< Zaccharias Propheta 9 >
1 Onus verbi Domini in terra Hadrach, et Damasci requiei eius: quia Domini est oculus hominis, et omnium tribuum Israel.
১হদ্ৰক দেশৰ বিৰুদ্ধে যিহোৱাৰ বাক্য হ’ল আৰু দম্মেচকত তেওঁৰ আশ্ৰয় হ’ল; কিয়নো ইস্ৰায়েল আটাই ফৈদৰ ওপৰত থকাৰ দৰে মনুষ্য জাতিৰ ওপৰত যিহোৱাৰ দৃষ্টি হ’ব।
2 Emath quoque in terminis eius, et Tyrus, et Sidon: assumpserunt quippe sibi sapientiam valde.
২আৰু দম্মেচকৰ সীমাত থকা হমাতো আশ্ৰয় হ’ব, চীদোনে সৈতে তূৰো হ’ব, যদিওবা সিহঁত বৰ জ্ঞানী।
3 Et aedificavit Tyrus munitionem suam, et coacervavit argentum quasi humum, et aurum ut lutum platearum.
৩তূৰে নিজৰ বাবে দৃঢ় কোঁঠ সাজিলে আৰু ধূলিৰ দৰে ৰূপ আৰু বাটৰ বোকাৰ দৰে উত্তম সোণ দ’ম কৰিলে।
4 Ecce Dominus possidebit eam, et percutiet in mari fortitudinem eius, et haec igne devorabitur.
৪চোৱা প্ৰভুৱে তাইৰ আধিপত্য আতৰাব, আৰু সমুদ্ৰত থকা তাইৰ পৰাক্ৰম নষ্ট কৰিব আৰু তাইক অগ্নিৰ দ্বাৰাই গ্ৰাসিত কৰা হ’ব।
5 Videbit Ascalon, et timebit: et Gaza, et dolebit nimis: et Accaron, quoniam confusa est spes eius: et peribit rex de Gaza, et Ascalon non habitabitur.
৫ইয়াকে দেখি অস্কিলোনে ভয় কৰিব! কৰিব! আৰু ঘচায়ো দেখি গাজায়ো অত্যন্ত কঁপিব! ইক্ৰোণ, তাইৰ আশা হতবুদ্ধি হ’ব! কিয়নো তাইৰ আশাভূমি লাজ দিওঁতা হ’ব; ঘচাৰ পৰা ৰজা লুপ্ত হ’ব আৰু কোনেও অস্কিলোনত বাস নকৰিব!
6 Et sedebit separator in Azoto, et disperdam superbiam Philisthinorum.
৬এক অচিনাকি জাতিয়ে অচ্দোদত বাস কৰিব, আৰু মই পলেষ্টীয়াসকলৰ গৰ্ব্ব বিচ্ছিন্ন কৰিম।
7 Et auferam sanguinem eius de ore eius, et abominationes eius de medio dentium eius, et relinquetur etiam ipse Deo nostro, et erit quasi dux in Iuda, et Accaron quasi Iebusaeus.
৭আৰু মই তেওঁৰ মুখৰ পৰা তেওঁ পান কৰা তেজ আৰু তেওঁৰ দাঁতৰ মাজৰ পৰা তেওঁৰ ঘিণলগীয়া প্ৰসাদ আতৰাই দিম; তেতিয়া তেৱোঁ আমাৰ ঈশ্বৰৰ পক্ষে অৱশিষ্ট লোক হ’ব, তেওঁ যিহূদাত প্ৰধান লোক বুলি গণিত হ’ব আৰু ইক্ৰোণ যিবুচীয়াস্বৰূপ হ’ব।
8 Et circumdabo domum meam ex his, qui militant mihi euntes et revertentes, et non transibit super eos ultra exactor: quia nunc vidi in oculis meis.
৮কোনেও মাজেদি অহা-যোৱা কৰিব নোৱাৰাকৈ মোৰ বংশৰ চাৰিওফালে সৈন্যসামন্তৰ বিৰুদ্ধে মই ছাউনি পাতিম, তেতিয়া কোনো অত্যাচাৰী লোক তেওঁলোকৰ মাজেদি পুনৰায় যাব নোৱাৰিব; কাৰণ নিজ চকুৰে এতিয়া মই দৃষ্টি কৰিলোঁ!
9 Exulta satis filia Sion, iubila filia Ierusalem: ECCE REX TUUS veniet tibi iustus, et salvator: ipse pauper, et ascendens super asinam, et super pullum filium asinae.
৯হে চিয়োন-জীয়াৰী, অতিশয় উল্লাস কৰা, হে যিৰূচালেম-জীয়াৰী, জয়ধ্বনি কৰা! চোৱা! তোমাৰ ৰজা তোমাৰ ওচৰলৈ ধাৰ্মিকতাৰে আহিছে তেওঁ ন্যায়, পৰিত্ৰাণযুক্ত আৰু নম্ৰ; তেওঁ গাধত, গাধীৰ পোৱালিতেই উঠি আহিছে।
10 Et disperdam quadrigam ex Ephraim, et equum de Ierusalem, et dissipabitur arcus belli: et loquetur pacem Gentibus, et potestas eius a mari usque ad mare, et a fluminibus usque ad fines terrae.
১০মই ইফ্ৰয়িমৰ পৰা ৰথ আৰু যিৰূচালেমৰ পৰা ঘোঁৰা উচ্ছন্ন কৰিম আৰু যুদ্ধৰ ধনু উচ্ছন্ন কৰা হ’ব; কিয়নো তেওঁ জাতিবোৰক শান্তিৰ কথা ক’ব, তেওঁৰ ৰাজ্য সমুদ্ৰৰ পৰা সমুদ্ৰলৈকে আৰু নদীৰ পৰা পৃথিৱীৰ অন্তলৈকে হ’ব।
11 Tu quoque in sanguine testamenti tui emisisti vinctos tuos de lacu, in quo non est aqua.
১১আৰু তোমাৰ বিষয়ে হ’লে, তোমাৰে সৈতে স্থাপন কৰা নিয়মটিৰ তেজৰ গুণত পানী নথকা গাতৰ পৰা মই তোমাৰ বন্দীয়াৰবোৰক মোকলালো।
12 Convertimini ad munitionem vincti spei, hodie quoque annuncians duplicia reddam tibi.
১২হে আশা কৰা বন্দীয়াৰসকল, তোমালোকে উলটি সংৰক্ষিত দুৰ্গলৈ আহাঁ! মই আজিয়েই প্ৰকাশ কৰিছোঁ যে, মই তোমাক দুগুণ মঙ্গল দান কৰিম।
13 Quoniam extendi mihi Iuda quasi arcum, implevi Ephraim: et suscitabo filios tuos Sion super filios tuos Graecia: et ponam te quasi gladium fortium.
১৩কিয়নো মই যিহূদাক মোৰ পক্ষে ধনুস্বৰূপে ভিৰালোঁ আৰু ইফ্ৰয়িমক কাঁড়স্বৰূপে গুণত জুৰিলোঁ। হে চিয়োন, তোমাৰ সন্তান সকলৰ বিৰুদ্ধে তোমাৰ সন্তান সকলক মই উচটাম, আৰু গ্রীকসকল, মই তোমাক এজন বীৰৰ তৰোৱালস্বৰূপ কৰিম!
14 Et Dominus Deus super eos videbitur, et exibit ut fulgur, iaculum eius: et Dominus Deus in tuba canet, et vadet in turbine Austri.
১৪যিহোৱাই তেওঁলোকৰ ওপৰত দেখা দিব আৰু তেওঁৰ কাঁড় বিজুলীৰ নিচিনাকৈ ওলাব! প্ৰভু যিহোৱাই শিঙা বজাব আৰু দক্ষিণ অঞ্চলৰ বা’মাৰলী বায়ুস্বৰূপ ৰথত গমন কৰিব।
15 Dominus exercituum proteget eos: et devorabunt, et subiicient lapidibus fundae: et bibentes inebriabuntur quasi a vino, et replebuntur ut phialae, et quasi cornua altaris.
১৫বাহিনীসকলৰ যিহোৱা তেওঁলোকৰ ঢালস্বৰূপ হ’ব আৰু তেওঁলোকে শত্ৰুৰ মঙহ খাব আৰু ফিঙ্গাৰ শিলস্বৰূপে সিহঁতক ভৰিৰ তলত গচকিব। তেতিয়া তেওঁলোকে সিহঁতৰ তেজ পান কৰিব আৰু দ্ৰাক্ষাৰস পান কৰি গোলমাল কৰাৰ দৰে গোলমাল কৰিব; আৰু তেজ ৰখা পাত্ৰৰ নিচিনাকৈ তেওঁলোক তেজেৰে পূৰ হ’ব আৰু যজ্ঞবেদীৰ চাৰি চুকৰ নিচিনা হ’ব।
16 Et salvabit eos Dominus Deus eorum in die illa, ut gregem populi sui: quia lapides sancti elevabuntur super terram eius.
১৬সেইদিনা তেওঁলোকৰ ঈশ্বৰ যিহোৱাই নিজৰ মেৰ-ছাগৰ জাকস্বৰূপ প্ৰজা বুলি তেওঁলোকক উদ্ধাৰ কৰিব; কিয়নো তেওঁলোক দেশৰ ওপৰত তেওঁৰ কিৰীটিৰ এটি জকমকোৱা মুকুতাস্বৰূপ হ’ব।
17 Quid enim bonum eius est, et quid pulchrum eius, nisi frumentum electorum, et vinum germinans virgines?
১৭কাৰণ তেওঁৰ মঙ্গল কেনে মহৎ! আৰু তেওঁৰ সৌন্দৰ্য্য বা কেনে মহৎ! শস্যই যুৱাসকলক আৰু নতুন দ্ৰাক্ষাৰসে যুৱতীসকলক সতেজ কৰিব।