< Genesis 25 >

1 Abraham vero aliam duxit uxorem nomine Cetthuram
পাছত অব্ৰাহামে কটুৰা নামৰ আন এগৰাকীক বিয়া কৰিলে।
2 quae peperit ei Zamram et Iexan et Madan et Madian et Iesboch et Sue
তেওঁৰ ঔৰসত জিম্ৰণ, যক্সন, মদান, মিদিয়ন, যস্বক আৰু চুহৰ জন্ম হ’ল।
3 Iexan quoque genuit Saba et Dadan filii Dadan fuerunt Assurim et Lathusim et Loommim
যক্সনৰ সন্তান চিবা আৰু দদান। অচুৰীয়া, লটুচীয়া, লিয়ুম্মীয়া, এইকেইজন দদানৰ সন্তান।
4 at vero ex Madian ortus est Epha et Opher et Enoch et Abida et Eldaa omnes hii filii Cetthurae
মিদিয়নৰ সন্তান ঐফা, এফৰ, হনোক, অবীদা আৰু ইলদায়া। এই আটাইকেইজন আছিল সেই কটুৰাৰ বংশধৰ।
5 deditque Abraham cuncta quae possederat Isaac
অব্ৰাহামে নিজৰ সৰ্ব্বস্বৰ ওপৰত ইচহাকক অধিকাৰ দিলে।
6 filiis autem concubinarum largitus est munera et separavit eos ab Isaac filio suo dum adhuc ipse viveret ad plagam orientalem
কিন্তু উপপত্নীৰ সন্তান সকলকো তেওঁ জীৱিত কালত অলপ অলপ দানস্বৰূপে দিলে। এই সন্তান সকলক তেওঁ তেওঁৰ পুত্ৰ ইচহাকৰ ওচৰৰ পৰা দূৰ কৰি পূবফালৰ দেশলৈ পঠাই দিলে।
7 fuerunt autem dies vitae eius centum septuaginta quinque anni
অব্ৰাহাম মুঠ 175 বছৰ জীয়াই আছিল।
8 et deficiens mortuus est in senectute bona provectaeque aetatis et plenus dierum congregatusque est ad populum suum
অব্ৰাহামে সম্পূৰ্ণ আয়ুস পাই এক উত্তম বৃদ্ধ অৱস্থাত মৃত্যু বৰণ কৰিলে আৰু তেওঁ ওপৰ পিতৃসকলৰ ওচৰলৈ গ’ল।
9 et sepelierunt eum Isaac et Ismahel filii sui in spelunca duplici quae sita est in agro Ephron filii Soor Hetthei e regione Mambre
মম্ৰি চহৰৰ পূব ফালে হিত্তীয়া চোহৰৰ পুত্র ইফ্রোণৰ পথাৰত মকপেলাৰ গুহাত পুত্ৰ ইচহাক আৰু ইশ্মায়েলে একেলগে অব্রাহামক মৈদাম দিলে।
10 quem emerat a filiis Heth ibi sepultus est ipse et Sarra uxor eius
১০সেই পথাৰ অব্ৰাহামে হেতৰ সন্তানসকলৰ পৰা কিনিছিল; তাতেই অব্ৰাহামে চাৰাক মৈদাম দিছিল আৰু তাতে অব্ৰাহামকো মৈদাম দিয়া হ’ল।
11 et post obitum illius benedixit Deus Isaac filio eius qui habitabat iuxta puteum nomine Viventis et videntis
১১অব্ৰাহামৰ মৃত্যুৰ পাছত ঈশ্বৰে তেওঁৰ পুত্ৰ ইচহাকক আশীৰ্ব্বাদ কৰিলে; আৰু ইচহাকে বেৰ-লহয়-ৰোৱীৰ ওচৰত বসবাস কৰিবলৈ ধৰিলে।
12 hae sunt generationes Ismahel filii Abraham quem peperit ei Agar Aegyptia famula Sarrae
১২চাৰাৰ দাসী মিচৰীয়া হাগাৰে অব্ৰাহামলৈ যি পুত্ৰ জন্ম দিছিল, অব্ৰাহামৰ সেই পুত্ৰ ইশ্মায়েলৰ বংশৰ বিৱৰণ এই।
13 et haec nomina filiorum eius in vocabulis et generationibus suis primogenitus Ismahelis Nabaioth dein Cedar et Abdeel et Mabsam
১৩জন্ম অনুসাৰে ইশ্মায়েলৰ বংশধৰসকলৰ নাম হ’ল: ইশ্মায়েলৰ জ্যেষ্ঠ পুত্ৰ নবায়োৎ, তেওঁৰ পাছত কেদৰ, অদবেল, মিবচম,
14 Masma quoque et Duma et Massa
১৪মিস্মা, দুমা, মচ্ছা
15 Adad et Thema Itur et Naphis et Cedma
১৫হদদ, তেমা, যটূৰ, নাফীচ আৰু কেদ্মা;
16 isti sunt filii Ismahel et haec nomina per castella et oppida eorum duodecim principes tribuum suarum
১৬ইশ্মায়েলৰ এই বাৰজন পুত্রই আছিল তেওঁলোকৰ ফৈদৰ মূলসূঁতি আৰু তেওঁলোকৰ নাম অনুসাৰেই গাওঁ আৰু ছাউনিবোৰৰ নাম ৰখা হৈছিল।
17 anni vitae Ismahel centum triginta septem deficiens mortuus est et adpositus ad populum suum
১৭ইশ্মায়েল 137 বছৰ জীয়াই আছিল। পাছত তেওঁ মৃত্যু বৰণ কৰিলে আৰু নিজৰ মৃত পূর্বপুৰুষসকলৰ ওচৰলৈ তেওঁক নিয়া হ’ল।
18 habitavit autem ab Evila usque Sur quae respicit Aegyptum introeuntibus Assyrios coram cunctis fratribus suis obiit
১৮হবীলাৰ পৰা চূৰ পর্যন্ত যি ঠাই আছিল, তেওঁৰ বংশৰ লোকসকলে তাতে বাস কৰিছিল। এই ঠাইখিনি আছিল মিচৰ দেশৰ কাষত অচুৰলৈ যোৱাৰ পথত। এইদৰে তেওঁলোকে নিজৰ শত্রুসকলৰ ওচৰত বসতি কৰিবলৈ ঠাই পালে।
19 hae quoque sunt generationes Isaac filii Abraham Abraham genuit Isaac
১৯অব্ৰাহামৰ পুত্ৰ ইচহাকৰ বিৱৰণ এই। অব্ৰাহামৰ পুত্রৰ নাম ইচহাক।
20 qui cum quadraginta esset annorum duxit uxorem Rebeccam filiam Bathuel Syri de Mesopotamiam sororem Laban
২০ইচহাকে চল্লিশ বছৰ বয়সত ৰিবেকাক পত্নীৰূপে গ্রহণ কৰে। ৰিবেকা আছিল পদ্দন-অৰাম দেশৰ অৰামীয়া বথোৱেলৰ জীয়েক আৰু অৰামীয়া লাবনৰ ভনীয়েক।
21 deprecatusque est Dominum pro uxore sua eo quod esset sterilis qui exaudivit eum et dedit conceptum Rebeccae
২১ইচহাকৰ ভাৰ্যা নিঃসন্তান আছিল বাবে ইচহাকে তেওঁৰ বাবে যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলে; তাতে যিহোৱাই তেওঁৰ প্ৰাৰ্থনা শুনিলে আৰু তেওঁৰ ভাৰ্যা ৰিবেকা গৰ্ভৱতী হ’ল।
22 sed conlidebantur in utero eius parvuli quae ait si sic mihi futurum erat quid necesse fuit concipere perrexitque ut consuleret Dominum
২২তেওঁৰ গর্ভত যমজ সন্তান আছিল আৰু সিহঁতে ইটোৱে সিটোক ঠেলা-ঠেলি কৰিব ধৰিলে; সেয়ে ৰিবেকাই ক’লে, “মোৰ কিয় এনেকুৱা হৈছে?” এইবুলি কাৰণটোনো কি তাক জানিবলৈ তেওঁ যিহোৱাক সুধিবলৈ গ’ল।
23 qui respondens ait duae gentes in utero tuo sunt et duo populi ex ventre tuo dividentur populusque populum superabit et maior minori serviet
২৩যিহোৱাই তেওঁক ক’লে, “তোমাৰ গৰ্ভত দুটা ভিন্ন জাতি আছে, আৰু তোমাৰ উদৰৰ পৰাই দুই জাতি বাহিৰ হৈ বেলেগ হ’ব; এক জাতি আন জাতিতকৈ পৰাক্ৰমী হ’ব, আৰু বৰটো সৰুটোৰ দাস হ’ব।”
24 iam tempus pariendi venerat et ecce gemini in utero repperti sunt
২৪যেতিয়া সন্তান প্ৰসৱৰ কাল সম্পূৰ্ণ হ’ল, সঁচাই তেওঁৰ গৰ্ভত এহাল যঁজা সন্তান আছিল।
25 qui primus egressus est rufus erat et totus in morem pellis hispidus vocatumque est nomen eius Esau protinus alter egrediens plantam fratris tenebat manu et idcirco appellavit eum Iacob
২৫তাৰে প্ৰথমটো ৰঙা আৰু গোটেই গা নোমাল বস্ত্ৰৰ নিচিনা নোমাল হৈ ওলাল; এই কাৰণে তেওঁলোকে তাৰ নাম এচৌ ৰাখিলে।
26 sexagenarius erat Isaac quando nati sunt parvuli
২৬তাৰ পাছত এচৌৰ গোৰোৱা ধৰা অৱস্থাৰে তাৰ ভায়েকৰ জন্ম হ’ল; তাৰ নাম যাকোব ৰখা হ’ল। ইচহাকৰ ষাঠি বছৰ বয়সত তেওঁৰ ভার্য্যাই সিহঁতক জন্ম দিলে।
27 quibus adultis factus est Esau vir gnarus venandi et homo agricola Iacob autem vir simplex habitabat in tabernaculis
২৭এই ল’ৰা দুটি ডাঙৰ হোৱাৰ পাছত এচৌ এজন নিপুণ চিকাৰী হ’ল। তেওঁ বনে বনে ঘূৰি ফুৰিছিল। কিন্তু যাকোব আছিল শান্ত স্বভাৱৰ। তেওঁ তম্বুত থাকিয়েই সময় কটাইছিল।
28 Isaac amabat Esau eo quod de venationibus illius vesceretur et Rebecca diligebat Iacob
২৮চিকাৰ কৰা মঙহ খাবলৈ পোৱাৰ কাৰণে ইচহাকে এচৌক স্নেহ কৰিছিল, কিন্তু ৰিবেকাই হ’লে যাকোবকহে স্নেহ কৰিছিল।
29 coxit autem Iacob pulmentum ad quem cum venisset Esau de agro lassus
২৯এদিনাখন যাকোবে দাইল ৰান্ধিছিল; তেনে সময়তে এচৌ পথাৰৰ পৰা উলটি আহিছিল আৰু তেওঁ বৰ ক্লান্ত হৈ পৰিছিল।
30 ait da mihi de coctione hac rufa quia oppido lassus sum quam ob causam vocatum est nomen eius Edom
৩০তেওঁ যাকোবক ক’লে, “মই বৰ ক্লান্ত। অনুগ্রহ কৰি তোমাৰ সেই ৰঙা বস্তুৰ কিছু মোক খাবলৈ দিয়া।” এই কথাৰ কাৰণে এচৌৰ নাম ইদোম [ৰঙা] হ’ল।
31 cui dixit Iacob vende mihi primogenita tua
৩১তেতিয়া যাকোবে ক’লে, “প্রথমে ডাঙৰ ল’ৰা হিচাবে তোমাৰ যি অধিকাৰ আছে, সেয়া আজি মোক বেচা।”
32 ille respondit en morior quid mihi proderunt primogenita
৩২তাতে, এচৌৱে ক’লে, “চোৱা, মোৰ প্রাণ যাওঁ যাওঁ যেন হৈছে, সেয়ে জেষ্ঠাধিকাৰত মোৰ কি লাভ?”
33 ait Iacob iura ergo mihi iuravit Esau et vendidit primogenita
৩৩যাকোবে ক’লে, “আগেয়ে তুমি মোৰ আগত শপত খোৱা।” তাতে এচৌৱে তেওঁৰ আগত শপত খাই নিজৰ জেষ্ঠাধিকাৰ যাকোবক বেচিলে।
34 et sic accepto pane et lentis edulio comedit et bibit et abiit parvipendens quod primogenita vendidisset
৩৪তেতিয়া যাকোবে এচৌক পিঠা আৰু মচুৰ দাইল খাবলৈ দিলে; তাতে তেওঁ খাই উঠি গুচি গ’ল। এইদৰে এচৌৱে নিজৰ জেষ্ঠাধিকাৰ হেয়জ্ঞান কৰিলে।

< Genesis 25 >