< Psalmorum 105 >

1 Alleluia. Confitemini Domino, et invocate nomen eius: annunciate inter gentes opera eius.
যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা।
2 Cantate ei, et psallite ei: narrate omnia mirabilia eius.
তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা।
3 Laudamini in nomine sancto eius: laetetur cor quaerentium Dominum.
তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক।
4 Quaerite Dominum, et confirmamini: quaerite faciem eius semper.
তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।
5 Mementote mirabilium eius, quae fecit: prodigia eius, et iudicia oris eius.
তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা; তেওঁৰ অদ্ভুত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা।
6 Semen Abraham, servi eius: filii Iacob electi eius.
তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ, তেওঁৰ মনোনীত যাকোবৰ সন্তান।
7 Ipse Dominus Deus noster: in universa terra iudicia eius.
তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা; তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান।
8 Memor fuit in saeculum testamenti sui: verbi, quod mandavit in mille generationes:
তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে, আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে।
9 Quod disposuit ad Abraham: et iuramenti sui ad Isaac:
সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল।
10 Et statuit illud Iacob in praeceptum: et Israel in testamentum aeternum:
১০তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে, ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে।
11 Dicens: Tibi dabo Terram Chanaan, funiculum hereditatis vestrae.
১১তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম; সেয়াই হ’ব তোমাৰ আধিপত্য।
12 Cum essent numero brevi, paucissimi et incolae eius:
১২সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল;
13 Et pertransierunt de gente in gentem, et de regno ad populum alterum.
১৩তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ, এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল,
14 Non reliquit hominem nocere eis: et corripuit pro eis reges.
১৪তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে; বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল,
15 Nolite tangere christos meos: et in prophetis meis nolite malignari.
১৫“তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা; মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।”
16 Et vocavit famem super terram: et omne firmamentum panis contrivit.
১৬তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে।
17 Misit ante eos virum: in servum venundatus est Ioseph.
১৭তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল; তেওঁক দাসৰূপে বেচা হ’ল।
18 Humiliaverunt in compedibus pedes eius, ferrum pertransiit animam eius,
১৮লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে; লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল।
19 donec veniret verbum eius. Eloquium Domini inflammavit eum:
১৯যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল।
20 misit rex, et solvit eum; princeps populorum, et dimisit eum.
২০ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে, লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে।
21 Constituit eum dominum domus suae: et principem omnis possessionis suae:
২১তেওঁ তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে, সকলো সম্পত্তিৰ কর্তা কৰিলে।
22 Ut erudiret principes eius sicut semetipsum: et senes eius prudentiam doceret.
২২যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে, আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে।
23 Et intravit Israel in Aegyptum: et Iacob accola fuit in Terra Cham.
২৩তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।
24 Et auxit populum suum vehementer: et firmavit eum super inimicos eius.
২৪ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে, শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে।
25 Convertit cor eorum ut odirent populum eius: et dolum facerent in servos eius.
২৫তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।
26 Misit Moysen servum suum: Aaron, quem elegit ipsum.
২৬তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;
27 Posuit in eis verba signorum suorum, et prodigiorum in Terra Cham.
২৭তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে;
28 Misit tenebras, et obscuravit: et non exacerbavit sermones suos.
২৮তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল; তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে।
29 Convertit aquas eorum in sanguinem: et occidit pisces eorum.
২৯তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে; তাতে তেওঁলোকৰ সকলো মাছ মৰিল।
30 Edidit terra eorum ranas in penetralibus regum ipsorum.
৩০তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল; এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল।
31 Dixit, et venit cynomyia: et cinifes in omnibus finibus eorum.
৩১তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।
32 Posuit pluvias eorum grandinem: ignem comburentem in terra ipsorum.
৩২তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে; গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে।
33 Et percussit vineas eorum, et ficulneas eorum: et contrivit lignum finium eorum.
৩৩তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে, আৰু দেশৰ গছবোৰ ভাঙি পেলালে।
34 Dixit, et venit locusta, et bruchus, cuius non erat numerus:
৩৪তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল।
35 Et comedit omne foenum in terra eorum: et comedit omnem fructum terrae eorum.
৩৫সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে।
36 Et percussit omne primogenitum in terra eorum: primitias omnis laboris eorum.
৩৬তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে।
37 Et eduxit eos cum argento et auro: et non erat in tribubus eorum infirmus.
৩৭পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল।
38 Laetata est Aegyptus in profectione eorum: quia incubuit timor eorum super eos.
৩৮তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।
39 Expandit nubem in protectionem eorum, et ignem ut luceret eis per noctem.
৩৯তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে।
40 Petierunt, et venit coturnix: et pane caeli saturavit eos.
৪০তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে; আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে।
41 Dirupit petram, et fluxerunt aquae: abierunt in sicco flumina;
৪১তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল; সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল।
42 Quoniam memor fuit verbi sancti sui, quod habuit ad Abraham puerum suum.
৪২তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে।
43 Et eduxit populum suum in exultatione, et electos suos in laetitia.
৪৩এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।
44 Et dedit illis regiones gentium: et labores populorum possederunt:
৪৪তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে; সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে,
45 Ut custodiant iustificationes eius, et legem eius requirant.
৪৫যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহোৱাৰ প্রশংসা কৰা।

< Psalmorum 105 >