< Ii Regum 7 >

1 dixit autem Heliseus audite verbum Domini haec dicit Dominus in tempore hoc cras modius similae uno statere erit et duo modii hordei statere uno in porta Samariae
ইলীচাই ক’লে, “যিহোৱাই যি কৈছে, তাক শুনক। যিহোৱাই কৈছে, ‘অহাকালি, প্রায় এনে সময়ত চমৰিয়া নগৰৰ দুৱাৰ মুখত এক চেয়া পৰিমাণৰ ময়দা আৰু দুই চেয়া পৰিমাণৰ যৱ কেৱল এক চেকলকৈ বিক্রী হ’ব।
2 respondens unus de ducibus super cuius manum rex incumbebat homini Dei ait si Dominus fecerit etiam cataractas in caelo numquid poterit esse quod loqueris qui ait videbis oculis tuis et inde non comedes
তেতিয়া যিজন সেনাপতিৰ সাহার্যৰ ওপৰত ৰজা নির্ভৰ কৰিছিল, তেওঁ সেই ঈশ্বৰৰ লোকক উত্তৰ দিলে, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” উত্তৰত ইলীচাই ক’লে, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
3 quattuor ergo viri erant leprosi iuxta introitum portae qui dixerunt ad invicem quid hic esse volumus donec moriamur
সেই সময়ত নগৰৰ প্রৱেশদ্বাৰৰ বাহিৰত চাৰিজন কুষ্ঠৰোগত আক্রান্ত লোক আছিল; তেওঁলোকে ইজনে সিজনক ক’লে, “আমি নমৰালৈকে ইয়াতে কিয় বহি থাকিব লাগে?
4 sive ingredi voluerimus civitatem fame moriemur sive manserimus hic moriendum nobis est venite igitur et transfugiamus ad castra Syriae si pepercerint nobis vivemus si autem occidere voluerint nihilominus moriemur
আমি যদি কওঁ যে, নগৰলৈকে সোমাই যাওঁ, তেন্তে তাতো আকাল হৈছে আৰু আমি সেই ঠাইতো মৰিম। এতিয়া ইয়াতো যদি বহি থাকোঁ, তেন্তে ইয়াতো মৰিম। এই হেতুকে আহাঁ, আমি অৰামীয়াসকলৰ ছাউনিলৈকে যাওঁ; তেওঁলোকে যদি আমাক জীয়াই ৰাখে, তেন্তে জী থাকিম আৰু যদি মাৰে, তেন্তে মৰিম।”
5 surrexerunt igitur vesperi ut venirent ad castra Syriae cumque venissent ad principium castrorum Syriae nullum ibidem reppererunt
কথামতে সেইদিনা সন্ধিয়াৰ সময়ত কুষ্ঠৰোগী কেইজন অৰামীয়াসকলৰ ছাউনিত গৈ উপস্থিত হ’ল। তেওঁলোকে ছাউনিৰ কাষলৈ গৈ তাত কাকো দেখা নাপালে।
6 siquidem Dominus sonitum audiri fecerat in castris Syriae curruum et equorum et exercitus plurimi dixeruntque ad invicem ecce mercede conduxit adversum nos rex Israhel reges Hettheorum et Aegyptiorum et venerunt super nos
কিয়নো তেতিয়া অৰামীয়া সৈন্যসকলক যিহোৱাই অনেক ৰথ, ঘোঁৰা আৰু আন বিশাল সৈন্যদলৰ শব্দ শুনাইছিল আৰু সেয়ে, অৰামীয়া সৈন্যসকলৰ এজনে আন জনক ক’বলৈ ধৰিলে, “চোৱা, আমাৰ বিৰুদ্ধে আক্ৰমণ কৰিবৰ কাৰণে ইস্ৰায়েলৰ ৰজাই হিত্তীয়া আৰু মিচৰীয় ৰজাসকলক পইচা দি আনিছে।”
7 surrexerunt ergo et fugerunt in tenebris et dereliquerunt tentoria sua et equos et asinos in castris fugeruntque animas tantum suas salvare cupientes
সেইবাবে তেওঁলোকে সন্ধিয়া হওঁতেই নিজৰ তম্বু, ঘোঁৰা আৰু গাধ সকলোবোৰ এৰি থৈ পলাই গৈছিল আৰু ছাউনি যেনে আছিল, তেনেকৈয়েই এৰি থৈ তেওঁলোক প্রাণৰ ভয়ত পলাই গৈছিল।
8 igitur cum venissent leprosi illi ad principium castrorum ingressi sunt unum tabernaculum et comederunt et biberunt tuleruntque inde argentum et aurum et vestes et abierunt et absconderunt et rursum reversi sunt ad aliud tabernaculum et inde similiter auferentes absconderunt
তাৰবাবে কুষ্ঠৰোগী কেইজনে ছাউনিৰ ওচৰলৈ গৈ এটা তম্বুৰ ভিতৰত সোমাই খোৱা-বোৱা কৰিলে আৰু তাৰ পৰা সোণ, ৰূপ আৰু কাপোৰ-কানিবোৰ লৈ গৈ লুকুৱাই ৰাখিলে। তাৰ পাছত তেওঁলোকে পুনৰ ঘূৰি আহি আন এটা তম্বুত সোমাই তাৰ পৰাও বহুত বস্তু লৈ গৈ লুকুৱাই ৰাখিলে।
9 dixeruntque ad invicem non recte facimus haec enim dies boni nuntii est si tacuerimus et noluerimus nuntiare usque mane sceleris arguemur venite eamus et nuntiemus in aula regis
পাছত তেওঁলোকে ইজনে সিজনে কোৱাকুই কৰিলে, “আমি হ’লে ভাল কাম কৰা নাই। আজিৰ এই দিনটো হৈছে এটা সুখবৰৰ দিন আৰু আমি এই বিষয়ে কাকো একো নকৈ মনে মনে আছোঁ। যদি আমি ৰাতিপুৱালৈকে পলম কৰি থাকোঁ, তেন্তে শাস্তি আমাৰ ওপৰতে আহিব; সেয়ে, ব’লা আমি এতিয়াই ৰাজগৃহত কথাটো জনাওঁগৈ।”
10 cumque venissent ad portam civitatis narraverunt eis dicentes ivimus ad castra Syriae et nullum ibidem repperimus hominum nisi equos et asinos alligatos et fixa tentoria
১০তাতে তেওঁলোকে গৈ প্রৱেশদ্বাৰৰ প্রহৰীসকলক মাতি ক’লে, “আমি অৰামীয়াসকলৰ ছাউনিলৈ গৈছিলোঁ; তাত কোনো মানুহ নাই আৰু কাৰো সাৰ-শব্দও নাই; কেৱল ঘোঁৰা আৰু গাধবোৰ বন্ধা আছে, আৰু তম্বুবোৰো যেনে আছিল তেনেভাৱেই আছে।”
11 ierunt ergo portarii et nuntiaverunt in palatio regis intrinsecus
১১প্রৱেশদ্বাৰৰ প্রহৰীসকলে এই সম্বাদ চিঞঁৰি চিঞঁৰি জনাই দিলে আৰু পাছত ৰাজগৃহৰ ভিতৰতো জনোৱা হ’ল।
12 qui surrexit nocte et ait ad servos suos dico vobis quid fecerint nobis Syri sciunt quia fame laboramus et idcirco egressi sunt de castris et latitant in agris dicentes cum egressi fuerint de civitate capiemus eos viventes et tunc civitatem ingredi poterimus
১২তেতিয়া ৰজাই ৰাতি উঠি তেওঁৰ দাসবোৰক ক’লে, “মই এতিয়া তোমালোকক ক’ম যে, অৰামীয়াসকলে আমালৈ কি কৰিছে। আমি যে ভোকত আছোঁ অৰামীয়াসকলে জানে আৰু সেইবাবে তেওঁলোকে ছাউনি এৰি পথাৰৰ মাজত গৈ লুকাই আছে। তেওঁলোকে ভাৱিছে, ‘ইস্রায়েলীয়াসকল যেতিয়া নগৰৰ পৰা ওলাই আহিব, তেতিয়া আমি তেওঁলোকক জীৱিত অৱস্থাতে ধৰিম আৰু তেওঁলোকৰ নগৰৰ ভিতৰত সোমাম’।”
13 respondit autem unus servorum eius tollamus quinque equos qui remanserunt in urbe quia ipsi tantum sunt in universa multitudine Israhel alii enim consumpti sunt et mittentes explorare poterimus
১৩তেতিয়া ৰজাৰ এজন দাসে উত্তৰ দি ক’লে, “মই আপোনাক মিনতি কৰোঁ, কেইজনমান লোকক নগৰত যি কেইটা ঘোঁৰা অৱশিষ্ট আছে, তাৰ মাজৰ পৰা পাচঁটা ঘোঁৰা লৈ যাবলৈ দিয়ক। যিহেতু ইস্রায়েলৰ অধিক লোকেই মৰিল। ইয়াত অৱশিষ্ট থকা সকলো ইস্রায়েলবাসীৰ দৰে তেওঁলোকৰো মৃত্যু হ’ব। সেয়ে কি ঘটিছে, তাক চাবলৈ আমি তেওঁলোকক পঠিয়াই দিওঁ।”
14 adduxerunt ergo duos equos misitque rex ad castra Syrorum dicens ite videte
১৪তেতিয়া তেওঁলোকে ঘোঁৰাবোৰেৰে সৈতে দুখন ৰথ ল’লে, আৰু ৰজাই অৰামীয়া সৈন্যবোৰৰ সন্ধানত তেওঁলোকক পঠিয়াই দি ক’লে, “তোমালোকে গৈ চাই আঁহাগৈ।”
15 qui abierunt post eos usque ad Iordanem ecce autem omnis via plena erat vestibus et vasis quae proiecerant Syri cum turbarentur reversique nuntii indicaverunt regi
১৫তাতে তেওঁলোকে যৰ্দ্দন নদী পর্যন্ত অৰামীয়াসকলক বিচাৰি গৈ দেখিলে যে অৰামীয়াসকলে লৰালৰিকৈ পলাই যোৱাৰ কাৰণে গোটেই পথটোতে কাপোৰ-কানি আৰু বস্তু-বাহানিবোৰ পৰি ভৰি আছিল। যিসকলক পঠোৱা হৈছিল, তেওঁলোকে উভটি আহি ৰজাৰ আগত এই সকলো সম্বাদ দিলে।
16 et egressus populus diripuit castra Syriae factusque est modius similae statere uno et duo modii hordei statere uno iuxta verbum Domini
১৬তেতিয়া লোকসকলে বাহিৰলৈ গৈ অৰামীয়াসকলৰ ছাউনি লুট কৰিলে; তাতে যিহোৱাৰ বাক্যৰ দৰে, এক চেয়া পৰিমাণৰ ময়দা এক চেকল ৰূপত আৰু দুই চেয়া পৰিমান যৱ ধান এক চেকল ৰূপত বিক্রী হ’ল।
17 porro rex ducem illum in cuius manu incubuerat constituit ad portam quem conculcavit turba in introitu et mortuus est iuxta quod locutus fuerat vir Dei quando descenderat rex ad eum
১৭যিজন সেনাপতিৰ সাহার্যৰ হাতত ৰজা নির্ভৰশীল আছিল, সেই সেনাপতিজনক ৰজাই নগৰৰ দুৱাৰ পৰিদর্শনৰ ভাৰ দিলে; কিন্তু লোক সকলে হুৰমূৰকৈ নগৰৰ বাহিৰলৈ ওলাই যাওঁতে প্রৱেশদ্বাৰৰ পথতে লোক সকলৰ ভৰিৰ গচকত তেওঁৰ মৃত্যু হ’ল। ঈশ্বৰৰ লোক ইলীচাৰ ওচৰলৈ ৰজা যেতিয়া নামি অহিছিল, তেতিয়া ইলীচাই ৰজাক যি কথা কৈছিল, সেনাপতিজন সেইদৰেই মৰিল।
18 factumque est secundum sermonem viri Dei quem dixerat regi quando ait duo modii hordei statere uno erunt et modius similae statere uno hoc eodem tempore cras in porta Samariae
১৮ঈশ্বৰৰ লোকে ৰজাক যি কৈছিলে সেইভাৱেই এই ঘটনাটো ঘটিল। তেওঁ কৈছিল, “অহাকালি এনে সময়ত চমৰিয়াৰ দুৱাৰ মুখত দুই চেয়া যৱ ধান এক চেকলত, আৰু এক চেয়া ময়দা এক চেকলত বেচা যাব।”
19 quando responderat dux ille viro Dei et dixerat etiam si Dominus fecerit cataractas in caelo numquid fieri poterit quod loqueris et dixit ei videbis oculis tuis et inde non comedes
১৯সেই সেনাপতিয়ে উত্তৰত ঈশ্বৰৰ লোকক কৈছিল, “চাওঁক, যিহোৱাই যদি আকাশৰ খিড়িকিবোৰো খুলি দিয়ে, তথাপিও জানো এনেকুৱা হ’ব পাৰে?” ইলীচাই কৈছিল, “চাই থাকক, আপুনি নিজৰ চকুৰে তাক দেখিব, কিন্তু আপুনি তাৰ অলপো খাবলৈ নাপাব।”
20 evenit ergo ei sicut praedictum erat et conculcavit eum populus in porta et mortuus est
২০তেওঁলৈ ঠিক তেনেদৰেই ঘটিল। কিয়নো দুৱাৰৰ পথত লোকসকলৰ ভৰিৰ গচকত তেওঁৰ মৃত্যু হ’ল।

< Ii Regum 7 >