< Otra Laiku 30 >
1 Un Hizkija sūtīja pie visa Israēla un Jūda un rakstīja grāmatas arī uz Efraīmu un Manasu, lai nāk Tā Kunga namā uz Jeruzālemi, svētīt Pasa svētkus Tam Kungam, Israēla Dievam.
১পাছত লোকসকলে যেন ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ যিৰূচালেমত থকা যিহোৱাৰ গৃহলৈ আহে, সেই বাবে হিষ্কিয়াই ইস্ৰায়েলৰ আৰু যিহূদাৰ সকলো ফালে দূত পঠিয়ালে আৰু ইফ্ৰয়িম ও মনচিৰ লোকসকললৈকো পত্ৰ লিখিলে।
2 Jo ķēniņš ar tiem lielkungiem un ar visu draudzi Jeruzālemē bija nospriedis, svētīt Pasa svētkus otrā mēnesī.
২কিয়নো ৰজা, তেওঁৰ পাত্ৰ মন্ত্ৰীসকল আৰু যিৰূচালেমত থকা গোটেই সমাজে একেলগে আলোচনা কৰি দ্বিতীয় মাহত নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ স্থিৰ কৰিছিল।
3 Jo īstenā laikā tie tos nepaspēja svētīt, tāpēc ka priesteru nebija diezgan svētījušies, un ļaudis Jeruzālemē nebija sapulcējušies.
৩প্ৰয়োজনতকৈ কম সংখ্যক পুৰোহিতে নিজকে পবিত্ৰ কৰাত আৰু প্ৰজাসকলেও যিৰূচালেমলৈ আহি গোট খাবলৈ নহা বাবে, তেওঁলোকে নিস্তাৰ-পৰ্ব্ব উচিত ধৰণে পালন কৰিব পৰা নাছিল।
4 Un šī lieta patika ķēniņam un visai draudzei.
৪এই পৰিকল্পনাটো ৰজা আৰু গোটেই সমাজৰ দৃষ্টিত ন্যায় বোধ হ’ল।
5 Un tie pavēlēja, izsaukt pa visu Israēli, no Bēršebas līdz Danai, lai nāk Tam Kungam, Israēla Dievam, svētīt Pasa svētkus Jeruzālemē, - jo lielā sapulcē tie tos nebija turējuši, kā ir rakstīts.
৫এই হেতুকে, তেওঁলোকে যেন যিৰূচালেমলৈ আহি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰে, এই কাৰণে তেওঁলোকে বেৰ-চেবাৰ পৰা দানলৈকে ইস্ৰায়েলৰ সকলো ফালে ঘোষণা কৰিবলৈ বিবেচনাৰে সিদ্ধান্ত ল’লে৷ আচলতে শাস্ত্ৰৰ আজ্ঞামতে তেওঁলোকে বহু লোক লগ লাগি তাক পালন কৰা নাছিল।
6 Tad skrējēji izgāja ar grāmatām no ķēniņa un lielkungu rokas pa visu Israēli un Jūdu, pēc ķēniņa pavēles sacīdami: jūs Israēla bērni, atgriežaties pie Tā Kunga, Ābrahāma, Īzaka un Israēla Dieva, tad arī viņš atgriezīsies pie tiem izglābtiem, kas jums atlikuši no Asiriešu ķēniņu rokas.
৬পাছত বাৰ্তাবাহকসকল ৰজাৰ আজ্ঞা অনুসাৰে ৰজা আৰু তেওঁৰ পাত্ৰমন্ত্ৰীসকলৰ পৰা পত্ৰসমূহ লৈ, ইস্ৰায়েল আৰু যিহূদাৰ সকলো ঠাইলৈ গ’ল৷ আৰু এই কথা ক’লে যে, “হে ইস্ৰায়েলৰ সন্তান সকল, তোমালোকৰ যি অৱশিষ্ট ভাগে অচূৰৰ ৰজাসকলৰ হাতৰ পৰা ৰক্ষা পালা, তোমালোকে অব্ৰাহাম, ইচহাক আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰা, যাতে তেৱোঁ যেন তোমালোকলৈ ঘূৰি চাব পাৰে।
7 Un neesat tādi, kā jūsu tēvi un jūsu brāļi, kas noziegušies pret To Kungu, savu tēvu Dievu, kādēļ Viņš tos nodevis postam, kā paši redzat.
৭তোমালোক ওপৰ পিতৃসকলৰ আৰু ভাইসকলৰ নিচিনা নহ’বা; তেওঁলোকে তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে অপৰাধ কৰিলে আৰু তেওঁ তেওঁলোকক বিনষ্ট হ’বলৈ এৰি দিলে; ইয়াক তোমালোকে দেখিছা।
8 Nu tad neesat stūrgalvīgi kā jūsu tēvi, dodiet Tam Kungam savu roku un nāciet Viņa svētā vietā, ko Viņš ir svētījis mūžīgi un kalpojiet Tam Kungam, savam Dievam, tad Viņa bargā dusmība no jums novērsīsies.
৮তোমালোকে তোমালোকৰ ওপৰ পিতৃসকলৰ দৰে ঠৰডিঙীয়া নহ’বা; কিন্তু যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ যাতে তোমালোকৰ পৰা ঘূৰি যায়, সেইবাবে তোমালোকে নিজক যিহোৱালৈ শোধাই দিয়া আৰু চিৰকালৰ বাবে তেওঁ পবিত্ৰ কৰা তেওঁৰ ধৰ্মধামত প্ৰৱেশ কৰি, তোমালোকৰ ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰা।
9 Jo kad jūs atgriezīsities pie Tā Kunga, tad jūsu brāļi un jūsu bērni dabūs žēlastību pie tiem, kas tos veduši cietumā, tā ka atkal atnāks šaizemē. Jo Tas Kungs, jūsu Dievs, ir žēlīgs un žēlsirdīgs un nenovērsīs Savu vaigu no jums, ja jūs atgriezīsities pie Viņa.
৯কিয়নো তোমালোক যদি পুনৰায় যিহোৱালৈ ঘূৰা, তেন্তে তোমালোকৰ ভাইসকল আৰু সন্তান সকল, বন্দী কৰি নিয়াসকলৰ পৰা কৃপা পাই এই দেশলৈ উলটি আহিব; কাৰণ তোমালোকৰ ঈশ্বৰ যিহোৱা কৃপাৱান আৰু মৰমীয়াল। তোমালোক তেওঁলৈ উলটিলে, তেওঁ তোমালোকৰ পৰা বিমুখ নহ’ব৷”
10 Tā tie skrējēji gāja no pilsētas uz pilsētu pa Efraīma un Manasus zemi līdz Zebulonam; bet šie tos apsmēja un apmēdīja.
১০পাছত বাৰ্তাবাহকসকল গোটেই ইফ্ৰয়িম আৰু মনচিৰ অঞ্চলৰ সকলো নগৰৰ পৰা জবূলূনলৈকে গ’ল; কিন্তু লোকসকলে তেওঁলোকক হাঁহিলে আৰু খেঁজেলিয়ালে।
11 Bet taču kādi no Ašera un Manasus un Zebulona pazemojās un nāca uz Jeruzālemi.
১১তথাপি আচেৰৰ, মনচিৰ আৰু জবূলূনৰ কোনো কোনো লোকে নিজকে নম্ৰ কৰি যিৰূচালেমলৈ আহিল।
12 Arī pār Jūdu bija Dieva roka, un Viņš tiem deva vienādu sirdi, darīt ķēniņa un lielkungu pavēli pēc Tā Kunga vārda.
১২তেওঁলোকক এক মনৰ হৃদয় দিবলৈ আৰু যিহোৱাৰ বাক্যৰ দ্বাৰাই হোৱা ৰজা আৰু পাত্ৰমন্ত্ৰীসকলৰ আজ্ঞা সম্পন্ন হ’বলৈ ঈশ্বৰৰ হাত যিহূদাৰ ওপৰত অৰ্পিত হ’ল।
13 Un daudz ļaužu sapulcinājās Jeruzālemē, svētīt neraudzētās maizes svētkus otrā mēnesī, varen liela draudze.
১৩পাছত দ্বিতীয় মাহত খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবৰ অৰ্থে, যিৰূচালেমলৈ অনেক লোক আহিল। তাতে এক বৃহৎ সমাজ গোট খালে।
14 Un tie cēlās un noārdīja tos altārus, kas bija Jeruzālemē, un ņēma visus kvēpināmos traukus un tos iemeta Kidronas upē.
১৪আৰু তেওঁলোকে উঠি আহি যিৰূচালেমত থকা যজ্ঞবেদীবোৰ আতৰালে আৰু ধূপ জ্বলোৱা আটাই বেদী গুচাই কিদ্ৰোণ উপত্যকাত জুই জ্বলাই সেইবোৰ পুৰিলে।
15 Tad tie nokāva Pasa jērus otrā mēnesī četrpadsmitā dienā. Un priesteri un leviti prata savu kaunu un svētījās un nesa dedzināmos upurus Tā Kunga namā.
১৫পাছত দ্বিতীয় মাহৰ চতুৰ্দ্দশ দিনা তেওঁলোকে নিস্তাৰ-পৰ্ব্বৰ বলি দিলে৷ পাছত পুৰোহিত আৰু লেবীয়াসকলে লাজ পাই তেওঁলোকে নিজকে শুচি কৰিলে আৰু যিহোৱাৰ গৃহলৈ হোম-বলিসমূহ আনিলে।
16 Un tie stāvēja savā kārtā, pēc savas tiesas, pēc Dieva vīra Mozus bauslības. Priesteri slacināja asinis no levitu rokas (ņemdami).
১৬তেওঁলোকে ঈশ্বৰৰ লোক মোচিৰ ব্যৱস্থা অনুসাৰে তেওঁলোকে নিয়ম পালন কৰিলে আৰু নিজ নিজ ঠাইত থিয় হ’ল৷ পুৰোহিতসকলে লেবীয়াসকলৰ হাতৰ পৰা সেই তেজ লৈ সকলোলৈ চটিয়ালে।
17 Jo daudz bija draudzē, kas nebija svētījušies; tādēļ leviti nokāva Pasa jērus priekš visiem, kas nebija šķīsti, ka tos Tam Kungam svētītu.
১৭কিয়নো সমাজৰ মাজত নিজকে শুচি নকৰা অনেক লোক আছিল; এই হেতুকে যিহোৱাৰ উদ্দেশ্যে বলি পবিত্ৰ কৰিবৰ অৰ্থে, অশুচি লোকসকলৰ বাবে নিস্তাৰ-পৰ্ব্বৰ বলি দিয়া কামত লেবীয়াসকল দায়িত্বত আছিল।
18 Jo liels ļaužu pulks no Efraīma un no Manasus, Īsašara un Zebulona nebija šķīstījušies, un taču tie ēda to Pasa jēru, bet ne tā kā ir rakstīts. Bet Hizkija lūdza par tiem un sacīja: Tas Kungs, tas žēlīgais, lai to piedod
১৮কিয়নো ইফ্ৰয়িম, মনচি, ইচাখৰ আৰু জবূলূনৰ পৰা অহা এই বৃহৎ সমাবেশৰ মাজত অনেক লোকে নিজকে শুচি নকৰাকৈয়ে, লিখিত নিৰ্দেশৰ বিপৰীতে নিস্তাৰ-পৰ্ব্বৰ ভোজ খাইছিল। কাৰণ হিষ্কিয়াই তেওঁলোকৰ বাবে প্ৰাৰ্থনা কৰি কৈছিল, “মঙ্গলময় যিহোৱাই সকলোকে ক্ষমা কৰক
19 Visiem, kas savā sirdī taisījušies, meklēt Dievu To Kungu, savu tēvu Dievu, jebšu ne pēc svētās šķīstības.
১৯যিকোনোৱে ধৰ্মধাম শুচি কৰা বিধি অনুসাৰে নিজকে শুচি নকৰাকৈয়েই ঈশ্বৰক অৰ্থাৎ নিজৰ ওপৰ-পিতৃসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰ কৰিবলৈ নিজ মন থিৰ কৰিলে।”
20 Un Tas Kungs paklausīja Hizkiju un dziedināja tos ļaudis.
২০সেইবাবে যিহোৱাই হিষ্কিয়াৰ নিবেদন শুনি লোকসকলক শুচি কৰিলে।
21 Tā Israēla bērni, kas Jeruzālemē bija sanākuši, turēja neraudzētās maizes svētkus septiņas dienas ar lielu prieku. Un leviti un priesteri slavēja To Kungu ikdienas ar mūzikas rīkiem Tam Kungam par godu.
২১এই হেতুকে যিৰূচালেমত উপস্থিত হৈ থকা ইস্ৰায়েলৰ সন্তান সকলে সাত দিনলৈকে মহা আনন্দেৰে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিলে৷ লেবীয়া ও পুৰোহিতসকলে সদায় উচ্চধ্বনি বাদ্যেৰে যিহোৱাৰ উদ্দেশ্যে গীত গাই যিহোৱাৰ প্ৰশংসা কৰিলে।
22 Un Hizkija runāja laipnīgi ar visiem levitiem, kas Tā Kunga kalpošanu labi zināja; un tie ēda svētku upurus septiņas dienas un upurēja pateicības upurus un teica To Kungu, savu tēvu Dievu.
২২আৰু যিসকল লেবীয়ালোক যিহোৱাৰ সেৱা কাৰ্যত নিপুণ আছিল, তেওঁলোকক হিষ্কিয়াই উৎসাহজনক কথা ক’লে। এইদৰে তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে আৰু তেওঁলোকৰ ওপৰ পিতৃ-সকলৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰোক্তি কৰি ধন্যবাদেৰে সাত দিনলৈকে ভোজ খালে।
23 Un visa draudze nosprieda, vēl otras septiņas dienas svētīt, un tie svētīja vēl otras septiņas dienas ar prieku.
২৩পাছত গোটেই সমাজে এইদৰে পুনৰ সাত দিনলৈকে পালন কৰিবলৈ স্থিৰ কৰিলে আৰু সেইদৰেই তেওঁলোকে আনন্দেৰে পালন কৰিলে।
24 Jo Hizkija, Jūda ķēniņš, deva draudzei tūkstoš vēršus un septiņtūkstoš avis. Un tie lielkungi deva draudzei tūkstoš vēršus un desmit tūkstoš avis. Un tie priesteri svētījās lielā pulkā.
২৪কিয়নো যিহূদাৰ ৰজা হিষ্কিয়াই সমাজক এক হাজাৰ ভতৰা, সাত হাজাৰ ভেড়া আৰু ছাগলী উৎসৰ্গ কৰিবৰ অৰ্থে দিছিল; আৰু অধ্যক্ষসকলে সমাজক এক হাজাৰ ষাঁড়, আৰু দহ হাজাৰ ভেড়া ও ছাগলী দিলে; আৰু পুৰোহিতসকলৰ মাজৰ অনেকে নিজক পবিত্ৰ কৰিলে।
25 Un visa Jūda draudze priecājās līdz ar priesteriem un levitiem, arī visa draudze, kas bija nākusi no Israēla, un tie svešinieki, kas bija atnākuši no Israēla zemes, un kas iekš Jūda piemita.
২৫আৰু যিহূদাৰ গোটেই সমাজ, পুৰোহিতসকল আৰু লেবীয়াসকল, ইস্ৰায়েলৰ পৰা অহা লোকসকলৰ গোটেই সমাজ আৰু ইস্ৰায়েল দেশৰ পৰা অহা বা যিহূদাত থকা সকলো বিদেশী লোকসকল - সেই সকলোৱে আনন্দ কৰিলে।
26 Tā bija liels prieks Jeruzālemē, jo no Salamana, Dāvida dēla, Israēla ķēniņa, laika Jeruzālemē tā nebija bijis.
২৬এইদৰে যিৰূচালেমত বৰ আনন্দ হ’ল; কিয়নো ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনৰ দিনৰে পৰা যিৰূচালেমত এনেদৰে হোৱা নাছিল।
27 Un priesteri un leviti cēlās un svētīja tos ļaudis, un viņu balss tapa paklausīta, un viņu lūgšana nāca viņa svētā dzīvoklī debesīs.
২৭পাছত লেবীয়া, পুৰোহিতসকলে উঠি লোকসকলক আশীৰ্ব্বাদ কৰিলে৷ তেওঁলোকৰ মাত শুনা গ’ল আৰু তেওঁলোকৰ প্ৰাৰ্থনা স্বৰ্গলৈ অৰ্থাৎ পবিত্ৰ ঠাইত উঠিল, য’ত ঈশ্বৰ নিবাস কৰে।