< Esther 10 >

1 rex vero Asuerus omnem terram et cunctas maris insulas fecit tributarias
তাৰ পাছত ৰজা অহচবেৰোচে দেশত, আৰু সমুদ্ৰৰ পাৰত থকা দেশবোৰত কৰ ধাৰ্য্য কৰিলে।
2 cuius fortitudo et imperium et dignitas atque sublimitas qua exaltavit Mardocheum scripta sunt in libris Medorum atque Persarum
তেওঁৰ ক্ষমতা আৰু পৰাক্ৰমৰ সকলো কথা, ৰজাই মৰ্দখয়ক যি মহত্ত্ব দি ওখ পদত তুলিছিল, তাৰ সম্পূৰ্ণ বৃত্তান্ত মাদিয়া আৰু পাৰস্যৰ ৰজা সকলৰ ইতিহাস পুস্তকত লিখা আছে।
3 et quomodo Mardochaeus Iudaici generis secundus a rege Assuero fuerit et magnus apud Iudaeos et acceptabilis plebi fratrum suorum quaerens bona populo suo et loquens ea quae ad pacem seminis sui pertinerent
যিহুদী মৰ্দখয় ৰজা অহচবেৰোচ দ্বিতীয় স্থানত আছিল। যিহুদী লোক সকলৰ মাজত তেওঁ মহৎ আছিল, আৰু তেওঁৰ অনেক যিহুদী ভাই সকলৰ মাজত জনাজাত আছিল। কিয়নো তেওঁ নিজৰ লোক সকলৰ হিত চিন্তা কৰিছিল; আৰু তেওঁলোকৰ শান্তিৰ বাবে কথা কৈছিল।

< Esther 10 >