< Iudicum 13 >
1 rursumque filii Israhel fecerunt malum in conspectu Domini qui tradidit eos in manus Philisthinorum quadraginta annis
১পাছত ইস্ৰায়েলৰ সন্তান সকলে যিহোৱাৰ সাক্ষাতে পুনৰাই কু-আচৰণ কৰিব ধৰিলে; তাতে যিহোৱাই চল্লিশ বছৰলৈকে তেওঁলোকক পলেষ্টীয়াসকলৰ হাতত শোধাই দিলে।
2 erat autem vir quidam de Saraa et de stirpe Dan nomine Manue habens uxorem sterilem
২সেই কালত দানীয়া গোষ্ঠীৰ মাজত চৰা নিবাসী মানোহ নামেৰে এজন মানুহ আছিল; তেওঁৰ পত্নী বাঁজী হোৱা বাবে সন্তান প্ৰসৱ কৰিব নোৱাৰিলে।
3 cui apparuit angelus Domini et dixit ad eam sterilis es et absque liberis sed concipies et paries filium
৩পাছত যিহোৱাৰ দূতে সেই মহিলাক দৰ্শন দি ক’লে, “চোৱা, তুমি বাঁজী আৰু সন্তান প্ৰসৱ কৰা নাই; তথাপি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা।
4 cave ergo ne vinum bibas ac siceram ne inmundum quicquam comedas
৪এই হেতুকে তুমি সাৱধান হোৱা; দ্ৰাক্ষাৰস কি সুৰা পান নকৰিবা, কোনো অশুচি বস্তুকো ভোজন নকৰিবা।
5 quia concipies et paries filium cuius non tanget caput novacula erit enim nazareus Dei ab infantia sua et ex matris utero et ipse incipiet liberare Israhel de manu Philisthinorum
৫কাৰণ চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; তাৰ মুৰত খুৰ লগোৱা নহ’ব; কিয়নো সেই লৰা গৰ্ভৰে পৰা ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব; আৰু পলেষ্টীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰিবলৈ তেওঁ আৰম্ভ কৰিব।”
6 quae cum venisset ad maritum dixit ei vir Dei venit ad me habens vultum angelicum terribilis nimis quem cum interrogassem quis esset et unde venisset et quo nomine vocaretur noluit mihi dicere
৬তেতিয়া সেই মহিলা গৰাকীয়ে গৈ নিজ স্বামীক ক’লে ঈশ্বৰৰ এজন লোক মোৰ ওচৰলৈ আহিছিল; তেওঁৰ সৌন্দর্য ঈশ্বৰৰ দূতৰ নিচিনা, তেওঁক দেখি মই বহুত ভয় খালো, কিন্তু তেওঁ ক’ৰ পৰা আহিল, সেই বিষয়ে মই সুধিবলৈ নহ’ল আৰু তেৱোঁ নিজৰ নাম মোক নক’লে।
7 sed hoc respondit ecce concipies et paries filium cave ne vinum bibas et siceram et ne aliquo vescaris inmundo erit enim puer nazareus Dei ab infantia sua et ex utero matris usque ad diem mortis suae
৭কিন্তু তেওঁ মোক ক’লে, ‘চোৱা, তুমি গৰ্ভধাৰণ কৰি এটি পুত্ৰ প্ৰসৱ কৰিবা; এই হেতুকে তুমি দ্ৰাক্ষাৰস বা সুৰা পান নকৰিবা, কোনো অশুচি বস্তুও ভোজন নকৰিবা; কিয়নো সেই ল’ৰা জন্মৰে পৰা মৰণৰ দিনলৈকে ঈশ্বৰৰ উদ্দেশ্যে নাচৰীয় হ’ব’।
8 oravit itaque Manue Deum et ait obsecro Domine ut vir Dei quem misisti veniat iterum et doceat nos quid debeamus facere de puero qui nasciturus est
৮তেতিয়া মানোহে যিহোৱাৰ আগত বিনয় কৰি ক’লে, “হে প্ৰভু, মিনতি কৰোঁ, আপুনি পঠোৱা ঈশ্বৰৰ সেই লোকক আমাৰ ওচৰলৈ পুনৰাই আহিব দিয়ক, যি ল’ৰা জন্মিব, তালৈ আমি কি কৰিব লাগিব, তেওঁ আমাক পুনৰাই বুজাই দিয়ক।”
9 exaudivitque Dominus precantem Manue et apparuit rursum angelus Domini uxori eius sedenti in agro Manue autem maritus eius non erat cum ea quae cum vidisset angelum
৯তেতিয়া ঈশ্বৰে মানোহৰ কথা শুনাৰ পাছত, ঈশ্বৰৰ দূত আকৌ সেই মহিলাৰ ওচৰলৈ আহিল। সেই সময়ত তাই পথাৰত বহি আছিল, কিন্তু তাইৰ স্বামী মানোহ তাইৰ লগত নাছিল।
10 festinavit et cucurrit ad virum suum nuntiavitque ei dicens ecce apparuit mihi vir quem ante videram
১০পাছত সেই মহিলা গৰাকীয়ে বেগাই গৈ নিজ স্বামীক সম্বাদ দি ক’লে, “চোৱা, সেইদিনা যিজন লোক মোৰ ওচৰলৈ আহিছিল, তেওঁ পুনৰ মোক দৰ্শন দিছে।”
11 qui surrexit et secutus est uxorem suam veniensque ad virum dixit ei tu es qui locutus es mulieri et ille respondit ego sum
১১তেতিয়া মানোহে উঠি নিজৰ পত্নীৰ পাছে পাছে সেই পুৰুষজনৰ ওচৰলৈ গৈ তেওঁক সুধিলে, “এই মহিলাৰ সৈতে যিজনাই কথা কৈছিল, সেইজনা আপুনিয়েই নে?” তেওঁ ক’লে, “হয়, ময়েই হওঁ।”
12 cui Manue quando inquit sermo tuus fuerit expletus quid vis ut faciat puer aut a quo se observare debebit
১২তেতিয়া মানোহে ক’লে, “আশা কৰোঁ আপোনাৰ কথা সত্য হওঁক; কিন্তু সেই ল’ৰাজনে কিদৰে জীৱন কটাব আৰু কি কর্ম কৰিব?”
13 dixitque angelus Domini ad Manue ab omnibus quae locutus sum uxori tuae abstineat se
১৩তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “মই এই মহিলাক যিবোৰ কথা ক’লো, সেই সকলো বিষয়ত তেওঁ সাৱধানে থাকক।
14 et quicquid ex vinea nascitur non comedat vinum et siceram non bibat nullo vescatur inmundo et quod ei praecepi impleat atque custodiat
১৪তেওঁ দ্ৰাক্ষালতাৰ পৰা উৎপন্ন হোৱা কোনো বস্তু ভোজন নকৰক আৰু দ্ৰাক্ষাৰস কি সুৰা পান নকৰক আৰু কোনো অশুচি বস্তু নাখাওঁক; মই তেওঁক যি যি আজ্ঞা কৰিলোঁ, তেওঁ সেই সকলোকে পালন কৰক।”
15 dixitque Manue ad angelum Domini obsecro te ut adquiescas precibus meis et faciamus tibi hedum de capris
১৫পাছত মানোহে যিহোৱাৰ দূতক ক’লে, “আপুনি আমাৰ মিনতি গ্ৰহণ কৰি ইয়াতে অলপ সময় থাকক, আমি আপোনাৰ বাবে এটি ছাগলী পোৱালি যুগুত কৰোঁ।”
16 cui respondit angelus si me cogis non comedam panes tuos sin autem vis holocaustum facere offer illud Domino et nesciebat Manue quod angelus Dei esset
১৬তেতিয়া যিহোৱাৰ দূতে মানোহক ক’লে, “যদিও মই ইয়াত থাকো তথাপি মই তোমাৰ আহাৰ ভোজন নকৰিম; কিন্তু তুমি যদি হোম-বলি যুগুত কৰা, তেনেহলে সেয়া যিহোৱাৰ উদ্দেশ্যেই উৎসৰ্গ কৰিবা।” কিয়নো তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে মনোহে নাজানিছিল।
17 dixitque ad eum quod est tibi nomen ut si sermo tuus fuerit expletus honoremus te
১৭তেতিয়া মানোহে যিহোৱাৰ দূতক সুধিলে, “আপোনাৰ বাক্য সিদ্ধ হ’লে আমি আপোনাক মৰ্যদা কৰিবলৈ, আপোনাৰ নাম কি কওকচোন?”
18 cui ille respondit cur quaeris nomen meum quod est mirabile
১৮তেতিয়া যিহোৱাৰ দূতে ক’লে, “মোৰ নাম কেলেই সুধিছা? কিয়নো এই নাম অতি আশ্চৰ্য্যকৰ!”
19 tulit itaque Manue hedum de capris et libamenta et posuit super petram offerens Domino qui facit mirabilia ipse autem et uxor eius intuebantur
১৯পাছত মানোহে ভক্ষ্য নৈবেদ্যেৰে সৈতে সেই ছাগলী লৈ, যিহোৱাৰ উদ্দেশ্যে শিলটোৰ ওপৰত উৎসৰ্গ কৰিলে; তাতে মনোহ আৰু তেওঁৰ পত্নিৰ চকুৰ আগতে সেই দূতে আচৰিত কার্য সাধন কৰিলে।
20 cumque ascenderet flamma altaris in caelum angelus Domini in flamma pariter ascendit quod cum vidisset Manue et uxor eius proni ceciderunt in terram
২০কিয়নো যেতিয়া অগ্নিশিখা যজ্ঞ-বেদিৰ পৰা আকাশৰ ফালে ওপৰলৈ উঠিল তেতিয়া মানোহ আৰু তেওঁৰ পত্নিয়ে দেখাতে যিহোৱাৰ দূত সেই যজ্ঞ-বেদিৰ শিখাত ওপৰলৈ উঠি গ’ল; তাতে তেওঁলোকে এই দৃশ্য দেখি দুজনে মাটিত উবুৰিহৈ প্রণাম কৰিলে।
21 et ultra non eis apparuit angelus Domini statimque intellexit Manue angelum esse Domini
২১তাৰ পাছত যিহোৱাৰ দূতে মানোহ আৰু তেওঁৰ পত্নিক পুনৰাই দৰ্শন নিদিলে। তেওঁ যে যিহোৱাৰ দূত, সেই বিষয়ে তেতিয়াহে মানোহে জানিলে।
22 et dixit ad uxorem suam morte moriemur quia vidimus Deum
২২পাছত মানোহে তেওঁৰ পত্নিক ক’লে, “আমি নিশ্চয়ে মৰিম; কিয়নো আমি ঈশ্বৰক দেখা পালোঁ।”
23 cui respondit mulier si Dominus nos vellet occidere de manibus nostris holocaustum et libamenta non suscepisset nec ostendisset nobis haec omnia neque ea quae sunt ventura dixisset
২৩কিন্তু তেওঁৰ পত্নিয়ে তেওঁক ক’লে, “আমাক বধ কৰিবলৈ যদি ঈশ্বৰৰ ইচ্ছা হ’লহেঁতেন, তেন্তে তেওঁ আমাৰ পৰা হোম-বলি আৰু নৈবেদ্য গ্ৰহণ নকৰিলেহেঁতেন, আৰু এই সকলো আমাক নেদেখুৱালেহেঁতেন আৰু এই সময়ত আমাক এনে কথাও নুশুনালেহেঁতেন।”
24 peperit itaque filium et vocavit nomen eius Samson crevitque puer et benedixit ei Dominus
২৪পাছত মহিলা গৰাকীয়ে এটি পুত্ৰ প্ৰসৱ কৰিলে আৰু তেওঁৰ নাম চিমচোন ৰাখিলে। তাৰ পাছত সেই ল’ৰা বাঢ়ি ডাঙৰ হ’ল আৰু যিহোৱাই তাক আশীৰ্ব্বাদ কৰিলে।
25 coepitque spiritus Domini esse cum eo in castris Dan inter Saraa et Esthaol
২৫প্ৰথমে যিহোৱাৰ আত্মাই চৰা আৰু ইষ্টায়োলৰ মাজ ঠাইত থকা মহনেদানত চিমচোনক কার্য্য কৰিবলৈ সক্রিয় কৰিলে।