< Mattheum 5 >
1 videns autem turbas ascendit in montem et cum sedisset accesserunt ad eum discipuli eius
১তেতিয়া যীচুৱে বহু লোকৰ ভিৰ দেখা পাই পাহাৰৰ ওপৰলৈ গ’ল আৰু তেওঁ তাত বহিল। তেতিয়া তেওঁৰ শিষ্য সকল তেওঁৰ ওচৰলৈ আহিল।
2 et aperiens os suum docebat eos dicens
২তেওঁ মাত লগাই তেওঁলোকক এই বুলি উপদেশ দিবলৈ ধৰিলে,
3 beati pauperes spiritu quoniam ipsorum est regnum caelorum
৩আত্মাত দৰিদ্ৰ সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।
4 beati mites quoniam ipsi possidebunt terram
৪শোক কৰা সকল ধন্য; কিয়নো তেওঁলোকে সান্ত্বনা পাব।
5 beati qui lugent quoniam ipsi consolabuntur
৫নম্ৰ সকল ধন্য; কিয়নো তেওঁলোকে দেশ খন অধিকাৰ কৰিব।
6 beati qui esuriunt et sitiunt iustitiam quoniam ipsi saturabuntur
৬ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগা সকল ধন্য; কিয়নো তেওঁলোক তৃপ্ত হব।
7 beati misericordes quia ipsi misericordiam consequentur
৭দয়ালু সকল ধন্য; কিয়নো তেওঁলোকে দয়া পাব।
8 beati mundo corde quoniam ipsi Deum videbunt
৮নিৰ্মল চিত্তৰ লোক সকল ধন্য; কিয়নো তেওঁলোকে ঈশ্বৰৰ দৰ্শন পাব।
9 beati pacifici quoniam filii Dei vocabuntur
৯মিলনকাৰী সকল ধন্য; কিয়নো তেওঁলোক ঈশ্বৰৰ সন্তান বুলি প্ৰখ্যাত হব।
10 beati qui persecutionem patiuntur propter iustitiam quoniam ipsorum est regnum caelorum
১০ধাৰ্মিকতাৰ কাৰণে তাড়না পোৱা সকল ধন্য; কিয়নো স্বৰ্গৰাজ্য তেওঁলোকৰ।
11 beati estis cum maledixerint vobis et persecuti vos fuerint et dixerint omne malum adversum vos mentientes propter me
১১যেতিয়া লোক সকলে মোৰ কাৰণে তোমালোকক নিন্দা আৰু তাড়না কৰিব, আৰু তোমালোকৰ অহিতে মিছাকৈ সকলো প্ৰকাৰৰ কু-কথা কব, তেতিয়া তোমালোক ধন্য।
12 gaudete et exultate quoniam merces vestra copiosa est in caelis sic enim persecuti sunt prophetas qui fuerunt ante vos
১২আনন্দ কৰা আৰু উল্লাসিত হোৱা; কিয়নো স্বৰ্গত তোমালোকৰ পুৰস্কাৰ অধিক আছে। কাৰণ তোমালোকৰ পূৰ্বতে যি ভাববাদী সকল আছিল, তেওঁলোককো লোক সকলে সেইদৰে তাড়না কৰিছিল।
13 vos estis sal terrae quod si sal evanuerit in quo sallietur ad nihilum valet ultra nisi ut mittatur foras et conculcetur ab hominibus
১৩তোমালোক পৃথিৱীৰ লোণ; কিন্তু লোণৰ সোৱাদ যদি হেৰাই যায়, তেনেহলে সেই লোণ কিহেৰে লুণীয়া কৰা যাব? তেতিয়া সেইবোৰ পুণৰ কোনো কামৰ নহব, কেৱল বাহিৰলৈ পেলোৱাৰ আৰু মানুহৰ গচকাৰ যোগ্যহে হ’ব।
14 vos estis lux mundi non potest civitas abscondi supra montem posita
১৪তোমালোক জগতৰ পোহৰ। পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ’ব নোৱাৰে।
15 neque accendunt lucernam et ponunt eam sub modio sed super candelabrum ut luceat omnibus qui in domo sunt
১৫মানু্হে চাকি লগাই পাত্রৰে ঢাকি নথয়, কিন্তু গছাৰ ওপৰত থয় আৰু ই ঘৰৰ সকলোকে পোহৰ দিয়ে।
16 sic luceat lux vestra coram hominibus ut videant vestra bona opera et glorificent Patrem vestrum qui in caelis est
১৬এইদৰে তোমালোকৰ পোহৰ মানুহৰ আগত প্ৰকাশিত হওক; তাতে তেওঁলোকে তোমালোকৰ ভাল কৰ্ম দেখি, স্বৰ্গত থকা তোমালোকৰ পিতৃৰ স্তুতি কৰিব।
17 nolite putare quoniam veni solvere legem aut prophetas non veni solvere sed adimplere
১৭নাভাবিবা যে মই বিধানবা ভাববাদী সকলৰ বাক্য বিনষ্ট কৰিবলৈ আহিছোঁ, কিন্তু সিদ্ধকৰিবলৈহে আহিলোঁ।
18 amen quippe dico vobis donec transeat caelum et terra iota unum aut unus apex non praeteribit a lege donec omnia fiant
১৮কিয়নো মই তোমালোকক স্বৰূপকৈ কওঁ, স্বৰ্গ আৰু পৃথিৱী লুপ্ত নহয় মানে আৰু সকলো সিদ্ধ নোহোৱালৈকে, বিধানৰ এটি ইকাৰ বা এক বিন্দুও কোনোৰূপে লুপ্ত নহব।
19 qui ergo solverit unum de mandatis istis minimis et docuerit sic homines minimus vocabitur in regno caelorum qui autem fecerit et docuerit hic magnus vocabitur in regno caelorum
১৯এই হেতুকে যি কোনোৱে এই আজ্ঞাবোৰৰ মাজৰ সৰু এটিও উলঙ্ঘন কৰে আৰু আন লোকক সেইদৰে কৰিবলৈ শিকায়, তেওঁ স্বৰ্গৰাজ্যত সকলোতকৈ সৰু বুলি গণ্য হব; কিন্তু যি কোনোৱে সেইবোৰ পালন কৰে আৰু সেইদৰে শিকায়, তেওঁ স্বৰ্গৰাজ্যত মহান বুলি গণ্য হ’ব।
20 dico enim vobis quia nisi abundaverit iustitia vestra plus quam scribarum et Pharisaeorum non intrabitis in regnum caelorum
২০কিয়নো মই তোমালোকক কওঁ, তোমালোকৰ ধাৰ্মিকতা, ধর্মীয় অধ্যাপক আৰু ফৰীচী সকলতকৈ অধিক নহলে তোমালোকে কোনো প্ৰকাৰে স্বৰ্গৰাজ্যত প্রৱেশ কৰিব নোৱাৰিবা।
21 audistis quia dictum est antiquis non occides qui autem occiderit reus erit iudicio
২১তোমালোকে শুনিছা, পূর্বকালৰ লোক সকলৰ আগত ইয়াকে কোৱা হৈছিল যে তুমি নৰ-বধ নকৰিবাআৰু যি কোনোৱে নৰ-বধ কৰে, সি সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হব।
22 ego autem dico vobis quia omnis qui irascitur fratri suo reus erit iudicio qui autem dixerit fratri suo racha reus erit concilio qui autem dixerit fatue reus erit gehennae ignis (Geenna )
২২কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে তেওঁৰ ভায়েকৰওপৰত খং কৰে, তেওঁ সোধ-বিচাৰত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে তেওঁৰ ভায়েকক ‘তুমি অপদার্থ’ এইদৰে কয়, তেওঁ মহাসভাত দণ্ডৰ পাত্ৰ হ’ব আৰু যি কোনোৱে নিজ ভাইক ‘তুমি অবাধ্য’ বুলি কয়, তেওঁ অগ্নিময় নৰকৰ দণ্ডৰ পাত্ৰ হ’ব। (Geenna )
23 si ergo offeres munus tuum ad altare et ibi recordatus fueris quia frater tuus habet aliquid adversum te
২৩এই হেতুকে বেদিত তোমাৰ নৈবেদ্য উৎসৰ্গ কৰোঁতে, তোমাৰ বিৰুদ্ধে তোমাৰ ভায়েৰাৰ কোনো কথা আছে বুলি যদি তোমাৰ মনত পৰে,
24 relinque ibi munus tuum ante altare et vade prius reconciliare fratri tuo et tunc veniens offers munus tuum
২৪তেনেহলে তুমি বেদিৰ আগত তোমাৰ নৈবেদ্য ৰাখি থৈ প্রথমে তোমাৰ ভায়েৰাৰ সৈতে মিলন হোৱা আৰু তাৰ পাছত পুণৰ আহি নৈবেদ্য উৎসৰ্গ কৰা।
25 esto consentiens adversario tuo cito dum es in via cum eo ne forte tradat te adversarius iudici et iudex tradat te ministro et in carcerem mittaris
২৫তোমাৰ গুচৰিয়াৰ সৈতে তুমি আদালতৰ চোতাললৈ গৈ থাকোতেই বেগাই মিলন হোৱা; অন্যথা জানোছা তোমাৰ গুচৰিয়াই তোমাক বিচাৰকৰ হাতত শোধাই দিয়ে; বিচাৰকেও তোমাক টেকেলাৰ হাতত শোধাই দিয়ে আৰু তেতিয়া তোমাক কাৰাগাৰত ভৰাই থোৱা হব।
26 amen dico tibi non exies inde donec reddas novissimum quadrantem
২৬মই তোমালোকক স্বৰূপকৈ কওঁ, যেতিয়ালৈকে দিবলগীয়া ধনৰ শেষ পইচাটি পর্যন্ত আদায় নিদিয়া, তেতিয়ালৈকে তোমালোকে তাৰ পৰা কোনোমতে ওলাব নোৱাৰিবা।
27 audistis quia dictum est antiquis non moechaberis
২৭“তোমালোকে এই বুলি কোৱা শুনিছা, ‘ব্যভিচাৰ নকৰিবা’।
28 ego autem dico vobis quoniam omnis qui viderit mulierem ad concupiscendum eam iam moechatus est eam in corde suo
২৮কিন্তু মই তোমালোকক কওঁ, যি কোনোৱে মহিলাৰ ফালে কাম ভাৱে চায়, সি তেতিয়াই মনতে তাইৰে সৈতে ব্যভিচাৰ কৰিলে।
29 quod si oculus tuus dexter scandalizat te erue eum et proice abs te expedit enim tibi ut pereat unum membrorum tuorum quam totum corpus tuum mittatur in gehennam (Geenna )
২৯যদি তোমাৰ সোঁ চকুৱে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাক কাঢ়ি তোমাৰ পৰা উলিয়াই পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকত পেলোৱা হোৱাতকৈ, এটা অঙ্গ নষ্ট হোৱাই তোমাৰ পক্ষে ভাল। (Geenna )
30 et si dextera manus tua scandalizat te abscide eam et proice abs te expedit tibi ut pereat unum membrorum tuorum quam totum corpus tuum eat in gehennam (Geenna )
৩০যদি তোমাৰ সোঁ হাতে তোমাৰ বিঘিনি জন্মায়, তেনেহলে তাকো কাটি তোমাৰ পৰা পেলাই দিয়া; কিয়নো তোমাৰ গোটেই শৰীৰ নৰকলৈ যোৱাতকৈ এটা অঙ্গ নষ্ট হোৱাই তোমাৰ ভাল।” (Geenna )
31 dictum est autem quicumque dimiserit uxorem suam det illi libellum repudii
৩১এইদৰেও কোৱা হৈছিল, ‘যি কোনোৱে নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ ভার্যাক ত্যাগ-পত্ৰ দিয়ক।’
32 ego autem dico vobis quia omnis qui dimiserit uxorem suam excepta fornicationis causa facit eam moechari et qui dimissam duxerit adulterat
৩২কিম্তু মই তোমালোকক কওঁ যে, একমাত্র ব্যভিচাৰৰ দোষত বাহিৰে কোনোৱে যদি আন কাৰণত নিজৰ ভার্যাক ত্যাগ কৰে, তেনেহলে তেওঁ তেওঁক ব্যভিচাৰিণী কৰায় আৰু যি কোনোৱে সেই ত্যাগ কৰা মহিলাক বিয়া কৰাই তেৱোঁ ব্যভিচাৰ কৰে।
33 iterum audistis quia dictum est antiquis non peierabis reddes autem Domino iuramenta tua
৩৩পুনৰায় তোমালোকে শুনিছা, পূর্বকালত এই কথা কোৱা হৈছিল যে ‘তুমি মিছা শপত নাখাবা, বৰং প্ৰভুৰ উদ্দেশ্যে কৰা তোমাৰ শপত পালন কৰিবা’।
34 ego autem dico vobis non iurare omnino neque per caelum quia thronus Dei est
৩৪কিন্তু মই কওঁ, তোমালোকে কোনো শপতেই নাখাবা; স্বৰ্গৰ নামত শপত নাখাবা, কাৰণ সেয়ে ঈশ্বৰৰ সিংহাসন,
35 neque per terram quia scabillum est pedum eius neque per Hierosolymam quia civitas est magni Regis
৩৫আৰু পৃথিৱীৰ নামতো শপত নাখাবা, কিয়নো সেয়ে তেওঁৰ ভৰি-পীৰা; যিৰূচালেমৰ নামেৰেও নহয়, কিয়নো সেয়া মহান ৰজাৰ নগৰ৷
36 neque per caput tuum iuraveris quia non potes unum capillum album facere aut nigrum
৩৬এনে কি নিজৰ মূৰত ধৰিও শপত নাখাবা, কিয়নো এডাল চুলিকো তোমালোকে বগা বা ক’লা কৰিব নোৱাৰা।
37 sit autem sermo vester est est non non quod autem his abundantius est a malo est
৩৭কিন্তু তোমালোকৰ কথা ‘হয়’ যদি হয় বা ‘নহয়’ যদি নহয় হওক। ইয়াতকৈ অধিক যি, সেয়া চয়তানৰ পৰাহে হয়।
38 audistis quia dictum est oculum pro oculo et dentem pro dente
৩৮তোমালোকে ‘চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত’ এই যি কথা কোৱা হৈছিল, সেই বিষয়ে শুনিছা।
39 ego autem dico vobis non resistere malo sed si quis te percusserit in dextera maxilla tua praebe illi et alteram
৩৯কিন্তু মই তোমালোকক কওঁ, তোমালোকে দুষ্ট লোক সকলৰ প্ৰতিৰোধ নকৰিবা; বৰং কোনোৱে যদি তোমাৰ সোঁ গালত চৰ মাৰে, তেনেহলে তেওঁলৈ আন খন গালো পাতি দিবা।
40 et ei qui vult tecum iudicio contendere et tunicam tuam tollere remitte ei et pallium
৪০কোনোৱে যদি আদালতত তোমাৰ ওপৰত গোচৰ তৰি তোমাৰ চোলা ল’ব খোজে, তেনেহলে তেওঁক তোমাৰ চাদৰখনো এৰি দিবা।
41 et quicumque te angariaverit mille passus vade cum illo alia duo
৪১যি কোনোৱে তোমাক এমাইল বাট বলেৰে নিয়ে, তেওঁৰ লগত দুমাইল যাবা।
42 qui petit a te da ei et volenti mutuari a te ne avertaris
৪২যি জনে তোমাক খোজে, সেই জনক দিবা আৰু কোনোৱে তোমাৰ পৰা ধাৰ বিচাৰিলে, তেওঁক বিমুখ নকৰিবা।
43 audistis quia dictum est diliges proximum tuum et odio habebis inimicum tuum
৪৩তোমালোকে কোৱা শুনিছা, ‘তোমাৰ চুবুৰীয়াক প্ৰেম কৰিবা আৰু শত্ৰুক ঘিণ কৰিবা’।
44 ego autem dico vobis diligite inimicos vestros benefacite his qui oderunt vos et orate pro persequentibus et calumniantibus vos
৪৪কিন্তু মই তোমালোকক কওঁ, তোমালোকৰ শত্ৰুক প্ৰেম কৰিবা আৰু তোমালোকক তাড়না কৰা সকলৰ বাবে প্ৰাৰ্থনা কৰিবা,
45 ut sitis filii Patris vestri qui in caelis est qui solem suum oriri facit super bonos et malos et pluit super iustos et iniustos
৪৫তেতিয়াহে তোমালোক স্বৰ্গত থকা পিতৃৰ সন্তান হ’ব পাৰিবা। কিয়নো তেওঁ দুষ্ট আৰু সৎ দুয়োৰো ওপৰত সূৰ্য উদয় হ’বলৈ দিয়ে আৰু ধাৰ্মিক অথবা অধাৰ্মিক এই দুয়োৰো ওপৰত বৰষুণ বৰষায়।
46 si enim diligatis eos qui vos diligunt quam mercedem habebitis nonne et publicani hoc faciunt
৪৬কিয়নো যি মানুহে তোমালোকক প্ৰেম কৰে, তোমালোকে যদি কেৱল তেওঁলোককে প্ৰেম কৰা, তেনেহলে কি পুৰস্কাৰ পাবা? কৰ সংগ্রহকাৰী সকলেও জানো তাকে নকৰে?
47 et si salutaveritis fratres vestros tantum quid amplius facitis nonne et ethnici hoc faciunt
৪৭তোমালোকে যদি কেৱল তোমালোকৰ ভাই সকলকে শুভেচ্ছা জনোৱা, তেনেহলে আনতকৈ অধিক বেচি কি কৰিলা? অনা-ইহুদী সকলেও জানো তাকে নকৰে?
48 estote ergo vos perfecti sicut et Pater vester caelestis perfectus est
৪৮এই হেতুকে তোমালোকৰ স্বৰ্গীয় পিতৃ যেনে সিদ্ধ, তোমালোকো তেনে সিদ্ধ হোৱা।