< Jozuas 7 >
1 Bet Israēla bērni noziedzās pie tā izdeldējamā, jo Akans, Karmus dēls, tas bija Zabdus, tas Zerus dēls no Jūda cilts, ņēma no tā izdeldējamā. Tad Tā Kunga bardzība iedegās pret Israēla bērniem.
১কিন্তু ইস্রায়েলৰ সন্তান সকলে ধ্বংস কৰিবলগীয়া যিহোৱাই বর্জন কৰা বস্তুৰ বিষয়ত অবিশ্বাসযোগ্য লোকৰ দৰে কৰ্ম কৰিলে। কর্মীৰ পুত্ৰ আখান, এই আখান যিহূদা ফৈদৰ। এওঁ ধ্বংস হ’বলগীয়া বৰ্জিত বস্তুৰ কিছুমান নিজৰ লগত লৈ গৈছিল; সেয়ে যিহোৱাৰ ক্রোধ ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত জ্বলি উঠিল।
2 Kad nu Jozuas izsūtīja vīrus no Jērikus uz Aju pie Bet-Avenas, no Bēteles pret rītiem, un uz tiem runāja sacīdams: noejat un izlūkojiet to zemi,
২যিহোচূৱাই যিৰীহোৰ পৰা বৈৎএলৰ পূবফালে থকা, বৈৎ-আবনৰ ওচৰৰ অয়লৈ মানুহ পঠাই ক’লে, “তোমালোকে উঠি গৈ, গুপুতে এই দেশৰ বুজ-বিচাৰ লৈ আঁহাগৈ।” তেতিয়া উঠি গৈ তেওঁলোকে অয়ৰ বুজ-বিচাৰ ল’লে।
3 Tad tie vīri nogāja un izlūkoja Aju, un griezās atpakaļ pie Jozuas un uz to sacīja: lai visi ļaudis nenoiet, bet lai kādi divtūkstoš vai trīstūkstoš vīri noiet un Aju kauj, neapgrūtini visus ļaudis, jo viņu tur ir maz.
৩পাছত তেওঁলোকে যিহোচূৱাৰ ওচৰলৈ উলটি আহি ক’লে, “অয়লৈ আটাইবোৰ মানুহ নপঠিয়াব; তালৈ উঠি গৈ অয়ক আক্ৰমণ কৰিবলৈ কেৱল দুই বা তিনি হাজাৰমান লোকহে পঠিয়াওক৷ ৰণত আটাইবোৰ মানুহক পঠাই কষ্ট নিদিব, কিয়নো সিহঁত সংখ্যাত তাকৰ।”
4 Tad no tiem ļaudīm cēlās uz turieni trīstūkstoš vīri, bet tiem bija jābēg priekš Ajas vīriem.
৪এই হেতুকে লোকসকলৰ মাজৰ পৰা তিনি হাজাৰমান লোক সেই ঠাইলৈ উঠি গ’ল; কিন্তু তেওঁলোক অয়ৰ লোক সকলৰ আগৰ পৰা পলাল।
5 Un Ajas vīri apkāva no tiem trīsdesmit un sešus vīrus un dzinās tiem pakaļ no vārtiem līdz Zabarim, un tos sakāva pakalnē. Tad to ļaužu sirds izkusa un palika kā ūdens.
৫আৰু অয়ৰ লোকসকলে তেওঁলোকৰ ছয়ত্ৰিশ জনমান লোকক বধ কৰিলে আৰু সিহঁতে নগৰৰ দুৱাৰৰ আগৰ পৰা চবাৰীমলৈকে তেওঁলোকক খেদি নিলে আৰু নামি যোৱা বাটত তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ পৰিল আৰু তেওঁলোকে সাহস হেৰুৱাই পেলালে।
6 Un Jozuas saplēsa savas drēbes un metās zemē uz savu vaigu priekš Tā Kunga šķirsta līdz pat vakaram, viņš un Israēla vecaji, un tie kaisīja pīšļus uz savām galvām.
৬তেতিয়া যিহোচূৱাই নিজৰ কাপোৰ ফালিলে৷ তেওঁ আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে নিজ নিজ মুৰত ধুলি ছটিয়াই, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত, তললৈ মুখ কৰি সন্ধিয়ালৈকে মাটিত পৰি থাকিল।
7 Un Jozuas sacīja: ak Kungs, Dievs! Kāpēc tu šiem ļaudīm esi licis iet caur Jardāni, mūs dodams Amoriešu rokās, ka tie mūs izdeldē? Ak, kaut mēs mierā būtu palikuši viņpus Jardānes.
৭তেতিয়া যিহোচূৱাই ক’লে, “হায় হায়, হে প্ৰভু যিহোৱা, আমাক বিনষ্ট কৰাবৰ অৰ্থে এই ইমোৰীয়াসকলৰ হাতত আমাক শোধাই দিবলৈ, তুমি কিয় এই লোকসকলক যৰ্দ্দন পাৰ কৰি আনিলা? তাতকৈ আমি অন্য সিদ্ধান্তৰে ক্ষান্ত হৈ যৰ্দ্দনৰ সিপাৰে থকা হ’লেই কেনে ভাল আছিল!
8 Ak Kungs, ko lai saku, kad nu Israēls muguru griež saviem ienaidniekiem?
৮হে প্ৰভু, ইস্ৰায়েলে নিজ শত্ৰুবোৰলৈ পিঠি দিলে, এতিয়া মই কি ক’ম?
9 Kad Kanaānieši un visi zemes iedzīvotāji to dzirdēs, tad tie mūs apstās visapkārt un izdeldēs mūsu vārdu no zemes. Ko tad Tu darīsi Sava lielā Vārda dēļ?
৯কিয়নো কনানীয়া আদি কৰি এই দেশনিবাসী আটাই লোকে যেতিয়া এই কথা শুনিব, তেতিয়া তেওঁলোকে আমাক বেৰি ধৰিব আৰু পৃথিবীৰ পৰা আমাৰ নাম লুপ্ত কৰিব; তেতিয়া তোমাৰ মহান নামৰ কাৰণে তুমি কি কৰিবা?”
10 Tad Tas Kungs sacīja uz Jozua: celies, kāpēc tu tā guli uz sava vaiga?
১০তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “উঠা, তুমি তললৈ মুখ কৰি কিয় মাটিত পৰি আছা?
11 Israēls ir apgrēkojies un arī pārkāpis Manu derību, ko Es tiem esmu pavēlējis; tie ir arī ņēmuši no tā izdeldējamā un ir zaguši un slēpuši un to ir likuši pie savas mantas.
১১ইস্ৰায়েলে পাপ কৰিলে৷ মই তেওঁলোকক আজ্ঞা কৰা নিয়মটিও লঙ্ঘন কৰিলে৷ তেওঁলোকে বৰ্জিত বস্তুৰ পৰাই কিছু চুৰ কৰি ল’লে, চুৰ কৰিও ভাও ধৰিলে আৰু তেওঁলোকৰ বস্তুৰ মাজত সেই বর্জিত বস্তু লুকুৱাই ৰাখিলে।
12 Tāpēc Israēla bērni nevar pastāvēt priekš saviem ienaidniekiem, tiem bēdzin jābēg no saviem ienaidniekiem, jo tie ir izdeldējami. Es nebūšu vairs ar jums, ja jūs to, kas izdeldējams, no sava vidus neizdeldēsiet.
১২সেই বাবে ইস্ৰায়েলৰ সন্তান সকলে শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিলে৷ তেওঁলোকে শত্ৰুবোৰলৈ পিঠি দিলে, কিয়নো তেওঁলোক বৰ্জিত হ’ল৷ তোমালোকে সেই বৰ্জিত বস্তু বিনষ্ট কৰি তোমালোকৰ মাজৰ পৰা দূৰ নকৰিলে, মই তোমালোকৰ লগত পুনৰ নাথাকিম।
13 Celies, svētī tos ļaudis un saki: svētījaties uz rītdienu, jo tā saka Tas Kungs, Israēla Dievs: izdeldējama lieta ir tavā vidū, Israēl; tu nevari pastāvēt priekš saviem ienaidniekiem, tiekams tu nebūsi izdeldējis no sava vidus to izdeldējamo.
১৩উঠা! লোকসকলক পবিত্ৰ কৰা আৰু তুমি তেওঁলোকক কোৱা, তোমালোকে কালিৰ কাৰণে নিজকে পবিত্ৰ কৰা। কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘হে ইস্ৰায়েল, তোমাৰ মাজত বৰ্জিত বস্তু আছে। তোমালোকৰ মাজৰ পৰা সেই বৰ্জিত বস্তু দূৰ নকৰালৈকে তুমি তোমাৰ শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিবা’।
14 Rītā agri nākat priekšā pēc savām ciltīm, un tā cilts, ko Tas Kungs uzrādīs, lai nāk priekšā pēc saviem radiem, un tas rads, ko Tas Kungs uzrādīs, lai nāk priekšā pēc savām saimēm, un tā saime, ko Tas Kungs uzrādīs, lai nāk priekšā pēc saviem vīriem.
১৪এতেকে ৰাতিপুৱাতে তোমালোকে নিজ নিজ ফৈদ অনুসাৰে হাজিৰ হ’বা৷ তাতে চিঠি-খেলোতে যিহোৱাই যি ফৈদক ধৰিব, সেই ফৈদৰ এক এক গোষ্ঠী ওচৰ চাপি আহিব আৰু যিহোৱাই যি পৰিয়ালক ধৰিব, তাৰ এজন এজন পুৰুষ ওচৰ চাপি আহিব।
15 Un kas taps atrasts ar to izdeldējamo, to būs sadedzināt ar uguni, līdz ar visu, kas tam pieder, tāpēc ka viņš pārkāpis Tā Kunga derību, un tāpēc ka viņš kauna lietu darījis iekš Israēla.
১৫তাতে যিহোৱাই বৰ্জন কৰা বস্তু লোৱা যি জন ধৰা পৰিব, তাক আৰু তাৰ সকলোকে জুইত পোৰা যাব; কিয়নো তেওঁ যিহোৱাৰ নিয়মটি লঙ্ঘন কৰি ইস্ৰায়েলৰ মাজত অপমানজনক কাম কৰিলে।”
16 Tad Jozuas cēlās no rīta agri un veda priekšā Israēli pēc viņu ciltīm, - tad Jūda cilts tapa uzrādīta.
১৬পাছত যিহোচূৱাই ৰাতিপুৱাতে উঠি ইস্ৰায়েলক নিজ নিজ ফৈদ অনুসাৰে মাতি আনিলে; তাতে যিহূদা ফৈদ ধৰা পৰিল।
17 Un kad viņš Jūda cilti veda priekšā, tad tapa uzrādīts Zeraiešu rads, un kad Zeraiešu radu veda priekšā pēc tiem saimniekiem, tad Zabdus tapa uzrādīts.
১৭আৰু যিহূদা ফৈদৰ লোকসকলক মাতি অানোতে, জেৰহৰ গোষ্ঠী ধৰা পৰিল; পাছত জেৰহৰ গোষ্ঠীৰ পুৰুষ অনুসাৰে মাতি আনোতে, জব্দী ধৰা পৰিল।
18 Kad šo saimi veda priekšā pēc tiem vīriem, tad Akans tapa uzrādīts, Karmus dēls, tas bija Zabdus, tas Zerus dēls no Jūda cilts.
১৮তাৰ পাছত তেওঁৰ পৰিয়ালৰ সকলো লোকক এজন এজনকৈ মাতি আনোতে আখান ধৰা পৰিল, আখান কর্মীৰ পুত্ৰ, কর্মী জব্দীৰ পুত্ৰ, জব্দী জেৰহৰ পুত্ৰ; এওঁ যিহূদা ফৈদৰ আছিল।
19 Tad Jozuas sacīja uz Akanu: mans dēls, dod jel Tam Kungam, Israēla Dievam, godu un dod Viņam slavu un stāsti man jel, ko tu esi darījis, un neslēpi to man.
১৯তেতিয়া যিহোচূৱাই আখানক ক’লে, “বোপা, তুমি সর্বসশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সন্মূখত সত্য কথা কোৱা আৰু তেওঁৰ প্ৰশংসা কৰা৷ বিনয় কৰোঁ, তুমি যি কৰিলা, সেই বিষয়ে মোক কোৱা; মোৰ পৰা সেই বিষয় নুলুকুৱাবা।”
20 Tad Akans atbildēja Jozuam un sacīja: tiešām, es esmu apgrēkojies pret To Kungu, Israēla Dievu, un esmu tā un tā darījis.
২০তেতিয়া আখানে উত্তৰ দি যিহোচূৱাক ক’লে, “সঁচাকৈ মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ৷ মই এনে কাৰ্য কৰিলোঁ:
21 Jo es ieraudzīju pie laupījuma vienu skaistu Babiloniešu mēteli un divsimt sudraba sēķeļus un vienu zelta sprādzi, tā svēra piecdesmit sēķeļus, un es tās lietas iekāroju un tās ņēmu, un redzi, tās manā teltī ir paslēptas zemē un tas sudrabs tur apakšā.
২১লুটদ্ৰব্যৰ মাজৰ এটা উত্তম বাবিলীয়া চোলা, দুশ চেকল ৰূপ আৰু পঞ্চাশ চেকল জোখৰ জিভা আকৃতিৰ এচটা সোণ দেখি, লোভতে মই সেইবোৰ ললোঁ৷ সেইবোৰ মোৰ তম্বুৰ ভিতৰত মাটিত পুতি থোৱা আছে আৰু সেইবোৰৰ তলতে ৰূপো আছে।”
22 Tad Jozuas sūtīja vīrus un tie skrēja uz to telti, un redzi, tas bija apslēpts viņa teltī, un tas sudrabs tur apakšā.
২২তেতিয়া যিহোচূৱাই বাৰ্তাবাহকসকলক সেই ঠাইলৈ পঠিয়ালে আৰু তেওঁলোকে তাৰ তম্বুৰ ভিতৰলৈ লৰি গ’ল৷ সেই ঠাইলৈ গৈ তেওঁলোকে দেখিলে যে, সেই বস্তু তাৰ তম্বুৰ ভিতৰত পুতি থোৱা আছে আৰু সেইবোৰৰ তলত ৰূপো আছে,
23 Un tie to izņēma no tās telts un atnesa pie Jozuas un pie visiem Israēla bērniem un to izbēra Tā Kunga priekšā.
২৩তেতিয়া তেওঁলোকে তম্বুৰ ভিতৰৰ পৰা সেই বস্তুবোৰ লৈ যিহোচূৱাৰ আৰু ইস্ৰায়েলৰ ওচৰলৈ আনি যিহোৱাৰ আগত সেইবোৰ হ’ল।
24 Tad Jozuas un viss Israēls līdz ar viņu ņēma Akanu, Zerus dēlu, un to sudrabu un to mēteli un to zelta sprādzi un viņa dēlus un viņa meitas un viņa vēršus un viņa ēzeļus un viņa sīkos lopus un viņa telti un visu, kas tam bija, un tos veda uz Ahora ieleju.
২৪পাছত যিহোচূৱা আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে জেৰহৰ পুত্ৰ আখানক আৰু সেই ৰূপ, চোলা আৰু সোণৰ জিভা আৰু তাৰ পুতেক, জীয়েক, তাৰ গৰু, তাৰ গাধ, তাৰ ভেড়া আৰু তাৰ তম্বু আদি সকলোকে ল’লে আৰু সকলোবোৰ আখোৰ উপত্যকালৈ আনিলে।
25 Un Jozuas sacīja: kā tu mūs esi apbēdinājis, tā tev Tas Kungs šodien apbēdinās; un viss Israēls to akmeņiem nomētāja un tos sadedzināja ar uguni un uzkrāva pār tiem akmeņus.
২৫পাছত যিহোচূৱাই ক’লে, “তুমি আমাক কিয় দুখত পেলালা? যিহোৱাই আজি তোমাকো দুখত পেলাব।” পাছত সমুদায় ইস্ৰায়েলে তাক আৰু তাৰ সকলোকে শিল দলিয়াই বধ কৰিলে আৰু সকলোকে জুইত পুৰিলে৷
26 Un tie uzcēla pār tiem lielu akmeņu kopu, kas stāv līdz šai dienai. Tā Tas Kungs atgriezās no Savas bardzības karstuma; tādēļ tās vietas vārds top nosaukts Ahora ieleja līdz šai pašai dienai.
২৬পাছত তাৰ ওপৰত শিল দলিয়াই দলিয়াই শিলৰ বৰ দ’ম কৰিলে; শিলৰ সেই দ’ম আজিলৈকে আছে। পাছত যিহোৱাই তেওঁৰ প্ৰচণ্ড ক্রোধৰ পৰা ঘূৰিল। সেই বাবে এই ঠাই আখোৰ উপত্যকা বুলি আজিলৈকে বিখ্যাত আছে।