< Job 23 >
1 respondens autem Iob dixit
১তেতিয়া ইয়োবে পুনৰায় উত্তৰ কৰি কলে,
2 nunc quoque in amaritudine est sermo meus et manus plagae meae adgravata est super gemitum meum
২এতিয়াও মোৰ কাতৰোক্তি বিৰুদ্ধী; মোৰ কেঁকনিতকৈয়ো মই খোৱা কোব গুৰুতৰ।
3 quis mihi tribuat ut cognoscam et inveniam illum et veniam usque ad solium eius
৩অস, মই তেওঁক ক’ত পাম, তাক জনা হলে, আৰু তেওঁৰ তালৈ যাব পৰা হলে, কেনে ভাল আছিল।
4 ponam coram eo iudicium et os meum replebo increpationibus
৪তেতিয়া মোৰ গোচৰ তেওঁৰ আগত মই জনালোহেঁতেন, আৰু মোৰ মুখ নানা যুক্তিৰে পূৰ্ণ কৰিলোহেঁতেন;
5 ut sciam verba quae mihi respondeat et intellegam quid loquatur mihi
৫তেওঁ যি যি বাক্যৰ দ্বাৰাই মোক উত্তৰ দিব, তাক মই জানিলোঁহেঁতেন, আৰু তেওঁ মোলৈ কি কি কব, তাকো বুজিলোহেঁতেন।
6 nolo multa fortitudine contendat mecum nec magnitudinis suae mole me premat
৬তেওঁ মহাপৰাক্রমেৰে মোৰ লগত বিৰোধ কৰিলেহেঁতেন নে? নকৰিলেহেঁতেন, কিন্তু তেওঁ মোলৈ মনোযোগহে কৰিলেহেঁতেন।
7 proponat aequitatem contra me et perveniat ad victoriam iudicium meum
৭তেতিয়া সেই ঠাইত সৰল লোকে তেওঁৰ লগত বাদানুবাদ কৰিব পাৰিলেহেঁতেন; তাতে মোৰ বিচাৰকে মোক ন্যায় দিব পাৰিলেহেঁতেন।
8 si ad orientem iero non apparet si ad occidentem non intellegam eum
৮চোৱা, মই পূব ফাললৈ যাওঁ, কিন্তু তেওঁ তাত নাই; আৰু পশ্চিম ফাললৈ যাওঁ, তাতো তেওঁক দেখা নাপাওঁ।
9 si ad sinistram quid agat non adprehendam eum si me vertam ad dextram non videbo illum
৯তেওঁ কাৰ্য কৰা সময়ত মই উত্তৰ ফাললৈ যাওঁ, কিন্তু মই তেওঁক দেখা নাপাওঁ; তেওঁ দক্ষিণ ফালে নিজকে লুকুৱায়, কিন্তু মই তেওঁক নেদেখোঁ।
10 ipse vero scit viam meam et probavit me quasi aurum quod per ignem transit
১০কিন্তু মই যি পথ ধৰিছোঁ, তাক তেওঁ জানে; তেওঁ মোক পৰীক্ষা কৰা হলে, মই সোণৰ দৰে ওলালোহেঁতেন।
11 vestigia eius secutus est pes meus viam eius custodivi et non declinavi ex ea
১১মই তেওঁৰ ভৰিৰ খোজত ভৰি দি দি আহিছোঁ; এফলীয়া নোহোৱাকৈ মই তেওঁৰ পথত চলিছোঁ।
12 a mandatis labiorum eius non recessi et in sinu meo abscondi verba oris eius
১২তেওঁৰ মুখৰ আজ্ঞাৰ পৰা মই আঁতৰি যোৱা নাই; তেওঁৰ মুখৰ বাক্য মোৰ আৱশ্যকীয় আহাৰতকৈয়ো বহুমূল্য জ্ঞান কৰিলোঁ।
13 ipse enim solus est et nemo avertere potest cogitationem eius et anima eius quodcumque voluerit hoc facit
১৩কিন্তু তেওঁ এক মনৰ লোক, তেওঁক কোনে ঘুৰাব পাৰে? তেওঁৰ যি ইচ্ছা, তাকেই তেওঁ কৰে।
14 cum expleverit in me voluntatem suam et alia multa similia praesto sunt ei
১৪মোলৈ যি নিৰূপিত, নিশ্চয়ে তাক তেওঁ সিদ্ধ কৰিব; আৰু এনে অনেক কথা তেওঁৰ মনত আছে।
15 et idcirco a facie eius turbatus sum et considerans eum timore sollicitor
১৫এই নিমিত্তে মই তেওঁৰ সাক্ষাতে ব্যাকুল হওঁ। মই বিবেচনা কৰিলে তেওঁৰ পৰা ভয় পাওঁ।
16 Deus mollivit cor meum et Omnipotens conturbavit me
১৬কিয়নো ঈশ্বৰেই মোৰ মন ভগ্ন কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাই মোক ব্যাকুল কৰিলে;
17 non enim perii propter inminentes tenebras nec faciem meam operuit caligo
১৭কাৰণ মই আন্ধাৰৰ কাৰণে ব্যাকুল নহওঁ, আৰু ঘোৰ অন্ধকাৰে ঢকা মোৰ মুখৰ কাৰণে মই বিহ্বল নহওঁ।