< Job 36 >

1 addens quoque Heliu haec locutus est
ইলীহুৱে আৰু কথা কলে,
2 sustine me paululum et indicabo tibi adhuc enim habeo quod pro Deo loquar
আৰু অলপমান ধৈৰ্য ধৰা, মই তোমাক বুজাওঁ, কিয়নো ঈশ্বৰৰ পক্ষে মোৰ আৰু কথা আছে;
3 repetam scientiam meam a principio et operatorem meum probabo iustum
মই দুৰৈৰ পৰা মোৰ জ্ঞান সংগ্ৰহ কৰিম, আৰু মই মোৰ সৃষ্টিকৰ্তাৰ ধাৰ্মিকতা-গুণৰ বৰ্ণনা কৰিম।
4 vere enim absque mendacio sermones mei et perfecta scientia probabitur tibi
কিয়নো মোৰ কথা নিশ্চয়ে মিছা নহয়; জ্ঞানত সিদ্ধজন তোমাৰ লগতে আছে।
5 Deus potentes non abicit cum et ipse sit potens
চোৱা, ঈশ্বৰ পৰাক্ৰমী, তথাপি তেওঁ কাকো হেয়জ্ঞান নকৰে; তেওঁ বুদ্ধিৰ বলতো পৰাক্ৰমী।
6 sed non salvat impios et iudicium pauperibus tribuit
তেওঁ দুষ্টৰ প্ৰাণ ৰক্ষা নকৰে, কিন্তু দুখীয়াবিলাকৰ পক্ষে ন্যায় বিচাৰ কৰে।
7 non aufert a iusto oculos suos et reges in solio conlocat in perpetuum et illi eriguntur
তেওঁ ধাৰ্মিকলোকৰ পৰা চকু নুঘুৰাই; কিন্তু সিংহাসনত বহা ৰজাবিলাকৰ লগত, তেওঁ সৰ্ব্বতিকাললৈকে তেওঁবিলাকক বহুৱাই, তাত তেওঁবিলাকৰ উন্নতি হয়।
8 et si fuerint in catenis et vinciantur funibus paupertatis
আৰু যদি তেওঁবিলাকক শিকলিৰে বন্ধা হয়, আৰু তেওঁবিলাক দুখৰ লেজুত বান্ধ খায়,
9 indicabit eis opera eorum et scelera eorum quia violenti fuerint
তেন্তে তেওঁ তেওঁবিলাকক তেওঁবিলাকৰ কৰ্ম আৰু অপৰাধ দেখুৱাই, তেওঁবিলাকে যে অহংকাৰ কৰিলে, তাক তেওঁবিলাকক জনায়।
10 revelabit quoque aurem eorum ut corripiat et loquetur ut revertantur ab iniquitate
১০শিক্ষা গ্ৰহণ কৰিবলৈ তেওঁ তেওঁবিলাকৰ কাণ মুকলি কৰে, আৰু অধৰ্ম-পথৰ পৰা ঘুৰিবলৈ তেওঁবিলাকক আজ্ঞা দিয়ে।
11 si audierint et observaverint conplebunt dies suos in bono et annos suos in gloria
১১যদি তেওঁবিলাকে তেওঁৰ কথা শুনে, আৰু তেওঁৰ সেৱা কৰে, তেন্তে তেওঁবিলাকে তেওঁবিলাকৰ দিন সুখে সম্পদে নিয়ায়, আৰু তেওঁবিলাকৰ বছৰ কেইটা সন্তোষেৰে কটায়।
12 si autem non audierint transibunt per gladium et consumentur in stultitia
১২কিন্তু যদি তেওঁবিলাকে নুশুনে তেন্তে অস্ত্ৰাঘাতত বিনষ্ট হয়, আৰু জ্ঞানৰ অভাৱত প্ৰাণত্যাগ কৰে।
13 simulatores et callidi provocant iram Dei neque clamabunt cum vincti fuerint
১৩অধৰ্মচিত্তীয়াবোৰে ক্ৰোধ সাঁচি থয়; ঈশ্বৰে সিহঁতক বান্ধিলেও সিহঁতে কাতৰোক্তি নকৰে।
14 morietur in tempestate anima eorum et vita eorum inter effeminatos
১৪সিহঁত ডেকা কালতে মৰে, আৰু ভ্ৰষ্টাচাৰীবোৰৰ মাজত সিহঁতৰ প্রাণ নষ্ট হয়।
15 eripiet pauperem de angustia sua et revelabit in tribulatione aurem eius
১৫তেওঁ দুৰ্গতিত পৰা জনক তাৰ দুৰ্গতিৰ দ্বাৰাই উদ্ধাৰ কৰে, আৰু উপদ্ৰৱৰ দ্বাৰাই তেওঁবিলাকৰ কাণ মুকলি কৰে।
16 igitur salvabit te de ore angusto latissime et non habentis fundamentum subter se requies autem mensae tuae erit plena pinguedine
১৬তেওঁ তোমাক সঙ্কটৰ মুখৰ পৰা, ক্লেশ নোহোৱা বহল ঠাইলৈ উলিয়াই আনিছে; আৰু তোমাৰ মেজ অতি তেলীয়া আহাৰেৰে সজোৱা হব;
17 causa tua quasi impii iudicata est causam iudiciumque recipies
১৭কিন্তু তুমি দুষ্টৰ বিচাৰেৰে পৰিপূৰ্ণ হলে, তোমাক বিচাৰ আৰু ন্যায় দণ্ডই ধৰিব।
18 non te ergo superet ira ut aliquem opprimas nec multitudo donorum inclinet te
১৮সাৱধান, ক্ৰোধে তোমাক নিন্দা পথলৈ নিনিয়ক, আৰু মুক্তিৰ অধিক মূল্যই তোমাক অবাটে লৈ নাযাওক।
19 depone magnitudinem tuam absque tribulatione et omnes robustos fortitudine
১৯তোমাৰ ধন, আৰু শক্তি সমস্ত বল, তুমি দুখত নপৰিবলৈ জানো যথেষ্ট হব?
20 ne protrahas noctem ut ascendant populi pro eis
২০যি ৰাতিত লোকবিলাকক নিজ নিজ ঠাইত উচ্ছন্ন কৰা হয়, এনে ৰাতিলৈ তুমি বাঞ্ছা নকৰিবা।
21 cave ne declines ad iniquitatem hanc enim coepisti sequi post miseriam
২১সাৱধান, তুমি অধৰ্মলৈ মুখ নকৰিবা; কিয়নো তুমি দুখ ভোগতকৈ তাকেই মনোনীত কৰিছা।
22 ecce Deus excelsus in fortitudine sua et nullus ei similis in legislatoribus
২২চোৱা, ঈশ্বৰে নিজ পৰাক্ৰমত মহৎ কাৰ্য কৰে; তেওঁৰ নিচিনা শিক্ষা দিওঁতা কোন আছে?
23 quis poterit scrutari vias eius aut quis ei dicere operatus es iniquitatem
২৩কোনে তেওঁৰ নিমিত্তে তেওঁৰ পথ নিৰূপণ কৰিলে? বা তুমি অন্যায় কৰিলা, এই বুলি তেওঁক কোনে কব পাৰে?
24 memento quod ignores opus eius de quo cecinerunt viri
২৪ঈশ্বৰৰ যি কাৰ্যৰ বিষয়ে মানুহে গানৰ দ্বাৰাই কীৰ্ত্তন কৰিলে, তুমি সেই কাৰ্যৰ মহিমাৰ প্ৰশংসা কৰিবলৈ মনত ৰাখিবা।
25 omnes homines vident eum unusquisque intuetur procul
২৫সকলো মানুহে তাক নিৰীক্ষণ কৰে; মৰ্ত্ত্যই দূৰৈৰ পৰা তালৈ দৃষ্টি কৰে।
26 ecce Deus magnus vincens scientiam nostram numerus annorum eius inaestimabilis
২৬চোৱা, ঈশ্বৰ মহান, আৰু আমাৰ জ্ঞানৰ অগম্য; তেওঁৰ বছৰৰ সংখ্যাৰ অনুসন্ধান কৰা অসাধ্য।
27 qui aufert stillas pluviae et effundit imbres ad instar gurgitum
২৭কিয়নো তেওঁ জনৰ কণিকাবোৰ আকৰ্ষণ কৰে; সেইবোৰেই তেওঁৰ ভাপৰ পৰা জৰি জৰি পৰে;
28 qui de nubibus fluunt quae praetexunt cuncta desuper
২৮সেইবোৰক আকাশে বৰষায়, মানুহৰ ওপৰত অধিককৈ টোপে টোপে পেলায়।
29 si voluerit extendere nubes quasi tentorium suum
২৯বাস্তৱিক তেওঁৰ মেঘৰ বিস্তাৰণ, আৰু তেওঁৰ তম্বুৰূপ মেঘৰ গৰ্জ্জন কোনে বুজিব পাৰে?
30 et fulgurare lumine suo desuper cardines quoque maris operiet
৩০চোৱা, তেওঁ নিজৰ চাৰিওফালে নিজৰ পোহৰ বিস্তাৰ কৰে; আৰু তেওঁ সাগৰৰ তলি ঢাকে।
31 per haec enim iudicat populos et dat escas multis mortalibus
৩১কিয়নো তেওঁ এইবোৰৰ দ্বাৰাই লোকবিলাকক শাসন কৰে, আৰু প্ৰচুৰ পৰিমাণে খোৱা বস্তু দান কৰে।
32 in manibus abscondit lucem et praecipit ei ut rursus adveniat
৩২তেওঁ বিজুলীৰে নিজৰ অঞ্জলি ভৰায়, লক্ষ্যত লাগিবলৈ তেওঁ তাক আজ্ঞা দিয়ে।
33 adnuntiat de ea amico suo quod possessio eius sit et ad eam possit ascendere
৩৩তাৰ মহা শব্দই তেওঁৰ বিষয়ে সম্বাদ দিয়ে, পশুবোৰকো তেওঁৰ আগমণৰ কথা জনায়।

< Job 36 >