< Psalmorum 81 >
1 Psalmus Asaph, in finem, pro torcularibus, quinta sabbati. Exultate Deo adiutori nostro: iubilate Deo Iacob.
১আমাৰ বল স্বৰূপ ঈশ্বৰৰ উদ্দেশ্যে তোমালোকে উচ্চস্বৰেৰে গান কৰা; যাকোবৰ ঈশ্বৰৰ উদ্দেশ্যে আনন্দৰ ধ্বনি কৰা।
2 Sumite psalmum, et date tympanum: psalterium iucundum cum cithara.
২গীত আৰম্ভ কৰা, খঞ্জৰী বজোৱা; নেবলেৰে সৈতে মধুৰ বীণা বজোৱা।
3 Buccinate in Neomenia tuba, in insigni die sollemnitatis vestrae:
৩ন-জোনৰ দিনা আৰু পূর্ণিমাত আমাৰ উৎসৱৰ দিনা শিঙা বজোৱা।
4 Quia praeceptum in Israel est: et iudicium Deo Iacob.
৪কিয়নো এয়ে হৈছে ইস্ৰায়েলৰ বাবে এক বিধি আৰু যাকোবৰ ঈশ্বৰে দিয়া এক আজ্ঞা।
5 Testimonium in Ioseph posuit illud, cum exiret de Terra Aegypti: linguam, quam non noverat, audivit.
৫যেতিয়া তেওঁ মিচৰ দেশৰ বিৰুদ্ধে ওলাই গৈছিল, তেতিয়া তেওঁ যোচেফৰ বংশৰ কাৰণে এই উৎসৱ সাক্ষী ৰূপে স্থাপন কৰিলে। মই আগেয়ে নজনা এনে এটি মাত শুনিলো:
6 Divertit ab oneribus dorsum eius: manus eius in cophino servierunt.
৬“মই তেওঁৰ কান্ধৰ পৰা বোজাৰ ভাৰ আঁতৰাই দিলোঁ; পাচি বৈ নিয়াৰ পৰা তেওঁৰ হাত মুক্ত হ’ল।
7 In tribulatione invocasti me, et liberavi te: exaudivi te in abscondito tempestatis: probavi te apud aquam contradictionis.
৭তুমি সঙ্কটৰ কালত প্ৰাৰ্থনা কৰাত, মই তোমাক উদ্ধাৰ কৰিলোঁ; মেঘ গর্জনৰ শব্দৰ গুপ্ত স্থানৰ পৰা মই তোমাক উত্তৰ দিলোঁ; মিৰীবাৰ জলৰ কাষত মই তোমাক পৰীক্ষা কৰিলোঁ। (চেলা)
8 Audi populus meus, et contestabor te: Israel si audieris me,
৮হে মোৰ লোকসকল, তোমালোকে মোৰ সাৱধান বাণী শুনা, হে ইস্রায়েলীয়াসকল, তোমালোকে যদি মোৰ কথা শুনিলা হয়!
9 non erit in te deus recens, neque adorabis deum alienum.
৯তোমালোকৰ মাজত কোনো বিদেশী দেৱ-দেৱী নাথাকক; কোনো বিদেশী দেৱতাৰ আগত প্ৰণিপাত নকৰিবা।
10 Ego enim sum Dominus Deus tuus, qui eduxi te de terra Aegypti: dilata os tuum, et implebo illud.
১০ময়েই তোমালোকৰ ঈশ্বৰ যিহোৱা; ময়েই তোমালোকক মিচৰ দেশৰ পৰা উলিয়াই আনিলো; তোমালোকে বহলকৈ মুখ মেলা, মই তাক পূৰ্ণ কৰিম।
11 Et non audivit populus meus vocem meam: et Israel non intendit mihi.
১১কিন্তু মোৰ লোকসকলে মোৰ কথালৈ কাণসাৰ নিদিলে; ইস্ৰায়েলে মোৰ আজ্ঞা মানি নচলিলে।
12 Et dimisi eos secundum desideria cordis eorum, ibunt in adinventionibus suis.
১২সেইবাবে মই তেওঁলোকক কঠিনমনা হৃদয় লৈয়ে থাকিবলৈ দিলোঁ, যাতে তেওঁলোকে নিজৰ পৰামর্শতেই চলে।
13 Si populus meus audisset me: Israel si in viis meis ambulasset:
১৩হায়! মোৰ লোকসকলে যদি কেৱল মোৰ কথাই শুনিলে হয়, হায়! ইস্ৰায়েলে যদি মোৰ পথতে চলিলে হয়!
14 Pro nihilo forsitan inimicos eorum humiliassem: et super tribulantes eos misissem manum meam.
১৪তেন্তে মই শীঘ্রেই তেওঁলোকৰ শত্রুবোৰক দমন কৰিলোঁ হয়, তেওঁলোকৰ শত্রুবোৰৰ বিৰুদ্ধে মোৰ হাত তুলিলোঁ হয়!
15 Inimici Domini mentiti sunt ei: et erit tempus eorum in saecula.
১৫যিহোৱাক ঘিণাওঁতাবোৰে তেওঁৰ সন্মুখত অৱনত হ’ব; তেওঁলোকৰ দণ্ড চিৰকাল স্থায়ী হ’ব।
16 Et cibavit eos ex adipe frumenti: et de petra, melle saturavit eos.
১৬কিন্তু ইস্রায়েলক মই সবাতোকৈ উত্তম ঘেঁহু খাবলৈ দিম; মই তেওঁলোকক শিলৰ পৰা পোৱা মৌৰে তৃপ্ত কৰিম।”