< Ii Paralipomenon 31 >
1 cumque haec fuissent rite celebrata egressus est omnis Israhel qui inventus fuerat in urbibus Iuda et fregerunt simulacra succideruntque lucos demoliti sunt excelsa et altaria destruxerunt non solum de universo Iuda et Beniamin sed de Ephraim quoque et Manasse donec penitus everterent reversique sunt omnes filii Israhel in possessiones et civitates suas
১এইদৰে আটাইবোৰ শেষ হোৱাৰ পাছত, সেই ঠাইত উপস্থিত থকা সকলো ইস্ৰায়েল লোকে যিহূদাৰ নগৰবোৰলৈ গ’ল আৰু স্তম্ভবোৰ ভাঙিলে, আচেৰা মুৰ্ত্তিবোৰ কাটিলে আৰু গোটেই যিহূদাত, বিন্যামীনত, ইফ্ৰয়িমত আৰু মনচিত থকা ওখ ঠাইবোৰ আৰু যজ্ঞবেদীবোৰ নিঃশেষে ভাঙি পেলালে। তেতিয়া ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ আধিপত্য আৰু নগৰলৈ উলটি আহিল।
2 Ezechias vero constituit turmas sacerdotales et leviticas per divisiones suas unumquemque in officio proprio tam sacerdotum videlicet quam Levitarum ad holocausta et pacifica ut ministrarent et confiterentur canerentque in portis castrorum Domini
২আৰু হিষ্কিয়াই হোমাৰ্থক আৰু মঙ্গলাৰ্থক বলিদান, পৰিচৰ্যা, স্তুতিগান আৰু যিহোৱাৰ ছাউনিৰ নানা দুৱাৰত প্ৰশংসা কৰিবলৈ পুৰোহিত লেবীয়াসকলক নিজ নিজ কাৰ্য অনুসাৰে পাল অনুক্ৰমে নিজ নিজ পালত নিযুক্ত কৰিলে।
3 pars autem regis erat ut de propria eius substantia offerretur holocaustum mane semper et vespere sabbatis quoque et kalendis et sollemnitatibus ceteris sicut scriptum est in lege Mosi
৩আৰু যিহোৱাৰ ব্যৱস্থাত লিখাৰ দৰে হোমৰ কাৰণে, ৰাতিপুৱা আৰু সন্ধ্যাবেলা হোমৰ কাৰণে আৰু বিশ্ৰাম-বাৰ, ন-জোন আৰু পৰ্ব্ব-সম্বন্ধীয় হোমৰ কাৰণে, ৰজাৰ সম্পত্তিৰ পৰা দান কৰিব লগা ভাগ তেওঁ নিৰূপণ কৰিলে।
4 praecepit etiam populo habitantium Hierusalem ut darent partes sacerdotibus et Levitis et possent vacare legi Domini
৪আনকি পুৰোহিত আৰু লেবীয়াসকল যেন যিহোৱাৰ ব্যৱস্থাত আসক্ত থাকে, এই কাৰণে তেওঁলোকৰ ভাগ তেওঁলোকক দিবলৈ যিৰূচালেমত থকা লোকসকলক আজ্ঞা দিলে।
5 quod cum percrebruisset in auribus multitudinis plurimas obtulere primitias filii Israhel frumenti vini et olei mellis quoque et omnium quae gignit humus decimas obtulerunt
৫এই আজ্ঞা দেশত ব্যাপ্ত হোৱা মাত্ৰকে ইস্ৰায়েলৰ সন্তান সকলে শস্য, দ্ৰাক্ষাৰস, তেল আৰু মৌ আদি ভূমিত উৎপন্ন হোৱা সকলো বস্তুৰ প্ৰথম ভাগ অধিক অধিক পৰিমাণে আনিলে।
6 sed et filii Israhel et Iuda qui habitabant in urbibus Iuda obtulerunt decimas boum et ovium decimasque sanctorum quae voverant Domino Deo suo atque universa portantes fecerunt acervos plurimos
৬আৰু ইস্ৰায়েলৰ ও যিহূদাৰ যি সন্তান সকলে যিহোদাৰ নানা নগৰত বাস কৰিছিল, তেওঁলোকেও গৰু আৰু ভেড়া ও ছাগলীৰ দহ ভাগৰ এভাগ আনি দ’ম কৰি হ’ল, যিবোৰ তেওঁলোকৰ ঈশ্বৰ যিহোৱালৈ উৎসৰ্গ কৰিবলৈ অনা হৈছিল।
7 mense tertio coeperunt acervorum iacere fundamenta et mense septimo conpleverunt eos
৭তৃতীয় মাহত তেওঁলোকে দ’মৰ প্ৰথম জাপ পেলাই সপ্তম মাহত সমাপ্ত কৰিলে।
8 cumque ingressi fuissent Ezechias et principes eius viderunt acervos et benedixerunt Domino ac populo Israhel
৮যেতিয়া হিষ্কিয়া আৰু অধ্যক্ষসকলে আহি দ’মবোৰ দেখিলে, যিহোৱাক আৰু তেওঁৰ প্ৰজাসকল ইস্ৰায়েলক ধন্যবাদ দিলে।
9 interrogavitque Ezechias sacerdotes et Levitas cur ita iacerent acervi
৯তেতিয়া হিষ্কিয়াই সেই বোৰ দ’মৰ বিষয়ে পুৰোহিত আৰু লেবীয়াসকলক সুধিলে।
10 respondit illi Azarias sacerdos primus de stirpe Sadoc dicens ex quo coeperunt offerri primitiae in domo Domini comedimus et saturati sumus remanseruntque plurima eo quod benedixerit Dominus populo suo reliquiarum autem copia est ista quam cernis
১০তাতে চাদোকৰ বংশৰ অজৰিয়া প্ৰধান পুৰোহিতে তেওঁক এই উত্তৰ দিলে, “যেতিয়াৰে পৰা লোকসকলে যিহোৱাৰ গৃহলৈ উপহাৰ আনিবলৈ ধৰিলে, তেতিয়াৰে পৰা আমি হেপাহ পলুৱাই খাইছোঁ আৰু অনেক বাকি থাকিও গ’ল; কিয়নো যিহোৱাই তেওঁৰ প্ৰজাসকলক আশীৰ্ব্বাদ কৰিলে৷ এই হেতুকে এই বৰ বৰ দ’মবোৰ বাকী থাকিল।”
11 praecepit igitur Ezechias ut praepararent horrea in domo Domini quod cum fecissent
১১তেতিয়া, হিষ্কিয়াই যিহোৱাৰ গৃহত কেতবোৰ কোঁঠালি যুগুত কৰিবলৈ আজ্ঞা দিয়াত তেওঁলোকে সেইবোৰ যুগুত কৰিলে।
12 intulerunt tam primitias quam decimas et quaecumque voverant fideliter fuit autem praefectus eorum Chonenias Levita et Semei frater eius secundus
১২তেতিয়া তেওঁলোকে উপহাৰ, দশম ভাগ আৰু পবিত্ৰীকৃত বস্তুবোৰ বিশ্বাসীৰূপে ভিতৰলৈ আনিলে৷ সেইবোৰৰ ওপৰত প্ৰথম ভঁৰালী লেবীয়া কননীয়া আৰু দ্বিতীয় ভঁৰালী তেওঁৰ ভায়েক চিমিয়ী আছিল।
13 post quem Ieihel et Azazias et Naath et Asahel et Ierimoth Iozabath quoque et Helihel et Iesmachias et Maath et Banaias praepositi sub manibus Choneniae et Semei fratris eius ex imperio Ezechiae regis et Azariae pontificis domus Domini ad quos omnia pertinebant
১৩আৰু যিহীয়েল, অজৰিয়া, নহৎ, অচাহেল, যিৰীমোৎ, যোজাবদ, ইলীয়েল, যিস্মখিয়া, মহৎ আৰু বনায়া, এওঁলোকক হিষ্কিয়া ৰজাৰ আৰু ঈশ্বৰৰ গৃহৰ অধ্যক্ষ অজৰিয়া আজ্ঞাতে কননীয়া আৰু তেওঁৰ ভায়েকক চিমিয়ীৰ অধীনত নিযুক্ত কৰা হ’ল।
14 Core vero filius Iemna Levites et ianitor orientalis portae praepositus erat his quae sponte offerebantur Domino primitiisque et consecratis in sancta sanctorum
১৪আৰু যিম্নাৰ পুত্ৰ কোৰি নামেৰে যি লেবীয়া মানুহ পূৱ ফালৰ দুৱাৰৰ দুৱৰী আছিল, যিহোৱাই পোৱা উপহাৰ আৰু মহা পবিত্ৰ বস্তুবোৰ বিলাবৰ অৰ্থে, ঈশ্বৰৰ উদ্দেশ্যে ইচ্ছামতে মুক্তহস্তে দিয়া বস্তুবোৰৰ ওপৰত তেওঁ অধ্যক্ষ হ’ল।
15 et sub cura eius Eden et Meniamin Hiesue et Sameias Amarias quoque et Sechenias in civitatibus sacerdotum ut fideliter distribuerent fratribus suis partes minoribus atque maioribus
১৫তেওঁৰ অধীনত এদন, মিন্যামীন, যেচুৱা, চময়ীয়া, অমৰীয়া আৰু চফনিয়া এওঁলোকেই পুৰোহিতসকলৰ নগৰবোৰত থাকিল৷ তেওঁলোকৰ বিভাগ অনুযায়ী সৰু কি বৰ, দৰকাৰী কি অদৰকাৰী ভাইসকলক পাল অনুসাৰে উপহাৰৰ ভাগ বাতি দিবলৈ নিৰূপিত কাৰ্যত নিযুক্ত হ’ল।
16 exceptis maribus ab annis tribus et supra cunctis qui ingrediebantur templum Domini et quicquid per dies singulos conducebat in ministerio atque observationibus iuxta divisiones suas
১৬যিসকলে বিভাগীয় পাল ক্ৰমে নিজ নিজ কৰিবলগীয়া কাৰ্য কৰিবলৈ দিনে দিনে যিহোৱাৰ গৃহত সোমায় - আনকি বংশাৱলী তালিকাত নাম লিখা তিনি বছৰ আৰু তাতোকৈ অধিক বয়সীয়া পুৰুষসকলকো এই বস্তুবোৰ বিলোৱা হয়।
17 sacerdotibus per familias et Levitis a vicesimo anno et supra per ordines et turmas suas
১৭আৰু পুৰোহিতসকলৰ তালিকাৰ বিষয়ে হ’লে সেয়ে তেওঁলোকৰ পিতৃ বংশৰ অনুসাৰে আছিল আৰু লেবীয়াসকলৰ তালিকাত পাল ক্ৰমে নিজ নিজ কৰিব লগীয়া কাৰ্য অনুসাৰে বিশ বছৰ আৰু তাতকৈ অধিক বয়সীয়া পুৰুষসকলৰ নাম লিখা আছিল।
18 universaeque multitudini tam uxoribus quam liberis eorum utriusque sexus fideliter cibi de his quae sanctificata fuerant praebebantur
১৮আৰু তেওঁলোকৰ আটাই শিশু, তিৰোতা, ল’ৰা, ছোৱালীৰ নাম লিখা তালিকাৰ বিষয়ে হ’লে, সেয়ে গোটেই সমাজলৈ যায়; কিয়নো তেওঁলোকে পবিত্ৰ বস্তুলৈ বিশ্বাসীৰূপে ব্যৱহাৰ কৰিছিল।
19 sed et filiorum Aaron per agros et suburbana urbium singularum dispositi erant viri qui partes distribuerent universo sexui masculino de sacerdotibus et Levitis
১৯আৰু হাৰোণৰ সন্তান যি পুৰোহিতসকলে নিজ নিজ নগৰৰ চাৰিওফালে থকা পথাৰত বাস কৰে, তেওঁলোকৰ প্ৰত্যেক নগৰৰ নাম লিখাই দিয়া কেতবোৰ মানুহে পুৰোহিতসকলৰ আটাই পুৰুষক, আৰু লেবীয়াসকলৰ মাজত তালিকাত নাম লিখা সকলো মানুহক ভাগ বিলাই দিয়ে।
20 fecit ergo Ezechias universa quae diximus in omni Iuda operatusque est bonum et rectum et verum coram Domino Deo suo
২০হিষ্কিয়াই যিহূদাৰ সকলোফালে এইদৰেই কৰিলে৷ আৰু নিজ যিহোৱাৰ দৃষ্টিত যি উত্তম, ন্যায় আৰু সত্য, সেই সকলো সম্পন্ন কৰিলে।
21 in universa cultura ministerii domus Domini iuxta legem et caerimonias volens requirere Deum suum in toto corde suo fecitque et prosperatus est
২১আৰু তেওঁ নিজ ঈশ্বৰক বিচাৰ কৰিবৰ কাৰণে ঈশ্বৰৰ গৃহৰ পৰিচৰ্যা-কৰ্ম, ব্যৱস্থা আৰু আজ্ঞাৰ বিষয়ে যি যি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে, সেইবোৰ নিজৰ সকলো মনেৰে কৰি কৃতকাৰ্য্য হ’ল।