< Otra Samuela 15 >
1 Un pēc tam Absaloms sev sagādāja ratus un zirgus un piecdesmit vīrus, kas viņa priekšā skrēja.
১সেই সময়ৰ পাছত অবচালোমে নিজৰ বাবে এখন ৰথ, কেইটামান ঘোঁৰা আৰু নিজৰ আগে আগে লৰি যাবৰ বাবে পঞ্চাশ জন মানুহ যুগুত কৰি ল’লে।
2 Un Absaloms cēlās no rīta agri un nostājās ceļā pie vārtiem, un ja kam bija kāda tiesas lieta, par ko viņš pie ķēniņa nāca tiesāties, tad Absaloms to aicināja pie sevis un sacīja: no kuras pilsētas tu esi? Un kad tas sacīja: tavs kalps ir no šīs jeb tās Israēla cilts,
২অবচালোমে ৰাতিপুৱাতে উঠি, নগৰৰ দুৱাৰ বাটৰ কাষত থিয় দি থাকে৷ তেতিয়া যদি বিচাৰৰ অৰ্থে ৰজাৰ ওচৰলৈ আহিব লগা কোনো মানুহৰ গোচৰ থাকে, অবচালোমে তেওঁক মাতি সোধে, “তুমি কোন নগৰৰ পৰা আহিছা?” তাতে সেই লোকজনে উত্তৰ দি কয় বোলে, “আপোনাৰ এই দাস ইস্ৰায়েলৰ ফৈদৰ মাজৰ এজন৷”
3 Tad Absaloms uz to sacīja: redzi, tava lieta ir laba un taisna, bet tev nav izklausinātāja pie ķēniņa.
৩তেতিয়া অবচালোমে তেওঁক কয়, “চোৱা, তোমাৰ গোচৰৰ কথা ভাল আৰু ন্যায়, কিন্তু তোমাৰ কথা শুনিবলৈ ৰজাৰ নিযুক্ত কৰা লোক কোনো নাই।”
4 Un Absaloms uz to sacīja: ak! Kas mani celtu par zemes soģi, lai, ja kam kāds strīdus vai tiesas lieta būtu, nāktu pie manis un es tam gādātu taisnību!
৪অবচালোমে আৰু কয়, “মোৰ ইচ্ছা এয়ে যে যদি মোক দেশৰ বিচাৰকৰ্ত্তা পতা হ’লে, কোনো বিবাদ বা গোচৰ থকা প্ৰতিজন ব্যক্তিয়ে মোৰ ওচৰলৈ আহিলহেঁতেন আৰু মই তেওঁলৈ ন্যায় বিচাৰ কৰিলোঁহেঁতেন।”
5 Un kad kāds pie viņa nāca un metās zemē, tad viņš izstiepa savu roku un to satvēra un to skūpstīja.
৫পাছত এনে ঘটে যে কোনো এজন লোক যেতিয়া তেওঁক শ্ৰদ্ধা জনাবলৈ তেওঁৰ ওচৰলৈ আহে, সেই লোকজনক তেওঁ হাত মেলি ধৰে আৰু চুমা খায়।
6 Tā Absaloms darīja visam Israēlim, kas pie ķēniņa nāca tiesāties. Tā Absaloms zaga sirdi Israēla vīriem.
৬ইস্ৰায়েলৰ যি সকলো লোক ৰজাৰ ওচৰলৈ বিচাৰৰ অৰ্থে আহে, সেই সকলোকে অবচালোমে সেইৰূপেই ব্যৱহাৰ কৰে। এইদৰেই অবচালোমে ইস্ৰায়েল লোকসকলৰ মন তেওঁৰ ফাললৈ নিলে।
7 Un pēc četriem gadiem Absaloms sacīja uz ķēniņu: es gribu noiet un savu apsolījumu Hebronē izpildīt, ko es Tam Kungam solījis.
৭তাৰ পাছত চাৰি বছৰৰ শেষত, অবচালোমে ৰজাক ক’লে, “মই আপোনাক বিনয় কৰিছোঁ, মই যিহোৱালৈ যি এটা সঙ্কল্প কৰিলোঁ তাক হিব্ৰোণত পালন কৰিবৰ বাবে মোক যাবলৈ অনুমতি দিয়ক।
8 Jo tavs kalps ir solījumu solījis, kad es Gešurā Sīrijā dzīvoju, sacīdams: ja Tas Kungs mani tiešām vedīs atpakaļ uz Jeruzālemi, tad es kalpošu Tam Kungam.
৮কিয়নো আপোনাৰ দাস মই যেতিয়া অৰাম দেশৰ গচুৰত প্ৰবাস কৰি আছিলোঁ, তেতিয়া মই এই সঙ্কল্প কৰি কৈছিলোঁ, ‘যদি যিহোৱাই মোক নিশ্চয়ে যিৰূচালেমলৈ ওভোটাই নিয়ে, তেতিয়া মই যিহোৱাক সেৱাভক্তি কৰিম।’”
9 Tad ķēniņš uz to sacīja: ej ar mieru. Un viņš cēlās un gāja uz Hebroni.
৯তাতে ৰজাই ক’লে, “শান্তিৰে যোৱা।” তেতিয়া অবচালোম উঠি হিব্ৰোণলৈ গ’ল।
10 Un Absaloms sūtīja izlūkus pie visām Israēla ciltīm un sacīja: kad jūs dzirdēsiet trumetes skaņu, tad jums būs sacīt: Absaloms ir ķēniņš Hebronē.
১০কিন্তু অবচালোমে ইস্ৰায়েলৰ আটাই ফৈদৰ ওচৰলৈ চোৰাং-চোৱাৰ দ্বাৰাই কৈ পঠালে, বোলে, “শিঙাৰ শব্দ শুনামাত্ৰে তোমালোকে ক’বা, ‘অবচালোম হিব্ৰোণত ৰজা হ’ল।’”
11 Un ar Absalomu gāja divsimt vīri no Jeruzālemes, kas bija aicināti, bet tie gāja savā vientiesībā un nezināja it nenieka.
১১আৰু অবচালোমৰ লগত যিৰূচালেমৰ পৰা দুশ নিমন্ত্ৰিত লোক গৈছিল।
12 Absaloms sauca arī Ahitofelu no Ģilus, Dāvida padoma devēju, no viņa pilsētas Ģilus, kad viņš upurus upurēja. Un dumpinieku derība palika stipra un ļaudis pulcējās un vairojās pie Absaloma.
১২পাছে অবচালোমে বলি দান কৰা সময়ত মানুহ পঠাই দায়ূদৰ মন্ত্ৰী গিলোনীয়া অহীথোফলক তেওঁৰ নগৰ গিলোৰ পৰা মতাই আনিলে৷ এইদৰে অবচালোমৰ চক্ৰান্ত মজবুত হৈ উঠিল, কাৰণ অবচালোমৰ পক্ষৰ লোক ক্ৰমে ক্ৰমে বাঢ়ি গ’ল।
13 Tad nāca vēstnesis pie Dāvida un sacīja: visu Israēla vīru sirds pieķērusies Absalomam.
১৩পাছত এজন দূতে দায়ূদৰ ওচৰলৈ আহি এই সম্বাদ দিলে, বোলে, “ইস্ৰায়েল লোকসকলৰ মন অবচালোমৰ পক্ষ হ’ল।”
14 Tad Dāvids sacīja uz visiem saviem kalpiem, kas pie viņa bija Jeruzālemē: ceļaties un bēgsim, citādi mums glābšanās nav priekš Absaloma; ejat steigšus, ka viņš steigdamies mūs nepanāk un nepadara mums nelaimi un nekauj to pilsētu ar zobena asmeni.
১৪তাতে দায়ূদে যিৰূচালেমত নিজৰ লগত থকা সকলো দাসবোৰক ক’লে, “আহা আমি ওলাই পলাওঁহ’ক; নহ’লে অবচালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম। এতেকে শীঘ্ৰে যাবলৈ যুগুত হোৱা, নহ’লে সি বেগাই আমাৰ লগ ধৰিব আৰু আমাৰ ওপৰত অমঙ্গল ঘটাব আৰু তৰোৱালৰ ধাৰেৰে নগৰৰ লোকক আঘাত কৰিব।”
15 Tad ķēniņa kalpi uz ķēniņu sacīja: tā kā mans kungs, tas ķēniņš, nodomā, redzi, mēs esam tavi kalpi.
১৫তাতে, ৰজাৰ দাসবোৰে ৰজাক ক’লে, “চাওঁক, আমাৰ প্ৰভু মহাৰাজে যি কৰিবলৈ মন কৰিছে তাক কৰিবলৈ আপোনাৰ দাসবোৰ যুগুত হৈ আছে।”
16 Un ķēniņš izgāja ar visu savu namu kājām. Un ķēniņš atstāja desmit liekas sievas, to namu sargāt.
১৬পাছে ৰজা ওলাই গ’ল, আৰু তেওঁৰ সকলো পৰিয়াল তেওঁৰ পাছে পাছে গ’ল; কিন্তু ৰাজগৃহ প্ৰতিপাল কৰিবৰ বাবে ৰজাই দহজনী উপপত্নী এৰি থৈ গ’ল।
17 Tā nu ķēniņš ar visiem ļaudīm kājām izgāja un apstājās pie pēdējā nama.
১৭পাছত ৰজা আৰু তেওঁৰ পাছত যোৱা সকলো মানুহ ওলাই গৈ বৈৎ-মিৰ্হকত ৰ’ল।
18 Un visi viņa kalpi gāja viņam līdzās, ir visi Krieti un visi Plieti ir visi Gatieši, sešsimt vīri, kas viņam no Gatas bija līdz nākuši, tie gāja ķēniņa priekšā.
১৮তেওঁৰ দাসবোৰ তেওঁৰ লগে লগে কুচকাৱাজ কৰি খোজ কাঢ়ি গ’ল আৰু সকলো কৰেথীয়া, পেলেথীয়া আৰু সকলো গাতীয়া লোক অৰ্থাৎ ছশ লোক তেওঁৰ পাছে পাছে গাতৰ পৰা অহা ৰজাৰ আগে আগে গ’ল।
19 Tad ķēniņš sacīja uz Itaju no Gatas. Kam tu arīdzan mums gribi iet līdz? Ej atpakaļ un paliec pie ķēniņa, jo tu esi svešinieks un tik ienācējs savā vietā.
১৯তেতিয়া ৰজাই গাতীয়া ইত্তয়ক ক’লে, “তুমি আমাৰ লগত কিয় আহিছা? তুমি উভটি গৈ অবচালোম ৰজাৰ লগত থাকা কিয়নো তুমি বিদেশী আৰু এজন দেশান্তৰিত লোক৷ তোমাৰ নিজ ঠাইলৈ উভটি যোৱা।
20 Vakar tu esi atnācis, vai man šodien tevi būs maldināt, mums iet līdz? Jo es eju, kur varēdams; ej atpakaļ un ved savus brāļus līdz atpakaļ; žēlastība un uzticība lai ir ar tevi.
২০যিহেতু তুমি যোৱা কালি মাথোন আহিলা, কিয় মই তোমাক আমাৰ লগত লৈ সকলোফালে ঘূৰাই ফুৰাম? মই নিজেই নাজানো যে মই ক’লৈ গৈ আছোঁ৷ সেই কাৰণে তুমি তোমাৰ লোকসকলক লৈ ঘূৰি যোৱা৷ তোমাৰ লগত দয়া আৰু সত্য থাকক।”
21 Bet Itajus atbildēja ķēniņam un sacīja: tik tiešām kā Tas Kungs dzīvs, un kā mans kungs, tas ķēniņš, dzīvs, - tai vietā, kur mans kungs, tas ķēniņš, būs, lai būtu vai uz nāvi vai uz dzīvību, tur būs tavs kalps arīdzan.
২১কিন্তু ইত্তয়ে ৰজাক উত্তৰ দি ক’লে, “জীৱন্ত যিহোৱাৰ শপত আৰু মোৰ প্ৰভু মহাৰাজৰ জীৱনৰ শপত, মৰিবৰ বা জীয়াই থকাৰ অৰ্থেই হওঁক, মোৰ প্ৰভু মহাৰাজ যি ঠাইলৈ যাব, আপোনাৰ এই দাসো সেই ঠাইলৈকে যাব।”
22 Un Dāvids sacīja uz Itaju: nāc tad, iesim! Tā Itajus no Gatas gāja līdz ar visiem saviem vīriem un ar visiem bērniem, kas pie viņa bija.
২২সেই বাবে দায়ূদে ইত্তয়ক ক’লে, “তেন্তে তুমি আমাৰ লগত আগবাঢ়ি গৈ পাৰ হোৱা।” তেতিয়া গাতীয়া ইত্তয় ও তেওঁৰ সমূদায় লোক আৰু তেওঁলোকৰ লগত অহা সকলো পৰিয়াল ৰজাৰ সৈতে গ’ল।
23 Un visa zeme raudāja lielas raudas, un visi ļaudis gāja garām. Un ķēniņš gāja pāri pār Kidronas upi, un visi ļaudis gāja pāri pa to ceļu uz tuksnesi.
২৩সকলো লোকে কিদ্ৰোণ উপত্যকা পাৰ হৈ যাওঁতে, গোটেই দেশখনে বৰকৈ ক্ৰন্দন কৰিলে আৰু ৰজাই নিজেও পাৰ হ’ল৷ এইদৰে সকলো লোক বাটত যাত্ৰা কৰি কৰি মৰুপ্ৰান্তৰ দিশে গ’ল।
24 Un redzi, arī Cadoks tur bija ar visiem Levitiem, kas Dieva derības šķirstu nesa; un tie nolika Dieva šķirstu un Abjatars tur pienāca - kamēr visi ļaudis no pilsētas bija izgājuši.
২৪আনকি চাদোকো তেওঁৰ লগত লেবীয়া লোকসকল ঈশ্বৰৰ নিয়ম-চন্দুকটি বৈ লৈ উপস্থিত হ’ল৷ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকটি নমাই ৰাখিলে আৰু তেতিয়া অবিয়াথৰ তেওঁলোকৰ লগত লগ দিলে৷ তেওঁলোকে এনে কৰাৰ আগে লোকসকল নগৰৰ পৰা একেবাৰে ওলাই নহালৈক ৰখি থাকিল৷
25 Tad ķēniņš sacīja uz Cadoku: nes Dieva šķirstu atpakaļ pilsētā. Ja es žēlastību atradīšu Tā Kunga priekšā, tad Viņš mani vedīs atpakaļ un man liks redzēt Viņu pašu ar Viņa dzīvokli.
২৫ৰজাই চাদোকক ক’লে, “তুমি ঈশ্বৰৰ নিয়ম-চন্দুকটি পুনৰাই নগৰলৈ ঘূৰাই লৈ যোৱা। যদি যিহোৱাৰ দৃষ্টিত মই অনুগ্ৰহ পাওঁ, তেনেহ’লে তেওঁ পুনৰাই মোক ঘূৰাই আনিব আৰু তাক ও তেওঁৰ বাসস্থান মোক দেখুৱাব৷
26 Bet ja Viņš tā sacīs: Man nav labs prāts pie tevis, - redzi, še es esmu, lai Viņš man dara, kā Viņam patīk.
২৬কিন্তু যদি তেওঁ এইদৰে কয়, ‘তোমাত মোৰ একো সন্তোষ নাই,’ তেন্তে চোৱা, মই ইয়াত আছোঁ আৰু তেওঁ দৃষ্টিত যি ভাল, মোলৈ তেওঁ তাকেই কৰক।”
27 Un ķēniņš sacīja uz priesteri Cadoku: tu redzētāj, ej atpakaļ uz pilsētu ar mieru, un Aķimaācs, tavs dēls, un Jonatāns, Abjatara dēls, jūsu abi dēli ar jums.
২৭ৰজাই চাদোক পুৰোহিতক ইয়াকো ক’লে, “তুমি এজন দৰ্শক নহয় নে? তুমি তোমাৰ পুত্ৰ অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰ যোনাথন, তোমালোকৰ এই দুই পুত্ৰক লগত লৈ, শান্তিৰে নগৰলৈ ঘূৰি যোৱা।
28 Redziet, es gaidīšu tuksnesī pie braslām, tiekams kāda vēsts no jums atnāks un man dos ziņu.
২৮আৰু চাবা তোমালোকৰ ওচৰৰ পৰা মোলৈ ঠিক খবৰ নহামানে, মই পাৰ-ঘাটত বাট চাই থাকিম।”
29 Tā Cadoks un Abjatars Dieva šķirstu nesa atpakaļ uz Jeruzālemi un tur palika.
২৯এতেকে চাদোক আৰু অবিয়াথৰে ঈশ্বৰৰ নিয়ম-চন্দুকটি আকৌ যিৰূচালেমলৈ লৈ গৈ, তেওঁলোক সেই ঠাইতে থাকিল।
30 Un Dāvids kāpa uz Eļļas kalnu un iedams raudāja un savu galvu bija aptinis un gāja pats basām kājām, arī tie ļaudis, kas pie viņa bija, ikkatrs savu galvu bija aptinis un gāja uz augšu un iedami raudāja.
৩০পাছত দায়ুদ জৈতুন পৰ্বতলৈ উঠি যোৱা বাটেদি খালি ভৰিৰে উঠি গ’ল৷ তেওঁ ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল আৰু তেওঁৰ মূৰ ঢকা আছিল৷ তেওঁৰ লগৰ লোকসকলে প্ৰতিজনেও নিজ নিজ মূৰ ঢাকিলে আৰু ওপৰলৈ উঠি যাওঁতে কান্দি কান্দি গ’ল।
31 Un Dāvidam teica un sacīja: Ahitofels ir starp dumpiniekiem pie Absaloma. Tad Dāvids sacīja: Kungs, dari jel Ahitofela padomu par ģeķību!
৩১তেতিয়া কোনো এজনে দায়ূদক ক’লে, “অবচালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহীথোফলো আছে।” তাতে দায়ূদে প্ৰার্থনা কৰি ক’লে, ‘হে যিহোৱা, মই বিনয় কৰোঁ, অহীথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক।’
32 Kad nu Dāvids nāca kalna galā, kur mēdza Dievu pielūgt, redzi, tad Uzajus, tas Arķiets, viņam nāca pretī ar saplēstiem svārkiem un zemi uz galvas.
৩২পাছত দায়ূদে যেতিয়া পৰ্বতৰ সেই টিং পালে, যি ঠাইত লোকসকলে যিহোৱাৰ আৰাধনা কৰে, তেতিয়া অৰ্কীয়া হূচয়ে নিজৰ কাপোৰ ফালি মূৰত মাটি লৈ দায়ূদৰ লগ ধৰিবলৈ আহিল।
33 Un Dāvids uz to sacīja: ja tu man nāksi līdz, tad tu man būsi par nastu.
৩৩দায়ূদে তেওঁক ক’লে, “তুমি যদি মোৰ লগত যোৱা তেন্তে তুমি মোলৈ ভাৰহে হ’বা।
34 Bet ja tu iesi atpakaļ pilsētā un sacīsi uz Absalomu: es būšu tavs kalps, ķēniņ, kā citkārt esmu bijis tava tēva kalps, tā nu es būšu tavs kalps, - tad tu man iznīcināsi Ahitofela padomu.
৩৪কিন্তু যদি তুমি নগৰলৈ ঘূৰি গৈ অবচালোমক কোৱা যে ‘হে মহাৰাজ, মই আপোনাৰ দাস হম, আগেয়ে যেনেকৈ আপোনাৰ পিতৃৰ দাস আছিলোঁ, তেনেকৈ আপোনাৰো দাস হম,’ তেন্তে মোৰ বাবে তুমি অহীথোফলৰ মন্ত্ৰণা ব্যৰ্থ কৰিব পাৰিবা।
35 Un vai tur pie tevis nebūs tie priesteri Cadoks un Abjatars? Tāpēc visu, ko tu ķēniņa namā dzirdēsi, to saki tiem priesteriem, Cadokam un Abjataram.
৩৫সেই ঠাইতে চাদোক আৰু অবিয়াথৰ পুৰোহিত জানো তোমাৰ লগত নাথাকিব নে? এই হেতুকে তুমি ৰাজগৃহত যি যি কথা শুনিবা সেই সকলো কথা চাদোক আৰু অবিয়াথৰ পুৰোহিতক ক’বা।
36 Redzi, tur ir viņu abi dēli, Aķimaācs Cadoka, un Jonatāns, Abjatara dēls, caur tiem jūs visu, ko dzirdat, sūtat pie manis.
৩৬চাবা, যেন সেই ঠাইত তেওঁলোকৰ লগত তেওঁলোকৰ দুজন পুত্ৰক, চাদোকৰ পুত্ৰক অহীমাচ আৰু অবিয়াথৰৰ পুত্ৰক যোনাথন আছে৷ তোমালোকে যি যি কথা শুনিবা, তেওঁলোকৰ দ্বাৰাই মোৰ গুৰিলৈ সেই সকলো বাতৰি পঠাই দিবা।”
37 Tā Uzajus, Dāvida draugs, gāja pilsētā, kad Absaloms nāca uz Jeruzālemi.
৩৭তেতিয়া দায়ূদৰ বন্ধু হূচয় নগৰলৈ গ’ল আৰু তেতিয়া অবচালোমো যিৰূচালেমত সোমাল।