< Ii Samuelis 7 >

1 factum est autem cum sedisset rex in domo sua et Dominus dedisset ei requiem undique ab universis inimicis suis
পাছত ৰজাই যেতিয়া নিজৰ গৃহত বাস কৰিবলৈ ধৰিলে আৰু যিহোৱাই চাৰিওফালে থকা সকলো শত্ৰুৰ পৰা ৰজাক বিশ্ৰাম দিলে,
2 dixit ad Nathan prophetam videsne quod ego habitem in domo cedrina et arca Dei posita sit in medio pellium
তেতিয়া ৰজাই নাথন ভাববাদীক ক’লে, “এতিয়া চাওঁক, মই এৰচ কাঠেৰে সজা গৃহত বাস কৰি আছোঁ; কিন্তু ঈশ্বৰৰ নিয়ম-চন্দুকটি তম্বুৰ মাজ-মজিয়াতেই আছে।”
3 dixitque Nathan ad regem omne quod est in corde tuo vade fac quia Dominus tecum est
তেতিয়া নাথনে ৰজাক ক’লে, “ভাল, আপোনাৰ মনত যি আছে তাকে কৰক; কিয়নো যিহোৱা আপোনাৰ লগত আছে।”
4 factum est autem in nocte illa et ecce sermo Domini ad Nathan dicens
পাছত নাথনলৈ সেই ৰাতিয়েই যিহোৱাৰ বাক্য আহিল,
5 vade et loquere ad servum meum David haec dicit Dominus numquid tu aedificabis mihi domum ad habitandum
বোলে, “যোৱা আৰু তুমি গৈ মোৰ দাস দায়ূদক কোৱা, ‘যিহোৱাই এই কথা কৈছে: বোলে, তুমিয়েই জানো মোৰ বসতি গৃহ নিৰ্ম্মাণ নকৰিবা?
6 neque enim habitavi in domo ex die qua eduxi filios Israhel de terra Aegypti usque in diem hanc sed ambulans ambulabam in tabernaculo et in tentorio
কিয়নো মই ইস্ৰায়েলৰ সন্তান সকলক মিচৰ দেশৰ পৰা উলিয়াই অনা দিনৰে পৰা আজিলৈকে কোনো গৃহত বাস কৰা নাই; কেৱল মোৰ আবাস যি তম্বু, তাত থাকিহে ভ্ৰমণ কৰি আছোঁ।
7 per cuncta loca quae transivi cum omnibus filiis Israhel numquid loquens locutus sum ad unam de tribubus Israhel cui praecepi ut pasceret populum meum Israhel dicens quare non aedificastis mihi domum cedrinam
গোটেই ইস্ৰায়েলৰ সন্তান সকলৰ মাজত মই অহা-যোৱা কৰা কোনো এক ঠাইত, মই যিজনক মোৰ প্ৰজা ইস্ৰায়েল লোকসকলক প্ৰতি পালন কৰিবলৈ ভাৰ দিছিলোঁ, ইস্ৰায়েলৰ এনে কোনো ফৈদক জানো কেতিয়াবা এই কথা কৈছিলোঁ যে, “তোমালোকে কিয় মোৰ কাৰণে এৰচ কাঠৰ গৃহ নিৰ্ম্মাণ নকৰা’?”
8 et nunc haec dices servo meo David haec dicit Dominus exercituum ego tuli te de pascuis sequentem greges ut esses dux super populum meum Israhel
এই হেতুকে এতিয়া, তুমি মোৰ দাস দায়ূদক কোৱা, “বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: ‘মোৰ প্ৰজা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত অধিপতি হ’বলৈ মই তোমাক মেৰৰ চৰণী ঠাইৰ পৰা আৰু জাকৰ পাছে পাছে যোৱাৰ পৰা গ্ৰহণ কৰিলোঁ;
9 et fui tecum in omnibus ubicumque ambulasti et interfeci universos inimicos tuos a facie tua fecique tibi nomen grande iuxta nomen magnorum qui sunt in terra
আৰু তুমি যি যি ঠাইলৈ গৈছিলা, সেই সকলোতে মই তোমাৰ সঙ্গী হৈ তোমাৰ সন্মুখৰ পৰা তোমাৰ আটাই শত্ৰুসকলক উচ্ছন্ন কৰিলোঁ৷ পৃথিৱীত থকা মহৎ লোকৰ নামৰ দৰে তোমাৰো নাম মহৎ কৰিম।
10 et ponam locum populo meo Israhel et plantabo eum et habitabit sub eo et non turbabitur amplius nec addent filii iniquitatis ut adfligant eum sicut prius
১০আৰু মই নিজ প্ৰজা ইস্ৰায়েলৰ কাৰণে এটা ঠাই নিশ্চয় কৰি তেওঁলোকক ৰোপণ কৰিম; তাতে তেওঁলোকে নিজ নিজ ঠাইতে বাস কৰিব; তেওঁলোকক আৰু লৰোৱা নহ’ব৷ সেইদৰে আগৰ কালৰ নিচিনাকৈ দুৰ্জ্জনৰ সন্তান সকলে তেওঁলোকক আৰু দুখ নিদিব,
11 ex die qua constitui iudices super populum meum Israhel et requiem dabo tibi ab omnibus inimicis tuis praedicitque tibi Dominus quod domum faciat tibi Dominus
১১যেতিয়াৰে পৰা মই নিজ প্ৰজা ইস্ৰায়েল লোকসকলৰ ওপৰত বিচাৰকৰ্ত্তাসকলক নিযুক্ত কৰিছিলোঁ; তেতিয়াৰে পৰা যেনে হৈছিল, মই সকলো শত্ৰুবোৰৰ পৰা তোমাক বিশ্ৰাম দিম। তাৰোপৰি মই, যিহোৱাই ঘোষণা কৰিছোঁ যে, তোমাৰ কাৰণে এক বংশ উৎপন্ন কৰিম।
12 cumque conpleti fuerint dies tui et dormieris cum patribus tuis suscitabo semen tuum post te quod egredietur de utero tuo et firmabo regnum eius
১২তোমাৰ আয়ুস সম্পূৰ্ণ হ’লে, যেতিয়া তুমি নিজ ওপৰ-পিতৃসকলৰ লগত নিদ্ৰিত হ’বা, তেতিয়া তোমাৰ ঔৰসত উৎপন্ন হোৱা তোমাৰ পাছৰ বংশৰ লোকক মই স্থাপন কৰিম আৰু তেওঁৰ ৰাজ্য স্থিৰ কৰিম।
13 ipse aedificabit domum nomini meo et stabiliam thronum regni eius usque in sempiternum
১৩মোৰ নামৰ কাৰণে তেওঁহে এটা গৃহ নিৰ্ম্মাণ কৰিব আৰু মই তেওঁৰ ৰাজসিংহাসন চিৰস্থায়ী কৰিম।
14 ego ero ei in patrem et ipse erit mihi in filium qui si inique aliquid gesserit arguam eum in virga virorum et in plagis filiorum hominum
১৪মই তেওঁৰ পিতৃ হম আৰু তেওঁ মোৰ পুত্ৰ হ’ব। তেওঁ অপৰাধী হ’লে মই মনুষ্যসকলৰ দণ্ডেৰে আৰু মনুষ্য সন্তান সকলৰ প্ৰহাৰৰ দ্বাৰাই তেওঁক শাস্তি দিম৷
15 misericordiam autem meam non auferam ab eo sicut abstuli a Saul quem amovi a facie tua
১৫কিন্তু মই যি জনক তোমাৰ আগৰ পৰা দূৰ কৰিলোঁ, সেই চৌলৰ পৰা মই যেনেকৈ মোৰ দয়া গুচালোঁ, তেনেকৈ তেওঁৰ পৰা মোৰ দয়া নুগুচিব।
16 et fidelis erit domus tua et regnum tuum usque in aeternum ante faciem tuam et thronus tuus erit firmus iugiter
১৬আৰু তোমাৰ বংশ ও ৰাজত্ব সদাকাললৈকে তোমাৰ আগত থিৰে থাকিব৷ তোমাৰ সিংহাসন চিৰস্থায়ী হ’ব’।”
17 secundum omnia verba haec et iuxta universam visionem istam sic locutus est Nathan ad David
১৭এই সকলো বাক্য আৰু এই গোটেই দৰ্শন অনুসাৰে নাথনে দায়ূদক ক’লে।
18 ingressus est autem rex David et sedit coram Domino et dixit quis ego sum Domine Deus et quae domus mea quia adduxisti me hucusque
১৮যেতিয়া দায়ুদ ৰজাই ভিতৰলৈ গৈ যিহোৱাৰ আগত বহি তেওঁ ক’লে, “হে প্ৰভু যিহোৱা, মইনো কোন, মোৰ বংশই বা কি, যে, তুমি মোক ইমান ওখ খাপলৈ আনিছা?
19 sed et hoc parum visum est in conspectu tuo Domine Deus nisi loquereris etiam de domo servi tui in longinquum ista est enim lex Adam Domine Deus
১৯তথাপি হে প্ৰভু যিহোৱা, তোমাৰ দৃষ্টিত ই অতি সৰু বিষয় আছিল৷ তুমি নিজ দাসৰ বংশৰ বিষয়েও সুদীৰ্ঘ কালৰ কথা ক’লা, হে প্ৰভু যিহোৱা, ইয়াক তুমি মানুহৰ বিধিৰ দৰে কৰিলা।
20 quid ergo addere poterit adhuc David ut loquatur ad te tu enim scis servum tuum Domine Deus
২০ইয়াৰ পাছত মই, দায়ূদে তোমাক আৰু কি ক’ম? কাৰণ হে প্ৰভু যিহোৱা, তুমি নিজ দাসক জানি আছা।
21 propter verbum tuum et secundum cor tuum fecisti omnia magnalia haec ita ut notum faceres servo tuo
২১কিয়নো তুমি নিজ বাক্যৰ কাৰণে আৰু তোমাৰ নিজ উদ্দেশ্য সিদ্ধ কৰিবলৈ, এই সমস্ত মহৎ কৰ্ম সাধন কৰি, তোমাৰ দাসক জনালা।
22 idcirco magnificatus es Domine Deus quia non est similis tui neque est deus extra te in omnibus quae audivimus auribus nostris
২২এই হেতুকে হে ঈশ্বৰ যিহোৱা, তুমি মহান৷ কিয়নো আমি নিজ কাণে যি যি শুনিলোঁ, সেই সকলোৰ দৰে তোমাৰ তুল্য কোনো নাই। আৰু তোমাত বাজে আৰু কোনো ঈশ্বৰ নাই।
23 quae est autem ut populus tuus Israhel gens in terra propter quam ivit Deus ut redimeret eam sibi in populum et poneret sibi nomen faceretque eis magnalia et horribilia super terram a facie populi tui quem redemisti tibi ex Aegypto gentem et deum eius
২৩আৰু তোমাৰ প্ৰজা ইস্ৰায়েললোকৰ তুল্য, যিসকলক ঈশ্বৰে নিজৰ কাৰণে মুক্ত কৰি নিজ প্ৰজা কৰিবলৈ আৰু নিজৰ নাম কীৰ্ত্তিমন্ত কৰিবলৈ আৰু মিচৰৰ পৰা অৰ্থাৎ অনা-ইস্ৰায়েলী আৰু তেওঁলোকৰ দেৱতাবোৰৰ মাজৰ পৰা তুমি মুক্ত কৰা তোমাৰ প্ৰজাৰ আগত আমাৰ পক্ষে মহৎ কৰ্ম আৰু তোমাৰ দেশৰ পক্ষে নানা ভয়ঙ্কৰ কৰ্ম সিদ্ধ কৰিবলৈ তুমি আগমণ কৰিলা, পৃথিৱীৰ মাজত এনে আন কোন জাতি আছে?
24 et firmasti tibi populum tuum Israhel in populum sempiternum et tu Domine factus es eis in Deum
২৪আৰু সদাকাল তোমাৰ প্ৰজা হবৰ অৰ্থে তোমাৰ বাবে তোমাৰ প্ৰজা ইস্ৰায়েল লোকক তুমি স্থাপন কৰিলা৷ আৰু হে যিহোৱা, তুমি তেওঁলোকৰ ঈশ্বৰ থ’লো।
25 nunc ergo Domine Deus verbum quod locutus es super servum tuum et super domum eius suscita in sempiternum et fac sicut locutus es
২৫এই হেতুকে এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি নিজ দাসৰ আৰু তাৰ বংশৰ বিষয়ে যি বাক্য ক’লা, তাক সদাকাললৈ থিৰ কৰা; আৰু যেনেকৈ ক’লা, তেনেকৈয়ে কৰা।
26 et magnificetur nomen tuum usque in sempiternum atque dicatur Dominus exercituum Deus super Israhel et domus servi tui David erit stabilita coram Domino
২৬‘বাহিনীসকলৰ যিহোৱা ইস্ৰায়েলৰ ওপৰত থাকোঁতা ঈশ্বৰ আৰু তোমাৰ দাস দায়ূদৰ বংশ তোমাৰ সাক্ষাতে থিৰে থাকিব’, এইবুলি লোকে ক’ব৷ তোমাৰ নাম সদাকাল মহিমান্বিত হওঁক।
27 quia tu Domine exercituum Deus Israhel revelasti aurem servi tui dicens domum aedificabo tibi propterea invenit servus tuus cor suum ut oraret te oratione hac
২৭কিয়নো হে ইস্ৰায়েলৰ ঈশ্বৰ বাহিনীসকলৰ যিহোৱা, ‘মই তোমাৰ কাৰণে এক বংশ স্থাপন কৰিম’ বুলি তুমিয়েই তোমাৰ দাসৰ আগত প্ৰকাশ কৰিলা৷ এই কাৰণে তোমাৰ আগত এই প্ৰাৰ্থনা কৰিবলৈ তোমাৰ দাসৰ মনত সাহস জন্মিল।
28 nunc ergo Domine Deus tu es Deus et verba tua erunt vera locutus es enim ad servum tuum bona haec
২৮আৰু এতিয়া হে প্ৰভু যিহোৱা, তুমিয়েই ঈশ্বৰ, তোমাৰ বাক্য বিশ্ৱস্ত আৰু তুমিয়েই তোমাৰ দাসলৈ এই মঙ্গল প্ৰতিজ্ঞা কৰিলা।
29 incipe igitur et benedic domui servi tui ut sit in sempiternum coram te quia tu Domine Deus locutus es et benedictione tua benedicetur domus servi tui in sempiternum
২৯এই হেতুকে তোমাৰ দাসৰ বংশ যেন তোমাৰ আগত সদাকাল থাকে, এই কাৰণে অনুগ্ৰহ কৰি তাক আশীৰ্ব্বাদ কৰা৷ কিয়নো হে প্ৰভু যিহোৱা, তুমি নিজে প্ৰতিজ্ঞা কৰিলা আৰু তোমাৰ আশীৰ্ব্বাদৰ গুণে তোমাৰ এই দাসৰ বংশ সদাকাল আশীৰ্ব্বাদপ্ৰাপ্ত হওঁক।”

< Ii Samuelis 7 >