< Daniēla 10 >
1 Kirus, Persiešu ķēniņa, trešā gadā Daniēlim, kas nosaukts Beltsacars, šī parādīšana tapa parādīta, un tas vārds ir patiesīgs un zīmē lielas bēdas, un viņš to lika vērā un saprata to parādīšanu.
১পাৰস্যৰ ৰজা কোৰচৰ ৰাজত্ব কালৰ তৃতীয় বছৰত দানিয়েলৰ আগত এটা বাৰ্ত্তা প্ৰকাশ হৈছিল; আৰু সেই বাৰ্ত্তা সত্য। এইটো আছিল এটা মহাযুদ্ধৰ বিষয়। দানিয়েলে দৰ্শনৰ দ্বাৰাই অন্তৰ্দৃষ্টিৰে সেই বাৰ্ত্তা বুজি পালে।
2 Tanīs dienās es, Daniēls, biju noskumis cauras trīs nedēļas.
২সেই দিনবোৰত মই দানিয়েলে তিনি সপ্তাহ শোক কৰি আছিলোঁ।
3 Gardas barības es neēdu, un ne gaļa ne vīns nenāca manā mutē, es arī nesvaidījos, tiekams trīs veselas nedēļas bija pagājušas.
৩সেই তিনি সপ্তাহ সম্পূৰ্ণ নোহোৱালৈকে মই সুস্বাদু আহাৰ, মাংস খোৱা নাছিলো, দ্রাক্ষাৰস পান কৰা নাছিলো, আৰু মই গাত তেলো ঘঁহা নাছিলো।
4 Un pirmā mēneša divdesmit ceturtā dienā es biju Hideķeles lielupes malā.
৪তাৰ পাছত প্ৰথম মাহৰ চৌবিশ দিনৰ দিনা, মই মহানদীৰ পাৰত আছিলোঁ, নদীখনৰ নাম হিদ্দেকেল,
5 Un es pacēlu savas acis un skatījos, un redzi, tur bija vīrs nātnu(linu) drēbēs ģērbts, un viņa gurni bija apjozti ar šķīstu zeltu no Upas.
৫মই ওপৰলৈ চালোঁ, আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা, আৰু উফজৰ উত্তম সোণেৰে তৈয়াৰী টঙালি কঁকালত বন্ধা এজন মানুহক দেখিলোঁ।
6 Un viņa miesas bija kā krizolita akmens un viņa vaigs kā zibens un viņa acis kā degošas lāpas un viņa rokas un kājas kā degošs varš un viņa valodas balss kā trokšņa skaņa.
৬তেওঁৰ শৰীৰ পোখৰাজ মণিৰ দৰে, তেওঁৰ মুখমণ্ডল উজ্বল, চকু দুটা জ্বলি থকা মশালৰ দৰে, তেওঁৰ বাহু আৰু ভৰি চকচকিয়া পিতলৰ দৰে, আৰু তেওঁৰ কোৱা কথাৰ শব্দ বহু লোকৰ কথা কোৱা শব্দৰ দৰে।
7 Un es, Daniēls, redzēju to parādīšanu viens pats, bet tie vīri, kas bija pie manis, to neredzēja, bet liela bailība tiem uzgāja, ka tie bēga un paslēpās.
৭মই দানিয়েল অকলেই সেই দৰ্শন দেখিলোঁ; মোৰ লগত থকা লোকসকলে সেই দৰ্শন দেখা নাপালে; কাৰণ তেওঁলোক অতিশয় আতঙ্কিত হ’ল; আৰু নিজকে লুকুৱাবলৈ তেওঁলোক পলাল।
8 Es tad atliku viens pats un redzēju šo lielo parādīšanu, un pie manis spēka nepalika, un mans vaigs nejauki nobāla, un man spēka vairs neatlika.
৮সেয়ে মই অকলেই অৱশিষ্ট থাকিলো, আৰু সেই মহা দৰ্শন দেখা পালোঁ। মোৰ গাত একো শক্তি বাকী নাথাকিল; মোৰ প্রভাশালী চেহেৰা ভীতিজনক চেহেৰালৈ সলনি হৈছিল, আৰু মোৰ গাত শক্তি নাইকিয়া হৈছিল।
9 Un es dzirdēju viņa valodas balsi, un kad es viņa valodas balsi dzirdēju, tad es nokritu pamiris uz savu vaigu pie zemes.
৯তাৰ পাছত মই তেওঁৰ কথা শুনিলোঁ, তেওঁৰ কথাবোৰ শুনা সময়ত মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰাত আছিলোঁ।
10 Un redzi, roka mani aizskāra un palīdzēja, ka es pacēlos uz saviem ceļiem un uz savām rokām.
১০তেতিয়া এখন হাতে মোক চুলে, আৰু মই কঁপি উঠিলো, মোৰ আঁঠু আৰু দুই হাতৰ তলুৱাও ভয়ত কঁপি উঠিল।
11 Un viņš uz mani sacīja: Daniēl, tu mīļais vīrs, ņem vērā tos vārdus, ko es uz tevi runāšu, un celies stāvu, jo tagad es pie tevis esmu sūtīts. Un kad viņš to vārdu ar mani runāja, tad es cēlos trīcēdams.
১১সেই দূতে মোক ক’লে, “হে দানিয়েল, হে অতি প্ৰিয় পুৰুষ, যি কথা মই তোমাক কৈ আছোঁ তুমি তাক বুজি লোৱা আৰু উঠি থিয় হোৱা; কাৰণ মোক তোমাৰ ওচৰলৈ পঠোৱা হ’ল।” যেতিয়া তেওঁ মোক সেই কথা কৈ আছিল, তেতিয়া মই উঠি থিয় হৈ কঁপিবলৈ ধৰিলোঁ।
12 Un viņš uz mani sacīja: nebīsties, Daniēl! Jo no tās pirmās dienas, kad tu savā sirdī esi dzinies to saprast un esi mērdējies sava Dieva priekšā, tad tavi vārdi ir paklausīti, un es tavu vārdu dēļ esmu atnācis.
১২তেতিয়া তেওঁ মোক ক’লে, “হে দানিয়েল ভয় নকৰিবা; কাৰণ তুমি বুজিবলৈ, আৰু নিজকে ঈশ্বৰৰ আগত নম্ৰ কৰিবলৈ মন স্থিৰ কৰা প্ৰথম দিনৰে পৰা তোমাৰ বাক্য শুনা গৈছে; আৰু তোমাৰ বাক্যৰ কাৰণেই মই আহিলোঁ
13 Bet Persiešu valsts valdnieks man stāvēja pretī divdesmit un vienu dienu, un redzi, Miķelis, viens no tiem pirmajiem valdniekiem, man nāca palīgā, tad es tur uzvarēju pie tiem Persiešu ķēniņiem.
১৩পাৰস্যৰ ৰক্ষকদূতে মোক প্রতিৰোধ কৰিছিল, আৰু মই পাৰস্যৰ ৰজাৰ সৈতে একৈশ দিনলৈকে আবদ্ধ কৰি ৰখা হৈছিলো। কিন্তু প্ৰধান ৰক্ষক শসনকর্তা এজনে মোক সহায় কৰিবলৈ আহিল।
14 Nu es esmu nācis, tev ziņu dot, kas taviem ļaudīm notiks nākamā laikā, jo arī vēl šī parādīšana notiks pēc ilga laika.
১৪এতিয়া শেষ সময়ত তোমাৰ লোকসকললৈ যি ঘটিব, তাকে তোমাক বুজাবলৈ মই আহিলোঁ। কিয়নো এই দৰ্শন আহিব লগা দিনবোৰৰ বাবে হয়।”
15 Un kad viņš šos vārdus ar mani runāja, tad es ar savu vaigu skatījos pie zemes un paliku klusu.
১৫যেতিয়া তেওঁ মোক এই কথা কৈ আছিল, তেতিয়া মই মাটিলৈ মুখ কৰি আছিলোঁ আৰু কথা ক’ব পৰা নাছিলোঁ।
16 Un redzi, viens, kas cilvēka bērniem bija līdzīgs, aizskāra manas lūpas. Tad es atdarīju savu muti un sacīju uz to, kas pie manis stāvēja: mans Kungs, par šo parādīšanu mani locekļi dreb, ka man spēka nepaliek.
১৬তেতিয়া মানুহৰ দৰে এজন পুৰুষে মোৰ ওঁঠ চুলে, আৰু মই মূখ মেলি মোৰ আগত থিয় হৈ থকা জনক ক’লো, “হে মোৰ মহাশয়, এই দৰ্শনৰ কাৰণে মোৰ ভিতৰত মৰ্মবেদনাই ধৰিছে, মোৰ গাৰ বল নাইকিয়া হ’ল।
17 Un kā šā sava kunga kalps var runāt ar šo savu kungu, jo no šī laika spēka pie manis nepaliek, un man arī dvašas neatliek.
১৭মই আপোনাৰ দাস কেনেকৈ মই মোৰ গৰাকীৰ লগত কথা পাতিব পাৰোঁ? কাৰণ মোৰ গাত বল নাই, আৰু মোৰ উশাহো নাইকিয়া হ’ল।”
18 Tad atkal viens mani aizskāra, kam bija cilvēka izskats, un mani spēcināja.
১৮তেতিয়া মানুহৰ আকৃতিৰ সেই পুৰুষ জনে পুনৰাই মোক চুই সবল কৰিলে।
19 Un viņš sacīja: nebīsties, tu mīļais vīrs! Miers lai ir ar tevi! Un ņemies drošu, drošu prātu! Un viņam ar mani runājot, es atspirgu un sacīju: runā, mans Kungs, jo tu mani esi atspirdzinājis.
১৯তেওঁ ক’লে, “হে অতি প্ৰিয় পুৰুষ ভয় নকৰিবা; তোমাৰ শান্তি হওক; তুমি এতিয়া সবল হোৱা, সবল হোৱা!” যেতিয়া তেওঁ মোক কথা কৈ আছিল, তেতিয়া মই সবল হ’লো আৰু ক’লোঁ, “মোৰ প্ৰভুৱে কওক; কাৰণ আপুনি মোক সবল কৰিলে।”
20 Tad viņš sacīja: vai tu zini, kāpēc es pie tevis esmu nācis? Es nu griezīšos atpakaļ, ar Persiešu valdnieku karot, un kad es būšu izgājis, tad nāks Grieķu valdnieks.
২০তেতিয়া তেওঁ মোক ক’লে, “মই তোমাৰ ওচৰলৈ কিয় আহিছোঁ, তুমি জানা নে? এতিয়া মই পাৰস্যৰ ৰক্ষক দূতবোৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ঘূৰি যাওঁ। মই যেতিয়া গুচি যাম তেতিয়া গ্রীচৰ ৰক্ষকদূত আহিব।
21 Bet es tev stāstīšu, kas patiesības rakstos uzrakstīts; un neviena nav, kas mani pret viņiem spēcina, kā vien jūsu valdnieks Miķelis.
২১কিন্তু সত্যৰ পুস্তকত কি লিখা আছে, সেই কথা মই তোমাক জনাম; তেওঁলোকৰ বিৰুদ্ধে মোক সহায় কৰিবলৈ তোমালোকৰ ৰক্ষক দূতবোৰৰ মাজত মীখায়েলৰ বাহিৰে আন কোনো শক্তিশালী নাই।”