< Hiezechielis Prophetæ 29 >

1 in anno decimo in decimo mense undecima mensis factum est verbum Domini ad me dicens
আমাৰ নিৰ্বাসনৰ দশম বছৰৰ, দশম মাহৰ দ্বাদশ দিনা, যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
2 fili hominis pone faciem tuam contra Pharaonem regem Aegypti et prophetabis de eo et de Aegypto universa
“হে মনুষ্য সন্তান, তুমি মিচৰৰ ৰজা ফৰৌণৰ ফালে মুখ কৰি তাৰ আৰু গোটেই মিচৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰা!
3 loquere et dices haec dicit Dominus Deus ecce ego ad te Pharao rex Aegypti draco magne qui cubas in medio fluminum tuorum et dicis meus est fluvius et ego feci memet ipsum
ঘোষণা কৰি কোৱা, ‘প্ৰভু যিহোৱাই এই কথা কৈছে: হে মিচৰৰ ৰজা ফৰৌণ, চোৱা! মই তোমাৰ বিপক্ষ! তুমি, যি নিজ নৈবোৰৰ মাজত পৰি থকা সাগৰৰ বৃহৎ প্রাণী, যিহে মোক এই বুলি কৈ, “মোৰ নৈ মোৰ নিজৰেই! নিজৰ কাৰণেই মই তাক কৰিলোঁ।”
4 et ponam frenum in maxillis tuis et adglutinabo pisces fluminum tuorum squamis tuis et extraham te de medio fluminum tuorum et universi pisces tui squamis tuis adherebunt
কিয়নো মই তোমাৰ জামু-দাঁতৰ গুৰিত হাঁকোটা লগাম, আৰু তোমাৰ নীল নৈবোৰৰ মাছবোৰ তোমাৰ বাকলিত লগাই ৰাখিম; মই তোমাৰ বাকলিত লাগি থকা তোমাৰ নৈবোৰৰ আটাই মাছে সৈতে তোমাৰ নৈবোৰৰ মাজৰ পৰা তোমাক ওপৰলৈ তুলি আনিম।
5 et proiciam te in desertum et omnes pisces fluminis tui super faciem terrae cades non colligeris neque congregaberis bestiis terrae et volatilibus caeli dedi te ad devorandum
মই তোমাক আৰু তোমাৰ নৈবোৰৰ আটাই মাছবোৰক মৰুপ্রান্তলৈ পেলাই দিম। তুমি মুকলি পথাৰত পৰি থাকিবা, তোমাক চপোৱা কি গোটোৱা নাযাব; মই তোমাক পৃথিৱীৰ জন্তুৰ আৰু আকাশৰ পক্ষীবোৰৰ আহাৰ হ’বলৈ দিম!
6 et scient omnes habitatores Aegypti quia ego Dominus pro eo quod fuisti baculus harundineus domui Israhel
তেতিয়া মই যে যিহোৱা, সেই বিষয়ে মিচৰ সকলো নিবাসীয়ে জানিব, কিয়নো তেওঁলোক ইস্ৰায়েল-বংশলৈ নলৰ লাখুটিস্বৰূপ!
7 quando adprehenderunt te manu et confractus es et lacerasti omnem umerum eorum et innitentibus eis super te comminutus es et dissolvisti omnes renes eorum
যেতিয়া তেওঁলোকে তোমালোকক খামোচ মাৰি ধৰিছিল, তেতিয়া তোমালোকে তেওঁলোকক ভাঙিলা আৰু সকলোৰে কান্ধ ফালিলা; আৰু যেতিয়া তেওঁলোকে তোমালোকৰ ওপৰত ভৰ দিছিল, তেতিয়া তুমি তেওঁলোকৰ ভৰি ভাগিলা আৰু তেওঁলোকৰ সকলোৰে কঁকালৰ জোৰা লৰাই তেওঁলোকক অচল কৰিলা।
8 propterea haec dicit Dominus Deus ecce ego adducam super te gladium et interficiam de te hominem et iumentum
এই কাৰণে প্ৰভু যিহোৱাই এই কথা কৈছে: চোৱা! মই তোমাৰ বিৰুদ্ধে এখন তৰোৱাল আনিম আৰু তোমাৰ মাজৰ পৰা মানুহ আৰু পশু সকলোকে উচ্ছন্ন কৰিম।
9 et erit terra Aegypti in desertum et solitudinem et scient quia ego Dominus eo quod dixerit fluvius meus est et ego feci
তাৰ পাছত মিচৰ দেশ ধ্বংস আৰু উচ্ছন্ন হ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব, কাৰণ সেই সাগৰৰ প্রাণীয়ে কৈছিল, “নৈখন মোৰেই আৰু ময়েই তাক কৰিলোঁ।”
10 idcirco ecce ego ad te et ad flumina tua daboque terram Aegypti in solitudines gladio dissipatam a turre Syenes usque ad terminos Aethiopiae
১০এই কাৰণে, চোৱা! মই তোমাৰ আৰু তোমাৰ নৈবোৰৰ বিপক্ষ; মই মিচৰ দেশ সম্পূৰ্ণকৈ উচ্ছন্ন আৰু ধ্বংসস্থান কৰিম আৰু মিগদোলৰ পৰা চিবেনিলৈকে, এনে কি, কুচৰ সীমালৈকে তুমি ধ্বংসস্থান হৈ পৰিবা।
11 non pertransibit eam pes hominis neque pes iumenti gradietur in ea et non habitabitur quadraginta annis
১১মানুহ বা পশু তাৰ মাজেদি নাযাব আৰু চল্লিশ বছৰলৈকে তাত বাস কৰা নহ’ব!
12 daboque terram Aegypti desertam in medio terrarum desertarum et civitates eius in medio urbium subversarum erunt desolatae quadraginta annis et dispergam Aegyptios in nationes et ventilabo eos in terras
১২ধ্বংস কৰা দেশবোৰৰ মাজত মই মিচৰ দেশকো এক ধ্বংসস্থান কৰিম; আৰু উচ্ছন্ন হোৱা নগৰবোৰৰ মাজত তাৰ নগৰবোৰো চল্লিশ বছৰলৈকে ধ্বংসস্থান হৈ থাকিব; মই মিচৰীয়াসকলক জাতি সমূহৰ মাজত ছিন্ন-ভিন্ন কৰিম, আৰু দেশবোৰৰ মাজত গোট গোট কৰিম।
13 quia haec dicit Dominus Deus post finem quadraginta annorum congregabo Aegyptum de populis in quibus dispersi fuerunt
১৩কিয়নো প্ৰভু যিহোৱাই এই কথা কৈছে: যি জাতি সমূহৰ মাজত মিচৰীয়াসকলক ছিন্ন-ভিন্ন কৰিছিলোঁ, সেই জাতি সমূহৰ মাজৰ পৰা মই চল্লিশ বছৰৰ মূৰত তেওঁলোকক গোটাই আনিম।
14 et reducam captivitatem Aegypti et conlocabo eos in terra Fatures in terra nativitatis suae et erunt ibi in regnum humile
১৪মই মিচৰৰ বন্দী অৱস্থা পৰিৱৰ্ত্তন কৰিম, আৰু তেওঁলোকৰ উৎপত্তিৰ দেশ পথ্ৰোচ দেশলৈ তেওঁলোক লৈ আহিম। তেতিয়া সেই ঠাইত তেওঁলোক এক সামান্য ৰাজ্য হ’ব।
15 inter regna cetera erit humillima et non elevabitur ultra super nationes et inminuam eos ne imperent gentibus
১৫সেয়ে ৰাজ্যবোৰৰ মাজত সকলোতকৈ সামান্য হ’ব, আৰু আন জাতি সমূহৰ ওপৰত আৰু মূৰ নুতুলিব; আৰু মই তেওঁলোকক হ্ৰাস কৰিম যেন আন জাতি সমূহৰ ওপৰত তেওঁলোকে কেতিয়াও প্ৰভুত্ত্ব কৰিব নোৱাৰে।
16 neque erunt ultra domui Israhel in confidentia docentes iniquitatem ut fugiant et sequantur eos et scient quia ego Dominus Deus
১৬তেওঁলোকে কেতিয়াও ইস্ৰায়েল-বংশৰ বিশ্বাস-ভূমি নহ’ব আৰু মিচৰ পাছত যাবলৈ তেওঁলোকে মুখ কৰা কালত তেওঁলোক অপৰাধ সোঁৱৰণ কৰাওঁতাও আৰু নহ’ব; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব’।”
17 et factum est in vicesimo et septimo anno in primo in una mensis factum est verbum Domini ad me dicens
১৭তাৰ পাছত, আমাৰ নিৰ্বাসনৰ সাতাইশ বছৰৰ বছৰি প্ৰথম মাহৰ প্ৰথম দিনা যিহোৱাৰ বাক্য মোৰ ওচৰলৈ আহিল, আৰু ক’লে,
18 fili hominis Nabuchodonosor rex Babylonis servire fecit exercitum suum servitute magna adversum Tyrum omne caput decalvatum et omnis umerus depilatus est et merces non est reddita ei neque exercitui eius de Tyro pro servitute qua servivit mihi adversum eam
১৮“হে মনুষ্য সন্তান, বাবিলৰ ৰজা নবূখদনেচৰে নিজৰ সৈন্য-সামন্তক তূৰৰ বিৰুদ্ধে বৰ পৰিশ্ৰম কৰালে। সকলোৰে মূৰ টকলা কৰা হ’ল, আৰু সকলোৰে কান্ধৰ ছাল ছিগিল; তথাপি তূৰৰ বিৰুদ্ধে তেওঁ কৰা পৰিশ্ৰমৰ কাৰণে, তূৰৰ পৰা তেওঁ কি তেওঁৰ সৈন্য-সামন্তই একো বেচ নাপালে।
19 propterea haec dicit Dominus Deus ecce ego dabo Nabuchodonosor regem Babylonis in terra Aegypti et accipiet multitudinem eius et depraedabitur manubias eius et diripiet spolia eius et erit merces exercitui illius
১৯এই হেতুকে, প্ৰভু যিহোৱাই এই কথা কৈছে: ‘চোৱা! মই বাবিলৰ ৰজা নবূখদনেচৰক মিচৰ দেশ দিম; তেওঁ তাৰ ধন লৈ যাব আৰু তাৰ দ্ৰব্য লুট কৰিব আৰু তাৰ সকলো বস্তু কাঢ়ি লৈ যাব; সেইবোৰেই তেওঁৰ সৈন্য-সামন্তৰ বেচ হ’ব!
20 et operi pro quo servivit adversum eam dedi ei terram Aegypti pro eo quod laboraverunt mihi ait Dominus Deus
২০তেওঁ পৰিশ্ৰম কৰাৰ বেচ স্বৰূপে মই তেওঁক মিচৰ দেশ দিম কিয়নো তেওঁলোকে মোৰ অৰ্থে কাৰ্য কৰিলে।” এয়ে প্ৰভু যিহোৱাই কৰা ঘোষণা।
21 in die illo pullulabit cornu domui Israhel et tibi dabo apertum os in medio eorum et scient quoniam ego Dominus
২১“সেই দিনা মই ইস্ৰায়েলৰ-বংশৰ কাৰণে এক শিং গজাম, আৰু তেওঁলোকৰ মাজত তোমাৰ মুখ খুলিম; তেতিয়া মই যে যিহোৱা, সেই বিষয়ে তেওঁলোকে জানিব।”

< Hiezechielis Prophetæ 29 >