< Pirmā Ķēniņu 15 >
1 Un ķēniņa Jerobeama, Nebata dēla, astoņpadsmitā gadā Abijams palika par ķēniņu pār Jūdu.
১নবাটৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ অষ্টাদশ বছৰত অবিয়ামে যিহূদাৰ ওপৰত ৰাজত্ব কৰিবলৈ আৰম্ভ কৰিলে৷
2 Trīs gadus viņš valdīja Jeruzālemē, un viņa mātei vārds bija Maēka Absaloma mazmeita.
২তেওঁ তিনি বছৰ যিৰূচালেমত ৰাজত্ব কৰিলে; অবীচালোমৰ জীয়েক মাখা তেওঁৰ মাতৃ আছিল।
3 Un viņš staigāja visos sava tēva grēkos, ko tas priekš viņa bija darījis, un viņa sirds nebija pilnīgi pie Tā Kunga, sava Dieva, kā viņa tēva Dāvida sirds.
৩তেওঁৰ পিতৃয়ে পূৰ্বতে কৰাৰ দৰে তেৱোঁ পাপ-আচৰণ কৰিলে। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ মন যেনে সিদ্ধ আছিল, তেওঁৰ মন নিজ ঈশ্বৰ যিহোৱাৰ আগত তেনে সিদ্ধ নাছিল।
4 Bet Dāvida dēļ Tas Kungs, viņa Dievs, deva gaišumu Jeruzālemē, viņa dēlu pēc viņa ieceldams un Jeruzālemi stiprinādams,
৪তথাপি তেওঁৰ পাছত তেওঁৰ সন্তানক গঢ় দিবলৈ আৰু যিৰূচালেমক সবল কৰিবলৈ, তেওঁৰ ঈশ্বৰ যিহোৱাই দায়ূদৰ কাৰণে তেওঁক যিৰূচালেমত এক প্ৰদীপ দিলে।
5 Tāpēc ka Dāvids bija darījis, kas pareizi Tā Kunga acīs, un nebija atkāpies no neviena Dieva baušļa visu savu mūžu, bez tā viena notikuma ar Ūriju, to Etieti.
৫কিয়নো, যিহোৱাৰ দৃষ্টিত যি ন্যায়, দায়ূদে তাকেই কৰিছিল; হিত্তীয়া ঊৰিয়াৰ কথাৰ বাহিৰে, তেওঁৰ নিজ আয়ুসৰ গোটেই কালত, যিহোৱাই তেওঁক দিয়া কোনো আজ্ঞাৰ পৰা তেওঁ বিমুখ হোৱা নাছিল।
6 Bet starp Rekabeama un Jerobeama namu bija karš visu viņa mūžu.
৬সেই সময়ত ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত যি যুদ্ধ চলি আছিল, সেয়ে অবিয়ামৰ আয়ুসৰ সকলো কালত চলি আছিল।
7 Un kas vēl stāstāms par Abijamu, un viss, ko viņš darījis, tas rakstīts Jūda ķēniņu laiku grāmatā. Un karš bija starp Abijamu un Jerobeamu.
৭অবিয়ামৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো কাৰ্যৰ কথা, যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই? সেই সময়ত অবিয়াম আৰু যাৰবিয়ামৰ মাজত যুদ্ধ চলি আছিল।
8 Un Abijams gāja dusēt pie saviem tēviem, un viņu apraka Dāvida pilsētā, un viņa dēls Asa palika par ķēniņu viņa vietā.
৮পাছত অবিয়াম তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ আচা তেওঁৰ পদত ৰজা হ’ল।
9 Un Jerobeama, Israēla ķēniņa, divdesmitā gadā Asa palika par ķēniņu pār Jūdu
৯ৰজা যাৰবিয়ামে ইস্ৰায়েলৰ ওপৰত বিশ বছৰ ৰাজত্ব কৰাৰ পাছত আচাই যিহূদাৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ল’লে৷
10 Un valdīja četrdesmit un vienu gadu Jeruzālemē. Un viņa vecmātei vārds bija Maēka, Absaloma mazmeita.
১০তেওঁ একচল্লিশ বছৰ যিৰূচালেমত ৰাজত্ব কৰিছিল; তেওঁৰ আইতাকৰ নাম আছিল মাখা; মাখা আছিল অবীচালোমৰ জীয়েক।
11 Un Asa darīja, kas bija pareizi Tā Kunga acīs, itin kā viņa tēvs Dāvids.
১১আচাই তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, তাকেই কৰিছিল।
12 Jo viņš izdzina tos mauciniekus no zemes un atmeta visus elkudievus, ko viņa tēvi bija taisījuši.
১২তেওঁ দেশৰ পৰা ৰতিক্রিয়াত আসক্ত পুৰুষসকলক খেদি পঠালে, আৰু তেওঁৰ পূর্ব-পুৰুষসকলে স্থাপন কৰা সকলো মূৰ্তি আতৰালে।
13 Un savu pašu vecmāti Maēku viņš nocēla no ķēniņienes goda, tāpēc ka tā bija cēlusi negantu elka bildi (Ašerai), un Asa izpostīja arī viņas neganto elka bildi un to sadedzināja pie Kidronas upes.
১৩আৰু তেওঁৰ আইতাক মাখাই আচেৰা মূৰ্ত্তিৰ এটা ঘিণলগীয়া মূৰ্ত্তি স্থাপন কৰাৰ বাবে, আচাই তেওঁক ৰাজ-মা পদৰ পৰা আতৰাই পঠিয়ালে। আচাই সেই ঘিণলগীয়া মূৰ্ত্তিটো কাটিলে, আৰু তাক কিদ্ৰোণ উপত্যকাত পুৰি পেলালে।
14 Bet kalnu altāri nezuda; tomēr Asas sirds turējās pilnīgi pie Tā Kunga visu cauru mūžu.
১৪কিন্তু পবিত্ৰ ঠাইবোৰ আতৰাই পেলোৱা নহ’ল; তথাপি আচাই তেওঁৰ আয়ুসৰ সকলো কালত নিজ মন সম্পূৰ্ণৰূপে যিহোৱাক সমৰ্পণ কৰিছিল। সম্পূর্ণৰূপে সমর্পিত আছিল৷
15 Un viņš nonesa Tā Kunga namā sava tēva svētītās dāvanas un savas paša svētītās dāvanas, sudrabu un zeltu un traukus.
১৫তেওঁৰ নিজ পিতৃয়ে পবিত্ৰ কৰা বস্তু আৰু তেওঁ নিজে পবিত্ৰ কৰা বস্তুবোৰ যেনে ৰূপ, সোণ আদিৰ পাত্ৰবোৰ যিহোৱাৰ গৃহলৈ আনিলে।
16 Un starp Asu un Baešu, Israēla ķēniņu, bija karš visu viņu mūžu.
১৬আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
17 Un Baeša, Israēla ķēniņš, cēlās pret Jūdu un uztaisīja Rāmu, ka viņš nevienam nevēlētu ne iziet ne ieiet pie Asas, Jūda ķēniņa.
১৭ইস্ৰায়েলৰ ৰজা বাচাই যিহূদাৰ বিৰুদ্ধে হিংসাত্মকভাবে আক্রমণ কৰিছিল, আৰু ৰামাক সাজি দৃঢ় কৰিবলৈ ধৰিলে যাতে কোনো লোক যেন যিহূদাৰ ৰজা আচাৰ দেশলৈ আহিব বা এৰি যাব নোৱাৰে৷
18 Un Asa ņēma visu sudrabu un zeltu, kas vēl atlika no Tā Kunga nama mantām un no ķēniņa nama mantām un to deva saviem kalpiem rokā, un ķēniņš Asa tos sūtīja pie BenHadada, Tabrimona dēla, Eziana dēla dēla, Sīrijas ķēniņa, kas Damaskū dzīvoja, un sacīja:
১৮পাছত আচাই যিহোৱাৰ গৃহ ভঁৰালৰ অৱশিষ্ট ৰূপ, সোণ আৰু ৰাজগৃহৰ ভঁৰালৰ ধনবোৰ ল’লে৷ তেওঁ সেইবোৰ লৈ তেওঁৰ দাসবোৰৰ হাতত দি তেওঁলোকক হিজিয়োনৰ নাতিয়েক টবৰিম্মোনৰ পুত্ৰ বিন-হদদ নামেৰে দম্মেচকত থকা অৰামীয়া ৰজাৰ ওচৰলৈ পঠিয়াই দিলে, আৰু তেওঁলোকক এই কথা কৈ পঠিয়ালে যে,
19 Derība ir starp mani un tevi, starp manu tēvu un tavu tēvu, redzi, es tev sūtu dāvanu, sudrabu un zeltu; ej un lauz savu derību ar Baešu, Israēla ķēniņu, ka tas no manis atstājās.
১৯“মোৰ পিতৃ আৰু আপোনাৰ পিতৃৰ মাজত যেনে নিয়ম বন্ধা আছিল, তেনে নিয়ম মোৰ আৰু আপোনাৰ মাজতো বন্ধা হওঁক৷ চাওঁক, মই আপোনালৈ ৰূপ আৰু সোণৰ উপহাৰ পঠিয়াইছোঁ৷ আপুনি ইস্ৰায়েলৰ বাচা ৰজাৰ লগত বন্ধা নিয়মটি ভাঙক কাৰণ তেতিয়াহে তেওঁ মোৰ ওচৰৰ পৰা গুচি যাব৷”
20 Un BenHadads klausīja ķēniņu Asu un sūtīja sava karaspēka virsniekus pret Israēla pilsētām, un kāva Ijonu un Danu un AbelBetMaēku un visu Ķinerotu visā Naftalus zemē.
২০তেতিয়া বিন-হদদে ৰজা আচাৰ কথা শুনি, ইস্ৰায়েলৰ নগৰবোৰৰ বিৰুদ্ধে তেওঁৰ সৈন্য বাহিনীৰ সেনাপতিসকলক আক্ৰমণ কৰিবলৈ পঠিয়ালে৷ তেতিয়া তেওঁলোকে গৈ ইয়োন, দান, আবেল-বৈৎমাখা, গোটেই কিন্নেৰৎ আৰু নপ্তালীৰ সকলো দেশকে আক্ৰমণ কৰিলে।
21 Kad nu Baeša to dzirdēja, tad viņš atstāja Rāmas taisīšanu un palika Tircā.
২১যেতিয়া বাচাই এই সম্বাদ শুনিলে তেতিয়া তেওঁ ৰামাক সাজি দৃঢ় কৰাৰ কার্য বন্ধ কৰিলে আৰু তিৰ্চালৈ ঘূৰি গ’ল।
22 Bet ķēniņš Asa lika izsaukt pa visu Jūdu, (neviens netapa atlaists), ka vestu projām akmeņus no Rāmas un kokus, ko Baeša tur bija uztaisījis, un ķēniņš Asa ar tiem uztaisīja Benjamina Ģebu un Micpu.
২২তেতিয়া ৰজা আচাই সমুদায় যিহূদাক এটি ঘোষণা দিবলৈ মাতিলে; তাতে কোনো এজন লোকৰ অনুপস্থিতিত তেওঁলোকক ৰেহাই দিয়া নাছিল৷ বাচাই যি শিল আৰু কাঠবোৰেৰে ৰামা দৃঢ় কৰিবলৈ ধৰিছিল, ৰামাৰ সেই শিল আৰু কাঠবোৰ সেই লোকসকলে কঢ়িয়াই লৈ গ’ল৷ তাৰ পাছত ৰজা আচাই সেই শিল আৰু কাঠবোৰ ব্যৱহাৰ কৰি বিন্যামীনৰ গেবা আৰু মিস্পা সাজি দৃঢ় কৰিলে।
23 Un kas vēl par Asu stāstāms, un viss viņa spēks un viss, ko viņš darījis, un visas viņa pilsētas, ko viņš uztaisījis, redzi, tas rakstīts Jūda ķēniņu laiku grāmatā; bet savā vecumā viņš palika slims ar kājām.
২৩আচাৰ অবশিষ্ট বৃত্তান্ত, তেওঁৰ সকলো পৰাক্ৰম, তেওঁ কৰা সকলো কাৰ্য আৰু তেওঁ সাজি দৃঢ় কৰা নগৰবোৰৰ কথা জানো যিহূদাৰ ৰজাসকলৰ ইতিহাস পুস্তকখনত লিখা নাই? কিন্তু তেওঁৰ বৃদ্ধ অৱস্থাত তেওঁৰ ভৰিত বেমাৰ হ’ল।
24 Un Asa gāja dusēt pie saviem tēviem un tapa aprakts pie saviem tēviem sava tēva Dāvida pilsētā. Un Jehošafats, viņa dēls, palika par ķēniņu viņa vietā.
২৪পাছত আচা তেওঁ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু নিজৰ ওপৰ-পিতৃ দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত তেওঁক মৈদাম দিয়া হ’ল৷ তেতিয়া তেওঁৰ পুত্ৰ যিহোচাফট তেওঁৰ পদত ৰজা হ’ল।
25 Un Nadabs, Jerobeama dēls, palika par ķēniņu pār Israēli Asas, Jūda ķēniņa, otrā gadā un valdīja divus gadus pār Israēli.
২৫যিহূদাৰ আচা ৰজাৰ ৰাজত্বৰ দ্বিতীয় বছৰত যাৰবিয়ামৰ পুত্ৰ নাদবে ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে৷ তেওঁ ইস্ৰায়েলৰ ওপৰত দুবছৰ ৰাজত্ব কৰিছিল।
26 Un viņš darīja, kas Tam Kungam nepatika, un staigāja sava tēva ceļos un viņa grēkos, ar ko viņš Israēli bija apgrēcinājis.
২৬তেওঁ নিজৰ পিতৃৰ পথত পাপ আচৰণ কৰি চলিলে, আৰু তেওঁৰ দ্ৱাৰাই ইস্ৰায়েলকো সেই পাপ পথত পৰিচালনা কৰিলে।
27 Un Baeša, Ahijas dēls, no Īsašara nama, derēja derību pret viņu, un Baeša to kāva pie Ģibetonas, kas Fīlistiem piederēja. Jo Nadabs un viss Israēls bija apmetušies pret Ģibetonu.
২৭পাছত ইচাখৰৰ বংশৰ অহিয়াৰ পুত্ৰ বাচাই নাদবৰ বিৰুদ্ধে চক্ৰান্ত কৰিলে৷ পলেষ্টীয়াসকলৰ অধীনত থকা গিব্বথোনত বাচাই তেওঁক বধ কৰিলে, কিয়নো সেই সময়ত নাদব আৰু গোটেই ইস্ৰায়েলে গিব্বথোন অৱৰোধ কৰিছিল।
28 Un Baeša to nokāva Asas, Jūda ķēniņa, trešā gadā un palika par ķēniņu viņa vietā.
২৮যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত বাচাই নাদবক বধ কৰিলে, আৰু তেওঁৰ পদত নিজে ৰজা হ’ল।
29 Un kad tas nu bija palicis par ķēniņu, tad tas apkāva visu Jerobeama namu; viņš neviena neatlicināja no Jerobeama, kam bija dvaša, tiekams viņš to bija izdeldējis pēc Tā Kunga vārda, ko Viņš bija runājis caur Savu kalpu Ahiju no Šīlo,
২৯তেওঁ ৰজা হোৱা মাত্রকে যাৰবিয়ামৰ গোটেই বংশকে বধ কৰিলে। যিহোৱাই নিজ দাস চীলোনীয়া অহীয়াৰ দ্বাৰাই কোৱা বাক্য অনুসাৰে, তেওঁ যাৰবিয়ামৰ বংশক আনকি নিশ্বাস লবলৈকো কাকো অৱশিষ্ট নাৰাখিলে৷ এইদৰে বাচাই যাৰবিয়ামৰ বংশক সংহাৰ কৰিলে৷
30 Jerobeama grēku dēļ, ar ko viņš apgrēkojās un ar ko viņš Israēli bija apgrēcinājis, un viņa kaitināšanas dēļ, ar ko viņš To Kungu, Israēla Dievu, bija apkaitinājis.
৩০যাৰবিয়ামে যি যি পাপ নিজে কৰিছিল আৰু যিবোৰ পাপৰ দ্বাৰাই তেওঁ ইস্ৰায়েলক পাপত লিপ্ত কৰালে, সেই কুকার্যবোৰৰ দ্ৱাৰাই তেওঁ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক ক্ৰুদ্ধ কৰিবলৈ উত্তেজিত কৰাইছিল আৰু সেই কাৰণে এই সকলো ঘটিল।
31 Un kas vēl stāstāms par Nadabu, un viss, ko viņš darījis, tas rakstīts Israēla ķēniņu laiku grāmatā.
৩১নাদবৰ অৱশিষ্ট বৃত্তান্ত, তেওঁ কৰা সকলো কাৰ্যৰ কথা ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত জানো লিখা নাই?
32 Un starp Asu un Baešu, Israēla ķēniņu, bija karš visu viņu mūžu.
৩২আচা আৰু ইস্ৰায়েলৰ ৰজা বাচাৰ মাজত তেওঁলোকৰ আয়ুসৰ গোটেই কালত যুদ্ধ চলি আছিল।
33 Asas, Jūda ķēniņa, trešā gadā Baeša, Ahijas dēls, palika par ķēniņu pār visu Israēli Tircā un (valdīja) divdesmit un četrus gadus.
৩৩যিহূদাৰ ৰজা আচাৰ ৰাজত্বৰ তৃতীয় বছৰত অহিয়াৰ পুত্ৰ বাচাই তিৰ্চাত গোটেই ইস্ৰায়েলৰ ওপৰত ৰাজত্ৱ কৰিবলৈ ধৰিলে; তেওঁ ছাবিশ বছৰলৈ ৰাজত্ব কৰিছিল।
34 Un viņš darīja, kas Tam Kungam nepatika, un staigāja Jerobeama ceļā un viņa grēkos, uz ko viņš Israēli bija pavedis.
৩৪তেওঁ যিহোৱাৰ দৃষ্টিত কু-আচৰণ কৰিলে আৰু যাৰবিয়ামৰ পথত চলি, যাৰবিয়ামে যি পাপৰ দ্বাৰাই ইস্ৰায়েলক পাপ লিপ্ত কৰাইছিল, সেই পাপত তেৱোঁ চলিছিল।