< Otra Ķēniņu 15 >
1 Jerobeama, Israēla ķēniņa, divdesmit septītā gadā Azarija, Amacījas, Jūda ķēniņa, dēls, palika par ķēniņu.
১ইস্ৰায়েলৰ ৰজা যাৰবিয়ামৰ ৰাজত্ব কালৰ সাতাইশ বছৰত যিহূদাৰ ৰজা অমচিয়াৰ পুত্ৰ অজৰিয়া ৰজা হ’ল।
2 Viņš bija sešpadsmit gadus vecs, kad viņš palika par ķēniņu, un valdīja piecdesmit un divus gadus Jeruzālemē. Un viņa mātei bija vārds Jekalija no Jeruzālemes.
২তেওঁ ষোল্ল বছৰ বয়সত ৰজা হৈ যিৰূচালেমত বাৱন্ন বছৰ ধৰি ৰাজত্ব কৰিছিল; তেওঁৰ মাকৰ নাম আছিল যিখলিয়া। তেওঁ যিৰূচালেমৰ বাসিন্দা আছিল।
3 Un viņš darīja, kas Tam Kungam labi patika, kā viņa tēvs Amacīja bija darījis.
৩পিতৃ অমচিয়াৰ নিদর্শনেৰে তেওঁ যিহোৱাৰ দৃষ্টিত যি ন্যায় তাকে কৰিছিল।
4 Tikai kalnu altāri vien netapa nopostīti, bet ļaudis upurēja un kvēpināja vēl pa kalniem.
৪কিন্তু, তেওঁ ওখ ঠাইৰ মঠবোৰ হ’লে আঁতৰ নকৰিলে। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল।
5 Un Tas Kungs sita ķēniņu, ka tas palika spitālīgs līdz savas miršanas dienai, un viņš dzīvoja slimnieku namā. Bet Jotams, ķēniņa dēls, bija pār to namu un tiesāja tās zemes ļaudis.
৫পাছত যিহোৱাই ৰজাক আঘাত কৰাত তেওঁ মৃত্যু পর্যন্ত কুষ্ঠ ৰোগত ভুগিছিল আৰু তেওঁ এক পৃথক গৃহত বাস কৰিছিল। তাতে ৰজাৰ পুত্ৰ যোথম ৰাজগৃহৰ অধ্যক্ষ হৈছিল আৰু তেওঁ দেশৰ লোকসকলক শাসন কৰিবলৈ ধৰিলে।
6 Kas vēl par Azariju stāstāms, un viss, ko viņš darījis, tas ir rakstīts Jūda ķēniņu laiku grāmatā.
৬উজ্জিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ বর্ণনা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
7 Un Azarija aizmiga saviem tēviem pakaļ, un to apraka pie viņa tēviem Dāvida pilī, un Jotams, viņa dēls, palika par ķēniņu viņa vietā.
৭পাছত উজ্জিয়া তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষৰে সৈতে তেওঁক মৈদাম দিয়া হ’ল। তেওঁৰ পুত্ৰ যোথম তেওঁৰ পদত ৰজা হ’ল।
8 Azarijas, Jūda ķēniņa, trīsdesmit astotā gadā Zaharija, Jerobeama dēls, palika par ķēniņu pār Israēli Samarijā, un valdīja sešus mēnešus,
৮যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ আঠত্ৰিশ বছৰত যাৰবিয়ামৰ পুত্ৰ জখৰিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ ছমাহ ৰাজত্ব কৰিলে।
9 Un darīja, kas Tam Kungam nepatika, kā viņa tēvi bija darījuši; viņš neatstājās no Jerobeama, Nebata dēla, grēkiem, kas Israēli bija pavedis uz grēkiem.
৯তেওঁ তেওঁৰ পূর্বপুৰুষসকলৰ দৰেই যিহোৱাৰ দৃষ্টিত যি বেয়া কার্য, তাকেই কৰিলে। নবাটৰ পুতেক যাৰবিয়ামে যি পাপবোৰৰ দ্বাৰাই ইস্ৰায়েলক পাপ কৰাইছিল, সেই সকলো পাপৰ পৰা তেওঁ আঁতৰ নহ’ল।
10 Un Šalums, Jabesa dēls, cēla dumpi pret viņu un to kāva ļaužu priekšā un to nokāva un palika par ķēniņu viņa vietā.
১০পাছত জখৰিয়াৰ বিৰুদ্ধে যাবেচৰ পুত্ৰ চল্লুমে চক্ৰান্ত কৰিলে আৰু লোকসকলৰ সন্মুখতে তেওঁক আঘাত কৰি বধ কৰিলে। তাৰ পাছত তেওঁৰ পদত নিজে ৰজা হ’ল।
11 Un kas vēl par Zahariju stāstāms, redzi, tas ir rakstīts Israēla ķēniņu laiku grāmatā.
১১জখৰিয়াৰ অন্যান্য বৃত্তান্ত “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
12 Šis bija Tā Kunga vārds, ko viņš bija runājis uz Jeū sacīdams: līdz ceturtam augumam tavi bērni sēdēs uz Israēla goda krēsla; un tā tas noticis.
১২যিহোৱাই যেহূৰ আগত যি কৈছিল, “তোমাৰ বংশৰ চাৰি পুৰুষলৈকে ইস্ৰায়েলৰ সিংহাসনত বহিব” সেয়া পূর্ণ হ’ল।
13 Šalums, Jabesa dēls, palika par ķēniņu Uzijas, Jūda ķēniņa, trīsdesmit devītā gadā un valdīja vienu mēnesi Samarijā.
১৩যিহূদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত যাবেচৰ পুত্ৰ চল্লুম ৰজা হ’ল আৰু তেওঁ চমৰিয়াত সম্পূৰ্ণ এমাহ ৰাজত্ব কৰিলে।
14 Jo Menaēms, Gadus dēls, cēlās no Tircas un nāca uz Samariju, un kāva Šalumu, Jabesa dēlu, Samarijā un to nokāva un palika par ķēniņu viņa vietā.
১৪পাছত গাদীৰ পুত্ৰ মনহেমে তিৰ্চাৰ পৰা চমৰিয়ালৈ গৈ যাবেচৰ পুত্ৰ চল্লুমক আক্রমণ কৰি তেওঁক বধ কৰিলে আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
15 Un kas vēl par Šalumu stāstāms, un tas dumpis, ko viņš cēlis, redzi, tas ir rakstīts Israēla ķēniņu laiku grāmatā.
১৫চল্লুমৰ অন্যান্য বৃত্তান্ত আৰু তেওঁৰ ষড়যন্ত্রৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
16 Tad Menaēms kāva Tivzu un visu, kas tur bija, un viņas robežas no Tircas nākdams, tāpēc ka tie viņam nebija (vārtus) atdarījuši, un viņš to kāva un pāršķēla visas grūtās sievas.
১৬পাছত মনহেমে টিপহচ নগৰ আৰু তাত থকা সকলো অধিবাসীৰ লগতে তিৰ্চাৰ চাৰিওকাষৰ সীমাবোৰ আক্রমণ কৰিলে; কাৰণ তেওঁলোকে তেওঁলৈ নগৰৰ দুৱাৰ খুলি দিয়া নাছিল। সেইবাবেই তেওঁ টিপহচ আক্রমণ কৰিছিল আৰু নগৰৰ সকলো গর্ভৱতী মহিলাৰ পেট ফালি দিছিল।
17 Azarijas, Jūda ķēniņa, trīsdesmit devītā gadā Menaēms, Gadus dēls, palika par ķēniņu pār Israēli un valdīja desmit gadus Samarijā.
১৭যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ ঊনচল্লিশ বছৰত গাদীৰ পুত্ৰ মনহেম ইস্রায়েলৰ ৰজা হ’ল। তেওঁ চমৰিয়াত দহ বছৰ ৰাজত্ব কৰিছিল।
18 Un viņš darīja, kas Tam Kungam nepatika, un kamēr dzīvoja, viņš neatstājās no Jerobeama, Nebata dēla, grēkiem, kas Israēli bija pavedis uz grēkiem.
১৮যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যিবোৰ পাপ কৰাইছিল, তেওঁৰ জীৱনকালত সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰি অহা নাছিল।
19 Tad Pūls, Asīrijas ķēniņš, nāca pret to zemi, un Menaēms deva Pūlam tūkstoš talentus sudraba, lai viņa roka ar to būtu, ka varētu stiprināties savā valstībā.
১৯তাৰ পাছত অচুৰৰ ৰজা পুল ইস্রায়েল দেশৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া ৰজা মনহেমে ইস্রায়েল ৰাজ্য সুস্থিৰ ৰাখিবৰ কাৰণে পুলৰ সহায় যেন তেওঁৰ লগত থাকে, তাৰ বাবে তেওঁ পুলক এক হাজাৰ কিক্কৰ ৰূপ দি নিজৰ পক্ষ কৰি ল’লে।
20 Un Menaēms to naudu izspieda no Israēla, un ikkatram bagātam bija jādod Asīrijas ķēniņam par ikkatru vīru piecdesmit sudraba sēķeli. Tad Asīrijas ķēniņš griezās atpakaļ un nepalika vairs tai zemē
২০মনহেমে এই ধন ইস্রায়েলত থকা প্রত্যেক ধনী-প্রতিপত্তিশালী ব্যক্তিসকলৰ পৰা দাবী কৰি আদায় কৰিছিল। অচুৰৰ ৰজাক দিবৰ কাৰণে প্ৰত্যেকে পঞ্চাশ চেকলকৈ ৰূপ মনহেমক দিব লাগিছিল। তাতে অচূৰৰ ৰজাই ইস্রায়েল দেশ এৰি গুছি গ’ল।
21 Un kas vēl stāstāms par Menaēmu, un viss, ko viņš darījis, tas ir rakstīts Israēla ķēniņu laiku grāmatā.
২১মনহেমৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত জানো লিখা নাই?
22 Un Menaēms aizmiga saviem tēviem pakaļ, un Pekaja, viņa dēls, palika par ķēniņu viņa vietā.
২২পাছত মনহেম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু তেওঁৰ পুত্ৰ পকহিয়া তেওঁৰ পদত ৰজা হ’ল।
23 Azarijas, Jūda ķēniņa, piecdesmitā gadā Pekaja, Menaēma dēls, palika par ķēniņu pār Israēli Samarijā, un valdīja divus gadus,
২৩যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ পঞ্চাশ বছৰত মনহেমৰ পুত্ৰ পকহিয়াই চমৰিয়াত ইস্ৰায়েলৰ ৰজা হৈ দুবছৰ ৰাজত্ব কৰিলে।
24 Un darīja, kas Tam Kungam nepatika; viņš neatstājās no Jerobeama, Nebata dēla, grēkiem, kas Israēli bija pavedis uz grēkiem.
২৪যিহোৱাৰ দৃষ্টিত যি বেয়া, পকহিয়াই তাকে কৰিলে। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, সেই সকলো পাপ কার্যৰ পৰা তেওঁ আঁতৰ হোৱা নাছিল।
25 Un Peka, Remalijas dēls, viņa virsnieks, cēla dumpi pret viņu un to kāva Samarijā, ķēniņa nama pagalmā, ar Argobu un ar Arju; un pie viņa bija piecdesmit vīri no Gileādas bērniem, un viņš to nokāva, un palika par ķēniņu viņa vietā.
২৫পাছত ৰমলিয়াৰ পুত্ৰ পেকহ নামেৰে তেওঁৰ এজন সেনাপতিয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে। পেকহে গিলিয়দৰ পঞ্চাশজন লোকক লগত লৈ চমৰিয়াত ৰাজগৃহৰ দুৰ্গত ৰজা পকহিয়াৰ সৈতে অৰ্গোব আৰু অৰিয়ক বধ কৰিলে। সেনাপতিয়ে তেওঁক এইদৰে বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
26 Un kas vēl stāstāms par Pekaju, un viss, ko viņš darījis, redzi, tas ir rakstīts Israēla ķēniņu laiku grāmatā.
২৬পকহিয়াৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা আছে।
27 Azarijas, Jūda ķēniņa, piecdesmit otrā gadā Peka, Remalijas dēls, palika par ķēniņu pār Israēli Samarijā un valdīja divdesmit gadus.
২৭যিহূদাৰ ৰজা অজৰিয়াৰ ৰাজত্বৰ বাৱন্ন বছৰত ৰমলিয়াৰ পুত্ৰ পেকহ চমৰিয়াত ইস্ৰায়েলৰ ৰজা হ’ল। তেওঁ বিশ বছৰ ৰাজত্ব কৰিছিল।
28 Un viņš darīja, kas Tam Kungam nepatika; viņš neatstājās no Jerobeama, Nebata dēla, grēkiem, kas Israēli bija pavedis uz grēkiem.
২৮যিহোৱাৰ দৃষ্টিত যি বেয়া, তেওঁ তাকে কৰিছিল। নবাটৰ পুত্র যাৰবিয়ামে ইস্রায়েলৰ দ্বাৰাই যি সকলো পাপ কার্য কৰাইছিল, পেকহ সেই সকলো পাপ কার্যৰ পৰা আঁতৰ হোৱা নাছিল।
29 Pekas, Israēla ķēniņa, laikā Tiglat Pilezers, Asīrijas ķēniņš, atnāca un uzņēma Jonu un AbelBetMaāku un Janoū un Ķedesu un Hacoru un Gileādu un Galileju un visu Naftalus zemi, un tos noveda uz Asīriju.
২৯ইস্ৰায়েলৰ ৰজা পেকহৰ সময়ত অচুৰৰ ৰজা তিগ্লৎ-পিলেচৰে আহি ইয়োন, আবেল-বৈৎমাখা, যানোহ, কেদচ, হাচোৰ, গিলিয়দ, আৰু গালীল আৰু নপ্তালীৰ সকলো এলেকা অধিকাৰ কৰি ল’লে আৰু লোকসকলক বন্দী কৰি অচূৰলৈ লৈ গ’ল।
30 Un Hoseja, Elas dēls, cēla dumpi pret Peku, Remalijas dēlu, un to sita un nokāva un palika par ķēniņu viņa vietā Jotama, Uzijas dēla, divdesmitā gadā.
৩০পাছত উজ্জিয়াৰ পুত্ৰ যোথমৰ ৰাজত্বৰ বিশ বছৰত এলাৰ পুত্ৰ হোচেয়াই ৰমলিয়াৰ পুত্ৰ পেকহৰ বিৰুদ্ধে ষড়যন্ত্র কৰিলে আৰু তেওঁক বধ কৰি তেওঁৰ পদত নিজে ৰজা হ’ল।
31 Un kas vēl par Peku stāstāms, un viss, ko viņš darījis, redzi, tas ir rakstīts Israēla ķēniņu laiku grāmatā.
৩১পেকহৰ আন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা “ইস্ৰায়েলৰ ৰজাবিলাকৰ ইতিহাস” পুস্তকখনত লিখা আছে।
32 Pekas, Remalijas dēla, Israēla ķēniņa, otrā gadā Jotams, Uzijas dēls, palika par ķēniņu pār Jūdu.
৩২ৰমলিয়াৰ পুত্র ইস্ৰায়েলৰ ৰজা পেকহৰ ৰাজত্বৰ দ্বিতীয় বছৰত যিহূদাৰ ৰজা উজ্জিয়াৰ পুত্ৰ যোথমে ৰাজত্ব কৰিবলৈ ধৰিলে।
33 Divdesmit pieci gadus viņš bija vecs, kad palika par ķēniņu, un valdīja sešpadsmit gadus Jeruzālemē, un viņa mātei bija vārds Jeruza, Cadaka meita.
৩৩তেওঁ পঁচিশ বছৰ বয়সত ৰজা হৈছিল আৰু ষোল্ল বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল। তেওঁৰ মাকৰ নাম আছিল যিৰূচা। তেওঁ চাদোকৰ জীয়েক আছিল।
34 Un viņš darīja, kas Tam Kungam labi patika, kā viņa tēvs Uzija bija darījis, tā viņš darīja.
৩৪তেওঁৰ পিতৃ উজ্জিয়াৰ নিদর্শনত চলি যিহোৱাৰ দৃষ্টিত যি ন্যায়, যোথমে তাকে কৰিছিল।
35 Tikai kalnu altāri vien netapa nopostīti, ļaudis upurēja un kvēpināja vēl pa kalniem. Šis uztaisīja tos augšvārtus pie Tā Kunga nama.
৩৫কিন্তু ওখ ঠাইৰ মঠবোৰ তেওঁ দূৰ কৰা নাছিল। লোকসকলে তেতিয়াও মঠবোৰত বলি উৎসর্গ কৰি ধূপ জ্বলাইছিল। যোথমে যিহোৱাৰ গৃহৰ ওপৰৰ দুৱাৰখন নিৰ্ম্মাণ কৰিলে।
36 Un kas vēl par Jotamu stāstāms, un viss, ko viņš darījis, tas ir rakstīts Jūda ķēniņu laiku grāmatā.
৩৬যোথমৰ অন্যান্য বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা জানো “যিহূদাৰ ৰজাসকলৰ ইতিহাস” পুস্তকখনত লিখা নাই?
37 Tanī laikā Tas Kungs sāka uz Jūdu sūtīt Recinu, Sīriešu ķēniņu un Peku, Remalijas dēlu.
৩৭সেই কালত, যিহোৱাই যিহূদাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অৰামৰ ৰজা ৰচীন আৰু ৰমলিয়াৰ পুত্ৰ পেকহক পঠাবলৈ আৰম্ভ কৰিলে।
38 Un Jotams aizmiga saviem tēviem pakaļ, un tapa aprakts pie saviem tēviem Dāvida, sava tēva, pilī. Un Ahazs, viņa dēls, palika par ķēniņu viņa vietā.
৩৮পাছত যোথম তেওঁৰ পূর্বপুৰুষসকলৰ লগত নিদ্ৰিত হ’ল। তেওঁক দায়ুদৰ নগৰত তেওঁৰ পূর্বপুৰুষসকলৰ লগত মৈদাম দিয়া হ’ল আৰু তেওঁৰ পুত্ৰ আহজ তেওঁৰ পদত ৰজা হ’ল।