< Psalmorum 148 >
1 alleluia laudate Dominum de caelis laudate eum in excelsis
১তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। স্বর্গৰ পৰা যিহোৱাৰ প্ৰশংসা কৰা; উচ্চ স্থানত তেওঁৰ প্ৰশংসা কৰা।
2 laudate eum omnes angeli eius laudate eum omnes virtutes eius
২হে যিহোৱাৰ সকলো দূত, তেওঁৰ প্ৰশংসা কৰা; হে যিহোৱাৰ সকলো বাহিনী, তেওঁৰ প্ৰশংসা কৰা!
3 laudate eum sol et luna laudate eum omnes stellae et lumen
৩হে সূৰ্য আৰু চন্দ্ৰ, তেওঁৰ প্ৰশংসা কৰা; হে দীপ্তিময় সকলো তৰা, তেওঁৰ প্ৰশংসা কৰা!
4 laudate eum caeli caelorum et aqua quae super caelum est
৪হে স্বর্গৰ স্বর্গ, তেওঁৰ প্ৰশংসা কৰা! হে আকাশ-মণ্ডলৰ উর্দ্ধস্থানৰ জল সমূহ, তেওঁৰ প্রশংসা কৰা!
5 laudent nomen Domini quia ipse dixit et facta sunt ipse mandavit et creata sunt
৫সেইবোৰ সকলোৱে যিহোৱাৰ নামৰ প্ৰশংসা কৰক; কিয়নো তেওঁ আজ্ঞা দিলে আৰু এইবোৰৰ সৃষ্টি হ’ল।
6 statuit ea in saeculum et in saeculum saeculi praeceptum posuit et non praeteribit
৬তেওঁ চিৰকালৰ কাৰণে সেইবোৰক সঠিক ঠাইত স্থাপন কৰিলে; তেওঁ এটা বিধি দিলে, কোনোৱে তাক উলঙ্ঘন কৰিব নোৱাৰিব।
7 laudate Dominum de terra dracones et omnes abyssi
৭হে সাগৰৰ প্রকাণ্ড জলচৰবোৰ আৰু মহাসাগৰৰ গভীৰ অধোভাগ, পৃথিৱীৰ পৰা তোমালোকে যিহোৱাৰ প্রশংসা কৰা!
8 ignis grando nix glacies spiritus procellarum quae faciunt verbum eius
৮হে জুই আৰু শিলাবৃষ্টি, তুষাৰ আৰু কুঁৱলী, আৰু যিহোৱাৰ আজ্ঞা পালন কৰা প্রৱল ধুমুহা, তেওঁৰ প্রশংসা কৰা!
9 montes et omnes colles ligna fructifera et omnes cedri
৯হে সকলো পর্বত আৰু পাহাৰবোৰ, আৰু ফলৱতী গছ আৰু এৰচ গছবোৰ, তেওঁৰ প্রশংসা কৰা!
10 bestiae et universa pecora serpentes et volucres pinnatae
১০হে বনৰীয়া জন্তু আৰু ঘৰচীয়া পশুবোৰ, আৰু বগাই ফুৰা উৰগ আৰু ডেউকা লগা পক্ষীসমূহ, তেওঁৰ প্রশংসা কৰা!
11 reges terrae et omnes populi principes et omnes iudices terrae
১১হে পৃথিৱীৰ ৰজাসকল আৰু সমুদায় জাতি, অধিপতি আৰু পৃথিৱীৰ শাসকগণ, তেওঁৰ প্রশংসা কৰা!
12 iuvenes et virgines senes cum iunioribus laudent nomen Domini
১২হে যুৱক আৰু যুৱতীসকল, বৃদ্ধ আৰু শিশুসকল, তেওঁৰ প্ৰশংসা কৰা!
13 quia exaltatum est nomen eius solius
১৩এই সকলোবোৰে যিহোৱাৰ প্ৰশংসা কৰক; কিয়নো কেৱল তেওঁৰেই নাম মহান; তেওঁৰ গৌৰৱ পৃথিৱী আৰু আকাশ-মণ্ডলৰ ওপৰলৈকে বিস্তাৰিত।
14 confessio eius super caelum et terram et exaltabit cornu populi sui hymnus omnibus sanctis eius filiis Israhel populo adpropinquanti sibi
১৪তেওঁ নিজৰ লোকসকলৰ কাৰণে এটি শিং উত্তোলন কৰিলে; সেয়া তেওঁৰ সকলো ভক্তৰ বাবে প্রশংসা, সেয়া তেওঁৰ ওচৰত থকা ইস্রায়েল জাতিৰ বাবে প্রশংসা। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।