< Nehemiæ 12 >
1 hii autem sacerdotes et Levitae qui ascenderunt cum Zorobabel filio Salathihel et Iosue Saraia Hieremias Ezra
১চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল আৰু যেচুৱাৰ লগত অহা পুৰোহিত, আৰু লেবীয়াসকল এওঁলোক: চৰায়া, যিৰিমিয়া, ইজ্ৰা,
২অমৰিয়া, মল্লুক, হত্তুচ,
৩চখনিয়া, ৰহূম, আৰু মৰেমোৎ,
৪ইদ্দো, গিন্নথোই, অবিয়া,
৫মিয়ামীন, মাদীয়া, বিলগা,
6 Semaia et Ioarib Idaia Sellum Amoc Elceia
৬চময়িয়া, যোয়াৰীব, যিদয়া,
7 Idaia isti principes sacerdotum et fratres eorum in diebus Iosue
৭চল্লু, আমোক, হিল্কিয়া, আৰু যিদয়া। এওঁলোক পুৰোহিত সকলৰ মূখ্য লোক আৰু যেচুৱাৰ দিনত তেওঁলোকৰ সহযোগী আছিল।
8 porro Levitae Iesua Bennui Cedmihel Sarabia Iuda Mathanias super hymnos ipsi et fratres eorum
৮লেবীয়া সকল যেচুৱা, বিন্নুই, কদ্মীয়েল, চেৰেবিয়া, যিহূদা আৰু মত্তনীয়া; এই মত্তনিয়া আৰু তেওঁৰ সহযোগী সকল ধন্যবাদৰ গীত গোৱাসকলৰ দায়িত্বত আছিল।
9 et Becbecia atque et Hanni fratres eorum unusquisque in officio suo
৯বকবুকিয়া আৰু উন্নো তেওঁলোকৰ সহযোগী আছিল, উপাসনাৰ সময়ত তেওঁলোকৰ বিপৰীতে তেওঁলোক থিয় হৈছিল।
10 Hiesue autem genuit Ioachim et Ioachim genuit Eliasib et Eliasib genuit Ioiada
১০যোয়াদাৰ পিতৃ ইলিয়াচীব, ইলিয়াচীবৰ পিতৃ যোয়াকীম, যোয়াকীমৰ পিতৃ যেচুৱা,
11 et Ioiada genuit Ionathan et Ionathan genuit Ieddoa
১১যদ্দুৱাৰ পিতৃ যোনাথন, আৰু যোনাথনৰ পিতৃ যোয়াদা আছিল।
12 in diebus autem Ioachim erant sacerdotes principes familiarum Saraiae Amaria Hieremiae Anania
১২যোয়াকীমৰ দিনত পুৰোহিত এওঁলোক, এওঁলোক পিতৃ-পৰিয়ালৰ মূখ্য লোক আছিল: চৰায়াৰ মূখ্য লোক মৰায়া, যিৰিমিয়াৰ মূখ্য লোক হননিয়া,
13 Ezrae Mosollam Amariae Iohanan
১৩ইজ্ৰাৰ মূখ্য লোক মচুল্লম, অমৰিয়াৰ মূখ্য লোক যিহোহানন,
14 Milico Ionathan Sebeniae Ioseph
১৪মাল্লুকীৰ মূখ্য লোক যোনাথন, চবনিয়াৰ মূখ্য লোক যোচেফ,
15 Arem Edna Maraioth Elci
১৫একাদিক্রমে, হাৰীমৰ মূখ্য লোক অদনা, মৰায়োতৰ মূখ্য লোক হিল্কয়,
16 Addaiae Zaccharia Genthon Mosollam
১৬ইদ্দোৰ মূখ্য লোক জখৰিয়া, গিন্নথোনৰ মূখ্য লোক মচুল্লম,
17 Abiae Zecheri Miamin et Moadiae Felti
১৭অবিয়াৰ মূখ্য লোক জিখ্ৰী, তেওঁলোকৰ মাজত মিন্যামীনৰো এজন মূখ্য লোক আছিল, মোৱাদীয়া মূখ্য লোক পিল্টয়,
18 Belgae Sammua Semaiae Ionathan
১৮বিলগাৰ মূখ্য লোক চম্মুৱা, চময়িয়াৰ মূখ্য লোক যিহোনাথন,
19 Ioiarib Matthanai Iadaiae Azzi
১৯যোয়াৰীবৰ মূখ্য লোক মত্তনয়, যিদয়াৰ মূখ্য লোক উজ্জী,
20 Sellaiae Celai Amoc Eber
২০চল্লয়ৰ মূখ্য লোক কল্লয়, আমোকৰ মূখ্য লোক এবৰ,
21 Elciae Asebia Idaiae Nathanahel
২১হিল্কিয়াৰ মূখ্য লোক হচবিয়া, যিদয়াৰ মূখ্য লোক নথনেল আছিল।
22 Levitae in diebus Eliasib et Ioiada et Ionan et Ieddoa scripti principes familiarum et sacerdotes in regno Darii Persae
২২ইলিয়াচীবৰ দিনত লেবীয়া সকল, ইলিয়াচীব, যোয়াদা, যোহানন, আৰু যদ্দুৱা, এওঁলোক পৰিয়ালৰ মূখ্য লোক বুলি লিপিৱদ্ধ কৰা হৈছিল। পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ত্বৰ সময়ত পুৰোহিত সকলৰ নাম লিপিৱদ্ধ কৰা হৈছিল।
23 filii Levi principes familiarum scripti in libro verborum dierum et usque ad dies Ionathan filii Eliasib
২৩লেবীৰ বংশৰ লোকসকল আৰু পৰিয়ালৰ মূখ্য লোকসকলৰ নাম ইলিয়াচীবৰ পুত্ৰ যোহাননৰ দিনলৈকে ইতিহাস পুস্তকত লিপিৱদ্ধ কৰা আছিল।
24 et principes Levitarum Asebia Serebia et Iesue filius Cedmihel et fratres eorum per vices suas ut laudarent et confiterentur iuxta praeceptum David viri Dei et observarent aeque per ordinem
২৪লেবীয়াসকলৰ মূখ্য লোক হচবিয়া, চেৰেবিয়া, কদ্মীয়েলৰ পুত্ৰ যেচুৱা, তেওঁলোকৰ সহকৰ্মীৰ সৈতে তেওঁলোক ঈশ্বৰৰ লোক দায়ূদৰ আজ্ঞা পালন কৰি ভাগে ভাগে সহাৰি জনায় তেওঁলোকৰ বিপৰীতে থিয় হৈ ঈশ্ৱৰৰ স্তুতি-প্ৰশংসা কৰিছিল।
25 Matthania et Becbecia Obedia Mosollam Thelmon Accub custodes portarum et vestibulorum ante portas
২৫মত্তনীয়া, বকবুকিয়া, ওবদিয়া, মচুল্লম, টল্মোন, আৰু অক্কুব দুৱৰী হৈ গুদামবোৰৰ দুৱাৰত থিয় হৈ পহৰা দিছিল।
26 hii in diebus Ioachim filii Iesue filii Iosedech et in diebus Neemiae ducis et Ezrae sacerdotis scribaeque
২৬যোচাদকৰ পুত্র যেচুৱা, যেচুৱাৰ পুত্ৰ যোয়াকীমৰ দিনত, আৰু দেশাধ্যক্ষ নহিমিয়াৰ দিনত পুৰোহিত আৰু অধ্যাপক ইজ্ৰা, তেওঁলোক সকলোৱে সেৱা-কাৰ্য কৰিছিল।
27 in dedicatione autem muri Hierusalem requisierunt Levitas de omnibus locis suis ut adducerent eos in Hierusalem et facerent dedicationem et laetitiam in actione gratiarum et in cantico in cymbalis psalteriis et citharis
২৭যিৰূচালেমৰ দেৱাল উৎসৰ্গ কৰাৰ সময়ত, লেবীয়াসকল যি ঠাইত আছিল, তাৰ পৰাই উচ্চ-ধ্বনি কৰিছিল। আনন্দ, ধন্যবাদ প্রাৰ্থনা, স্তুতিগীত, তাল, বেহেলা, ও বীণাৰে উৎসৰ্গ উৎসৱ পালন কৰিবলৈ লেবীয়া সকলক যিৰূচালেমলৈ আনিছিল।
28 congregati sunt ergo filii cantorum et de campestribus circa Hierusalem et de villis Netuphati
২৮যিৰূচালেমৰ চাৰিও দিশৰ জিলা, আৰু নটোফাতীয়া সকলৰ গাওঁবোৰৰ পৰা গায়ক সকলক সমবেত হৈ একগোট হ’ল।
29 et de domo Galgal et de regionibus Geba et Azmaveth quoniam villas aedificaverunt sibi cantores in circuitu Hierusalem
২৯তেওঁলোক বৈৎ-গিলগল, গেবা আৰু অজমাবতৰ পথাৰৰ পৰাও আহিল। গায়ক সকলে তেওঁলোকৰ নিজৰ বাবে যিৰূচালেমৰ চাৰিও দিশে গাওঁ পাতিলে।
30 et mundati sunt sacerdotes et Levitae et mundaverunt populum et portas et murum
৩০পুৰোহিত আৰু লেবীয়াসকলে তেওঁলোকক শুচি কৰিলে; আৰু তাৰ পাছত তেওঁলোকে লোকসকলক, দুৱাৰবোৰ, আৰু দেৱাল শুচি কৰিলে।
31 ascendere autem feci principes Iuda super murum et statui duos choros laudantium magnos et ierunt ad dexteram super murum ad portam Sterquilinii
৩১তাৰ পাছত যিহূদাত থকা মোৰ মুখ্য লোকসকল গড়ৰ ওপৰলৈ গ’ল, আৰু মই ধন্যবাদ প্রাৰ্থনাৰ বাবে এটা ডাঙৰ গায়ক দল নিযুক্ত কৰিলোঁ। এটা দল গড়ৰ ওপৰত সোঁফালে গোবৰ-দুৱাৰলৈ গ’ল।
32 et ivit post eos Osaias et media pars principum Iuda
৩২হুচয়া আৰু যিহূদাৰ মুখ্য লোকৰ আধাভাগ লোকে তেওঁলোকক অনুসৰণ কৰিলে।
33 et Azarias Ezras et Mosollam
৩৩আৰু তেওঁলোকৰ পাছত অজৰিয়া, ইজ্ৰা, মচুল্লম,
34 Iuda et Beniamin et Semeia et Hieremia
৩৪যিহূদা, বিন্যামীন, চময়িয়া, আৰু যিৰিমিয়া গ’ল।
35 et de filiis sacerdotum in tubis Zaccharias filius Ionathan filius Semeiae filius Mathaniae filius Michaiae filius Zecchur filius Asaph
৩৫তুৰীয়ে সৈতে পুৰোহিতৰ পুত্র সকলৰ কিছুমান লোক, আৰু আচফৰ বংশৰ জক্কুৰৰ পুত্র মীখায়া, মীখায়াৰ পুত্র মত্তনীয়া, মত্তনিয়াৰ পুত্র চময়িয়া, চময়িয়াৰ পুত্ৰ যোনাথন, আৰু যোনাথনৰ পুত্ৰ জখৰিয়া আছিল।
36 et fratres eius Semeia et Azarel Malalai Galalai Maai Nathanel et Iuda et Anani in vasis cantici David viri Dei et Ezras scriba ante eos in porta Fontis
৩৬ইয়াত জখৰিয়াৰ সম্পৰ্কীয় সকলো আছিল। তেওঁলোক চময়িয়া, অজৰেল, মিললয়, গিললয়, মাৱয়, নথনেল, যিহূদা, আৰু হাননী ঈশ্বৰৰ লোক দায়ুদৰ বাদ্য যন্ত্ৰ বজাইছিল। অধ্যাপক ইজ্ৰা তেওঁলোকৰ সন্মুখত আছিল।
37 et contra eos ascenderunt in gradibus civitatis David in ascensu muri super domum David et usque ad portam Aquarum ad orientem
৩৭তেওঁলোকে ভুমুক-দুৱাৰ হৈ দায়ূদৰ নগৰৰ খটখটিয়েদি দেৱাললৈ উঠি দায়ুদৰ ৰাজপ্রসাদ পাৰ হৈ পূব দিশৰ জল-দুৱাৰলৈকে গ’ল।
38 et chorus secundus gratias referentium ibat ex adverso et ego post eum et media pars populi super murum et super turrem Furnorum et usque ad murum latissimum
৩৮আৰু ধন্যবাদ প্রাৰ্থনা কৰা আন এটা গায়ক দল আন দিশে গ’ল। মই লোকসকলৰ আধা সংখ্যক লোকক লগত লৈ তেওঁলোকক অনুসৰণ কৰিলোঁ। তেওঁলোকে দেৱালৰ ওপৰে ওপৰে তন্দুৰৰ কোঁঠ পাৰ হৈ বহল দেৱাললৈকে,
39 et super portam Ephraim et super portam Antiquam et super portam Piscium et turrem Ananehel et turrem Ema et usque ad portam Gregis et steterunt in porta Custodiae
৩৯আৰু ইফ্ৰয়িমৰ দুৱাৰ হৈ, পুৰণি দুৱাৰ, মৎস্য-দুৱাৰ, হননেলৰ কোঁঠ, হম্মেয়া কোঁঠেদি মেৰ-ছাগদুৱাৰলৈকে গ’ল, আৰু তেওঁলোক গৈ প্ৰহৰী দুৱাৰত ৰখিল।
40 steteruntque duo chori laudantium in domo Dei et ego et dimidia pars magistratuum mecum
৪০এইদৰে, ধন্যবাদ দি যোৱা সেই দুয়োটা দলে ঈশ্ৱৰৰ গৃহত নিজৰ স্থান ল’লে, আৰু মই মোৰ লগত থকা আধা কৰ্মচাৰীৰ সৈতে নিজৰ স্থান ল’লোঁ।
41 et sacerdotes Eliachim Maasia Miniamin Michea Elioenai Zaccharia Anania in tubis
৪১আৰু পুৰোহিত সকলে তেওঁলোকৰ স্থান ল’লে: তূৰী লগত লৈ পুৰোহিত ইলিয়াকীম, মাচেয়া, মিন্যামীন, মীখায়া, ইলীয়োঐনয়, জখৰিয়া, আৰু হননিয়া,
42 et Maasia et Semea et Eleazar et Azi et Iohanan et Melchia et Elam et Ezer et clare cecinerunt cantores et Iezraia praepositus
৪২মাচেয়া, চময়া, ইলিয়াজৰ, উজ্জী, যিহোহানন, মল্কিয়া, এলম, আৰু এজৰ আছিল। গায়ক সকলে তেওঁলোকৰ পৰিচালক যিজ্ৰহিয়াই সৈতে গান গালে।
43 et immolaverunt in die illa victimas magnas et laetati sunt Deus enim laetificaverat eos laetitia magna sed et uxores eorum et liberi gavisi sunt et audita est laetitia Hierusalem procul
৪৩সেই দিনা লোকসকলে মহৎ বলিদান কৰি আনন্দ কৰিলে; কাৰণ ঈশ্বৰে তেওঁলোকক মহা-আনন্দেৰে আনন্দিত কৰিছিল। মহিলা আৰু ল’ৰা-ছোৱালীয়েও আনন্দ কৰিলে। এই হেতুকে বহুত দুৰলৈকে যিৰূচালেমৰ আনন্দ-ধ্বনি শুনা গৈছিল।
44 recensuerunt quoque in die illa viros super gazofilacia thesauri ad libamina et ad primitias et ad decimas ut introferrent per eos principes civitatis in decore gratiarum actionis sacerdotes et Levitas quia laetatus est Iuda in sacerdotibus et Levitis adstantibus
৪৪সেইদিনা বৰঙনিৰ বাবে দিয়া ফলৰ আগভাগ, আৰু দশম ভাগ থোৱা ভঁৰালৰ দায়িত্বত লোকসকলক নিযুক্ত কৰিলে। ইয়াৰ সকলোৰ পৰা পুৰোহিত আৰু লেবীয়া সকলৰ প্রয়োজন অনুযায়ী বিধানত দিয়াৰ দৰে কিছু অংশ তেওঁলোকৰ বাবে গোটোৱা হৈছিল। নগৰৰ ওচৰত থকা পথাৰত কাম কৰিবৰ বাবে প্রতিজনক নিযুক্ত কৰা হৈছিল। তেওঁলোকৰ সন্মুখত থিয় হোৱা পুৰোহিত আৰু লেবীয়া সকলে বাবে যিহূদাই আনন্দ কৰিছিল।
45 et custodierunt observationem Dei sui et observationem expiationis et cantores et ianitores iuxta praeceptum David et Salomonis filii eius
৪৫দায়ুদ আৰু তেওঁৰ পুত্র চলোমনৰ আজ্ঞা অনুসাৰে গায়ক আৰু দুৱৰীসকলে কৰাৰ দৰে তেওঁলোকে তেওঁলোকৰ ঈশ্বৰৰ সেৱা-কাৰ্য আৰু শুচি কৰা কাৰ্য সম্পন্ন কৰিছিল।
46 quia in diebus David et Asaph ab exordio erant principes constituti cantorum in carmine laudantium et confitentium Deo
৪৬বহু দিনৰ পূৰ্বতে, দায়ুদ আৰু আচফৰ সময়ত তাত গায়ক সকলৰ পৰিচালক আছিল, আৰু ঈশ্বৰৰ উদ্দেশ্যে ধন্যবাদ প্রশংসাৰ স্তুতিগীত কৰিছিল।
47 et omnis Israhel in diebus Zorobabel et in diebus Neemiae dabat partes cantoribus et ianitoribus per dies singulos et sanctificabant Levitas et Levitae sanctificabant filios Aaron
৪৭জৰুব্বাবিল আৰু নহিমিয়াৰ দিনত ইস্ৰায়েলৰ লোকসকলে প্ৰতিদিনৰ প্ৰয়োজন অনুসাৰে গায়ক আৰু দুৱৰী সকলক প্রতিদিনৰ অংশ দিছিল। তেওঁলোকে লেবীয়া সকলৰ বাবে কিছু অংশ আৰু লেবীয়া সকলে হাৰোণৰ বংশৰ লোক সকলৰ বাবে কিছু অংশ পৃথক কৰি ৰাখিছিল।