< Deuteronomii 33 >

1 haec est benedictio qua benedixit Moses homo Dei filiis Israhel ante mortem suam
তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েলীয়া সন্তান সকলক আশীৰ্ব্বাদ কৰিলে।
2 et ait Dominus de Sina venit et de Seir ortus est nobis apparuit de monte Pharan et cum eo sanctorum milia in dextera eius ignea lex
তেওঁ ক’লে, যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল, তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল; তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল তেওঁ অযুত অযুত পবিত্ৰসকলৰ মাজৰ পৰা আহিল। তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা।
3 dilexit populos omnes sancti in manu illius sunt et qui adpropinquant pedibus eius accipient de doctrina illius
সঁচাই তেওঁ নিজৰ লোকসকলক প্ৰেম কৰে; তেওঁৰ সকলো পবিত্ৰ লোক তেওঁৰ হাতত আছিল; তেওঁলোক সকলো তেওঁৰ ভৰিত নত হ’ল; প্ৰতিজনে তেওঁৰ বাক্য গ্ৰহণ কৰিলে।
4 legem praecepit nobis Moses hereditatem multitudinis Iacob
মই, মোচিয়ে আপোনালোকক এক ব্যৱস্থাৰ আজ্ঞা দিলোঁ, এই ব্যৱস্থা যাকোবৰ বংশধৰসকলৰ বাবে এক উত্তৰাধিকাৰ।
5 erit apud rectissimum rex congregatis principibus populi cum tribubus Israhel
যেতিয়া ইস্রায়েলৰ মুখ্য লোকসকল গোট খালে, আৰু ইস্ৰায়েলৰ সকলো ফৈদ একত্রিত হ’ল, তেতিয়া যিহোৱাই আছিল যিচুৰূণৰ ৰজা।
6 vivat Ruben et non moriatur et sit parvus in numero
ৰূবেণ জীয়াই থাকক, নমৰক; কিন্তু তেওঁৰ গোষ্ঠীৰ লোক লেখত অলপ হওক।
7 haec est Iudae benedictio audi Domine vocem Iudae et ad populum suum introduc eum manus eius pugnabunt pro eo et adiutor illius contra adversarios eius erit
যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে, “হে যিহোৱা, তুমি যিহূদাৰ মাত শুনা, তেওঁৰ লোকসকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা, তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা; তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা।”
8 Levi quoque ait perfectio tua et doctrina tua viro sancto tuo quem probasti in Temptatione et iudicasti ad aquas Contradictionis
লেবীৰ বিষয়ে মোচিয়ে ক’লে, “লেবী, তোমাৰ ভক্তৰ লগত তোমাৰ তুম্মীম আৰু উৰীম আছে; মচ্ছাত তুমি যাৰ পৰীক্ষা কৰিছিলা, মিৰীবাৰ পানীৰ ওচৰত যাৰ সৈতে বিবাদ কৰিছিলা,
9 qui dixit patri suo et matri suae nescio vos et fratribus suis ignoro illos et nescierunt filios suos hii custodierunt eloquium tuum et pactum tuum servaverunt
যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে, ‘মই তেওঁলোকক দেখা নাই।’ নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে, এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে; তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে।
10 iudicia tua o Iacob et legem tuam o Israhel ponent thymiama in furore tuo et holocaustum super altare tuum
১০লেবীসকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়, ব্যৱস্থাবোৰ ইস্ৰায়েলক শিকায়; তোমাৰ আগত ধূপ জ্বলায়, যজ্ঞ-বেদিৰ ওপৰত হোমবলি উৎসৰ্গ কৰে।
11 benedic Domine fortitudini eius et opera manuum illius suscipe percute dorsa inimicorum eius et qui oderunt eum non consurgant
১১হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পত্তিত আশীৰ্ব্বাদ কৰা, তেওঁৰ সকলো হাতৰ কাৰ্য গ্ৰহণ কৰা; তেওঁৰ বিৰুদ্ধে উঠা শত্রুবোৰৰ কঁকাল ভাঙি দিয়া; । তেওঁক ঘিণাওঁতাসকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে।”
12 et Beniamin ait amantissimus Domini habitabit confidenter in eo quasi in thalamo tota die morabitur et inter umeros illius requiescet
১২বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে, “যিহোৱাই যাক প্রেম কৰে, বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে; যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে, আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”
13 Ioseph quoque ait de benedictione Domini terra eius de pomis caeli et rore atque abysso subiacente
১৩যোচেফৰ বিষয়ে মোচিয়ে ক’লে, “আকাশৰ উত্তম দান আৰু নিয়ৰেৰে সৈতে, তলত ব্যাপি থকা সাগৰেৰে, যিহোৱাই যোচেফৰ দেশক আশীৰ্ব্বাদ কৰক।
14 de pomis fructuum solis ac lunae
১৪সূৰ্যৰ তাপৰ উৎকৃষ্ট ফলেৰে, মাহবোৰৰ উত্তম শস্যৰে,
15 de vertice antiquorum montium de pomis collium aeternorum
১৫পুৰণি পৰ্ব্বতবোৰৰ অতি উত্তম সম্পদেৰে, চিৰকালৰ পাহাৰবোৰৰ বহুমূলীয়া বস্তুৰে,
16 et de frugibus terrae et plenitudine eius benedictio illius qui apparuit in rubo veniat super caput Ioseph et super verticem nazarei inter fratres suos
১৬পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে, আৰু জ্বলন্ত জোপোহাৰ মাজত যি জনা আছিল, তেওঁৰ আনুগ্রহেৰে সৈতে - যোচেফৰ মূৰত, যিজন ভাই-ককাইসকলৰ মাজত ৰাজপুত্র আছিল, তেওঁৰ কপালত এই সকলো আশীর্বাদ পৰক।
17 quasi primogeniti tauri pulchritudo eius cornua rinocerotis cornua illius in ipsis ventilabit gentes usque ad terminos terrae hae sunt multitudines Ephraim et haec milia Manasse
১৭যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়, তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে; তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব, এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব; এইদৰেই ইফ্ৰয়িমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব।
18 et Zabulon ait laetare Zabulon in exitu tuo et Isachar in tabernaculis tuis
১৮জবূলূনৰ বিষয়ে মোচিয়ে ক’লে, হে জবুলুন, তুমি বাহিৰলৈ যোৱা কালত আনন্দিত হোৱা, আৰু হে ইচাখৰ, তুমি নিজ তম্বুত আনন্দ কৰা।
19 populos ad montem vocabunt ibi immolabunt victimas iustitiae qui inundationem maris quasi lac sugent et thesauros absconditos harenarum
১৯লোকসকলক তেওঁলোকে পৰ্ব্বতলৈ মাতি পঠাব; সেই ঠাইত তেওঁলোকে যোগ্য মনোভাৱেৰে বলি উৎসৰ্গ কৰিব; তেওঁলোকে সমুদ্ৰৰ প্রচুৰ সমৃদ্ধি আৰু বালিৰ পৰা গুপুত ধন চুহিব।”
20 et Gad ait benedictus in latitudine Gad quasi leo requievit cepitque brachium et verticem
২০গাদৰ বিষয়ে মোচিয়ে ক’লে, “যিজনাই গাদৰ ৰাজ্যৰ সীমা বঢ়াব, সেই জনা ধন্য; গাদে সিংহৰ দৰে বাস কৰে, তেওঁ বাহু, এনেকি মূৰৰ তালুকো বিদাৰে।
21 et vidit principatum suum quod in parte sua doctor esset repositus qui fuit cum principibus populi et fecit iustitias Domini et iudicium suum cum Israhel
২১তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে, কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে; তেওঁ লোক সকলৰ মুখ্যৰ লগত আহিল। তেওঁ যিহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে, আৰু ইস্ৰায়েলৰ সৈতে যিহোৱাৰ নিয়ম পালন কৰিলে।
22 Dan quoque ait Dan catulus leonis fluet largiter de Basan
২২দানৰ বিষয়ে মোচিয়ে ক’লে, “দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ।”
23 et Nepthalim dixit Nepthalim abundantia perfruetur et plenus erit benedictione Domini mare et meridiem possidebit
২৩নপ্তালীৰ বিষয়ে মোচিয়ে কলে, “হে নপ্তালী, তুমি যিহোৱাৰ অনুগ্ৰহেৰে তৃপ্ত, আৰু যিহোৱাৰ আশীৰ্ব্বাদেৰে পৰিপূৰ্ণ; পশ্চিম আৰু দক্ষিণ অঞ্চল অধিকাৰ কৰা।”
24 Aser quoque ait benedictus in filiis Aser sit placens fratribus suis tinguat in oleo pedem suum
২৪আচেৰৰ বিষয়ে মোচিয়ে কলে, “আন সন্তান সকলতকৈ আচেৰে অধিক আশীৰ্ব্বাদ পাওক; তেওঁ যেন নিজৰ ভাই-ককাইসকলৰ প্রিয় হয়, তেওঁৰ ভৰি দুখন যেন জলফাইৰ তেলত ডুবি থাকে।
25 ferrum et aes calciamentum eius sicut dies iuventutis tuae ita et senectus tua
২৫তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব; যিমানদিন তোমাৰ আয়ুস থাকিব, সিমানদিন তোমাৰ শক্তি থাকিব।”
26 non est alius ut Deus rectissimi ascensor caeli auxiliator tuus magnificentia eius discurrunt nubes
২৬মোচিয়ে ক’লে, “হে যিচুৰূণ, ঈশ্বৰৰ তুল্য কোনো নাই; তোমালোকৰ সহায়ৰ কাৰণে তেওঁ নিজ গৌৰৱেৰে মেঘৰথত উঠি আকাশ পথত অহা যোৱা কৰে।
27 habitaculum eius sursum et subter brachia sempiterna eiciet a facie tua inimicum dicetque conterere
২৭যিজন অনাদিকালৰ ঈশ্বৰ তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়, অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে; তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব, তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’
28 habitabit Israhel confidenter et solus oculus Iacob in terra frumenti et vini caelique caligabunt rore
২৮ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব; যাকোবৰ ভুমুক শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব; তেওঁৰ ওপৰত আকাশৰ নিয়ৰ টোপা টোপে পৰক।
29 beatus tu Israhel quis similis tui popule qui salvaris in Domino scutum auxilii tui et gladius gloriae tuae negabunt te inimici tui et tu eorum colla calcabis
২৯হে ইস্ৰায়েল, তুমি ধন্য; যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, তোমালোকৰ সদৃশ কোন আছে? তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল; শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”

< Deuteronomii 33 >