< Exodus 39 >

1 de hyacintho vero et purpura vermiculo ac bysso fecit vestes quibus indueretur Aaron quando ministrabat in sanctis sicut praecepit Dominus Mosi
তেওঁলোকে, যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, নীল বৰণীয়া, বেঙেনা বৰণীয়া আৰু ৰঙা বৰণীয়া সূতাৰে, পবিত্ৰ স্থানত পৰিচৰ্যা কৰিবৰ বাবে নিপুণৰূপে বোৱা মিহি বস্ত্ৰ, আৰু হাৰোণৰ বাবে পবিত্ৰ বস্ত্ৰ যুগুত কৰিলে।
2 fecit igitur superumerale de auro hyacintho et purpura coccoque bis tincto et bysso retorta
তেওঁ সোণ, আৰু নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে এফোদ বস্ত্ৰখন যুগুত কৰিলে।
3 opere polymitario inciditque bratteas aureas et extenuavit in fila ut possint torqueri cum priorum colorum subtemine
তেওঁলোকে সোণ পিটি পতা কৰি, কাটি মিহি গুনা তৈয়াৰ কৰি নীল বৰণীয়া, বেঙেনা বৰণীয়া, আৰু ৰঙা বৰণীয়া মিহি শণ সূতাৰ কাপোৰত নিপুণ শিল্পকাৰ্য্যৰ দ্বাৰাই কাম কৰালে।
4 duasque oras sibi invicem copulatas in utroque latere summitatum
তেওঁলোকে ওপৰৰ দুয়োফালে এফোদৰ কান্ধত লগাবলৈ স্কন্ধপটি যুগুত কৰিলে।
5 et balteum ex hisdem coloribus sicut praeceperat Dominus Mosi
এফোদৰ কঁকালত বান্ধিবৰ বাবে তাৰ লগত নিপুণৰূপে বোৱা কাপোৰৰ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে টঙালি প্রস্তুত কৰিলে। যিহোৱাই মোচিক আজ্ঞা কৰাৰ দৰে তেওঁলোকে সেই সকলো কৰিলে।
6 paravit et duos lapides onychinos adstrictos et inclusos auro et sculptos arte gemmaria nominibus filiorum Israhel
তেওঁলোকে মোহৰ কটাৰ দৰে কটা, ইস্ৰায়েলৰ বাৰজন পুত্ৰৰ নাম থকা, সোণত খটোৱাবলৈ গোমেদ পাথৰ যুগুত কৰিলে।
7 posuitque eos in lateribus superumeralis in monumentum filiorum Israhel sicut praeceperat Dominus Mosi
সেয়ে ইস্ৰায়েলৰ পুত্ৰসকলৰ সোঁৱৰণীয় পাথৰ স্বৰূপে তাক এফোদৰ স্কন্ধপটিৰ ওপৰত লগালে। যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰেই কৰিলে।
8 fecit et rationale opere polymito iuxta opus superumeralis ex auro hyacintho purpura coccoque bis tincto et bysso retorta
এফোদ তৈয়াৰ কৰাৰ দৰে, তেওঁ সোণোৱালী, আৰু নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা আৰু পকোৱা মিহি শণ সূতাৰে নিপুণ শিল্পকাৰ্যেৰে বুকুপটা যুগুত কৰিলে।
9 quadrangulum duplex mensurae palmi
এই বুকুপটা চাৰিচুকীয়া আছিল। তেওঁলোকে বুকুপটাটো দুতৰপ কৰিলে; সেয়ে দীঘে এবেগেত, বহলে এবেগেত আছিল।
10 et posuit in eo gemmarum ordines quattuor in primo versu erat sardius topazius zmaragdus
১০তেওঁলোকে তাত চাৰি শাৰী বহুমূলীয়া পাথৰ খুৱালে। প্ৰথম শাৰীত ৰুবী, পীতমণি, আৰু মৰকত;
11 in secundo carbunculus sapphyrus iaspis
১১দ্বিতীয় শাৰীত পদ্মৰাগ, নীলকান্ত, আৰু হীৰা;
12 in tertio ligyrius achates amethistus
১২তৃতীয় শাৰীত পেৰোজ, যিষ্ম, আৰু কটাহেলা;
13 in quarto chrysolitus onychinus berillus circumdati et inclusi auro per ordines suos
১৩আৰু চতুৰ্থ শাৰীত বৈদূৰ্য্য, গোমেদক আৰু সূৰ্যকান্ত আছিল; এই সকলো পাথৰ সোণত খটোৱা হ’ল।
14 ipsique lapides duodecim sculpti erant nominibus duodecim tribuum Israhel singuli per nomina singulorum
১৪এই পাথৰ ইস্ৰায়েলৰ বাৰজন পুত্রৰ নাম অনুসাৰে, একাদিক্রমে ডাঙৰৰ পৰা সৰুলৈকে লিখা হ’ল; মোহৰৎ খোদিত কৰা দৰে প্ৰত্যেক পাথৰত বাৰ ফৈদৰ বাবে এজন এজন পুত্ৰৰ নাম ক্ষুদিত কৰা হ’ল।
15 fecerunt in rationali et catenulas sibi invicem coherentes de auro purissimo
১৫তেওঁলোকে ৰছীৰ দৰে পকোৱা মালাৰ নিচিনা দুডাল শুদ্ধ সোণৰ শিকলি তৈয়াৰ কৰি, বুকুপটাত লগাই দিলে।
16 et duos uncinos totidemque anulos aureos porro anulos posuerunt in utroque latere rationalis
১৬তেওঁলোকে সোণৰ দুটা আঙঠি তৈয়াৰ কৰি, বুকুপটাৰ দুই মূৰত সেই আঙঠি দুটা লগালে।
17 e quibus penderent duae catenae aureae quas inseruerunt uncinis qui in superumeralis angulis eminebant
১৭মালাৰ দৰে গঁথা সোণৰ সেই শিকলি দুডাল বুকুপটাৰ দুই মুৰত থকা আঙঠি দুটাত লগালে।
18 haec et ante et retro ita conveniebant sibi ut superumerale et rationale mutuo necterentur
১৮মালাৰ দৰে গঁথা শিকলি দুডালৰ দুই মূৰ সোণৰ খাপ দুটাত লগালে, এফোদৰ আগফালে স্কন্ধপটি দুটাৰ ওপৰত লগালে।
19 stricta ad balteum et anulis fortius copulata quos iungebat vitta hyacinthina ne laxe fluerent et a se invicem moverentur sicut praecepit Dominus Mosi
১৯সোণৰ দুটা আঙঠি গঢ়াই, বুকুপটাৰ দুই মূৰত এফোদৰ সন্মুখত থকা ভিতৰৰ দাঁতিত লগালে।
20 fecerunt quoque tunicam superumeralis totam hyacinthinam
২০তাৰ পাছত আৰু দুটা আঙঠি গঢ়াই, এফোদৰ স্কন্ধপটি দুটাৰ তল ভাগত তাৰ আগফালে, জোৰা দিয়া ঠাইৰ ওচৰত, এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত তাক লগালে।
21 et capitium in superiori parte contra medium oramque per gyrum capitii textilem
২১বুকুপটা এফোদৰ নিপুণৰূপে বোৱা টঙালিৰ ওপৰত যেন থাকে, আৰু এফোদৰ পৰা যেন এৰাই নাযায়, সেই বাবে তেওঁলোকে নীলা ফিতাৰে বুকুপটাক তাৰ আঙঠিৰে সৈতে এফোদৰ আঙঠিত বান্ধিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
22 deorsum autem ad pedes mala punica ex hyacintho purpura vermiculo ac bysso retorta
২২বচলেলে এফোদৰ চোলা সিপিনীয়ে বোৱা, সম্পূৰ্ণ বেঙেনা বৰণীয়া কাপোৰেৰে তৈয়াৰ কৰিলে।
23 et tintinabula de auro mundissimo quae posuerunt inter mala granata in extrema parte tunicae per gyrum
২৩সেই চোলাত মুৰ সুমুৱাবলৈ সোঁ মাজত খোলা আছিল। সেয়ে নাফালিবৰ বাবে, ডিঙিৰ চাৰিওফালটো চিলোৱা হৈছিল।
24 tintinabulum aureum et malum punicum quibus ornatus incedebat pontifex quando ministerio fungebatur sicut praecepit Dominus Mosi
২৪তেওঁলোকে সেই চোলাৰ তল দাঁতিত, নীলা, বেঙেনা আৰু ৰঙা বৰণীয়া সূতা, আৰু পকোৱা মিহি শণ সূতাৰে ডালিমৰ নক্সা তুলিলে।
25 fecerunt et tunicas byssinas opere textili Aaron et filiis eius
২৫তেওঁলোকে শুদ্ধ সোণৰ জুণুকা গঢ়াই, সেই জুণুকাবোৰ ডালিমৰ মাজে মাজে চোলাৰ তলৰ দাঁতিৰ চাৰিওফালে লগাই দিলে।
26 et mitras cum coronulis suis ex bysso
২৬পৰিচৰ্যা কৰোঁতে, পিন্ধিবলৈ চোলাৰ তল দাঁতিত এটা জুণুকা এটা ডালিম, এটা জুণুকা এটা ডালিম এই দৰে চোলাৰ চাৰিওফালে লগাই দিলে। যিহোৱাই মোচিক দিয়া আজ্ঞা অনুসাৰে তেওঁলোকে সকলো কৰিলে।
27 feminalia quoque linea byssina
২৭তেওঁলোকে হাৰোণ আৰু তেওঁৰ পুত্ৰসকলৰ বাবে মিহি শণ সূতাৰে কোট চোলা প্রস্তুত কৰিলে।
28 cingulum vero de bysso retorta hyacintho purpura ac vermiculo distinctum arte plumaria sicut praecepit Dominus Mosi
২৮মিহি শণ সূতাৰ পাগুৰি, পকোৱা মিহি শণ সূতাৰে কপালত বন্ধা কাপোৰ, মিহি শণ সূতাৰে গুপ্তাঙ্গ ঢাকিবলৈ কাপোৰ প্রস্তত কৰিলে।
29 fecerunt et lamminam sacrae venerationis de auro purissimo scripseruntque in ea opere gemmario Sanctum Domini
২৯পকোৱা মিহি শণ সূতা আৰু নীলা, বেঙেনা, আৰু ৰঙা বৰণীয়া সূতাৰে, শিল্পকাৰে ফুল বছা টঙালি যুগুত কৰিলে।
30 et strinxerunt eam cum mitra vitta hyacinthina sicut praecepit Dominus Mosi
৩০যিহোৱাই মোচিক আজ্ঞা দিয়াৰ দৰে, তেওঁলোকে শুদ্ধ সোণৰ পবিত্ৰ মুকুট যুগুত কৰিলে, আৰু মোহৰত খোদিতকৰাৰ দৰে তাৰ ওপৰত “যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ”, এই বচন ক্ষুদিত কৰিলে।
31 perfectum est igitur omne opus tabernaculi et tecti testimonii feceruntque filii Israhel cuncta quae praeceperat Dominus Mosi
৩১তেওঁলোকে পাগুৰিৰ ওপৰত মুকুট বান্ধিবলৈ, নীলা বৰণীয়া ফিতা লগালে।
32 et obtulerunt tabernaculum et tectum et universam supellectilem anulos tabulas vectes columnas ac bases
৩২এই দৰে সাক্ষাৎ কৰা তম্বুৰ আবাসৰ সকলো কাৰ্য কৰি শেষ কৰিলে, যিহোৱাই মোচিক দিয়া আজ্ঞাৰ দৰেই ইস্ৰায়েলৰ লোকসকলে সকলো কাৰ্য কৰিলে।
33 opertorium de pellibus arietum rubricatis et aliud operimentum de ianthinis pellibus
৩৩তেওঁলোকে মোচিৰ ওচৰলৈ সেই আবাস লৈ গ’ল; তম্বু, আৰু তাৰ সকলো সামগ্রী, তাৰ হাঁকোটা, তক্তা, ডাং, খুঁটা, আৰু চুঙী।
34 velum arcam vectes propitiatorium
৩৪ৰঙা ৰং কৰা মেৰ-ছাগৰ ছালৰ আৱৰণ, তহচ জন্তুৰ ছালৰ আৱৰণ, আৰু আঁৰ কৰি ৰখা পৰ্দা,
35 mensam cum vasis et propositionis panibus
৩৫সাক্ষ্য-ফলিৰ নিয়ম চন্দুক, আৰু তাৰ কানমাৰি, আৰু পাপাবৰণ।
36 candelabrum lucernas et utensilia eorum cum oleo
৩৬মেজ, তাৰ সকলো সঁজুলি, আৰু দৰ্শন-পিঠা;
37 altare aureum et unguentum thymiama ex aromatibus
৩৭শুদ্ধ সোণৰ দীপাধাৰ আৰু শাৰী পাতি ৰখা প্ৰদীপবোৰ, তাৰ সকলো সঁজুলি, আৰু প্ৰদীপৰ বাবে তেল;
38 et tentorium in introitu tabernaculi
৩৮সোণৰ বেদি, অভিষেক কৰা তেল, সুগন্ধি ধূপ, আৰু তম্বুৰ দুৱাৰৰ বাবে পৰ্দা।
39 altare aeneum retiaculum vectes et vasa eius omnia labrum cum basi sua tentoria atrii et columnas cum basibus suis
৩৯পিতলৰ বেদি তাৰ লগৰ পিতলৰ জালি, তাৰ কানমাৰি, আৰু তাৰ সকলো সঁজুলি। প্ৰক্ষালন-পাত্ৰ, আৰু তাৰ খুৰা।
40 tentorium in introitu atrii funiculosque illius et paxillos nihil ex vasis defuit quae in ministerium tabernaculi et in tectum foederis iussa sunt fieri
৪০চোতালৰ পৰ্দাবোৰ, তাৰ খুঁটা আৰু চুঙী, আৰু চোতালৰ দুৱাৰৰ পৰ্দা, তাৰ ৰছী আৰু তম্বুৰ খুটি, আৰু সাক্ষাৎ কৰা তম্বুৰ বাবে আবাসৰ কাৰ্যৰ সকলো সজুলি।
41 vestes quoque quibus sacerdotes utuntur in sanctuario Aaron scilicet et filii eius
৪১পবিত্ৰ-স্থানত পৰিচৰ্যা কৰিবলৈ নিপুণৰূপে প্রস্তুত কৰা মিহি বস্ত্ৰ, আৰু পুৰোহিত কৰ্ম কৰিবলৈ হাৰোণ পুৰোহিতৰ পবিত্ৰ বস্ত্ৰ, আৰু তেওঁৰ পুত্ৰসকলৰ বস্ত্ৰ।
42 obtulerunt filii Israhel sicut praeceperat Dominus
৪২যি যি কৰ্ম কৰিবলৈ যিহোৱাই মোচিক আজ্ঞা কৰিছিল, সেই সকলোকে ইস্ৰায়েলৰ লোকসকলে কৰিলে।
43 quae postquam Moses cuncta vidit expleta benedixit eis
৪৩তাৰ পাছত মোচিয়ে সেই সকলো কাম চোৱা চিতা কৰি সেই কাম সম্পূৰ্ন হোৱা দেখিলে। যিহোৱাৰ আজ্ঞা অনুসাৰেই সকলোকে কৰিলে; সেয়ে মোচিয়ে তেওঁলোকক আশীৰ্ব্বাদ কৰিলে।

< Exodus 39 >