< Apocalypsis 20 >

1 et vidi angelum descendentem de caelo habentem clavem abyssi et catenam magnam in manu sua (Abyssos g12)
তেতিয়া মই এজন দূতক স্বৰ্গৰ পৰা নামি অহা দেখিলোঁ, তেওঁৰ হাতত সেই অগাধ ঠাইৰ চাবি আৰু এডাল বৰ শিকলি আছিল। (Abyssos g12)
2 et adprehendit draconem serpentem antiquum qui est diabolus et Satanas et ligavit eum per annos mille
তেওঁ সেই ড্ৰেগন, সেই পুৰণি সৰ্প; যি দিয়াবল আৰু চয়তান, তাক ধৰি, এহেজাৰ বছৰলৈ বান্ধি ৰাখিলে৷ দূত জনে সেই অগাধ ঠাইত তাক পেলাই দি, সেই ঠাইৰ মুখ বন্ধ কৰিলে, আৰু তাৰ ওপৰত চাব মাৰি দিলে৷
3 et misit eum in abyssum et clusit et signavit super illum ut non seducat amplius gentes donec consummentur mille anni post haec oportet illum solvi modico tempore (Abyssos g12)
তাক এনেদৰে অগাধ ঠাইত পেলাই দিয়াৰ কাৰণ এয়ে যে, সি যেন জাতিবোৰক, যেতিয়ালৈ সেই এহেজাৰ বছৰ পুৰ নহয়, তেতিয়ালৈকে ভুলাব নোৱাৰে৷ তাৰ পাছত অলপ কালৰ বাবে সি মুক্ত হ’ব লাগিব। (Abyssos g12)
4 et vidi sedes et sederunt super eas et iudicium datum est illis et animas decollatorum propter testimonium Iesu et propter verbum Dei et qui non adoraverunt bestiam neque imaginem eius nec acceperunt caracterem in frontibus aut in manibus suis et vixerunt et regnaverunt cum Christo mille annis
পাছত মই কেইখন মান সিংহাসন দেখিলোঁ৷ সেইবোৰৰ ওপৰত যি লোক সকল বহি আছিল, তেওঁলোকক সোধ-বিচাৰৰ ভাৰ দিয়া হ’ল; আৰু মই সেই লোক সকলৰ জীৱাত্মা দেখিলোঁ; যি সকলক যীচুৰ সাক্ষ্যৰ কাৰণে আৰু ঈশ্বৰৰ বাক্যৰ কাৰণে মুৰ ছেদন কৰা হৈছিল আৰু যি সকলে সেই পশু বা তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা নাছিল আৰু নিজৰ কপালত আৰু হাতত তাৰ ছাব লোৱা নাছিল, তেওঁলোকে জীৱিত হ’ল আৰু এহেজাৰ বছৰ খ্ৰীষ্টৰ সৈতে ৰাজত্ব কৰিলে।
5 ceteri mortuorum non vixerunt donec consummentur mille anni haec est resurrectio prima
মৃত সকলৰ অৱশিষ্ট লোক সেই হাজাৰ বছৰ পুৰ নহোৱালৈকে জীৱিত নহ’ল। এয়ে প্ৰথম পুনৰুত্থান।
6 beatus et sanctus qui habet partem in resurrectione prima in his secunda mors non habet potestatem sed erunt sacerdotes Dei et Christi et regnabunt cum illo mille annis
যি জনে এই প্ৰথম উত্থানৰ ভাগী হয়, তেওঁ ধন্য আৰু পবিত্ৰ লোক৷ তেওঁলোকৰ ওপৰত দ্বিতীয় মৃত্যুৰ কোনো ক্ষমতা নাই; তেওঁলোক ঈশ্বৰৰ আৰু খ্ৰীষ্টৰ পুৰোহিত হৈ তেৱেঁ সৈতে এহেজাৰ বছৰ ৰাজত্ব কৰিব।
7 et cum consummati fuerint mille anni solvetur Satanas de carcere suo
যেতিয়া সেই হাজাৰ বছৰ পুৰ হব, চয়তান নিজ বন্দীশালৰ পৰা মুক্ত হব আৰু,
8 et exibit et seducet gentes quae sunt super quattuor angulos terrae Gog et Magog et congregabit eos in proelium quorum numerus est sicut harena maris
তেতিয়া সি ওলাই আহি, পৃথিৱীৰ চাৰি চুকত থকা গোগ আৰু মাগোগ জাতি সকলক ভুলাই, সৈন্যৰ দল যোগাৰ কৰি, ৰণলৈ গোট খুৱাব। তেওঁলোকৰ সংখ্যা সাগৰৰ বালিৰ সমান হব৷
9 et ascenderunt super latitudinem terrae et circumierunt castra sanctorum et civitatem dilectam et descendit ignis a Deo de caelo et devoravit eos
সিহঁতে পৃথিৱীৰ বিস্তাৰেদি গৈ, পবিত্ৰ লোক সকলৰ ছাউনি আৰু প্ৰিয় নগৰ বেৰি ধৰিলে; কিন্তু স্বৰ্গৰ পৰা জুই পৰি, সিহঁতক গ্ৰাস কৰিলে।
10 et diabolus qui seducebat eos missus est in stagnum ignis et sulphuris ubi et bestia et pseudoprophetes et cruciabuntur die ac nocte in saecula saeculorum (aiōn g165, Limnē Pyr g3041 g4442)
১০আৰু সিহঁতক ভুলুৱা চয়তানক, গন্ধক আৰু জুইৰ সৰোবৰত পেলোৱা হ’ল যত সেই পশু আৰু ভাঁৰি-কোৱা ভাববাদীও আছে; আৰু সিহঁতে চিৰকাললৈকে দিনে-ৰাতিয়ে যাতনা ভোগ কৰিব। (aiōn g165, Limnē Pyr g3041 g4442)
11 et vidi thronum magnum candidum et sedentem super eum a cuius aspectu fugit terra et caelum et locus non est inventus ab eis
১১তাৰ পাছত মই এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনক দেখিলোঁ; তেওঁৰ উপস্থিতিত পৃথিৱী আৰু আকাশমণ্ডল পলাই গ’ল কিন্তু সেইবোৰৰ কাৰণে যাবলৈ ঠাই পুনৰ পোৱা নগ’ল।
12 et vidi mortuos magnos et pusillos stantes in conspectu throni et libri aperti sunt et alius liber apertus est qui est vitae et iudicati sunt mortui ex his quae scripta erant in libris secundum opera ipsorum
১২সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃত সকলক থিয় হৈ থকা দেখিলোঁ; আৰু কেইখন মান পুস্তক মেলা হ’ল; পাছত আৰু এখন পুস্তক মেলা হ’ল- জীৱন পুস্তক৷ সেই পুস্তকবোৰত লিখা মতে মৃত সকলৰ নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল।
13 et dedit mare mortuos qui in eo erant et mors et inferus dederunt mortuos qui in ipsis erant et iudicatum est de singulis secundum opera ipsorum (Hadēs g86)
১৩তেতিয়া সাগৰে নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; মৃত্যু আৰু পৰলোকেও নিজৰ লগত থকা মৃত সকলক শোধাই দিলে; তাতে সেই মৃত লোক সকলক নিজ নিজ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰা হ’ল। (Hadēs g86)
14 et inferus et mors missi sunt in stagnum ignis haec mors secunda est stagnum ignis (Hadēs g86, Limnē Pyr g3041 g4442)
১৪পাছত মৃত্যু আৰু পৰলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। সেয়েই অৰ্থাৎ অগ্নিৰ সৰোবৰেই দ্বিতীয় মৃত্যু; (Hadēs g86, Limnē Pyr g3041 g4442)
15 et qui non est inventus in libro vitae scriptus missus est in stagnum ignis (Limnē Pyr g3041 g4442)
১৫আৰু জীৱন পুস্তকত যি কোনো জনৰ নাম পোৱা নগ’ল, তেওঁলোকক সেই জুইৰ সৰোবৰত পেলোৱা হ’ল। (Limnē Pyr g3041 g4442)

< Apocalypsis 20 >