< Psalmorum 92 >
1 Psalmus Cantici, In die sabbati. Bonum est confiteri Domino: et psallere nomini tuo Altissime.
১যিহোৱাৰ উদ্দেশ্যে ধন্যবাদ কৰা উত্তম; হে সৰ্ব্বোপৰি জনা, তোমাৰ নামৰ উদ্দেশ্যে স্তুতি গান কৰা উত্তম;
2 Ad annunciandum mane misericordiam tuam: et veritatem tuam per noctem.
২ৰাতিপুৱা তোমাৰ অসীম প্রেমৰ কথা আৰু প্ৰতি ৰাতি তোমাৰ বিশ্বস্ততা প্রচাৰ কৰা উত্তম;
3 In decachordo, psalterio: cum cantico, in cithara.
৩দহ গুণীয়া যন্ত্ৰ আৰু নেবল যন্ত্ৰ সহকাৰে, গভীৰ বীণাৰ স্বৰেৰে তোমাৰ ধন্যবাদ-স্তুতি কৰা উত্তম।
4 Quia delectasti me Domine in factura tua: et in operibus manuum tuarum exultabo.
৪কিয়নো হে যিহোৱা, তুমি তোমাৰ কার্যৰ দ্বাৰাই মোক আনন্দিত কৰিছা; মই তোমাৰ হাতে কৰা কাৰ্য দেখি আনন্দেৰে গীত গান কৰোঁ।
5 Quam magnificata sunt opera tua Domine! nimis profundae factae sunt cogitationes tuae:
৫হে যিহোৱা, তোমাৰ কাৰ্যবোৰ কেনে মহৎ! তোমাৰ চিন্তাবোৰ কেনে গভীৰ!
6 Vir insipiens non cognoscet: et stultus non intelliget haec.
৬নির্বোধ লোকে নাজানে, বিবেকহীন লোকে এই সকলোবোৰ বুজি নাপায়;
7 Cum exorti fuerint peccatores sicut foenum: et apparuerint omnes, qui operantur iniquitatem: Ut intereant in saeculum saeculi:
৭দুষ্টবোৰ যদিও ঘাহঁৰ নিচিনাকৈ বাঢ়ি উঠে, অন্যায়কাৰীবোৰে যদিও উন্নতি লাভ কৰে, তথাপিতো তেওঁলোক চিৰকাললৈকে বিনষ্ট হ’ব।
8 tu autem Altissimus in aeternum Domine.
৮কিন্তু হে যিহোৱা, তুমি অনন্তকাল উর্দ্ধবাসী।
9 Quoniam ecce inimici tui Domine, quoniam ecce inimici tui peribunt: et dispergentur omnes, qui operantur iniquitatem.
৯কিয়নো, হে যিহোৱা, তোমাৰ শত্ৰুবোৰ, তোমাৰ শত্রুবোৰ ধ্বংস হ’ব; তোমাৰ অন্যায়কাৰী সকলোবোৰ ছিন্ন-ভিন্ন হ’ব।
10 Et exaltabitur sicut unicornis cornu meum: et senectus mea in misericordia uberi.
১০কিন্তু বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে তুমি মোৰ শক্তিক তুলি ধৰিলা; তুমি মোৰ ওপৰত নতুন অভিষিক্ত তেল ঢালি দিলা।
11 Et despexit oculus meus inimicos meos: et insurgentibus in me malignantibus audiet auris mea.
১১মোৰ শত্ৰুবোৰৰ পতন মই নিজ চকুৰে দেখিলোঁ; মোৰ বিৰুদ্ধে উঠা সেই দুষ্টবোৰৰ সর্বনাশ মই নিজ কাণেৰে শুনিবলৈ পালোঁ।
12 Iustus ut palma florebit: sicut cedrus Libani multiplicabitur.
১২ধাৰ্মিকলোক খাজুৰ গছৰ দৰে উজ্বলি উঠিব; লিবানোনৰ এৰচ গছৰ নিচিনাকৈ বাঢ়ি যাব।
13 Plantati in domo Domini, in atriis domus Dei nostri florebunt.
১৩তেওঁলোকক যিহোৱাৰ গৃহত ৰোপন কৰা হ’ল; তেওঁলোক আমাৰ ঈশ্বৰৰ চোতাল কেইখনত প্ৰফুল্লিত হ’ব।
14 Adhuc multiplicabuntur in senecta uberi: et bene patientes erunt,
১৪তেওঁলোকে বৃদ্ধ বয়সতো ফল উৎপন্ন কৰিব; তেওঁলোক ৰসাল আৰু সেউজীয়া হৈ থাকিব;
15 ut annuncient: Quoniam rectus Dominus Deus noster: et non est iniquitas in eo.
১৫তাতে প্রচাৰিত হ’ব যে যিহোৱা ন্যায়বান; তেৱেঁই মোৰ শিলা, তেওঁত কোনো অধার্মিকতা নাই।