenna )
৪৫যদি তোমাৰ ভৰি, তোমাৰ বিঘিনিবোৰৰ কাৰণ হয়, তেনেহলে সেই ভৰি কাটি পেলোৱা; দুটা ভৰিৰে নৰকত পেলোৱা হোৱাতকৈ, খোৰা হৈ জীৱনত সোমোৱা তোমাৰ ভাল। (Geenna )
46 Kur viņu tārps nemirst, un tas uguns neizdziest.
৪৬
47 Un kad tava acs tevi apgrēcina, tad izrauj to; tas tev ir labāki, ka tu vienacis ieej Dieva valstībā, nekā tev ir divas acis, un tu topi iemests elles ugunī, (Geenna )
৪৭আৰু তোমাৰ চকুৱো যদি তোমাৰ বিঘিনিৰ কাৰণ হয়, তেনেহলে তাকো উলিয়াই পেলোৱা; দু-চকুৱা হৈ, নৰকত পেলোৱা হোৱাতকৈ, এচকুৱা হৈ, ঈশ্বৰৰ ৰাজ্যত সোমোৱা তোমাৰ ভাল। (Geenna )
48 Kur viņu tārps nemirst, un tas uguns neizdziest.
৪৮কিয়নো সেই ঠাইত পোক নমৰে আৰু জুইয়ো নুনুমায়৷
49 Jo ikviens ugunī taps sālīts; un ikkatrs upuris ar sāli taps sālīts.
৪৯কিয়নো প্ৰতিজনক অগ্নিৰূপ লোণেৰে লুণীয়া কৰা হ’ব।
50 Sāls gan ir laba lieta, bet ja sāls tapusi nesālīga, ar ko tad to darīs derīgu? Turat sāli iekš sevis un turat mieru savā starpā.”
৫০লোণ উত্তম; কিন্তু যদি লোণৰ সোৱাদ নাইকিয়া হয়, তেনেহলে তাক কিহেৰে লুণীয়া কৰা যাব? তোমালোকৰ অন্তৰত লোণ ৰাখা, আৰু পৰস্পৰে শান্তিৰে থাকা।”