< Otra Mozus 34 >
1 Tad Tas Kungs sacīja uz Mozu: izcērt divus akmens galdiņus tā kā tos pirmajus, tad Es uz tiem galdiņiem rakstīšu tos vārdus, kas ir bijuši uz tiem pirmajiem galdiņiem, ko tu esi salauzis.
১যিহোৱাই মোচিক ক’লে, “তুমি প্রথম ফলিৰ দৰে দুখন শিলৰ ফলি কাটা। তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল, সেই সকলো কথা, মই পুনৰ এই দুখন ফলিত লিখিম।
2 Un rītu esi gatavs, ka tu rītu vari kāpt uz Sinaī kalnu, un stājies Manā priekšā tur kalna galā.
২তুমি ৰাতিপুৱাতে যুগুত হৈ চীনয় পৰ্ব্বতলৈ উঠি আহিবা। পৰ্ব্বতৰ ওপৰত মোৰ ওচৰত উপস্থিত হ’বা।
3 Un nevienam nebūs kāpt līdz ar tevi augšā, nevienam arī nebūs tapt redzētam pa visu to kalnu, arī nedz sīkus, nedz lielus lopus nebūs ganīt tam kalnam pretī.
৩আন কোনো লোক তোমাৰ লগত নাহিব; আৰু গোটেই পৰ্ব্বতত কোনো লোক যেন দেখা পোৱা নাযায়। গৰু মেৰ-ছাগৰ জাকোবোৰো যেন পৰ্ব্বতৰ আগত চৰি নাথাকে।”
4 Tad Mozus izcirta divus akmens galdiņus tā kā tos pirmajus un cēlās no rīta agri un kāpa augšam uz Sinaī kalnu, kā Tas Kungs viņam bija pavēlējis; un viņš ņēma savā rokā tos divus akmens galdiņus.
৪সেয়ে মোচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি, যিহোৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চীনয় পৰ্ব্বতলৈ গ’ল। যিহোৱাই নিৰ্দেশ দিয়া অনুসাৰে শিলৰ সেই ফলি দুখনো লগত লৈ গ’ল।
5 Tad Tas Kungs nonāca padebesī, un tur piestājās pie viņa un izsauca Tā Kunga vārdu.
৫যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
6 Un Tas Kungs gāja viņam garām un izsauca: Tas Kungs, Dievs ir žēlīgs un sirdsmīlīgs Dievs, lēnprātīgs un liels no žēlastības un uzticības,
৬যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
7 Kas parāda žēlastību daudz tūkstošiem, piedod noziegumus, pārkāpumus un grēkus, bet arī nepamet nesodītus, piemeklēdams tēvu grēkus pie bērniem un bērnu bērniem līdz trešam un ceturtam augumam.
৭হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞা লঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা। তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে। তৃতীয় চতুৰ্থ পুৰুষলৈকে তেওঁলোকৰ সন্তানক পিতৃৰ অপৰাধৰ প্ৰতিফল দিওঁতা।”
8 Un Mozus traucās un metās zemē un pielūdza,
৮তেতিয়া মোচিয়ে বেগাই মাটিলৈ মূৰ দোঁৱাই প্ৰণিপাত কৰিলে,
9 Un sacīja: Kungs, ja esmu atradis žēlastību Tavās acīs, tad lūdzams, ej jel, Kungs, līdz ar mums, jebšu šie ir pārgalvīgi ļaudis, - ka Tu piedod mūsu noziegumus un mūsu grēkus, un pieņem mūs par Savu īpašumu.
৯তাৰ পাছত মোচিয়ে কলে, “হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেনেহ’লে বিনয় কৰিছোঁ আমাৰ লগত যাওঁক। কিয়নো এইলোক ঠৰডিঙীয়া লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি, আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক।”
10 Tad Viņš sacīja: redzi, Es daru derību: priekš visiem taviem ļaudīm Es darīšu brīnumus, kas nav darīti nekur pa zemes virsu, nedz pie kādām tautām, tā ka visiem ļaudīm, starp kuriem tu esi, būs redzēt Tā Kunga darbu, jo tās būs ļoti bijājamas lietas, ko Es pie tevis darīšu.
১০যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
11 Ņem vērā, ko Es tev šodien pavēlu: redzi, Es izdzīšu tavā priekšā Amoriešus un Kanaāniešus un Hetiešus un Fereziešus un Hiviešus un Jebusiešus,
১১মই তোমাক যি আজ্ঞা দিছোঁ আজি তাক পালন কৰা। মই ইমোৰীয়া, কনানীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলক তোমাৰ আগৰ পৰা খেদি বাহিৰ কৰিম।
12 Sargies, ka tu nedari derību ar tās zemes iedzīvotājiem, pie kuriem tu nāksi, ka tie nekļūst tavā starpā par slazda valgu.
১২সাৱধান, তোমালোক যি দেশলৈ গৈ আছা, সেই দেশত নিবাস কৰা লোকসকলৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। যদি কৰা, তেনেহ’লে সেয়ে তোমাৰ মাজত ফান্দস্বৰূপ হ’ব।
13 Bet jums būs izpostīt viņu altārus un jums būs salauzīt viņu uzceltos stabus un nocirst viņu elku kokus.
১৩তাৰ পৰিৱৰ্তে, তোমালোক তেওঁলোকৰ যজ্ঞবেদিবোৰ ভাঙিব লাগিব। তেওঁলোকৰ স্তম্ভবোৰ গুড়ি কৰিবা, আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা।
14 Jo tev nebūs pielūgt nekādu citu dievu, - jo Tas Kungs: dusmotājs ir Viņa vārds, Viņš ir dusmīgs Dievs,
১৪তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
15 Ka tu nedari nekādu derību ar tās zemes iedzīvotājiem, un kad tie saviem dieviem mauko pakaļ un nes upurus saviem dieviem, ka tie tevi neaicina, un tu neēdi no viņu upuriem,
১৫তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্রণ কৰিব।
16 Un ka tu saviem dēliem neņem no viņu meitām, un viņu meitas saviem dieviem nemauko pakaļ un nedara arī tavus dēlus pakaļ maukojam viņu dieviem.
১৬সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।
17 Tev nebūs sev taisīt lietus dievus.
১৭তুমি নিজৰ বাবে কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা।
18 Tev būs turēt neraudzētās maizes svētkus; septiņas dienas tev būs ēst neraudzētu maizi, kā Es tev esmu pavēlējis, noliktā laikā Abiba mēnesī; jo Abiba mēnesī tu esi izgājis no Ēģiptes zemes.
১৮তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা। মই তোমালোকক আজ্ঞা দিয়াৰ দৰে আবীব মাহৰ নিৰূপিত কালত সাত দিন ধৰি খমীৰ নিদিয়া পিঠা খাবা। কিয়নো সেই আবীব মাহতে তুমি মিচৰ দেশৰ পৰা ওলাই আহিলা।
19 Viss, kas māti atplēš, Man pieder, un visi tavi lopi, kas no tēviņu kārtas piedzimst, māti atplēsdami, lai lieli, lai sīki.
১৯প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।
20 Bet ēzeli, kas ēzeļa māti atplēš, tev būs izpirkt ar avi; bet ja tu to neizpirksi, tad lauz viņam kaklu. Visus pirmdzimušos no taviem dēliem tev būs izpirkt, un priekš Mana vaiga jums nebūs rādīties tukšiem.
২০তোমালোকে প্রথমে জগা গাধ কিনিব খোজা যদি এটা মেৰ-ছাগ দিব লাগিব; কিন্তু যদি কিনি লব নোখোজা, তেনেহ’লে তোমালোকে গাধটোৰ ডিঙি নিশ্চয় ভাঙিব লাগিব। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰসকলক তোমালোক কিনি ল’ব লাগিব। কোনো এজনো শুদা হাতে মোৰ আগত উপস্থিত নহ’বা।
21 Sešas dienas tev būs strādāt, bet septītā dienā dusēt, arī aramā un pļaujamā laikā tev būs dusēt.
২১তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
22 Nedēļu svētkus arīdzan tev būs turēt ar kviešu pļaujas pirmajiem augļiem un pļaušanas svētkus, kad gads pagalam.
২২তোমালোক সপ্তাহৰ পৰ্ব্ব পালন কৰিবা। ঘেঁহু কটাৰ প্ৰথম ফল এই পৰ্ব্বত ব্যৱহাৰ কৰিবা, আৰু বছৰৰ শেষত ফল চপোৱাৰ পৰ্ব্ব পালন কৰিবা।
23 Trīs reiz gadskārtā visiem, kas jūsu starpā ir vīrieši, būs rādīties Tā Kunga Dieva, Israēla Dieva priekšā.
২৩বছৰত তিনিবাৰ তোমালোকৰ পুৰুষসকল ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব।
24 Kad Es tos pagānus izdzīšu tavā priekšā, un izpletīšu tavas robežas, tad neviens tavu zemi neiekāros, kamēr tu iesi rādīties Tā Kunga, sava Dieva priekšā, trīs reiz gadskārtā.
২৪মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম, আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে।
25 Tev nebūs upurēt Mana upura asinis ar raudzētu maizi, un Pasa svētku upurim nebūs palikt cauru nakti līdz rītam.
২৫তোমালোকে মোৰ নৈবেদ্য হিচাপে তেজ উৎসৰ্গ কৰোঁতে তাৰ লগত খমীৰ নিদিবা। নিস্তাৰ-পৰ্ব্বত উৎস্বৰ্গিত মাংস পাছদিনা ৰাতিপুৱালৈকে নাৰাখিবা।
26 Tos pirmajus no tavas zemes pirmajiem augļiem tev būs nest Tā Kunga tava Dieva, namā; āzīti tev nebūs vārīt viņa mātes pienā.
২৬তোমালোকে নিজৰ খেতিৰ প্ৰথম ফলৰ উত্তম ভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। তোমালোকে ছাগলী পোৱালিক তাৰ মাকৰ গাখীৰ দি নিসিজাবা।”
27 Un Tas Kungs sacīja uz Mozu: “Raksti šos vārdus, jo pēc šiem vārdiem Es esmu darījis derību ar tevi un ar Israēli.”
২৭তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তোমাক মই যি সকলো কথা কলোঁ, সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইস্ৰায়েলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ।”
28 Un viņš tur bija pie Tā Kunga četrdesmit dienas un četrdesmit naktis; viņš neēda maizes un nedzēra ūdens, un rakstīja uz tiem galdiņiem tos derības vārdus, tos desmit vārdus.
২৮মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।
29 Un notikās, kad Mozus nokāpa no Sinaī kalna un tie divi liecības galdiņi bija Mozus rokā, tad no tā kalna nokāpjot Mozus nezināja, ka viņa vaiga āda spīdēja, tādēļ ka tas ar Viņu bija runājis.
২৯মোচি যেতিয়া সেই দুখন ফলি লৈ চীনয় পৰ্ব্বতৰ পৰা নামি আহিল, তেতিয়া যিহোৱাৰ লগত কথা পতাৰ পাছত তেওঁৰ চেহেৰা যে উজ্জ্বল হৈ আছিল, সেই কথা মোচিয়ে নিজে জনা নাছিল।
30 Kad nu Ārons un visi Israēla bērni Mozu uzlūkoja, redzi, tad viņa vaiga āda spīdēja, tāpēc tie bijās nākt tuvu pie viņa.
৩০হাৰোণ আৰু ইস্ৰায়েলৰ সকলো লোকে মোচিৰ চেহেৰা উজ্জ্বল দেখি, তেওঁলোকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিলে।
31 Tad Mozus tos sauca un Ārons un visi draudzes virsnieki griezās pie viņa un Mozus uz tiem runāja.
৩১কিন্তু মোচিয়ে তেওঁলোকক মাতিলে, তেতিয়া হাৰোণ আৰু সমাজৰ মূখ্যলোক সকল তেওঁৰ ওচৰলৈ ওভটি আহিল। তেতিয়া মোচিয়ে তেওঁলোকৰ লগত কথা পাতিলে।
32 Pēc tam visi Israēla bērni piegāja, un viņš tiem visu pavēlēja, ko Tas Kungs ar viņu bija runājis Sinaī kalnā.
৩২তাৰ পাছত, ইস্ৰায়েলৰ লোকসকল মোচিৰ ওচৰ চাপিলে। তেওঁ চীনয় পৰ্ব্বতত যিহোৱাই যিবোৰ আজ্ঞা দিছে সেই সকলো তেওঁলোকক ক’লে।
33 Un kad Mozus beidza ar tiem runāt, tad viņš lika apsegu uz savu vaigu.
৩৩মোচিয়ে যেতিয়া তেওঁলোকৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া মোচিয়ে নিজৰ চেহেৰা ওৰণি লৈ ঢাকি ল’লে।
34 Bet kad Mozus priekš Tā Kunga nāca ar Viņu runāt, tad tas noņēma to apsegu, tiekams tas izgāja, un kad tas bija izgājis, tad tas runāja uz Israēla bērniem, kas tam bija pavēlēts.
৩৪মোচিয়ে যেতিয়াই যিহোৱাৰ লগত কথা পাতিবলৈ তেওঁৰ সন্মুখলৈ গৈছিল, তেতিয়া সেই ওৰণি গুচাইছিল। কিন্তু ঘূৰি অহাৰ লগে লগে তেওঁ পুনৰ ওৰণি লৈছিল। তেওঁ যি সকলো নিৰ্দেশ পাইছিল, সেই সকলো তম্বুৰ বাহিৰলৈ আহি ইস্ৰায়েলৰ লোকসকলক কৈছিল।
35 Un Israēla bērni redzēja Mozus vaigu, ka Mozus vaiga āda spīdēja, un tad Mozus to apsegu atkal uzlika uz savu vaigu, tiekams tas iegāja ar Viņu runāt.
৩৫তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁৰ চেহেৰাত এটা উজ্জ্বলতা দেখা পাইছিল। কিন্তু মোচিয়ে যিহোৱাৰ লগত কথা পাতিবলৈ পুনৰ ভিতৰলৈ নোযোৱালৈকে, নিজৰ চেহেৰা ওৰণিৰে ঢাকি লৈছিল।