< Osee Propheta 4 >
1 audite verbum Domini filii Israhel quia iudicium Domino cum habitatoribus terrae non est enim veritas et non est misericordia et non est scientia Dei in terra
১হে ইস্ৰায়েলীয়াসকল, তোমালোকে যিহোৱাৰ বাক্য শুনা; কিয়নো দেশৰ বাসিন্দাসকলৰ বিৰুদ্ধে যিহোৱাৰ এক অভিযোগ আছে। সেয়া হৈছে, দেশখনত বিশ্বস্ততা বা সত্যবাদিতা নাই আৰু ঈশ্বৰ সম্বন্ধে কোনো জ্ঞান নাই।
2 maledictum et mendacium et homicidium et furtum et adulterium inundaverunt et sanguis sanguinem tetigit
২কেৱল শপত ভাঙা, মিছা কথা কোৱা, নৰ-বধ কৰা, চুৰ কৰা আৰু ব্যভিচাৰ চলিছে; ৰক্তপাতৰ উপৰি ৰক্তপাত হৈছে।
3 propter hoc lugebit terra et infirmabitur omnis qui habitat in ea in bestia agri et in volucre caeli sed et pisces maris congregabuntur
৩এই কাৰণে দেশে শোক কৰিছে, আৰু যি সকলে তাত বাস কৰে তেওঁলোক দুর্বল হৈ গৈছে। বনৰীয়া পশু আৰু আকাশৰ চৰাইবোৰ, এনেকি সমুদ্রৰ মাছবোৰৰ বিনাশ হৈছে।
4 verumtamen unusquisque non iudicet et non arguatur vir populus enim tuus sicut hii qui contradicunt sacerdoti
৪তথাপিও কোনো মানুহে বিবাদ নকৰক, কোনেও কাৰো বিৰুদ্ধে অভিযোগ নকৰক; কিয়নো, হে পুৰোহিতসকল, তোমালোকৰ ওচৰত মোৰ অভিযোগ আছে।
5 et corrues hodie et corruet etiam propheta tecum nocte tacere feci matrem tuam
৫পুৰোহিতসকল, তোমালোকে দিনত উজুটি খাবা, ৰাতি তোমালোকৰ সৈতে ভাৱবাদীয়েও উজুটি খাব; মই তোমালোকৰ মাতৃ ইস্রায়েলক বিনষ্ট কৰিম।
6 conticuit populus meus eo quod non habuerit scientiam quia tu scientiam reppulisti repellam te ne sacerdotio fungaris mihi et oblita es legis Dei tui obliviscar filiorum tuorum et ego
৬জ্ঞানৰ অভাৱত মোৰ লোকসকল নষ্ট হৈছে। তোমালোকে সেই জ্ঞানক অগ্ৰাহ্য কৰাৰ কাৰণে মইও তোমালোকক মোৰ পুৰোহিত হিচাবে অগ্ৰাহ্য কৰিলোঁ। তোমালোকৰ ঈশ্বৰৰ ব্যৱস্থা তোমালোকে পাহৰি গৈছা, সেয়ে মইও তোমালোকৰ সন্তান সকলক পাহৰি যাম।
7 secundum multitudinem eorum sic peccaverunt mihi gloriam eorum in ignominiam commutabo
৭পুৰোহিতসকল সংখ্যাত যিমানে বৃদ্ধি পাইছে, সিমানে তেওঁলোকে মোৰ বিৰুদ্ধে পাপ কৰিছে; মই তেওঁলোকৰ গৌৰৱ লাজত পৰিবৰ্ত্তন কৰিম।
8 peccata populi mei comedent et ad iniquitatem eorum sublevabunt animas eorum
৮মোৰ লোকসকলৰ পাপ কার্যত তেওঁলোকে আহাৰ পায়; লোকসকলৰ দুষ্টতাৰ কাৰণে তেওঁলোক লোভী হয়।
9 et erit sicut populus sic sacerdos et visitabo super eum vias eius et cogitationes eius reddam ei
৯এই হেতুকে, যেনেকৈ লোকসকল, তেনেকৈ পুৰোহিতসকলৰো হ’ব; দুয়োকো তেওঁলোকৰ দুষ্ট পথৰ বাবে মই শাস্তি দিম। মই তেওঁলোকৰ কাৰ্যবোৰৰ বাবে তেওঁলোকক প্ৰতিফল দিম।
10 et comedent et non saturabuntur fornicati sunt et non cessaverunt quoniam Dominum reliquerunt in non custodiendo
১০তেওঁলোকে ভোজন কৰিব, কিন্তু তৃপ্ত নহ’ব, বেশ্যাকৰ্ম কৰিব, কিন্তু সংখ্যা বৃদ্ধি নহ’ব; কিয়নো তেওঁলোকে মূর্তিপূজা কৰি যিহোৱাক ত্যাগ কৰিলে।
11 fornicatio et vinum et ebrietas aufert cor
১১ব্যভিচাৰ, দ্ৰাক্ষাৰস আৰু নতুন দ্রাক্ষাৰসে লোকসকলৰ বুদ্ধি নষ্ট কৰিছে।
12 populus meus in ligno suo interrogavit et baculus eius adnuntiavit ei spiritus enim fornicationum decepit eos et fornicati sunt a Deo suo
১২মোৰ লোকসকলে এডোখৰ কাঠৰ মূর্তিৰ ওচৰত পৰামর্শ বিচাৰে, তেওঁলোকৰ লাখুটিডালে তেওঁলোকক নির্দেশনা দিয়ে, কিয়নো বেশ্যাকৰ্মলৈ নিয়া আত্মাই তেওঁলোকক বিপথে লৈ গৈছে। তেওঁলোকে বেশ্যাকৰ্ম কৰি নিজৰ ঈশ্বৰক ত্যাগ কৰিলে।
13 super capita montium sacrificabant et super colles accendebant thymiama subtus quercum et populum et terebinthum quia bona erat umbra eius ideo fornicabuntur filiae vestrae et sponsae vestrae adulterae erunt
১৩তেওঁলোকে পর্বতৰ উচ্চ চূড়াবোৰত বলি উৎসর্গ কৰে, পাহাৰবোৰৰ ওপৰত নৈবেদ্য উৎসর্গ কৰে, অলোন, লিবনি, আৰু এলা গছৰ তলত, য’ত আৰামদায়ক ছাঁ আছে, তাত ধূপ জ্বলায়। সেই কাৰণেই তোমালোকৰ ছোৱালীবোৰ বেশ্যা হয়, আৰু তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰে।
14 non visitabo super filias vestras cum fuerint fornicatae et super sponsas vestras cum adulteraverint quoniam ipsi cum meretricibus versabantur et cum effeminatis sacrificabant et populus non intellegens vapulabit
১৪তোমালোকৰ ছোৱালীবোৰে বেশ্যাকৰ্ম কৰিলেও, বা তোমালোকৰ বোৱাৰীবোৰে ব্যভিচাৰ কৰিলেও মই তেওঁলোকক শাস্তি নিদিম; কিয়নো পুৰুষসকলে নিজেই বেশ্যাসকলৰ সৈতে নিৰ্জন ঠাইলৈ যায়, আৰু দেৱদাসী বেশ্যাসকলৰ সৈতে বলি উৎসর্গ কৰে; এই বুদ্ধিহীন জাতি ধ্বংস হৈ যাব।
15 si fornicaris tu Israhel non delinquat saltim Iuda et nolite ingredi in Galgala et ne ascenderitis in Bethaven neque iuraveritis vivit Dominus
১৫হে ইস্ৰায়েল, তুমি যদিও ব্যভিচাৰ কৰিছা, তথাপিও যিহূদা যেন সেই দোষত দোষী নহয়; তোমালোক গিলগললৈ নাযাবা, বৈৎ-আবনলৈকে উঠি নাযাবা; “জীৱন্ত যিহোৱাৰ শপত” বুলি শপত নাখাবা।
16 quoniam sicut vacca lasciviens declinavit Israhel nunc pascet eos Dominus quasi agnum in latitudine
১৬ঠৰডিঙীয়া চেঁউৰী গাইৰ নিচিনা ইস্রায়েলীয়াসকল ঠৰডিঙীয়া। সেয়ে, বহল পথাৰত পোৱালি মেৰ-ছাগ এটাক চৰোৱাৰ দৰে যিহোৱাই জানো এতিয়া তেওঁলোকক চৰাব পাৰে?
17 particeps idolorum Ephraim dimitte eum
১৭ইফ্ৰয়িমে মূৰ্ত্তিবোৰৰ সৈতে যোগ দিছে। তেওঁক সেইদৰেই থাকিব দিয়া।
18 separatum est convivium eorum fornicatione fornicati sunt dilexerunt adferre ignominiam protectores eius
১৮যেতিয়া তেওঁলোকৰ সুৰা পান কৰা শেষ হয়, তেতিয়া তেওঁলোকে বেশ্যাকৰ্ম কৰি থাকে; তেওঁলোকে নিজৰ গৌৰৱতকৈ ব্যভিচাৰী কার্যক অধিক বেছি ভাল পায়।
19 ligavit spiritus eam in alis suis et confundentur a sacrificiis suis
১৯শাস্তিৰ এক বায়ুৱে নিজৰ ডেউকাৰে সেই জাতিক মেৰিয়াই উৰাই লৈ যাব; তাতে তেওঁলোকে নিজৰ উৎসর্গবোৰৰ কাৰণে লাজ পাব।