< Leviticus 7 >
1 haec quoque est lex hostiae pro delicto sancta sanctorum est
১এয়া দোষাৰ্থক বলিদানৰ নিয়ম: ই অতি পবিত্ৰ।
2 idcirco ubi immolatur holocaustum mactabitur et victima pro delicto sanguis eius per gyrum fundetur altaris
২‘যি ঠাইত হোম-বলি কটা হ’ব, সেই ঠাইতে দোষাৰ্থক বলিও কটা হ’ব; আৰু পুৰোহিতে বেদীৰ চাৰিওকাষে তাৰ তেজ ছটিয়াই দিব।
3 offerent ex ea caudam et adipem qui operit vitalia
৩তেওঁ তাৰ সকলো তেল উৎসৰ্গ কৰিব: চৰ্বিযুক্ত নেজ, ভিতৰভাগৰ নাড়ী-ভুৰুৰ তেল,
4 duos renunculos et pinguedinem quae iuxta ilia est reticulumque iecoris cum renunculis
৪ঘিলা দুটা আৰু কিনাৰত লাগি থকা তাৰ ওপৰৰ তেল আৰু কলিজাৰ ওচৰত থকা তাৰ তেলীয়া ভাগ উৎসৰ্গ কৰিব; আৰু সেই ভাগ ঘিলালৈকে এৰুৱাই ল’ব।
5 et adolebit ea sacerdos super altare incensum est Domini pro delicto
৫পাছত পুৰোহিতে সেই সকলোকে যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ স্বৰূপে বেদীৰ ওপৰত দগ্ধ কৰিব; সেয়ে দোষাৰ্থক বলি।
6 omnis masculus de sacerdotali genere in loco sancto vescetur his carnibus quia sanctum sanctorum est
৬পুৰোহিতসকলৰ মাজৰ যিকোনো পুৰুষে তাক ভোজন কৰিব পাৰিব আৰু কোনো পবিত্ৰ ঠাইত তাক ভোজন কৰিব লাগিব; সেয়ে অতি পবিত্ৰ।
7 sicut pro peccato offertur hostia ita et pro delicto utriusque hostiae lex una erit ad sacerdotem qui eam obtulerit pertinebit
৭পাপাৰ্থক বলি যেনে, দোষাৰ্থক বলিও তেনে। আৰু দুয়োৰো নিয়ম-নীতি একে। যি পুৰোহিতে তাৰ দ্বাৰাই প্ৰায়শ্চিত্ত কৰিব সেয়ে তেওঁৰ হ’ব।
8 sacerdos qui offert holocausti victimam habebit pellem eius
৮আৰু যি পুৰোহিতে কোনো হোম-বলি উৎসৰ্গ কৰিব, নিজে উৎসৰ্গ কৰা সেই হোম বলিৰ ছাল তেওঁৰ নিজৰ হ’ব।
9 et omne sacrificium similae quod coquitur in clibano et quicquid in craticula vel in sartagine praeparatur eius erit sacerdotis a quo offertur
৯আৰু তন্দুৰত তাও দিয়া প্ৰত্যেক ভক্ষ্য নৈবেদ্য আৰু কেৰাহীত ভজা, বা তাৱাত তাও দিয়া সকলো বস্তু উৎসৰ্গকাৰী পুৰোহিতৰ হ’ব।
10 sive oleo conspersa sive arida fuerit cunctis filiis Aaron aequa mensura per singulos dividetur
১০তেল মিহলোৱা বা শুকান প্ৰত্যেক ভক্ষ্য নৈবেদ্য হাৰোণৰ পুত্ৰসকলে সমানে পাব।
11 haec est lex hostiae pacificorum quae offertur Domino
১১যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ নিয়ম এই।
12 si pro gratiarum actione fuerit oblatio offerent panes absque fermento conspersos oleo et lagana azyma uncta oleo coctamque similam et collyridas olei admixtione conspersas
১২যদি কোনোৱে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰে, তেনেহলে তেওঁ বলিৰ সৈতে, তেল মিহলোৱা খমীৰ নিদিয়া বিন্ধা থকা কেইটামান পিঠা, তেল নিদিয়া খমীৰ কেইটামান পাতল চকলীয়া পিঠা আৰু তেলত ভজা মিহি আটাগুড়িৰে কৰা তেল মিহলোৱা বিন্ধা থকা কেইটামান পিঠা উৎসৰ্গ কৰিব।
13 panes quoque fermentatos cum hostia gratiarum quae immolatur pro pacificis
১৩ধন্যবাদ দিয়াৰ উদ্দেশ্যে নিজ মঙ্গলাৰ্থক বলিৰে সৈতে খমীৰ দিয়া বিন্ধা থকা কেইটামান পিঠাও উপহাৰ স্বৰূপে উৎসৰ্গ কৰিব।
14 ex quibus unus pro primitiis offeretur Domino et erit sacerdotis qui fundet hostiae sanguinem
১৪আৰু তেওঁ প্ৰত্যেক উপহাৰৰ পৰা এটা এটা পিঠা লৈ, উত্তোলনীয় উপহাৰ স্বৰূপে যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিব; যি পুৰোহিতে মঙ্গলাৰ্থক বলিৰ তেজ ছটিয়াব; তেওঁৱেই তাক পাব।
15 cuius carnes eadem comedentur die nec remanebit ex eis quicquam usque mane
১৫ধন্যবাদ দিয়াৰ উদ্দেশ্যে দিয়া মঙ্গলাৰ্থক বলিৰ মাংসৰ উপহাৰ উৎসৰ্গ কৰাৰ দিনাখনে ভোজন কৰিব লাগিব; তাৰ অলপো ৰাতিপুৱালৈ ৰাখিব নোৱাৰিব।
16 si voto vel sponte quisquam obtulerit hostiam eadem similiter edetur die sed et si quid in crastinum remanserit vesci licitum est
১৬কিন্তু তেওঁ উৎসৰ্গ কৰা বলি যদি সংকল্প কৰা বা নিজৰ ইচ্ছামতে এনেই দিয়া উপহাৰ হয়; তেন্তে বলি উৎসৰ্গ কৰা দিনাই তাক ভোজন কৰিব লাগিব; আৰু পাছ দিনাও তাৰ অৱশিষ্ট ভাগ ভোজন কৰিব পাৰিব।
17 quicquid autem tertius invenerit dies ignis absumet
১৭কিন্তু তৃতীয় দিনা বলিৰ অৱশিষ্ট মাংস জুইত পুৰি ভস্ম কৰিব লাগিব।
18 si quis de carnibus victimae pacificorum die tertio comederit irrita fiet oblatio nec proderit offerenti quin potius quaecumque anima tali se edulio contaminarit praevaricationis rea erit
১৮যদি তৃতীয় দিনাও সেই মঙ্গলাৰ্থক বলিৰ অলপ মাংস ভোজন কৰে, তেন্তে সেই বলি গ্ৰহন নহব আৰু সেই বলি উৎসৰ্গকাৰীৰ পক্ষে গণিত নহব; সেয়ে ঘিণলগীয়া হ’ব।
19 caro quae aliquid tetigerit inmundum non comedetur sed conburetur igni qui fuerit mundus vescetur ea
১৯যদি কোনো মঙহ অশুচি বস্তুৰ লগত স্পৰ্শ হয়, তেনেহলে সেই মঙহ খাব পৰা নহ’ব। সেয়া জুইত পুৰি ভস্ম কৰা হ’ব। আন মঙহ হ’লে, প্ৰত্যেক শুচি মানুহে খাব পাৰিব।
20 anima polluta quae ederit de carnibus hostiae pacificorum quae oblata est Domino peribit de populis suis
২০যি কোনোৱে অশুচি হৈ থাকি যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰিব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
21 et quae tetigerit inmunditiam hominis vel iumenti sive omnis rei quae polluere potest et comederit de huiuscemodi carnibus interibit de populis suis
২১কোনোৱে যদি কোনো অশুচি দ্ৰব্য- মানুহৰ অশৌচ বা অশুচি পশু বা কোনো অশুচি ঘিণলগীয়া বস্তু চুই, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰা মঙ্গলাৰ্থক বলিৰ মাংস ভোজন কৰে, তেন্তে সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।”
22 locutusque est Dominus ad Mosen dicens
২২পাছত যিহোৱাই মোচিক ক’লে,
23 loquere filiis Israhel adipem bovis et ovis et caprae non comedetis
২৩“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘তোমালোকে গৰুৰ, কি মেৰৰ, কি ছাগলীৰ তেল নাখাবা।
24 adipem cadaveris morticini et eius animalis quod a bestia captum est habebitis in usus varios
২৪আৰু নিজে-নিজেই মৰা বা জন্তুৰ দ্বাৰাই চিৰা পশুৰ তেল কোনো কামত লগাব পাৰা, কিন্তু তাক তোমালোকে কোনোমতে নাখাবা।
25 si quis adipem qui offerri debet in incensum Domini comederit peribit de populo suo
২৫কিয়নো যিকোনো পশুৰ পৰা যিহোৱাৰ উদ্দেশ্যে অগ্নিকৃত উপহাৰ উৎসৰ্গ কৰা যায়, সেই পশুৰ তেল যি কোনোৱে খাব, সেই খোৱা জনক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
26 sanguinem quoque omnis animalis non sumetis in cibo tam de avibus quam de pecoribus
২৬আৰু তোমালোকে বাস কৰা কোনো ঠাইত, পক্ষীৰে হওঁক বা পশুৰেই হওঁক, তোমালোকে একোৰেই তেজ নাখাবা।
27 omnis anima quae ederit sanguinem peribit de populis suis
২৭যি কোনোৱে কোনো ধৰণৰ তেজ খাব, সেই মানুহক নিজ লোকসকলৰ মাজৰ পৰা উচ্ছন্ন কৰা হ’ব’।”
28 locutus est Dominus ad Mosen dicens
২৮পাছত যিহোৱাই মোচিক ক’লে,
29 loquere filiis Israhel qui offert victimam pacificorum Domino offerat simul et sacrificium id est libamenta eius
২৯“তুমি ইস্ৰায়েলৰ সন্তান সকলক কোৱা, ‘যি জনে যিহোৱাৰ উদ্দেশ্যে নিজৰ মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিব, সেই জনে নিজৰ মঙ্গলাৰ্থক বলিৰ পৰা যিহোৱাৰ উদ্দেশ্যে নিজ উপহাৰ আনিব।
30 tenebit manibus adipem hostiae et pectusculum cumque ambo oblata Domino consecrarit tradet sacerdoti
৩০তেওঁ নিজ হাতে যিহোৱাৰ অগ্নিকৃত উপহাৰ আনিব। দোলনীয় নৈবেদ্য স্বৰূপে বলিৰ আমঠু যিহোৱাৰ সন্মূখত দোলোৱা হবলৈ, আমঠুৱে সৈতে তেওঁ তেলখিনি আনিব।
31 qui adolebit adipem super altare pectusculum autem erit Aaron et filiorum eius
৩১আৰু পুৰোহিতে সেই তেল বেদীৰ ওপৰত দগ্ধ কৰিব; কিন্তু আমঠুটো হাৰোণৰ আৰু তেওঁ পুত্ৰসকলৰ হ’ব।
32 armus quoque dexter de pacificorum hostiis cedet in primitias sacerdotis
৩২আৰু তোমালোকে নিজ নিজ মঙ্গলাৰ্থক বলিৰ সোঁ কৰঙন অংশটো উত্তোলনীয় উপহাৰৰ অৰ্থে পুৰোহিতক দিবা।
33 qui obtulerit sanguinem et adipem filiorum Aaron ipse habebit et armum dextrum in portione sua
৩৩হাৰোণৰ পুত্ৰসকলৰ মাজৰ যি জনে মঙ্গলাৰ্থক বলিৰ তেজ আৰু তেল উৎসৰ্গ কৰিব, তেওঁ নিজৰ অঙ্গ স্বৰূপে সেই সোঁ কৰঙনটো পাব।
34 pectusculum enim elationis et armum separationis tuli a filiis Israhel de hostiis eorum pacificis et dedi Aaron sacerdoti ac filiis eius lege perpetua ab omni populo Israhel
৩৪ইস্ৰায়েলৰ সন্তান সকলৰ পৰা মই তেওঁলোকৰ প্ৰত্যেক মঙ্গলাৰ্থক বলিৰ দোলনীয় উপহাৰ যি আমঠু আৰু উত্তোলনীয় উপহাৰ যি সোঁ পাছ-পিৰা, তাক লৈ ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে হাৰোণ পুৰোহিত আৰু তেওঁৰ পুত্ৰসকলক দিলোঁ।
35 haec est unctio Aaron et filiorum eius in caerimoniis Domini die qua obtulit eos Moses ut sacerdotio fungerentur
৩৫যিদিনা তেওঁ হাৰোণ আৰু তেওঁৰ পুত্ৰসকলক যিহোৱাৰ পুৰোহিত কৰ্মৰ বাবে উপস্থিত কৰিলে, সেই দিনা যিহোৱাৰ অগ্নিকৃত উপহাৰৰ পৰা সেইয়াই তেওঁলোকে পাবলগীয়া ভাগ।
36 et quae praecepit dari eis Dominus a filiis Israhel religione perpetua in generationibus suis
৩৬তেওঁ তেওঁলোকক অভিষেক কৰা দিনা পুৰুষানুক্ৰমে ইস্ৰায়েলৰ সন্তান সকলে দিবলগীয়া বুলি চিৰস্থায়ী অধিকাৰ স্বৰূপে তাক তেওঁলোকক দিবলৈ যিহোৱাই আজ্ঞা কৰিলে।
37 ista est lex holocausti et sacrificii pro peccato atque delicto et pro consecratione et pacificorum victimis
৩৭এইবোৰেই হোম-বলিৰ, ভক্ষ্য নৈবেদ্যৰ, পাপাৰ্থক বলিৰ, দোষাৰ্থক বলিৰ, নিযুক্তকৰণাৰ্থক বলিৰ আৰু মঙ্গলাৰ্থক বলিৰ নিয়ম।”
38 quas constituit Dominus Mosi in monte Sinai quando mandavit filiis Israhel ut offerrent oblationes suas Domino in deserto Sinai
৩৮যিহোৱাই যিদিনা চীনয় অৰণ্যত ইস্ৰায়েলৰ সন্তান সকলক যিহোৱাৰ উদ্দেশ্যে নিজ নিজ উপহাৰৰ উৎসৰ্গ কৰিবলৈ আজ্ঞা কৰিলে সেই দিনা তেওঁ চীনয় পৰ্ব্বতত মোচিক এইবোৰৰ বিষয়ে আজ্ঞা দিলে।