< Iosue 2 >
1 misit ergo Iosue filius Nun de Setthim duos viros exploratores abscondito et dixit eis ite et considerate terram urbemque Hiericho qui pergentes ingressi sunt domum mulieris meretricis nomine Raab et quieverunt apud eam
১তাৰ পাছত নুনৰ পুত্ৰ যিহোচূৱাই চিটীমৰ পৰা দুজন লোকক গোপনে চোৰাংচোৱা হিচাবে পঠিয়াই দিলে৷ তেওঁ ক’লে, “তোমালোক যোৱা, আৰু গোটেই দেশখন ভালদৰে চাবা; বিশেষকৈ যিৰীহো নগৰ নিৰীক্ষণ কৰি আহিবা।” তেতিয়া তেওঁলোক গ’ল আৰু গৈ এগৰাকী বেশ্যাৰ ঘৰ পালে৷ তাতে তেওঁলোকে আলহী হৈ থাকিল৷ সেই বেশ্যাৰ নাম ৰাহাব আছিল৷
2 nuntiatumque est regi Hiericho et dictum ecce viri ingressi sunt huc per noctem de filiis Israhel ut explorarent terram
২কিন্তু কোনো লোকে গৈ যিৰীহোৰ ৰজাক ক’লে, “চাওঁক, দেশৰ বুজ-বিচাৰ ল’বৰ অৰ্থে ইস্ৰায়েলৰ সন্তান সকলৰ কেইজনমান লোক এই ঠাইলৈ আহিছে।”
3 misitque rex Hiericho ad Raab dicens educ viros qui venerunt ad te et ingressi sunt domum tuam exploratores quippe sunt et omnem terram considerare venerunt
৩তেতিয়া যিৰীহোৰ ৰজাই ৰাহাবলৈ এই কথা কৈ পঠিয়ালে বোলে, “তোৰ ওচৰলৈ অহা যি মানুহকেইজন এতিয়া তোৰ ঘৰত আহি আছে, সিহঁতক বাহিৰলৈ উলিয়াই দে; কিয়নো সিহঁতে গোটেই দেশত চোৰাংচোৱাগিৰি কৰিবলৈ আহিছে৷”
4 tollensque mulier viros abscondit et ait fateor venerunt ad me sed nesciebam unde essent
৪কিন্তু মহিলা গৰাকীয়ে সেই মানুহ দুজনক লুকুৱাই থৈ ক’লে, “হয়, সঁচাকৈ সেই মানুহকেইজন মোৰ ওচৰলৈ আহিছিল, কিন্তু সিহঁত ক’ৰ পৰা আহিছিল, সেই বিষয়ে মই নাজানিলোঁ৷
5 cumque porta clauderetur in tenebris et illi pariter exierunt nescio quo abierunt persequimini cito et conprehendetis eos
৫সন্ধিয়া হওতেই সিহঁত ওলাই গ’ল, তেতিয়া নগৰৰ দুৱাৰ প্ৰায় বন্ধ কৰা সময় হৈছিল৷ সিহঁত ক’লৈ গ’ল, সেই বিষয়ে মই ক’ব নোৱাৰোঁ; সম্ভৱতঃ তোমালোকে পাছে পাছে বেগাই খেদি গ’লে সিহঁতক ধৰিব পাৰিবা।”
6 ipsa autem fecit ascendere viros in solarium domus suae operuitque eos lini stipula quae ibi erat
৬কিন্তু তাই তেওঁলোকক ঘৰৰ চালৰ ওপৰলৈ নিলে আৰু চালৰ ওপৰত ৰীতিমতে মেলি দিয়া শণঠাৰিবোৰেৰে তেওঁলোকক লুকুৱাই হ’ল।
7 hii autem qui missi fuerant secuti sunt eos per viam quae ducit ad vadum Iordanis illisque egressis statim porta clausa est
৭তাৰ পাছত মানুহবোৰে যৰ্দ্দন নদীৰ পাৰ-ঘাটলৈ যোৱা বাটেদি তেওঁলোকৰ পাছে পাছে খেদি গ’ল আৰু খেদি যোৱা লোক বাহিৰ হোৱা মাত্ৰকে নগৰৰ দুৱাৰ বন্ধ কৰা হ’ল।
8 necdum obdormierant qui latebant et ecce mulier ascendit ad eos et ait
৮পাছত তেওঁলোক নৌ শোওঁতেই তাই চালৰ ওপৰত থৈ অহা সেই লোকসকলৰ ওচৰলৈ গ’ল,
9 novi quod tradiderit Dominus vobis terram etenim inruit in nos terror vester et elanguerunt omnes habitatores terrae
৯আৰু তাই সেই মানুহ কেইজনক ক’লে, “মই জানিলোঁ যে, যিহোৱাই তোমালোকক এই দেশ দিলে আৰু তোমালোকৰ পৰা আমি ত্ৰাসিত হৈছোঁ৷ আটাই দেশনিবাসীয়ে তোমালোকৰ আগত ভয়ত আতুৰ হৈ পৰিছে৷
10 audivimus quod siccaverit Dominus aquas maris Rubri ad vestrum introitum quando egressi estis ex Aegypto et quae feceritis duobus Amorreorum regibus qui erant trans Iordanem Seon et Og quos interfecistis
১০আমি শুনিবলৈ পাইছোঁ যে, তোমালোকে মিচৰৰ পৰা ওলাই অহা সময়ত যিহোৱাই তোমালোকৰ সাক্ষাতে চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু আমি ইয়াকো শুনিলো যে, তোমালোকে যৰ্দ্দনৰ সিটো পাৰত থকা ইমোৰীয়াসকলৰ চীহোন আৰু ওগ নামৰ ৰজা দুজনক কেনে ব্যৱহাৰ কৰি নিঃশেষে বিনষ্ট কৰিছিলা।
11 et haec audientes pertimuimus et elanguit cor nostrum nec remansit in nobis spiritus ad introitum vestrum Dominus enim Deus vester ipse est Deus in caelo sursum et in terra deorsum
১১এই সকলোবোৰ বৃত্তান্ত শুনা মাত্ৰকে আমাৰ হৃদয়বোৰো ভয়ত আতংকিত হৈ আছে; এতিয়া তোমালোকৰ বিৰুদ্ধে যাবলৈ আমাৰ মাজত কোনো এজনৰো সাহস নাই৷ তোমালোকৰ ঈশ্ৱৰ যিহোৱা, তেৱেঁই ওপৰত থকা স্ৱর্গ আৰু তলত থকা পৃথিৱীৰ ঈশ্ৱৰ৷
12 nunc ergo iurate mihi per Dominum ut quomodo ego feci vobiscum misericordiam ita et vos faciatis cum domo patris mei detisque mihi signum verum
১২এই হেতুকে মই এতিয়া বিনয় কৰোঁ যে, মই তোমালোকলৈ দয়া ব্যৱহাৰ কৰাৰ কাৰণে তোমালোকেও মোৰ পিতৃ বংশলৈ দয়া ব্যৱহাৰ কৰিবলৈ,
13 et salvetis patrem meum et matrem fratres ac sorores meas et omnia quae eorum sunt et eruatis animas nostras de morte
১৩আৰু তোমালোকে মোৰ পিতৃ, মাতৃ, ভাই আৰু ভনীসকলক আৰু তেওঁলোকৰ সকলোকে জীয়াই ৰাখিবলৈ আৰু মৃত্যুৰ পৰা আমাৰ প্ৰাণ উদ্ধাৰ কৰিবলৈ, যিহোৱাৰ নামেৰে মোৰ আগত শপত খাই মোক সত্যতা প্ৰমাণৰ চিন দিয়া।”
14 qui responderunt ei anima nostra sit pro vobis in mortem si tamen non prodideris nos cumque tradiderit nobis Dominus terram faciemus in te misericordiam et veritatem
১৪তেতিয়া সেই মানুহ কেইজনে তাইক ক’লে, “যদি তোমালোকে আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ নকৰা, তেন্তে তোমালোকৰ প্ৰাণৰ সলনি আমাৰ প্ৰাণ যাব; আৰু যেতিয়া যিহোৱাই আমাক এই দেশ দিব, তেতিয়া আমি তোমালৈ দয়া আৰু সত্য ব্যৱহাৰ কৰিম।”
15 dimisit ergo eos per funem de fenestra domus enim eius herebat muro
১৫তাৰ পাছত তাই খিড়িকিয়েদি তেওঁলোকক ৰচীৰে নমাই দিলে; কিয়নো তাইৰ ঘৰ নগৰৰ গড়ৰ গাতে লাগি আছিল আৰু তাই গড়ৰ ওপৰত বাস কৰিছিল।
16 dixitque ad eos ad montana conscendite ne forte occurrant vobis revertentes ibique latete diebus tribus donec redeant et sic ibitis per viam vestram
১৬তাৰ পাছত তাই তেওঁলোকক ক’লে, “খেদি যোৱা লোকে যেন তোমালোকক লগ নাপায়, এই কাৰণে পৰ্বতলৈ যোৱা আৰু খেদি যোৱা মানুহ উলটি নহালৈকে, সেই ঠাইতে তিন দিন লুকাই থাকিবা৷ তাৰ পাছত নিজ বাটেদি গুচি যাবা।”
17 qui dixerunt ad eam innoxii erimus a iuramento hoc quo adiurasti nos
১৭তাতে মানুহ কেইজনে তাইক ক’লে, “আমি কোৱাৰ দৰে তুমি নকৰিলে, তুমি আমাক কৰিব দিয়া শপতৰ বিষয়ত আমি নিৰ্দ্দোষী হ’ম৷
18 si ingredientibus nobis terram signum fuerit funiculus iste coccineus et ligaveris eum in fenestra per quam nos dimisisti et patrem tuum ac matrem fratresque et omnem cognationem tuam congregaveris in domum tuam
১৮চোৱা, তুমি এই যি খিড়িকিয়েদি আমাক নমাই দিলা, আমি যেতিয়া এই দেশৰ ভিতৰলৈ অাহিম, তেতিয়া এই খিড়িকীত সেন্দুৰ বৰণীয়া সূতাৰে বটা এই ৰছীডাল বান্ধি ৰাখিবা আৰু তোমাৰ পিতৃ, মাতৃ, ভাইসকল আৰু তোমাৰ পিতৃবংশৰ সকলো লোককে তোমাৰ নিজ ঘৰত একত্ৰিত কৰি লুকুৱাই ৰাখিবা।
19 qui ostium domus tuae egressus fuerit sanguis ipsius erit in caput eius et nos erimus alieni cunctorum autem sanguis qui tecum fuerint in domo redundabit in caput nostrum si eos aliquis tetigerit
১৯তেতিয়া যি কোনোৱে তোমাৰ ঘৰৰ দুৱাৰৰ পৰা বাটলৈ ওলাব, তাৰ ৰক্তপাতৰ দোষ তাৰ মূৰৰ ওপৰতে পৰিব আৰু আমি নিৰ্দ্দোষী হ’ম; কিন্তু যি কোনোৱে তোমাৰ লগত ঘৰত থাকিব, তাৰ ওপৰত যদি কোনোৱে হাত দিয়ে, তেন্তে সেই ৰক্তপাতৰ দোষ আমাৰ মূৰৰ ওপৰত পৰিব।
20 quod si nos prodere volueris et sermonem istum proferre in medium erimus mundi ab hoc iuramento quo adiurasti nos
২০কিন্তু তুমি যদি আমাৰ এই কাৰ্যৰ কথা প্ৰকাশ কৰা, তেন্তে আমাক খুউৱা শপতৰ বিষয়ে আমি নিৰ্দ্দোষী হ’ম।”
21 et illa respondit sicut locuti estis ita fiat dimittensque eos ut pergerent adpendit funiculum coccineum in fenestra
২১ৰাহাবে সমিধান দি ক’লে, “তোমালোকে যেনেকৈ কৈছা, তেনেকৈ হওঁক৷” তাই এই কথা কৈ তেওঁলোকক বিদায় দিয়াৰ পাছত তেওঁলোক গুচি গ’ল আৰু তাই সেই সেন্দুৰ বৰণীয়া ৰছীডাল খিড়িকি খনতে বান্ধি থৈ দিলে।
22 illi vero ambulantes pervenerunt ad montana et manserunt ibi tres dies donec reverterentur qui fuerant persecuti quaerentes enim per omnem viam non reppererunt eos
২২তাৰ পাছত তেওঁলোকে গৈ পৰ্বত পালে আৰু খেদি যোৱা মানুহবোৰ উলটি নহালৈকে তাতে তেওঁলোক তিন দিন থাকিল৷ পাছত খেদি যোৱা লোকসকলে তেওঁলোকক গোটেই বাটতে বিচাৰিলে কিন্তু তেওঁলোকক বিচাৰি নাপালে।
23 quibus urbem ingressis reversi sunt et descenderunt exploratores de monte et Iordane transmisso venerunt ad Iosue filium Nun narraveruntque ei omnia quae acciderant sibi
২৩তাৰ পাছত সেই মানুহ দুজন উলটি পৰ্বতৰ পৰা নামি নদী পাৰ হৈ নুনৰ পুত্ৰ যিহোচূৱাৰ ওচৰলৈ গ’ল আৰু তেওঁলোকলৈ ঘটা সকলো ঘটনাৰ বিষয়ে তেওঁক ক’লে।
24 atque dixerunt tradidit Dominus in manus nostras omnem terram hanc et timore prostrati sunt cuncti habitatores eius
২৪আৰু তেওঁলোকে যিহোচূৱাক ক’লে, “সঁচাকৈ ঈশ্বৰ যিহোৱাই সেই গোটেই দেশ আমাৰ হাতত সমৰ্পণ কৰিলে; আমাৰ কাৰণে দেশ-নিবাসী আটাইবোৰ লোক ভয়ত আতংকিত হৈ আছে।”