< Aggæi Prophetæ 2 >

1 in septimo mense vicesima et prima mensis factum est verbum Domini in manu Aggei prophetae dicens
ৰজা দাৰিয়াবচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰৰ সপ্তম মাহৰ একৈশ দিনৰ দিনা ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য পুনৰ আহিল,
2 loquere ad Zorobabel filium Salathihel ducem Iuda et ad Iesum filium Iosedech sacerdotem magnum et ad reliquos populi dicens
“যিহূদাৰ শাসনকৰ্ত্তা চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিল, যিহোচাদকৰ পুত্ৰ প্ৰধান পুৰোহিত যিহোচূৱা, আৰু জনসাধাৰণৰ মাজৰ অৱশিষ্ট লোকক এই কথা কোৱা,
3 quis in vobis est derelictus qui vidit domum istam in gloria sua prima et quid vos videtis hanc nunc numquid non ita est quasi non sit in oculis vestris
তোমালোকৰ মাজত কোন আছে? যিজনে এই গৃহৰ পূৰ্বৰ গৌৰৱ দেখিছে; আৰু এতিয়া এই গৃহ কেনে দেখিছা? তোমালোকৰ দৃষ্টিত এয়ে একো নোহোৱাৰ দৰে নহয় নে?
4 et nunc confortare Zorobabel dicit Dominus et confortare Iesu fili Iosedech sacerdos magne et confortare omnis popule terrae dicit Dominus exercituum et facite quoniam ego vobiscum sum dicit Dominus exercituum
‘হে জৰুব্বাবিল বলৱান হোৱা!’ যিহোৱাই এই কথা ঘোষণা কৰিছে, যিহোচাদকৰ পুত্ৰ হে প্ৰধান পুৰোহিত যিহোচূৱা, তুমিও বলৱান হোৱা; আৰু যিহোৱাই কৈছে, দেশৰ সকলো লোক তোমালোক বলৱান হোৱা, আৰু কাৰ্য কৰা; কাৰণ বাহিনীসকলৰ যিহোৱাই কৈছে, ‘মই তোমালোকৰ লগত আছোঁ!’
5 verbum quod placui vobiscum cum egrederemini de terra Aegypti et spiritus meus erit in medio vestrum nolite timere
তোমালোক যেতিয়া মিচৰৰ পৰা ওলাই আহিলা, তেতিয়া প্রতিজ্ঞাবোৰ অন্তৰ্ভুক্ত কৰাৰ দ্বাৰাই, মই তোমালোকৰ সৈতে নিয়ম স্থাপন কৰিলোঁ। আৰু মোৰ আত্মা তোমালোকৰ মাজত স্থিতি ল’লে; সেয়ে তোমালোকে ভয় নকৰিবা।
6 quia haec dicit Dominus exercituum adhuc unum modicum est et ego commovebo caelum et terram et mare et aridam
কাৰণ বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘খন্তেক পাছতে, মই আৰু এবাৰ আকাশ-মণ্ডল, পৃথিৱী, সমুদ্ৰ আৰু শুকান ভূমি কঁপাম!
7 et movebo omnes gentes et veniet desideratus cunctis gentibus et implebo domum istam gloria dicit Dominus exercituum
আৰু মই প্রত্যেক দেশবোৰক কঁপাম, আৰু প্রত্যেক দেশে মোলৈ বহুমূল্যৱান বস্তু আনিব; বাহিনীসকলৰ যিহোৱাই কৈছে, মই এই গৃহ গৌৰৱেৰে পৰিপূৰ্ণ কৰিম।
8 meum est argentum et meum est aurum dicit Dominus exercituum
বাহিনীসকলৰ যিহোৱাই কৈছে, ৰূপ আৰু সোণবোৰ মোৰ।
9 magna erit gloria domus istius novissimae plus quam primae dicit Dominus exercituum et in loco isto dabo pacem dicit Dominus exercituum
বাহিনীসকলৰ যিহোৱাই কৈছে, এই গৃহৰ পূৰ্বৰ প্ৰতাপতকৈ ভবিষ্যতৰ প্ৰতাপ অধিক হ’ব, আৰু বাহিনীসকলৰ যিহোৱাই এইদৰে ঘোষণা কৰিছে, এই ঠাইত মই শান্তি দান কৰিম।
10 in vicesima et quarta noni mensis in anno secundo Darii factum est verbum Domini ad Aggeum prophetam dicens
১০ৰজা দাৰিয়াবচৰ ৰাজত্বৰ দ্বিতীয় বছৰৰ নৱম মাহৰ চৌবিশ দিনৰ দিনা, ভাববাদী হগ্গয়ৰ দ্বাৰাই যিহোৱাৰ বাক্য আহিল,
11 haec dicit Dominus exercituum interroga sacerdotes legem dicens
১১“বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ‘তুমি পুৰোহিতসকলক বিধানৰ বিষয়ে সোধা আৰু কোৱা:
12 si tulerit homo carnem sanctificatam in ora vestimenti sui et tetigerit de summitate eius panem aut pulmentum aut vinum aut oleum aut omnem cibum numquid sanctificabitur respondentes autem sacerdotes dixerunt non
১২কোনোৱে যদি নিজৰ বস্ত্রত পবিত্ৰ মাংস বান্ধি লৈ যায়, আৰু যদি পিঠা, সিজোৱা দাইল, দ্ৰাক্ষাৰস, তেল, বা আন কোনো খোৱা বস্তু তেওঁৰ সেই বান্ধি লৈ যোৱা বস্ত্রত লাগে, তেনেহ’লে সেই খোৱা বস্তুবোৰ পবিত্ৰ হ’ব নে’?”” পুৰোহিত সকলে উত্তৰ দি ক’লে, “নহ’ব।”
13 et dixit Aggeus si tetigerit pollutus in anima ex omnibus his numquid contaminabitur et responderunt sacerdotes et dixerunt contaminabitur
১৩তেতিয়া হগ্গয়ে ক’লে, “মৰা শৱ চুই অশুচি হোৱা কোনো মানুহে যদি সেইবোৰৰ মাজৰ পৰা কোনো বস্তু চোৱে, তেনেহ’লে সেয়ে অশুচি হ’ব নে?” পুৰোহিতসকলে উত্তৰ দি ক’লে, “হয়, সেয়ে অশুচি হ’ব।”
14 et respondit Aggeus et dixit sic populus iste et sic gens ista ante faciem meam dicit Dominus et sic omne opus manuum eorum et omnia quae obtulerint ibi contaminata erunt
১৪তেতিয়া হগ্গয়ে উত্তৰ দি ক’লে, “যিহোৱাই কৈছে, মোৰ আগত এই লোকসকল আৰু এই দেশ তেনেকুৱা, আৰু তেওঁলোকৰ হাতৰ সকলো কাৰ্যও তেনেকুৱা। তেওঁলোকে মোলৈ যি উৎসৰ্গ কৰে, সেইবোৰ অশুচি।
15 et nunc ponite corda vestra a die hac et supra antequam poneretur lapis super lapidem in templo Domini
১৫সেয়ে এতিয়া যিহোৱাৰ মন্দিৰত শিলৰ ওপৰত শিল স্থাপন নকৰা দিনৰে পৰা আজিলৈকে সেইবোৰ দিন বিবেচনা কৰা।
16 cum accederetis ad acervum viginti modiorum et fierent decem intraretis ad torcular ut exprimeretis quinquaginta lagoenas et fiebant viginti
১৬কোনো মানুহে যেতিয়াই শস্যৰ দ’মৰ পৰা বিশ জোখৰ শস্য ল’বলৈ আহে, তেতিয়া তাত কেৱল দহ জোখৰ শস্য মাথোন পায়, আৰু কোনো মানুহে যেতিয়া পঞ্চাশ কলহ দ্ৰাক্ষাৰস ল’বলৈ দ্ৰাক্ষাকুণ্ডলৈ আহে, তেতিয়া তাত কেৱল বিশ কলহহে পায়।
17 percussi vos vento urente et aurugine et grandine omnia opera manuum vestrarum et non fuit in vobis qui reverteretur ad me dicit Dominus
১৭যিহোৱাই এই কথা কৈছে, মই তোমালোকক দুৰ্দশাগ্রস্ত কৰিলোঁ, আৰু তোমালোকৰ হাতৰ সকলো উৎপন্ন উদ্ভিদ ৰোগেৰে নষ্ট কৰিলোঁ, তথাপিও তোমালোকে এতিয়ালৈ মোলৈ ঘূৰি অহা নাই।
18 ponite corda vestra ex die ista et in futurum a die vicesima et quarta noni mensis a die qua fundamenta iacta sunt templi Domini ponite super cor vestrum
১৮‘নৱম মাহৰ চৌবিশ দিনলৈকে যিমান দিন অতীত হৈ গ’ল, আৰু যিহোৱাৰ মন্দিৰৰ ভিত্তিমূল স্থাপন কৰা দিনৰে পৰা আজিলৈকে সকলো দিন বিবেচনা কৰা!
19 numquid iam semen in germine est et adhuc vinea et ficus et malogranatum et lignum olivae non floruit ex die ista benedicam
১৯ভঁৰালত এতিয়ালৈকে শস্য আছে নে? দ্ৰাক্ষালতা, ডিমৰু গছ, ডালিম, আৰু জিত গছে ফল দিয়া নাছিল; কিন্তু আজিৰ পৰা মই তোমাক আশীৰ্ব্বাদ কৰিম’।”
20 et factum est verbum Domini secundo ad Aggeum in vicesima et quarta mensis dicens
২০তাৰ পাছত ৰজা দাৰিয়াবচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰৰ সপ্তম মাহৰ চৌবিশ দিনৰ দিনা যিহোৱাৰ বাক্য দ্বিতীয়বাৰ হগ্গয়লৈ আহিল, আৰু তেওঁ ক’লে,
21 loquere ad Zorobabel ducem Iuda dicens ego movebo caelum pariter et terram
২১“যিহূদাৰ শাসনকৰ্ত্তা জৰুব্বাবিলক কোৱা, মই আকাশ-মণ্ডল আৰু পৃথিৱী কঁপাম;
22 et subvertam solium regnorum et conteram fortitudinem regni gentium et subvertam quadrigam et ascensorem eius et descendent equi et ascensores eorum vir in gladio fratris sui
২২মই ৰাজ্যবোৰৰ সিংহাসন লুটিয়াই পেলাম, আৰু দেশৰ ৰাজ্যবোৰৰ শক্তি নাশ কৰিম, আৰু ৰথ আৰু ৰথৰ আৰোহীসকলক লুটিয়াই পেলাম; ঘোঁৰা আৰু ঘোঁৰাৰ আৰোহী প্রতিজনক নিজৰ ভায়েকৰ তৰোৱালেৰে আঘাত কৰি তলত পেলোৱা হ’ব।
23 in die illo dicit Dominus exercituum adsumam te Zorobabel fili Salathihel serve meus dicit Dominus et ponam te quasi signaculum quia te elegi dicit Dominus exercituum
২৩বাহিনীসকলৰ যিহোৱাই এই ঘোষণা কৰিছে, সেই দিনা মোৰ দাস চল্টীয়েলৰ পুত্ৰ জৰুব্বাবিলক মই গ্ৰহণ কৰিম; আৰু মই তোমাক মোৰ আঙঠিত মোহৰৰ দৰে স্থাপন কৰিম; কাৰণ, বাহিনীসকলৰ যিহোৱাই কৈছে, মই তোমাক মনোনীত কৰিলোঁ!’

< Aggæi Prophetæ 2 >