< Pāvila 2. Vēstule Timotejam 1 >

1 Pāvils, caur Dieva prātu Jēzus Kristus apustulis, aicināts sludināt to dzīvību iekš Kristus Jēzus,
মই পৌল, খ্ৰীষ্ট যীচুত থকা জীৱনৰ প্ৰতিজ্ঞা অনুসৰি, ঈশ্বৰৰ ইচ্ছাৰ দ্বাৰাই খ্ৰীষ্ট যীচুৰ নিযুক্ত পাঁচনি;
2 Timotejam, tam mīļam dēlam: žēlastība, apžēlošana, miers no Dieva, Tā Tēva, un no Kristus Jēzus, mūsu Kunga.
প্ৰিয় পুত্ৰ তীমথিয়ৰ সমীপলৈ: পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি তোমালৈ হওক।
3 Es pateicos Dievam, kam kalpoju no tēvu tēviem ar skaidru zināmu sirdi, tā kā es bez mitēšanās tevi savās lūgšanās pieminu naktīm dienām,
মই ঈশ্ৱৰক ধন্যবাদ দিওঁ, যি জন ঈশ্বৰক মোৰ পূৰ্বপুৰুষৰ দিনৰে পৰা আৰাধনা কৰি অহা হৈছে, সেই জন ঈশ্বৰকে মই নিৰ্মল বিবেকেৰে আৰাধনা কৰোঁ; সেই জনৰ ওচৰত নিতৌ দিনে-ৰতিয়ে প্রার্থনা কৰাৰ সময়ত তোমাক সোঁৱৰণ কৰোঁ,
4 Ilgodamies tevi redzēt, pieminēdams tavas asaras, lai es topu piepildīts ar prieku,
তোমাৰ চকুলো আনন্দেৰে পূৰ হোৱা চাবলৈ মই অতিশয় হাবিয়াহ কৰি আছোঁ।
5 Kad pieminu tavu bezviltīgo ticību, kas jau papriekš ir mājojusi iekš tavas mātes mātes Loidas un iekš tavas mātes Eunikas, un es stipri ceru, ka arī iekš tevis.
যি বিশ্বাস প্ৰথমে তোমাৰ বুঢ়ী মা লোয়ী আৰু তোমাৰ মাতৃ উনীকীৰ অন্তৰত বাস কৰিছিল, বোধ কৰোঁ তেনে অকপট বিশ্ৱাস তোমাৰ অন্তৰতো বাস কৰিছে বুলি মই সুনিশ্চিত৷
6 Tāpēc es tev atgādināju, atkal pamodināt to Dieva žēlastības dāvanu, kas ir iekš tevis caur manu roku uzlikšanu.
এই কাৰণে মই তোমাক সোঁৱৰাইছো যে, মোৰ হাত তোমাৰ ওপৰত দিয়াৰ দ্বাৰাই ঈশ্ৱৰৰ যি অনুগ্রহৰ বৰ তোমাক দান কৰা হ’ল, সেই বৰ পুনৰ জাগ্ৰত কৰা৷
7 Jo Dievs mums nav devis bailības garu, bet spēka un mīlestības un savaldības garu.
কিয়নো ঈশ্বৰে আমাক ভয়ৰ আত্মা দিয়া নাই, কিন্তু শক্তি, প্ৰেম আৰু সুবুদ্ধিৰ আত্মা দিলে।
8 Tad nu nekaunies par mūsu Kunga liecību, nedz par mani, Viņa saistīto; bet ciet līdz to grūtumu par evaņģēliju pēc Dieva spēka,
এতেকে আমাৰ প্ৰভুৱে দিয়া সাক্ষ্যৰ বিষয়ে আৰু তেওঁৰ অর্থে বন্দীয়াৰ হোৱা যি মই পৌল, মোৰো বিষয়ে তুমি লজ্জিত নহবা কিন্তু ঈশ্বৰৰ শক্তি অনুসাৰে, শুভবার্তাৰ কাৰণে মোৰে সৈতে ক্লেশ ভোগ কৰা,
9 Kas mūs izglābis un aicinājis ar svētu aicināšanu ne pēc mūsu darbiem, bet pēc Savas īpašas apņemšanās un žēlastības, kas mums dota iekš Kristus Jēzus no mūžīgiem laikiem, (aiōnios g166)
কাৰণ তেৱেঁই আমাক পৰিত্ৰাণ কৰিলে আৰু পবিত্ৰ আমন্ত্ৰণেৰে আমন্ত্ৰণো কৰিলে, সেয়ে আমাৰ কর্মৰ দৰে নহয় কিন্তু তেওঁৰ নিজ অভিপ্ৰায় আৰু অনুগ্ৰহৰদৰেহে কৰিলে; যি অনুগ্ৰহ অনাদি কালৰ পূৰ্বে খ্ৰীষ্ট যীচুত আমাক দিয়া আছিল; (aiōnios g166)
10 Un tagad ir parādīta caur mūsu Pestītāja Jēzus Kristus atspīdēšanu, kas nāvi izdeldējis un dzīvību un neiznīcību gaismā vedis caur evaņģēliju,
১০কিন্তু এতিয়া আমাৰ ত্ৰাণকর্তা খ্ৰীষ্ট যীচুৰ আবির্ভাৱৰ দ্বাৰাই প্ৰকাশিত হ’ল; যি জনে মৃত্যুক বিনাশ কৰি, শুভবার্তাৰ দ্বাৰাই জীৱন আৰু অক্ষয়তাক পোহৰলৈ আনিলে;
11 Uz ko es esmu iecelts par sludinātāju un apustuli un mācītāju pagāniem.
১১সেই শুভবার্তাৰ কাৰণে মোক ঘোষণাকাৰী, পাঁচনি আৰু শিক্ষক হিচাপে নিযুক্ত কৰিলে।
12 Tādēļ es arī to ciešu, bet es nekaunos; jo es zinu, kam esmu ticējis, un stipri ceru, ka Viņš ir spēcīgs, to man novēlēto mantu pasargāt līdz viņai dienai.
১২এই কাৰণে মই এইবোৰ দুখ ভোগ কৰিলেও লজ্জিত নহওঁ; কিয়নো মই যি জনক বিশ্বাস কৰিলোঁ, তেওঁক জানো আৰু তেওঁৰ হাতত মই নিজকে অৰ্পণ কৰি দিলোঁ, তাতে তেওঁ যে সেই দিনৰ কাৰণে মোক পহৰা দি ৰাখিবলৈ সমর্থ, ইয়াকে দৃঢ় প্ৰত্যয় কৰিছোঁ।
13 Paturi tās veselīgās mācības priekšzīmi, ko tu esi dzirdējis no manis, iekš ticības un mīlestības, kas ir iekš Kristus Jēzus.
১৩মোৰ যি যি কথা শুনিলা তাক নিৰাময় বাক্যৰ আর্হি হিচাপে লৈ খ্ৰীষ্ট যীচুৰ সম্বন্ধীয় বিশ্বাস আৰু প্ৰেমত ধাৰণ কৰা।
14 Šo labo mantu glabā caur To Svēto Garu, kas iekš mums mājo.
১৪যি উত্তম দান তোমাক গতাই দিয়া হৈছে, সেই দান আমাত নিবাস কৰা পবিত্ৰ আত্মাৰ দ্বাৰাই পহৰা দি ৰাখিবা।
15 To tu zini, ka visi, kas ir iekš Āzijas, no manis ir nogriezušies; starp tiem ir Fiģels un Hermoģens.
১৫ফুগিল্ল আৰু হর্মগিনি আদি কৰি এচিয়াত থকা সকলোৱেই মোৰ পৰা বিমূখ হল৷ এই বিষয়ে তুমি জানি আছা।
16 Lai Tas Kungs dod žēlastību Onesifora namam; jo tas mani daudzkārtīgi atspirdzinājis un nav kaunējies par manām ķēdēm;
১৬অনীচিমৰ ঘৰৰ লোক সকলক প্ৰভুৱে দয়া কৰক, কিয়নো তেওঁ বাৰে বাৰে মোৰ প্ৰাণ জুৰাইছিল আৰু মই বন্দীশালৰ শিকলিত থাকিলেও লাজ নাপাইছিল;
17 Bet Romā nācis tas mani rūpīgi ir meklējis un atradis.
১৭বৰং ৰোম নগৰত থাকোঁতে, তেওঁ অতি কষ্টেৰে মোক বিচাৰি পাইছিল -
18 Lai Tas Kungs tam dod, žēlastību atrast pie Tā Kunga viņā dienā; un cik tas man Efesū kalpojis, to tu jo labi zini.
১৮তেওঁ যাতে সেইদিনা প্ৰভুৰ পৰা দয়া পায়, প্ৰভুৱে এনে অনুগ্ৰহ কৰক, আৰু ইফিচতো তেওঁ কিমান সেৱা শুশ্ৰূষা কৰিছিল সেই বিষয়েও তুমি ভালকৈ জনা৷

< Pāvila 2. Vēstule Timotejam 1 >