< Jesajas 21 >
1 Spriedums par jūras tuksnesi. Tā kā aukas no dienvidiem(Negebas), kas visu apgāž, tā nāks no tuksneša, no briesmīgas zemes.
১সাগৰৰ তীৰৰ মৰুভূমিৰ বিষয়ে কৰা ঘোষণা। দক্ষিণ অঞ্চলত বা’মৰলী বতাহ বেগেৰে চলাৰ দৰে, এখন ভয়ানক দেশৰ পৰা আৰু অৰণ্যৰ পৰা পাৰ হৈ আছে।
2 Grūta parādīšana man darīta zināma. Laupītājs laupa, postītājs posta. Nāc šurp, Elam, apstāj, Medija! Visām nopūtām par tiem es darīšu galu.
২এটি বেদনাদায়ক দৰ্শন মোক দেখুৱা হৈছে; বিশ্বাসঘাতকে বিশ্বাসঘাতকতা আচৰণ কৰে, আৰু বিনাশকাৰীয়ে বিনাশ কৰে। হে এলম, উঠি যোৱা, আৰু আক্রমণ কৰা; হে মাদিয়া, অবৰোধ কৰা; মই তেওঁৰ সকলো ক্রন্দন শান্ত কৰিলোঁ।
3 Tādēļ mani gurni dreb, raizes mani sagrābušas, kā dzemdētājas raizes. Es lokos, ka vairs nedzirdu, un iztrūcinājos, ka vairs neredzu.
৩এই কাৰণে মোৰ কঁকাল বেদনাৰে পূৰ হৈছে; প্ৰসৱ কৰিব লোৱা মহিলাৰ বেদনাৰ দৰে বেদনা মোৰ হৈছে; মই যি শুনিলো তাৰ দ্বাৰাই মোৰ আঁঠু কুচ গৈছে; আৰু যি দেখিলোঁ তাৰ দ্বাৰাই মোৰ শান্তিভঙ্গ হৈছে,
4 Mana sirds trīc, izbailes mani iztrūcina, mīļā nakts tumsa man palikusi par biedēkli.
৪মোৰ হৃদয় চূৰ্ণ হৈছে; কম্পমানে মোক অতিক্রম কৰিছে; সেই নিশা মই যি ইচ্ছা কৰি আছিলোঁ, সেইয়া মোক কম্পমান কৰিবলৈ ঘূৰি আহিছিল।
5 Sataisi galdu, nostādi vaktis, ēd, dzer! Ceļaties, virsnieki, svaidat bruņas.
৫তেওঁলোকে মেজ যুগুত কৰিছিল, আৰু ভোজন পান কৰিবলৈ মেজত কাপোৰ পাৰিছিল; হে সেনাপতিসকল উঠা, ঢালত তেল ঘঁহা।
6 Jo tā Tas Kungs uz mani sacījis: ej, nostādi vaktnieku, lai tas stāsta, ko redz.
৬কিয়নো প্ৰভুৱে মোক এই দৰে কৈছে, “যোৱা, এজন প্রহৰী নিযুক্ত কৰা; তেওঁ যি দেখিব, সেই বিষয়ে নিশ্চয় তেওঁ সংবাদ দিব।
7 Un viņš redzēja ratus, jātniekus pa pāriem, ēzeļu pulku, kamieļu pulku, un viņš klausīdamies klausījās it uzmanīgi,
৭যেতিয়া তেওঁ অশ্বাৰোহীৰ সৈতে এটা ৰথক দেখিব, আৰু গাধ, উটবোৰত আৰোহী দেখিব, তেতিয়া তেওঁ মনোযোগ দিব লাগিব আৰু অতি সচেতন হ’ব লাগিব।”
8 Un sauca ar lauvas balsi: Kungs, es stāvu uz vakts torņa visu cauru dienu un vaktēdams vaktēju caurām naktīm.
৮সেই প্রহৰীজনে ৰিঙিয়াই ক’লে, “হে প্ৰভু, মই প্রতিদিনে প্ৰহৰী স্তম্ভত দিনটো থিয় হৈ থাকো, আৰু ওৰে ৰাতি পৰ দিয়া ঠাইত মই থিয় হৈ থাকো।”
9 Redzi, tur nāk rati ar vīriem un jātnieki pa pāriem. Tad viņš atbildēja un sacīja: kritusi, kritusi Bābele, un visi viņas dievekļu tēli ir sadauzīti pie zemes.
৯ৰথচালকৰ সৈতে সৈন্য, আৰু যোৰকৈ অশ্বাৰোহী ইয়ালৈ আহিছে। তেওঁ চিঞৰী ক’লে, “বাবিল পতিত হ’ল; আৰু দেৱতাবোৰৰ সকলো মূৰ্ত্তিবোৰ ভাঙি মাটিত পৰিছে।”
10 Ak tu mans izkultais, tu mana klona labībiņa! Ko es esmu dzirdējis no Tā Kunga Cebaot, Israēla Dieva, to jums esmu pasludinājis.
১০হে মোৰ মৰণা মৰা আৰু পৰিষ্কাৰ জন, হে মোৰ মৰণা মৰা ঠাইৰ সন্তান, ইস্ৰায়েলৰ ঈশ্বৰ আৰু বাহিনীসকলৰ যিহোৱাৰ পৰা মই যি শুনিলোঁ, সেই কথা মই তোমালোকক ঘোষণা কৰিলোঁ।
11 Spriedums par Dumu: uz mani sauc no Seīra: sargs, cik gara vēl nakts? Sargs, cik gara vēl nakts?
১১দুমাৰ বিষয়ে ঘোষণা। চেয়ীৰৰ পৰা এজনে মোক মাতি কৈছে, “হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল? হে প্ৰহৰী, ৰাতিৰ কিমান ভাগ গ’ল?”
12 Tas sargs saka: rīts nāk un atkal nakts. Ja gribat vaicāt, vaicājiet! Atgriežaties, nāciet!
১২প্ৰহৰীয়ে উত্তৰ দিলে, “ৰাতিপুৱা হৈছে, আৰু ৰাতিও আহিছে; যদি আপুনি সুধিব, সোধক; আৰু তাৰ পাছত পুনৰ ঘূৰি আহক।”
13 Spriedums par Arābiju: Arābijas tuksnešos paliekat par nakti, jūs Dedana ceļa vīri.
১৩আৰবৰ বিষয়ে ঘোষণা। হে দদানীয়া পথিকসকল, তোমালোকে আৰবৰ অৰণ্যত ৰাতি থাকিব লাগিব।
14 Nāciet izslāpušiem pretī ar ūdeni, jūs Temas zemes iedzīvotāji, pasniedziet maizi bēdzējiem.
১৪তৃষ্ণাতুৰ লোকসকলৰ বাবে পানী আনা; তেমা দেশৰ নিবাসীসকলক আহাৰৰ সৈতে সাক্ষাৎ কৰা।
15 Jo tie bēg no zobena, no izvilkta zobena un no uzvilkta stopa un no briesmīgas kaujas.
১৫কিয়নো তেওঁলোক তৰোৱাল, খোলা তৰোৱালৰ পৰা পলাই অহা, ভিৰোৱা ধেনু, আৰু কষ্টদায়ক যুদ্ধৰ পৰা পলাইছে।
16 Jo tā Tas Kungs uz mani sacījis: gada laikā, kādi ir algādža gadi, tad beigsies visa Ķedara godība.
১৬সেই বাবে প্ৰভুৱে মোক কৈছে, “এবছৰৰ ভিতৰত হাজিৰাত কাম কৰা মানুহৰ দৰে কেদৰৰ সকলো গৌৰৱ লুপ্ত হ’ব।
17 Un strēlnieku atlikums no tiem vareniem Ķedara bērniem būs mazums; jo Tas Kungs, Israēla Dievs, to ir runājis.
১৭আৰু কেদৰৰ বংশৰ বীৰ পুৰুষ ধনুৰ্দ্ধৰসকলৰ অৱশিষ্ট সংখ্যা তাকৰ হ’ব;” কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে।