< Zaccharias Propheta 4 >
1 Et reversus est angelus, qui loquebatur in me, et suscitavit me, quasi virum, qui suscitatur de somno suo.
১পাছত মোৰে সৈতে কথা হোৱা দূতজন পুনৰ উভতি আহিল, আৰু টোপনিত থকা মানুহক জগোৱাৰ দৰে মোক জগালে।
2 Et dixit ad me: Quid tu vides? Et dixi: Vidi, et ecce candelabrum aureum totum, et lampas eius super caput ipsius, et septem lucernae eius super illud: et septem infusoria lucernis, quae erant super caput eius.
২তেওঁ মোক ক’লে, “তুমি কি দেখিছা?” তেতিয়া মই ক’লোঁ, “মই সম্পূৰ্ণ সোণেৰে নিৰ্মান কৰা এক দীপাধাৰ দেখিছোঁ; তাৰে ওপৰত এটা পাত্ৰ আছে। তাতে সেই পাত্ৰৰ ওপৰত সাতোটা প্ৰদীপ আছে, আৰু তাৰ ওপৰত থকা প্ৰত্যেক দীপাধাৰাৰ সৈতে সাতডালকৈ শলিতা আছে;
3 Et duae olivae super illud: una a dextris lampadis, et una a sinistris eius.
৩আৰু তাৰ ওচৰত দুজোপা জিতগছ আছে, এজোপা তেলধাৰৰ সোঁফাল আৰু আনজোপা তাৰ বাওঁফালে।”
4 Et respondi, et aio ad angelum, qui loquebatur in me, dicens: Quid sunt haec, domine mi?
৪পাছত মোৰে সৈতে কথা হোৱা দূতজনক আকৌ মই সুধিলোঁ, “হে মোৰ প্ৰভু এইবোৰৰ অর্থ কি?”
5 Et respondit angelus, qui loquebatur in me, et dixit ad me: Numquid nescis quid sunt haec? Et dixi: Non, domine mi.
৫তেতিয়া মোৰে সৈতে কথা হৈ থকা দূতজনে উত্তৰ দি মোক ক’লে, “ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
6 Et respondit, et ait ad me, dicens: Hoc est verbum Domini ad Zorobabel, dicens: Non in exercitu, nec in robore, sed in spiritu meo, dicit Dominus exercituum.
৬তেতিয়া তেওঁ উত্তৰ দি মোক এই কথা ক’লে, “জৰুব্বাবিললৈ অহা যিহোৱাৰ বাক্য এই, ‘শক্তি বা পৰাক্ৰমৰ দ্বাৰাই নহয়, কিন্তু মোৰ আত্মাৰ দ্বাৰাইহে,’ ইয়াক বাহিনীসকলৰ যিহোৱাই কৈছে।”
7 Quis tu mons magne coram Zorobabel? in planum: et educet lapidem primarium, et exaequabit gratiam gratiae eius.
৭“হে বৃহৎ পৰ্ব্বত, তুমি কোন? জৰুব্বাবিলৰ আগত তুমি সমথল হৈ যাবা, আৰু ‘অনুগ্ৰহ, ইয়ালৈ অনুগ্ৰহ হওক!’ এই জয়ধ্বনিৰ সৈতে তেওঁ প্ৰধান শিলটো উলিয়াই আনিব।”
8 Et factum est verbum Domini ad me, dicens:
৮পাছত যিহোৱাৰ বাক্য মোলৈ আহিল আৰু ক’লে,
9 Manus Zorobabel fundaverunt domum istam, et manus eius perficient eam: et scietis quia Dominus exercituum misit me ad vos.
৯“বোলে, জৰুব্বাবিলৰ হাতে এই গৃহটিৰ ভিত্তিমূল স্থাপন কৰিলে আৰু তেওঁৰ হাতে ইয়াক সমাপ্তও কৰিব; ইয়াতে তুমি জানিবা যে, বাহিনীসকলৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠালে
10 Quis enim despexit dies parvos? et laetabuntur, et videbunt lapidem stanneum in manu Zorobabel. Septem isti oculi sunt Domini, qui discurrunt in universam terram.
১০কিয়নো সৰু সৰু বিষয়ৰ দিন কোনে হেয়জ্ঞান কৰিব? তেতিয়া লোকসকলে আনন্দ কৰিব আৰু জৰুব্বাবিলৰ হাতত ওলোম-ৰচীডাল দেখিব। এইবোৰেই গোটেই পৃথিৱীত ইফালৰ পৰা সিফালে ভ্ৰমি ফুৰে।
11 Et respondi, et dixi ad eum: Quid sunt duae olivae istae ad dexteram candelabri, et ad sinistram eius?
১১পাছত মই তেওঁক উত্তৰ দিলোঁ আৰু আকৌ সুধিলোঁ, “দীপাধাৰৰ সোঁ আৰু বাওঁফালে থকা এই দুজোপা জিতগছ কি?”
12 Et respondi secundo, et dixi ad eum: Quid sunt duae spicae olivarum, quae sunt iuxta duo rostra aurea, in quibus sunt suffusoria ex auro?
১২পাছত দ্বিতীয়বাৰ মই তেওঁক সুধিলো আৰু ক’লো, “যি দুডাল সোণোৱালী নলীয়ে নিজৰ নিজৰ পৰা সোণোৱালী তেল ঢালি দিয়ে, সেই নলী দুডালৰ ওচৰত থকা জিতগছৰ সেই ডালদুটা বা কি?”
13 Et ait ad me, dicens: Numquid nescis quid sunt haec? Et dixi: Non, domine mi.
১৩তেতিয়া তেওঁ মোক উত্তৰ দি ক’লে, “সেই কেইডাল কি, ইয়াকো তুমি নাজানা নে?” মই ক’লো, “হে মোৰ প্ৰভু, মই নাজানো।”
14 Et dixit: Isti sunt duo filii olei, qui assistunt Dominatori universae terrae.
১৪তেতিয়া তেওঁ মোক ক’লে, “গোটেই পৃথিৱীৰ যিহোৱাৰ ওচৰত থিয় হৈ থকা এই দুডাল তেল যোগাওঁতা পুৰুষ।”