< Liber Numeri 27 >
1 accesserunt autem filiae Salphaad filii Epher filii Galaad filii Machir filii Manasse qui fuit filius Ioseph quarum sunt nomina Maala et Noa et Egla et Melcha et Thersa
১পাছত যোচেফৰ পুত্ৰ মনচিৰ গোষ্ঠীৰ মাজৰ মনচিৰ বৃদ্ধ পৰিনাতি, মাখীৰৰ পৰিনাতি, গিলিয়দৰ নাতি হেফৰৰ পুত্র চলফাদৰ জীয়েক যি মহলা, নোৱা, হগ্লা, মিল্কা আৰু তিৰ্চা, তেওঁলোক মোচিৰ ওচৰলৈ আহিল।
2 steteruntque coram Mosen et Eleazaro sacerdote et cunctis principibus populi ad ostium tabernaculi foederis atque dixerunt
২তেওঁলোকে মোচি, পুৰোহিত ইলিয়াজৰ, অধ্যক্ষসকল আৰু গোটেই মণ্ডলীৰ আগত সাক্ষাৎ কৰা তম্বুৰ দুৱাৰ সন্মুখত থিয় হৈ এই কথা ক’লে বোলে,
3 pater noster mortuus est in deserto nec fuit in seditione quae concitata est contra Dominum sub Core sed in peccato suo mortuus est hic non habuit mares filios cur tollitur nomen illius de familia sua quia non habet filium date nobis possessionem inter cognatos patris nostri
৩“আমাৰ পিতৃৰ মৰুপ্রান্তত মৃত্যু হ’ল; তেওঁ কোৰহৰ দলৰ মাজত, যিহোৱাৰ বিৰুদ্ধে আলচ পতাসকলৰ দলৰ মাজত নাছিল, তেওঁৰ নিজ পাপতেহে মৃত্যু হৈছিল; অৰ্থাৎ তেওঁৰ নিজ পাপৰ কাৰণেই তেওঁৰ মৃত্যু হৈছিল।
4 rettulitque Moses causam earum ad iudicium Domini
৪আমাৰ পিতৃৰ পুত্ৰ সন্তান নথকাত তেওঁৰ গোষ্ঠীৰ মাজৰ পৰা তেওঁৰ নাম কিয় লোপ পাব? আমাৰ পিতৃ বংশৰ ভাইসকলৰ মাজত আমাকো আমাৰ উত্তৰাধীকাৰ দিয়ক।”
৫তেতিয়া মোচিয়ে সেই বিষয়ে যিহোৱাৰ আগত তেওঁলোকৰ কথা ক’লে।
6 iustam rem postulant filiae Salphaad da eis possessionem inter cognatos patris sui et ei in hereditate succedant
৬তেতিয়া যিহোৱাই মোচিক কলে,
7 ad filios autem Israhel loqueris haec
৭“চলফাদৰ জীয়েকসকলে ঠিকেই কৈছে। তুমি তেওঁলোকৰ পিতৃ বংশৰ ভাইসকলৰ মাজত অৱশ্যে তেওঁলোকক উত্তৰাধিকাৰ দিবা আৰু তেওঁলোকৰ পিতৃৰ উত্তৰাধীকাৰ তেওঁলোকে যেন পাই সেই বিষয়ে নিশ্চিত কৰিবা।
8 homo cum mortuus fuerit absque filio ad filiam eius transibit hereditas
৮আৰু ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘কোনো এজন লোকৰ যদি মৃত্যু হয় আৰু তেওঁৰ যদি কোনো পুত্ৰ নাথাকে তেতিয়া তোমালোকে তেওঁৰ উত্তৰাধিকাৰ তেওঁৰ জীয়েকক গতাই দিবা।
9 si filiam non habuerit habebit successores fratres suos
৯যদি তেওঁৰ জীয়েক নাথাকে, তেন্তে তেওঁৰ ভায়েক-ককায়েকক তেওঁৰ উত্তৰাধিকাৰ দিবা।
10 quod si et fratres non fuerint dabitis hereditatem fratribus patris eius
১০যদি তেওঁৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তেওঁৰ পিতৃৰ ভাইসকলক তেওঁৰ উত্তৰাধিকাৰ দিবা।
11 sin autem nec patruos habuerit dabitur hereditas his qui ei proximi sunt eritque hoc filiis Israhel sanctum lege perpetua sicut praecepit Dominus Mosi
১১যদি তেওঁৰ পিতৃৰ কোনো ভাই বা ককাই নাথাকে, তেন্তে তাৰ গোষ্ঠীৰ মাজৰ আটাইতকৈ ওচৰৰ সম্বন্ধীয়া লোক জনক তেওঁৰ উত্তৰাধীকাৰ দিবা; আৰু তেওঁ তাক নিজ অধিকাৰ কৰিব। মোচিলৈ কোৱা যিহোৱাৰ আজ্ঞাৰ দৰে এয়ে ইস্ৰায়েলৰ সন্তান সকলৰ স্বত্ববিষয়ক বিধি হ’ব’।”
12 dixit quoque Dominus ad Mosen ascende in montem istum Abarim et contemplare inde terram quam daturus sum filiis Israhel
১২যিহোৱাই মোচিক পুনৰায় কলে, “তুমি অবাৰীম পৰ্ব্বতত উঠি, যি দেশ মই ইস্ৰায়েলৰ সন্তান সকলক দিলোঁ, তাক চোৱা।
13 cumque videris eam ibis et tu ad populum tuum sicut ivit frater tuus Aaron
১৩তাক দেখাৰ পাছত তোমাৰ ভাই হাৰোণৰ নিচিনাকৈ তোমাকো নিজ লোকসকলৰ ওচৰলৈ নিয়া হ’ব।
14 quia offendistis me in deserto Sin in contradictione multitudinis nec sanctificare me voluistis coram ea super aquas hae sunt aquae Contradictionis in Cades deserti Sin
১৪কিয়নো ছিন মৰুপ্রান্তত মণ্ডলীৰ বিবাদত, শিলৰ পৰা জল বৈ যোৱা সময়ত তোমালোকে লোকসকলৰ আগত মোক পবিত্ৰৰূপে মান্য কৰিবলৈ দিয়া আজ্ঞা উলঙ্ঘন কৰিলা।” সেই জল ছিন অৰণ্যৰ কাদেচত থকা মিৰীবাৰ জল।
১৫তেতিয়া মোচিয়ে যিহোৱাক ক’লে,
16 provideat Dominus Deus spirituum omnis carnis hominem qui sit super multitudinem hanc
১৬“হে যিহোৱা, আপুনি সকলোৰে শৰীৰত থকা আত্মাৰ ঈশ্বৰ, আপুনি মণ্ডলীৰ ওপৰত এজন লোকক নিযুক্ত কৰক, যি জন লোকে
17 et possit exire et intrare ante eos et educere illos vel introducere ne sit populus Domini sicut oves absque pastore
১৭ইস্ৰায়েলৰ সন্তান সকলৰ আগত অহা-যোৱা কৰিব পাৰে আৰু তেওঁলোকক বাহিৰলৈ-ভিতৰলৈ নিব পাৰে যাতে যিহোৱাৰ মণ্ডলী ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনা নহয়।”
18 dixitque Dominus ad eum tolle Iosue filium Nun virum in quo est spiritus et pone manum tuam super eum
১৮তেতিয়া যিহোৱাই মোচিক ক’লে, “মোৰ আত্মাই বাস কৰা নুনৰ পুত্ৰ যিহোচূৱাক লৈ তেওঁৰ মূৰত হাত দিয়া,
19 qui stabit coram Eleazaro sacerdote et omni multitudine
১৯আৰু ইলিয়াজৰ পুৰোহিত আৰু গোটেই মণ্ডলীৰ আগত তেওঁক উপস্থিত কৰি তেওঁলোকৰ আগতে তেওঁলোকক আগবঢ়াই নিবলৈ তেওঁক আদেশ দিয়া।
20 et dabis ei praecepta cunctis videntibus et partem gloriae tuae ut audiat eum omnis synagoga filiorum Israhel
২০ইস্ৰায়েলৰ সন্তান সকলৰ গোটেই মণ্ডলীয়ে তেওঁৰ আজ্ঞা মানিবৰ কাৰণে তেওঁক নিজ সন্মানৰ ভাগী কৰা।
21 pro hoc si quid agendum erit Eleazar sacerdos consulet Dominum ad verbum eius egredietur et ingredietur ipse et omnes filii Israhel cum eo et cetera multitudo
২১তেওঁ পুৰোহিত ইলিয়াজৰ সন্মুখত থিয় হ’ব, আৰু ইলিয়াজৰে তেওঁৰ কাৰণে ঊৰীমৰ বিচাৰৰ দ্বাৰাই যিহোৱাক সুধিব, তেতিয়া তেওঁ আৰু তেওঁৰ লগত ইস্ৰায়েলৰ সকলো সন্তান সকলে, গোটেই মণ্ডলীয়ে সৈতে ইলিয়াজৰৰ আজ্ঞাতে বাহিৰলৈ-ভিতৰলৈ অহা-যোৱা কৰিব।”
22 fecit Moses ut praeceperat Dominus cumque tulisset Iosue statuit eum coram Eleazaro sacerdote et omni frequentia populi
২২পাছত মোচিয়ে যিহোৱাই দিয়া আজ্ঞাৰ দৰেই কাৰ্য কৰিলে; তেওঁ যিহোচূৱাক নি, গোটেই মণ্ডলীৰ আগত উপস্থিত কৰিলে।
23 et inpositis capiti eius manibus cuncta replicavit quae mandaverat Dominus
২৩তেওঁ তেওঁৰ মূৰত হাত দি, মোচিৰ দ্বাৰাই কোওৱা যিহোৱাৰ বাক্য অনুসাৰে তেওঁক আদেশ দিলে।