< Job 9 >
১তেতিয়া ইয়োবে পুনৰ উত্তৰ দিলে আৰু ক’লে,
2 vere scio quod ita sit et quod non iustificetur homo conpositus Deo
২“মই নিশ্চয়ে জানো, সেই কথা স্বৰূপ; কিন্তু এজন ব্যক্তি কেনেকৈ ঈশ্বৰৰ সৈতে ধাৰ্মিক হ’ব পাৰে?
3 si voluerit contendere cum eo non poterit ei respondere unum pro mille
৩যদি তেওঁ ঈশ্বৰৰ সৈতে বাদানুবাদ কৰিব খোজে, তেন্তে তেওঁক হাজাৰ কথাৰ মাজৰ এটিৰো উত্তৰ দিব নোৱাৰিব।
4 sapiens corde est et fortis robore quis restitit ei et pacem habuit
৪ঈশ্বৰৰ অন্তৰত জ্ঞান আছে, আৰু শক্তিত তেওঁ পৰাক্ৰমী; তেওঁৰ বিৰুদ্ধে ডিঙি ঠৰ কৰি কোনে কেতিয়া উন্নতি লাভ কৰিলে?
5 qui transtulit montes et nescierunt hii quos subvertit in furore suo
৫তেওঁ পৰ্ব্বতবোৰ স্থানান্তৰ কৰে; আৰু তেওঁ সেইবোৰক নিজ ক্ৰোধত লুটিয়াই পেলাওঁতে সেইবোৰে একো গম নাপায়।
6 qui commovet terram de loco suo et columnae eius concutiuntur
৬তেওঁ পৃথিবীক জোকাৰি নিজ ঠাইৰ পৰা লৰায়; তাৰ স্তম্ভবোৰ থৰথৰকৈ কঁপে।
7 qui praecipit soli et non oritur et stellas claudit quasi sub signaculo
৭এইজনা সেই একে ঈশ্বৰ, যি জনাই ক’লে সূৰ্য উদয় নহয়; আৰু তেওঁ তৰাবোৰ বন্ধ কৰি মোহৰ মাৰে।
8 qui extendit caelos solus et graditur super fluctus maris
৮তেওঁ অকলেই আকাশ-মণ্ডলক বিস্তাৰিত কৰে, আৰু ঢৌবোৰৰ ওপৰেদি অহা-যোৱা কৰে।
9 qui facit Arcturum et Oriona et Hyadas et interiora austri
৯তেওঁ সপ্তৰ্ষি, মৃগশীৰ্ষ, কৃত্তিকা, আৰু দক্ষিণদিশে থকা নক্ষত্ৰ-ৰাশিৰ সৃষ্টিকৰ্ত্তা।
10 qui facit magna et inconprehensibilia et mirabilia quorum non est numerus
১০অনুসদ্ধান পাব নোৱাৰা মহৎ কৰ্ম তেওঁ কৰে; অসংখ্য অদ্ভুত কাৰ্যও তেৱেঁই কৰে।
11 si venerit ad me non videbo si abierit non intellegam eum
১১চোৱা, তেওঁ মোৰ ওচৰেদি যায়, কিন্তু মই নেদেখোঁ; তেওঁ মোৰ সম্মুখেদি গমন কৰে, তথাপি মই তেওঁক অনুভৱ নকৰোঁ।
12 si repente interroget quis respondebit ei vel quis dicere potest cur facis
১২চোৱা, তেওঁ ধৰি নিলে তেওঁক কোনে নিবাৰণ কৰিব পাৰে? তুমি কি কৰিছা বুলি তেওঁক কোনে কব পাৰে?
13 Deus cuius resistere irae nemo potest et sub quo curvantur qui portant orbem
১৩ঈশ্বৰে নিজৰ ক্ৰোধ উঠাই নলয়; এনে কি ৰাহবক সহায় কৰোঁতাবোৰো তেওঁৰ সন্মুখত নত হয়।
14 quantus ergo sum ego qui respondeam ei et loquar verbis meis cum eo
১৪মই কেনেকৈ তেওঁক উত্তৰ দিম? তেওঁক কাৰণ দেখুৱাবলৈ মই নো কেনেকৈ কথা বাচি লম?
15 qui etiam si habuero quippiam iustum non respondebo sed meum iudicem deprecabor
১৫মই যদি ধাৰ্মিকো হওঁ, তথাপি তেওঁক মই উত্তৰ দিব নোৱাৰোঁ; মোৰ অভিযোক্তাৰ দয়াৰ বাবে মই মাথোন নিবেদনহে কৰিব পাৰোঁ।
16 et cum invocantem exaudierit me non credo quod audierit vocem meam
১৬যদিও মই মাতো আৰু তেওঁ মোক উত্তৰ দিয়ে; তথাপি তেওঁ যে মোৰ মিনতিলৈ কাণ পাতিব, মোৰ এনে বিশ্বাস নজন্মে।
17 in turbine enim conteret me et multiplicabit vulnera mea etiam sine causa
১৭তেওঁ মোক প্ৰবল ধুমুহাৰে ভাঙিব, আৰু অকাৰণে মোক বাৰে বাৰে ক্ষতবিক্ষতহে কৰিব।
18 non concedit requiescere spiritum meum et implet me amaritudinibus
১৮তেওঁ মোক উশাহকে ল’ব নিদিব, কিন্তু মোক তিতাৰেহে পৰিপূৰ্ণ কৰিব।
19 si fortitudo quaeritur robustissimus est si aequitas iudicii nemo pro me audet testimonium dicere
১৯পৰাক্ৰমীৰ বলৰ কথাত হলে, তেওঁ কয়, চোৱা, মই আছোঁ, আৰু যদি বিচাৰৰ কথাত কয়, কোনে মোৰ নিমিত্তে দিন নিৰূপণ কৰিব?
20 si iustificare me voluero os meum condemnabit me si innocentem ostendere pravum me conprobabit
২০মই ধাৰ্মিক হলেও মোৰ মুখে মোক দোষী কৰিব; মই সিদ্ধ হলেও তেওঁ মোক অপৰাধী পাতিব।
21 etiam si simplex fuero hoc ipsum ignorabit anima mea et taedebit me vitae meae
২১মই সিদ্ধ, মই নিজ প্ৰাণক নামনি ইয়াকে কওঁ; জীৱনত মোৰ ঘিণ লাগিছে।
22 unum est quod locutus sum et innocentem et impium ipse consumit
২২সকলো বিষয়তে একে, সেই দেখি মই কওঁ, তেওঁ সিদ্ধ আৰু দুৰ্জন এই দুয়োকো সংহাৰ কৰে।
23 si flagellat occidat semel et non de poenis innocentum rideat
২৩আপদৰূপ চাবুকে যদি মানুহক অকস্মাতে মাৰি পেলায়, তেন্তে তেওঁ নিৰ্দ্দোষীবিলাকৰ নিৰাশা দেখি হাঁহিব।
24 terra data est in manu impii vultum iudicum eius operit quod si non ille est quis ergo est
২৪পৃথিৱী দুৰ্জনৰ হাতত শোধাই দিয়া হয়; তেওঁ তাৰ বিচাৰকৰ্ত্তাবিলাকৰ মুখ ঢাকে; যদি তেওঁ নহয়, তেন্তে তাকনো কোনে কৰে?
25 dies mei velociores fuerunt cursore fugerunt et non viderunt bonum
২৫মোৰ দিন কেইটা ডাকৱালাতকৈয়ো বেগী; একো মঙ্গল নেদেখাকৈ সেইবোৰ বেগাই যায়।
26 pertransierunt quasi naves poma portantes sicut aquila volans ad escam
২৬সেইবোৰ বেগী নাৱৰ দৰে চলি যায়, বা আহাৰৰ ওপৰত চোঁ মৰা ঈগল পক্ষী নিচিনাকৈ উৰি যায়।
27 cum dixero nequaquam ita loquar commuto faciem meam et dolore torqueor
২৭যদিও মই কওঁ যে, মোৰ দুখৰ কথা পাহৰি যাম, আৰু ম্লানমুখ দূৰ কৰি প্ৰসন্ন হম,
28 verebar omnia opera mea sciens quod non parceres delinquenti
২৮তথাপি তুমি মোক নিৰ্দ্দোষী জ্ঞান নকৰিবা বুলি জানি, মোৰ সকলো যাতনাত মই জিকাৰ খাই উঠো।
29 si autem et sic impius sum quare frustra laboravi
২৯মই দোষী হবই লাগিব; তেতিয়া হ’লে কিয় মই অনৰ্থক পৰিশ্ৰম কৰোঁ?
30 si lotus fuero quasi aquis nivis et fulserint velut mundissimae manus meae
৩০যদি মই হিমৰ পানীত গা ধোওঁ, আৰু খাৰেৰে হাত চাফা কৰোঁ,
31 tamen sordibus intingues me et abominabuntur me vestimenta mea
৩১তথাপি তুমি মোক খালত জুবুৰিয়াবা, আৰু মোৰ নিজৰ বস্ত্ৰয়ো মোক ঘিণ কৰিব।
32 neque enim viro qui similis mei est respondebo nec qui mecum in iudicio ex aequo possit audiri
৩২কিয়নো তেওঁ মোৰ নিচিনা মানুহ নহয় যে, মই তেওঁক উত্তৰ দিম, বা দুয়ো একে-লগে বিচাৰস্থানলৈ যাম।
33 non est qui utrumque valeat arguere et ponere manum suam in ambobus
৩৩আমাৰ দুয়োৰো ওপৰত হাত দিব পৰা এনেকুৱা মধ্যস্থ কোনো নাই।
34 auferat a me virgam suam et pavor eius non me terreat
৩৪তেওঁ মোৰ ওপৰৰ পৰা বিচাৰৰ দণ্ডডাল আঁতৰাওক, আৰু তেওঁৰ ভয়ানকতাই মোক ভয় নলগাওক;
35 loquar et non timebo eum neque enim possum metuens respondere
৩৫তেতিয়া মই কথা কম, তেওঁক ভয় নকৰিম; কিয়নো মই নিজে তেনেকুৱা নহওঁ।