< Jeremiæ 1 >

1 verba Hieremiae filii Helciae de sacerdotibus qui fuerunt in Anathoth in terra Beniamin
এয়েই আছিল হিল্কিয়াৰ পুত্র যিৰিমিয়াৰ বাক্য, যিজনে এই পুস্তক লিখিছিল। তেওঁ বিন্যামীন ফৈদৰ প্ৰদেশত থকা অনাথোৎ নিবাসীৰ এজন পুৰোহিত আছিল।
2 quod factum est verbum Domini ad eum in diebus Iosiae filii Amon regis Iuda in tertiodecimo anno regni eius
যিহূদা দেশৰ ৰজা আমোনৰ পুত্ৰ যোচিয়াৰ ৰাজত্ব কালৰ ত্ৰয়োদশ বছৰ ধৰি যিহোৱাই তেওঁৰ এই বাক্যবোৰ যিৰিমিয়ালৈ দিবলৈ আৰম্ভ কৰিছিল।
3 et factum est in diebus Ioachim filii Iosiae regis Iuda usque ad consummationem undecimi anni Sedeciae filii Iosiae regis Iuda usque ad transmigrationem Hierusalem in mense quinto
যোচিয়াৰ পুত্ৰ যিহূদাৰ যিহোয়াকীম ৰজাৰ শাসন কালত আৰু যোচিয়াৰ পুত্ৰ যিহূদাৰ চিদিকিয়া ৰজাৰ ৰাজত্ব কালৰ একাদশ বছৰৰ শেষলৈকে, তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহি আছিল। এয়েই বছৰৰ পঞ্চম মাহ আছিল যেতিয়া যিৰূচালেমৰ লোকসকলক বাবিলনলৈ দেশান্ততৰ কৰি নিয়া হৈছিল।
4 et factum est verbum Domini ad me dicens
এদিনাখন যিহোৱাই এই বাক্য মোলৈ দিছিল:
5 priusquam te formarem in utero novi te et antequam exires de vulva sanctificavi te prophetam gentibus dedi te
বোলে, “তোমাৰ মাতৃৰ গৰ্ভত তোমাক নিৰ্ম্মাণ কৰাৰ আগতে মই তোমাক জানিলোঁ। আৰু তুমি গৰ্ভৰ পৰা বাহিৰ হোৱা আগতে মোৰ গৌৰৱৰ অৰ্থেই মই তোমাক পৃথক কৰিলোঁ; আৰু মই তোমাক মোৰ ভাববাদী হবলৈ নিযুক্ত কৰিলোঁ গোটেই জাতিবোৰৰ বাবে।”
6 et dixi a a a Domine Deus ecce nescio loqui quia puer ego sum
তেতিয়া মই ক’লোঁ, “হায় হায় মোৰ প্ৰভু যিহোৱা, আপুনি বুজা নাই নে, যে আপোনাৰ কাৰণে কথা কবলৈ মই যোগ্য নহওঁ? কিয়নো মই নিচেই ডেকা!”
7 et dixit Dominus ad me noli dicere puer sum quoniam ad omnia quae mittam te ibis et universa quaecumque mandavero tibi loqueris
যিহোৱাই উত্তৰ দি ক’লে, “তুমি এনে কথা নকবা, কিয়নো, মই তোমাক যিসকলৰ ওচৰলৈ পঠিয়াম, তেওঁলোকৰ প্রত্যেকজনৰ গুৰিলৈ তুমি যাবই লাগিব, আৰু তোমাক যি যি আজ্ঞা কৰিম, সেই সকলোকে তুমি তেওঁলোকক কবই লাগিব।
8 ne timeas a facie eorum quia tecum ego sum ut eruam te dicit Dominus
তুমি যিসকলক কথা ক’বা, তেওঁলোকলৈ ভয় নকৰিবা, কিয়নো তেওঁলোকৰ দ্বাৰাই অনিষ্ট হোৱাৰ পৰা মই তোমাক সুৰক্ষা দিম। আৰু এইয়া নিশ্চয়কে ঘটিব, কিয়নো মই যিহোৱাই ইয়াকে ক’লো।
9 et misit Dominus manum suam et tetigit os meum et dixit Dominus ad me ecce dedi verba mea in ore tuo
তেতিয়া যিহোৱাই নিজ হাত মেলি মোৰ মুখ স্পৰ্শ কৰিলে আৰু মোক ক’লে, চোৱা, মই মোৰ বাক্য তোমাৰ মুখত দিলোঁ;
10 ecce constitui te hodie super gentes et super regna ut evellas et destruas et disperdas et dissipes et aedifices et plantes
১০চোৱা, উঘালিবলৈ আৰু ভাঙিবলৈ, বিনষ্ট কৰিবলৈ আৰু উৎপাত কৰিবলৈ, সাজিবলৈ আৰু ৰুবলৈ, জাতিবোৰৰ আৰু ৰজাসকলৰ ওপৰত মই আজি তোমাক নিযুক্ত কৰিলোঁ।
11 et factum est verbum Domini ad me dicens quid tu vides Hieremia et dixi virgam vigilantem ego video
১১তেতিয়া যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “হে যিৰিমিয়া, তুমি কি দেখিছা?” তাতে মই ক’লোঁ, “বাদাম গছৰ এডাল ডাল দেখিছোঁ।”
12 et dixit Dominus ad me bene vidisti quia vigilabo ego super verbo meo ut faciam illud
১২যিহোৱাই ক’লে, “ঠিকেই দেখিছা। কিয়নো ‘বাদাম’ শব্দটো ‘সজাগতা’ শব্দটোৰ লগত মিল আছে, অৰ্থাৎ যি ঘটিবলৈ আছে মই তালৈ সজাগ হৈ আছোঁ, আৰু জাতিবোৰ ধ্বংশ হোৱাৰ বাবে মোৰ বাক্য সিদ্ধ কৰিবলৈ সজাগে আছোঁ।”
13 et factum est verbum Domini secundo ad me dicens quid tu vides et dixi ollam succensam ego video et faciem eius a facie aquilonis
১৩তেতিয়া পুনৰ যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, বোলে, “এতিয়া তুমি কি দেখিছা?” মই উত্তৰ দি ক’লোঁ, “মই এটা ঘূৰণীয়া পাত্র দেখিছোঁ য’ত উতলি থকা পানীৰে পৰিপূৰ্ণ হৈ আছে। দক্ষিণ ফালৰ পৰা তাৰ মুখ ফালে কাতি হৈ আছে।”
14 et dixit Dominus ad me ab aquilone pandetur malum super omnes habitatores terrae
১৪যিহোৱাই উত্তৰ দি ক’লে, “হয়! ইয়াৰ অৰ্থ হ’ল, ঘূৰণীয়া পাত্রৰ পৰা উতলা পানী ঢলাৰ দৰে, উত্তৰ দিশৰ পৰা এই আটায় দেশ-নিবাসীলৈ অমঙ্গলৰে বিয়পি পৰিব।
15 quia ecce ego convocabo omnes cognationes regnorum aquilonis ait Dominus et venient et ponent unusquisque solium suum in introitu portarum Hierusalem et super omnes muros eius in circuitu et super universas urbes Iuda
১৫মই কি কৈ আছোঁ, তাক শুনা: যিহূদাৰ উত্তৰ দিশত থকা ৰাজ্যবোৰৰ পৰা যিৰূচালেমলৈ আহিবলৈ মাতি পঠিয়াম। তেওঁলোকৰ ৰজাসকলে আহি যিৰূচালেমৰ দুৱাৰবোৰৰ সোমোৱা ঠাইত আৰু তাৰ চাৰিওফালে থকা গড়বোৰৰ সন্মূখত, আৰু আটাই নগৰবোৰৰ সন্মূখত নিজ নিজ সিংহাসন স্থাপন কৰি, এতিয়া তেওঁলোক যিহূদাৰ ৰজা বুলি, নিৰ্দেশ দিব।
16 et loquar iudicia mea cum eis super omni malitia eorum qui dereliquerunt me et libaverunt diis alienis et adoraverunt opus manuum suarum
১৬তেতিয়া মই তেওঁলোকৰ আটাই দুষ্টতাৰ কাৰণে মোৰ লোকসকলৰ বিৰুদ্ধে মোৰ দণ্ডাজ্ঞা প্ৰচাৰ কৰিম; কিয়নো তেওঁলোকে মোক পৰিত্যাগ কৰি ইতৰ দেৱতাবোৰৰ আগত ধূপ জ্বলাইছে। আৰু তেওঁলোকে নিজ নিজ হাতেৰে নির্মান কৰা মূর্তিৰ আগত প্ৰণিপাত কৰিছে!
17 tu ergo accinge lumbos tuos et surge et loquere ad eos omnia quae ego praecipio tibi ne formides a facie eorum nec enim timere te faciam vultum eorum
১৭এই হেতুকে তুমি কঁকাল বান্ধি কামলৈ বুলি সাজো হোৱা! মই তোমাক যি যি আজ্ঞা কৰোঁ, সেই সকলোকে যিহূদাৰ লোকসকলক কোৱা। তেওঁলোকৰ আগত ব্যাকুল নহ’বা, যদি হোৱা, মই তেওঁলোকৰ আগত উদাহৰণ ৰূপে তোমালৈকো দণ্ডাজ্ঞা দিম!
18 ego quippe dedi te hodie in civitatem munitam et in columnam ferream et in murum aereum super omnem terram regibus Iuda principibus eius et sacerdotibus et populo terrae
১৮কিয়নো শুনা! মই আজি সমুদায় দেশৰ, যিহূদাৰ ৰজাসকলৰ, ইয়াৰ অধ্যক্ষসকলৰ, পুৰোহিতসকলৰ আৰু দেশৰ সাধাৰণ লোকসকলৰ বিৰুদ্ধে তোমাক দৃঢ় নগৰ, লোহাৰ স্তম্ভ আৰু পিতলৰ গড়স্বৰূপ কৰিলোঁ।
19 et bellabunt adversum te et non praevalebunt quia tecum ego sum ait Dominus ut liberem te
১৯তেওঁলোকে তোমাৰ বিৰুদ্ধে যুদ্ধ কৰিব, কিন্তু তোমাক ঘটোৱাব নোৱাৰিব, কিয়নো মই তোমাৰ লগত থাকিম আৰু তোমালোকক উদ্ধাৰ কৰিম। আৰু ই নিশ্চয়কৈ ঘটিব কিয়নো মই, যিহোৱাই ইয়াকে ক’লো!”

< Jeremiæ 1 >