< Hozejas 10 >
1 Israēls ir kupls vīna koks, kas nes augļus; jo vairāk bija viņa augļu, jo vairāk viņš cēla altāru; jo labāka viņa zeme, jo labāki viņš iztaisīja elku stabus.
১ইস্ৰায়েল এক লহপহীয়া দ্ৰাক্ষালতা; তাত প্রচুৰ ফল ধৰে। তাৰ ফল যিমানে বৃদ্ধি পালে, সিমান অধিক বেছি সংখ্যাৰ যজ্ঞবেদী তেওঁ নির্মাণ কৰিলে। তেওঁৰ দেশৰ যিমানে উন্নতি হ’ল, তেওঁ নিজৰ পবিত্র স্তম্ভবোৰ সুন্দৰভাৱে সাজিলে।
2 Viņu sirds ir viltīga; nu tiks atmaksāts. Viņš salauzīs viņu altārus, postīs viņu elku stabus.
২তাৰ লোকসকলৰ অন্তৰ প্রৱঞ্চনাপূর্ণ; সেয়ে এতিয়া তেওঁলোকে নিজৰ দোষৰ বোজা বব লাগিব। যিহোৱাই তেওঁলোকৰ যজ্ঞবেদীবোৰ ভাঙি পেলাব, তেওঁলোকৰ স্তম্ভবোৰ নষ্ট কৰি দিব।
3 Nu tie sacīs: ķēniņa mums nav, jo mēs To Kungu neesam bijušies; ko mums ķēniņš var darīt?
৩তেতিয়া তেওঁলোকে অৱশ্যেই ক’ব, “আমি যিহোৱাক ভয় নকৰাৰ কাৰণে আমাৰ কোনো ৰজা নাই; কিন্তু ৰজা থাকিলেও, তেওঁ আমাৰ কাৰণে কি কৰিব পাৰিলেহেঁতেন?”
4 Tie runāja vārdus, nepatiesi zvērēdami un derības derēdami, tāpēc sodība zaļos kā nāves zāle uz tīruma vagām.
৪তেওঁলোকে অনেক অনৰ্থক কথা কয়, নিয়ম স্থাপন কৰাৰ সময়ত মিছা শপত খায়; সেয়ে পথাৰৰ মাটিত বিহ গছ গজাৰ নিচিনাকৈ বিচাৰ গজি উঠিছে।
5 Samarijas iedzīvotāji iztrūcinājās par BetAvenas teļu, viņa ļaudis par to bēdājās un viņa priesteri par to trīc, jo viņa godība no tā aiziet.
৫চমৰিয়াত বসবাস কৰা লোকসকলে বৈৎ-আবনৰ দামুৰি-মূর্তিৰ কাৰণে ভয়তে কঁপিছে; সেয়ে তাৰ লোকসকলে শোক কৰিব, সেইদৰে, সেই মূর্তিপূজাত আনন্দিত হোৱা পুৰোহিতসকলেও বিলাপ কৰিব; কাৰণ সেই মূর্তিৰ গৌৰৱ এতিয়া তেওঁলোকৰ ওচৰৰ পৰা দূৰ কৰা হৈছে।
6 Arī to pašu(elka teļu) vedīs uz Asīriju par dāvanu priekš ķēniņa Jareba; Efraīms paliks kaunā, un Israēls taps apkaunots sava padoma dēļ.
৬সেইটো অচূৰীয়ালৈ লৈ যোৱা হ’ব, আৰু মহাৰাজৰ উপহাৰস্বৰূপে তাক দিয়া হ’ব। ইফ্ৰয়িমে লাজ পাব, ইস্ৰায়েলে কাঠৰ মূর্তিক অনুসৰণ কৰাৰ কাৰণে লজ্জিত হ’ব।
7 Samarijas ķēniņš ir izzudis kā putas ūdens virsū.
৭পানীয়ে যেনেকৈ কাঠৰ সৰু টুকুৰা উটুৱাই লৈ যায়, চমৰিয়াৰ ৰজাৰ বিনাশ তেনেদৰে হ’ব।
8 Un Avenas kalni, kur Israēls apgrēkojās, taps izdeldēti, ērkšķi un dadži augs uz viņu altāriem, un tie sacīs uz tiem kalniem: apklājiet mūs! - un uz tiem pakalniem: krītiet pār mums!
৮বৈৎ-আবনৰ পূজাৰ ওখ ঠাইৰ মঠবোৰ অর্থাৎ ইস্ৰায়েলৰ পাপময় ঠাইবোৰ ধ্বংস হ’ব। কাঁইটীয়া বন আৰু গছবোৰ গজি উঠি সেইবোৰৰ যজ্ঞবেদীবোৰ ঢাকি পেলাব; তেতিয়া তেওঁলোকে পৰ্ব্বতবোৰক ক’ব, “আমাক ঢাকি পেলোৱা!” সৰু সৰু পাহাৰবোৰক ক’ব, “আমাৰ ওপৰত পৰা!”
9 No Ģibejas dienām tu esi grēkojis, Israēl: tur tie pastāvējuši; tā kauja Ģibejā pret tiem negantības bērniem tos neaizņēma.
৯যিহোৱাই কৈছে, “হে ইস্ৰায়েল, গিবিয়াত থকা দিনৰে পৰা তুমি পাপ কৰি আহিছা; পাপৰ মাজতেই তোমালোক থাকি গ’লা; গিবিয়াত যুদ্ধই জানো অধর্মচাৰীবোৰক লগ নাপাব?
10 Pēc Sava prāta Es tos pārmācīšu, un tautas pret tiem sapulcināsies, kad Es tos sodīšu viņu divēju grēku dēļ.
১০যেতিয়াই মোৰ ইচ্ছা হয়, তেতিয়াই মই উচ্ছৃঙ্খল লোকসকলক শাস্তি দিবলৈ আহিম; তেওঁলোকৰ দুটা পাপৰ কাৰণে তেওঁলোকক শাস্তি দিবলৈ তেওঁলোকৰ অহিতে বিভিন্ন জাতিবোৰক একত্রিত কৰা হব।
11 Jo Efraīms ir teļš, ieradis labprāt kult, bet Es nākšu par viņa kakla skaistumu, Es Efraīmu iejūgšu, Jūda ars, un Jēkabs ecēs.
১১ইফ্ৰয়িম এক শিক্ষা পোৱা চেঁউৰী গৰু, যি শস্য মৰণা মাৰিবলৈ ভাল পায়। মই তাইৰ সুন্দৰ ডিঙিত যুঁৱলি দিম, মই ইফ্ৰয়িমৰ ওপৰত এক যুঁৱলি দিম; যিহূদাই নাঙল টানিব, যাকোবে নিজৰ কাৰণে মৈ টানিব।”
12 Sējiet sev pēc taisnības, pļaujiet pēc žēlastības, plēsiet sev jaunu zemi, jo laiks ir, To Kungu meklēt, tiekams tas nāk un jums māca taisnību.
১২তোমালোকে নিজৰ কাৰণে ধাৰ্মিকতাৰ কঠীয়া সিচাঁ, প্রেমৰ শস্য দোৱা, পতিত ভূমি চহোৱা; যিহোৱাক বিচাৰিবৰ সময় হৈছে। যেতিয়া তোমালোকে তেনে কৰিবা, তেতিয়া যিহোৱাই আহি তোমালোকৰ ওপৰত ধাৰ্মিকতাৰূপ বৃষ্টি বৰষাব।
13 Jūs arat bezdievību, ļaunumu jūs pļaujat un ēdat melu augļus.
১৩কিন্তু তোমালোকে দুষ্টতাৰ ভূমি চহালা, অন্যায়ৰ শস্য চপালা, ছলনাৰ ফল ভোগ কৰিলা; তোমালোকে নিজৰ শক্তি আৰু অনেক সৈন্যবোৰৰ ওপৰত ভাৰসা কৰিছা।
14 Jo tu paļaujies uz savu ceļu, uz savu varoņu pulku. Tāpēc liels troksnis celsies pret taviem ļaudīm, un visas tavas stiprās vietas taps postītas, tā kā Zalmans BetArbeli postīja kara laikā, kur māte līdz ar bērniem tapa satriekta.
১৪সেই কাৰণে তোমাৰ লোকসকলৰ মাজত যুদ্ধৰ কোলাহল উঠিব, তোমালোকৰ সকলো দুর্গবোৰ বিনষ্ট হ’ব। যেনেকৈ চলমনে যুদ্ধৰ দিনা বৈৎ-অৰ্বেলক ধ্বংস কৰিছিল। সেই সময়ত ল’ৰা-ছোৱালীবোৰৰ সৈতে মাকসকলক আছাৰি ছিৰা-ছিৰ কৰা হৈছিল।
15 Tāpat jums notiks caur Bēteli jūsu niknās blēdības dēļ; Israēla ķēniņš dienai austot nīcin iznīks.
১৫হে বৈৎএল, তোমালোকলৈকো তেনেদৰে ঘটিব। কাৰণ তোমাৰ দুষ্টতা অতি বেছি। ৰাতিপুৱা হ’লে ইস্ৰায়েলৰ ৰজাক সম্পূর্ণকৈ ধ্বংস কৰা হ’ব।