< Deuteronomii 26 >

1 cumque intraveris terram quam Dominus Deus tuus tibi daturus est possidendam et obtinueris eam atque habitaveris in illa
আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দেশ উত্তৰাধিকাৰ হিচাবে আপোনালোকক দিব, আপোনালোকে সেই দেশ অধিকাৰ কৰি যেতিয়া তাত বাস কৰিব,
2 tolles de cunctis frugibus primitias et pones in cartallo pergesque ad locum quem Dominus Deus tuus elegerit ut ibi invocetur nomen eius
তেতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া সেই দেশৰ ভূমিত আপোনালোকে যি শস্য উৎপন্ন কৰিব, তাৰ প্ৰথম আগভাগৰ কিছু কিছু লৈ পাচিত ভৰাই ৰাখিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজকে প্রকাশ কৰিবৰ কাৰণে যি ঠাই তেওঁৰ বাসস্থান হিচাবে মনোনীত কৰিব, সেই শস্য আপোনালোকে সেই ঠাইলৈ লৈ যাব।
3 accedesque ad sacerdotem qui fuerit in diebus illis et dices ad eum profiteor hodie coram Domino Deo tuo quod ingressus sim terram pro qua iuravit patribus nostris ut daret eam nobis
তেতিয়া যি জন পুৰোহিত থাকিব আপোনালোকে গৈ তেওঁক ক’ব, “যিহোৱাই আমাক যি দেশ দিম বুলি আমাৰ পূৰ্ব-পুৰুষসকলৰ আগত শপত খাইছিল, সেই দেশত মই সোমালো ইয়াক আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত স্বীকাৰ কৰিছোঁ।”
4 suscipiensque sacerdos cartallum de manu eius ponet ante altare Domini Dei tui
তাতে পুৰোহিত জনে আপোনালোকৰ হাতৰ পৰা পাচিটো লৈ, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ আগত থব।
5 et loqueris in conspectu Domini Dei tui Syrus persequebatur patrem meum qui descendit in Aegyptum et ibi peregrinatus est in paucissimo numero crevitque in gentem magnam et robustam et infinitae multitudinis
তাৰ পাছত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত ক’ব, “মোৰ পূর্বপুৰুষ এজন অৰামীয়া যাযাবৰ আছিল; তেওঁ মাত্র কেইজনমান লোকক লগত লৈ মিচৰলৈ নামি গৈছিল আৰু তাতে বাস কৰিছিল। সেই ঠাইত তেওঁ এক মহান, পৰাক্ৰমী লোক হৈছিল আৰু জনসংখ্যাত বৃদ্ধি হৈ এক জাতি হৈ উঠিল।
6 adflixeruntque nos Aegyptii et persecuti sunt inponentes onera gravissima
মিচৰীয়াসকলে আমাৰ লগত ভাল ব্যৱহাৰ নকৰিলে আৰু আমাক কষ্ট দিছিল। আমাৰ ওপৰত শ্রমৰ কঠিন বোজা দি দাসৰ কাম কৰালে;
7 et clamavimus ad Dominum Deum patrum nostrorum qui exaudivit nos et respexit humilitatem nostram et laborem atque angustias
তেতিয়া আমি আমাৰ পূর্বপুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ আগত কাতৰোক্তি কৰিলোঁ, তাতে যিহোৱাই আমাৰ কাতৰোক্তি কৰিলোঁ। তেওঁ আমাৰ ক্রন্দন শুনিলে; আমাৰ কষ্ট আৰু পৰিশ্ৰম দেখিলে আৰু আমাৰ ওপৰত হোৱা উপদ্ৰৱলৈ দৃষ্টি কৰিলে।
8 et eduxit nos de Aegypto in manu forti et brachio extento in ingenti pavore in signis atque portentis
যিহোৱাই এক বলৱান হাতেৰে, নিজৰ ক্ষমতা দেখুৱাই, মহা ভয়ানক কাৰ্যৰে, নানা চিন আৰু অদ্ভুত লক্ষণেৰে মিচৰৰ পৰা আমাক উলিয়াই আনিলে।
9 et introduxit ad locum istum et tradidit nobis terram lacte et melle manantem
তেওঁ আমাক এই ঠাইলৈ আনিলে আৰু গাখীৰ মৌ বোৱা এই দেশ আমাক দিলে।
10 et idcirco nunc offero primitias frugum terrae quam dedit Dominus mihi et dimittes eas in conspectu Domini Dei tui adorato Domino Deo tuo
১০সেয়ে, হে যিহোৱা, এইয়া চাওঁক, আপুনি দিয়া ভূমিৰ প্রথম শস্যৰ আগভাগ মই আপোনাৰ ওচৰলৈ আনিছোঁ।’ এইবুলি কৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপোনালোকে আপোনালোকৰ পাচি থৈ তেওঁক প্রণিপাত কৰিব।
11 et epulaberis in omnibus bonis quae Dominus Deus tuus dederit tibi et domui tuae tu et Levites et advena qui tecum est
১১আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আৰু আপোনালোকৰ পৰিয়ালক যি সকলো মঙ্গল কৰিছে, তাৰ বাবে আপোনালোকৰ মাজত থকা লেবীয়া আৰু বিদেশী লোকেৰে সৈতে আনন্দ কৰিব।
12 quando conpleveris decimam cunctarum frugum tuarum anno decimarum tertio dabis Levitae et advenae et pupillo et viduae ut comedant intra portas tuas et saturentur
১২প্রত্যেক তৃতীয় বছৰত অর্থাৎ দশমাংশৰ বছৰত, আপোনালোকৰ শস্যৰ দহ ভাগৰ এভাগ আদায় দিয়া শেষ হোৱাৰ পাছত আপোনালোকে সেইবোৰ লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিব। তাতে সেই সকলোৱে আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰতে খোৱা-বোৱা কৰি তৃপ্ত হ’ব।
13 loquerisque in conspectu Domini Dei tui abstuli quod sanctificatum est de domo mea et dedi illud Levitae et advenae pupillo et viduae sicut iussisti mihi non praeterivi mandata tua nec sum oblitus imperii
১৩তাৰ পাছত আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আপুনি এই কথা ক’ব, ‘মই আপোনাৰ সকলো আজ্ঞা অনুসাৰে মোৰ আয়ৰ পৰা পবিত্র অংশটো ঘৰৰ পৰা উলিয়াই আনি লেবীয়া, বিদেশী, পিতৃহীন আৰু বিধৱাসকলক দিলোঁ; আপোনাৰ আজ্ঞাসমূহৰ এটাও মই অমান্য কৰা নাই আৰু সেইবোৰ মই পাহৰা নাই।
14 non comedi ex eis in luctu meo nec separavi ea in qualibet inmunditia nec expendi ex his quicquam in re funebri oboedivi voci Domini Dei mei et feci omnia sicut praecepisti mihi
১৪মৃতলোকৰ কাৰণে শোক প্রকাশৰ কালত মই পবিত্র অংশৰ অলপো খোৱা নাই বা অশুচি হোৱা কালত তাৰ একোকে উলিওৱা নাই বা তাৰ পৰা কোনো অংশ মৃত লোকৰ সন্মানর্থে দান কৰা নাই। মই মোৰ ঈশ্বৰ যিহোৱাৰ কথা শুনিলো; আপুনি মোক দিয়া সকলো আজ্ঞাৰ দৰে মই কাৰ্য কৰিলোঁ।
15 respice de sanctuario tuo de excelso caelorum habitaculo et benedic populo tuo Israhel et terrae quam dedisti nobis sicut iurasti patribus nostris terrae lacte et melle mananti
১৫হে যিহোৱা, আপুনি নিজ পবিত্ৰ নিবাস স্বৰ্গৰ পৰা তললৈ দৃষ্টি কৰক আৰু আপোনাৰ প্ৰজা ইস্ৰায়েলীয়াসকলক আশীর্বাদ কৰক। আমাৰ পুৰ্ব্ব-পুৰুষসকলৰ আগত তুমি কৰা শপত অনুসাৰে যি গাখীৰ মৌ বোৱা ভুমি আমাক দিছা, সেই দেশক আশীৰ্ব্বাদ কৰা’।”
16 hodie Dominus Deus tuus praecepit tibi ut facias mandata haec atque iudicia et custodias et impleas ex toto corde tuo et ex tota anima tua
১৬আজি আপোনালোকৰ ঈশ্বৰ যিহোৱাই এই বিধি আৰু শাসন-প্ৰণালীবোৰ পালন কৰিবলৈ আপোনালোকক আজ্ঞা দিছে; এই হেতুকে আপোনালোকে সকলো মন আৰু সকলো প্ৰাণেৰে সেইবোৰ পালন কৰি সেই মতে কাৰ্য কৰিব।
17 Dominum elegisti hodie ut sit tibi Deus et ambules in viis eius et custodias caerimonias illius et mandata atque iudicia et oboedias eius imperio
১৭আজিয়েই আপোনালোকে স্বীকাৰ কৰিছে যে, যিহোৱাই অাপোনালোকৰ ঈশ্বৰ আৰু তেওঁৰ পথতে আপোনালোক চলিব। আপোনালোকে স্বীকাৰ কৰিছে যে, তেওঁৰ বিধিবোৰ, তেওঁৰ আজ্ঞাবোৰ আৰু তেওঁৰ শাসন-প্ৰণালীবোৰ আপোনালোকে পালন কৰিব আৰু তেওঁৰ বাক্যলৈ কাণ দিব।
18 et Dominus elegit te hodie ut sis ei populus peculiaris sicut locutus est tibi et custodias omnia praecepta eius
১৮যিহোৱাইও আজি এই কথা স্বীকাৰ কৰিছে যে, তেওঁ যেনেকৈ প্রতিজ্ঞা কৰিছিল, সেইদৰে আপোনালোক তেওঁৰ নিজস্ব অধিকাৰত থকা তেওঁৰ প্রজা হৈছে আৰু আপোনালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা উচিত।
19 et faciat te excelsiorem cunctis gentibus quas creavit in laudem et nomen et gloriam suam ut sis populus sanctus Domini Dei tui sicut locutus est
১৯যিহোৱাই আজি ঘোষণা কৰিছে যে, প্রশংসা, যশস্যা আৰু সন্মানৰ ক্ষেত্রত তেওঁ সৃষ্টি কৰা সকলো জাতিবোৰৰ ওপৰত আপোনালোকক স্থান দিব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি দৰে কৈছিল, সেইদৰেই আপোনালোক তেওঁৰ উদ্দেশ্যে এক পবিত্ৰ জাতি হ’ব।

< Deuteronomii 26 >