< Exodus 18 >
1 cumque audisset Iethro sacerdos Madian cognatus Mosi omnia quae fecerat Deus Mosi et Israhel populo suo eo quod eduxisset Dominus Israhel de Aegypto
১ঈশ্বৰে মোচিলৈ আৰু নিজৰ প্ৰজা ইস্ৰায়েললৈ যি যি কাৰ্য কৰিলে, বিশেষকৈ যিহোৱাই মিচৰৰ পৰা ইস্ৰায়েলক কেনেকৈ বাহিৰ কৰি আনিলে, সেই সকলো কথা মোচিৰ শহুৰেক মিদিয়নীয়া পুৰোহিত যিথ্ৰোৱে শুনিবলৈ পালে।
2 tulit Sefforam uxorem Mosi quam remiserat
২তেতিয়া মোচিৰ শহুৰেক যিথ্ৰোৱে, মোচিৰ ভাৰ্যা চিপ্পোৰাক, আৰু দুজন পুত্রক ঘৰলৈ পঠোৱাৰ পাছত,
3 et duos filios eius quorum unus vocabatur Gersan dicente patre advena fui in terra aliena
৩তেওঁৰ এজন পুত্ৰৰ নাম গেৰ্চোম, কাৰণ মোচিয়ে কৈছিল, “মই বিদেশত প্রবাসী হৈ আছোঁ।”
4 alter vero Eliezer Deus enim ait patris mei adiutor meus et eruit me de gladio Pharaonis
৪আৰু আন জন পুত্রৰ নাম ইলিয়েজৰ কাৰণ তেওঁ কৈছিল, “মোৰ পূৰ্বপুৰুষৰ ঈশ্বৰে মোক সহায় কৰিছিল; আৰু তেওঁ মোক ফৰৌণৰ তৰোৱালৰ পৰা উদ্ধাৰ কৰিলে।”
5 venit ergo Iethro cognatus Mosi et filii eius et uxor ad Mosen in desertum ubi erat castrametatus iuxta montem Dei
৫মোচিয়ে মৰুভূমিত, ঈশ্বৰৰ পৰ্ব্বতৰ যি ঠাইত তম্বু তৰি আছিল, সেই ঠাইলৈ মোচিৰ শহুৰেক যিথ্ৰোৱে মোচিৰ ভাৰ্যা আৰু দুজন পুত্ৰক লগত লৈ আহিল।
6 et mandavit Mosi dicens ego cognatus tuus Iethro venio ad te et uxor tua et duo filii tui cum ea
৬তেওঁ মোচিক ক’লে, “মই তোমাৰ শহুৰ যিথ্ৰোৱে তোমাৰ ভাৰ্যা আৰু তাইৰ দুজন পুত্রক লগত লৈ তোমাৰ ওচৰলৈ আহিছোঁ।”
7 qui egressus in occursum cognati sui adoravit et osculatus est eum salutaveruntque se mutuo verbis pacificis cumque intrasset tabernaculum
৭মোচিয়ে তেওঁৰ শহুৰেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ’ল, আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল-বেয়া খবৰ ল’লে, আৰু তাৰ পাছত তম্বুলৈ সোমাই গ’ল।
8 narravit Moses cognato suo cuncta quae fecerat Deus Pharaoni et Aegyptiis propter Israhel universum laborem qui accidisset eis in itinere quo liberarat eos Dominus
৮তাৰ পাছত যিহোৱাই ফৰৌণ আৰু মিচৰীয়া লোকসকললৈ, আৰু ইস্ৰায়েলীলোক সকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেশ ঘটিছিল, আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মোচিয়ে তেওঁৰ শহুৰেকক ক’লে।
9 laetatusque est Iethro super omnibus bonis quae fecerat Dominus Israheli eo quod eruisset eum de manu Aegyptiorum
৯যিহোৱাই মিচৰীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰি, তেওঁলোকৰ বাবে যি যি সকলো মঙ্গলৰ কৰিলে, সেই কাৰ্যবোৰৰ বাবে যিথ্ৰোৱে আনন্দ কৰিলে।
10 et ait benedictus Dominus qui liberavit vos de manu Aegyptiorum et de manu Pharaonis qui eruit populum suum de manu Aegypti
১০যিথ্ৰোৱে ক’লে, “যিজন সৰ্বশক্তিমান ঈশ্বৰে মিচৰীয়াসকলৰ হাতৰ পৰা, আৰু ফৰৌণৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ গৌৰৱ হ’ওক।
11 nunc cognovi quia magnus Dominus super omnes deos eo quod superbe egerint contra illos
১১যিহোৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ; কাৰণ মিচৰীয়াসকলে যেতিয়া ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোকসকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল।”
12 obtulit ergo Iethro cognatus Mosi holocausta et hostias Deo veneruntque Aaron et omnes senes Israhel ut comederent panem cum eo coram Domino
১২তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।
13 altero autem die sedit Moses ut iudicaret populum qui adsistebat Mosi de mane usque ad vesperam
১৩তাৰ পাছদিনা মোচিয়ে লোকসকলৰ সোধ-বিচাৰ কৰিবলৈ বহিল। ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে লোকসকল তেওঁৰ চাৰিওফালে থিয় হৈ আছিল।
14 quod cum vidisset cognatus eius omnia scilicet quae agebat in populo ait quid est hoc quod facis in plebe cur solus sedes et omnis populus praestolatur de mane usque ad vesperam
১৪মোচিয়ে লোকসকললৈ কৰা সকলো কাৰ্য দেখি তেওঁৰ শহুৰেকে তেওঁক ক’লে, “তুমি লোকসকলৰ সৈতে এয়া কি কাৰ্য কৰিছা? তুমি কিয় অকলে বহি থাকা, আৰু লোকসকল ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে তোমাৰ চাৰিওফালে থিয় হৈ থাকে?”
15 cui respondit Moses venit ad me populus quaerens sententiam Dei
১৫তেতিয়া মোচিয়ে তেওঁৰ শহুৰেকক ক’লে, “লোকসকলে ঈশ্বৰৰ নিৰ্দেশনৰ কথা সুধিবলৈ মোৰ ওচৰলৈ আহে।
16 cumque acciderit eis aliqua disceptatio veniunt ad me ut iudicem inter eos et ostendam praecepta Dei et leges eius
১৬যেতিয়া তেওঁলোকৰ মাজত বিবাদ হ’য়, তেতিয়া তেওঁলোক মোৰ ওচৰলৈ আহে। তেতিয়া মই এজনৰ লগত আন জনৰ মীমাংসা কৰোঁ; আৰু মই ঈশ্বৰৰ বিধি আৰু ব্যৱস্থাবোৰ তেওঁলোকক বুজাই দিওঁ।”
17 at ille non bonam inquit rem facis
১৭তেতিয়া মোচিৰ শহুৰেকে মোচিক ক’লে, “তুমি যি কাৰ্য কৰি আছা সেই কাৰ্য বৰ ভাল নহয়।
18 stulto labore consumeris et tu et populus iste qui tecum est ultra vires tuas est negotium solus illud non poteris sustinere
১৮এই দায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়ে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব।
19 sed audi verba mea atque consilia et erit Deus tecum esto tu populo in his quae ad Deum pertinent ut referas quae dicuntur ad eum
১৯মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিম, আৰু ঈশ্বৰ তোমাৰ লগত থাকক; কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ, তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা।
20 ostendasque populo caerimonias et ritum colendi viamque per quam ingredi debeant et opus quod facere
২০তুমি তেওঁলোকক তেওঁৰ বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা উচিত। তেওঁলোকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কার্য তেওঁলোকক দেখুৱা।
21 provide autem de omni plebe viros potentes et timentes Deum in quibus sit veritas et qui oderint avaritiam et constitue ex eis tribunos et centuriones et quinquagenarios et decanos
২১তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা।
22 qui iudicent populum omni tempore quicquid autem maius fuerit referant ad te et ipsi minora tantummodo iudicent leviusque tibi sit partito in alios onere
২২তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ-বিচাৰ কৰিব; কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ’ব; আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব।
23 si hoc feceris implebis imperium Dei et praecepta eius poteris sustentare et omnis hic populus revertetur cum pace ad loca sua
২৩তুমি যদি এইদৰে কাৰ্য কৰা, আৰু ঈশ্বৰে যদি তোমাক এইদৰে কৰিবলৈ আজ্ঞা দিয়ে, তেতিয়া তুমি সহ্য কৰিব পাৰিবা, আৰু লোকসকল সন্তুষ্ট হৈ নিজৰ ঘৰলৈ যাব পাৰিব।”
24 quibus auditis Moses fecit omnia quae ille suggesserat
২৪সেয়ে মোচিয়ে তেওঁৰ শহুৰেকৰ কথা শুনিলে, আৰু তেওঁ কোৱাৰ দৰেই সকলো কৰিলে।
25 et electis viris strenuis de cuncto Israhel constituit eos principes populi tribunos et centuriones et quinquagenarios et decanos
২৫মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে।
26 qui iudicabant plebem omni tempore quicquid autem gravius erat referebant ad eum faciliora tantummodo iudicantes
২৬তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল।
27 dimisitque cognatum qui reversus abiit in terram suam
২৭তাৰ পাছত মোচিয়ে শহুৰেকক বিদায় দিলে, আৰু যিথ্রো তেওঁৰ নিজৰ দেশলৈ গুচি গ’ল।