< Nahum Propheta 2 >
1 Ascendit qui dispergat coram te, qui custodiat obsidionem: contemplare viam, conforta lumbos, robora virtutem valde.
১যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ তোমালোকৰ বিৰুদ্ধে উঠি আহি আছে। তোমালোকে দুৰ্গবোৰ দৃঢ় কৰা, বাটবোৰলৈ পহৰা দি থাকা, নিজকে অতিশয় বলৱান কৰা আৰু নিজ সৈন্যদলবোৰক একত্রিত কৰা।
2 Quia sicut reddidit Dominus superbiam Iacob, sic superbiam Israel: quia vastatores dissipaverunt eos, et propagines eorum corruperunt.
২কিয়নো যদিও লুণ্ঠন কৰোঁতা সকলে তেওঁলোকক খালি কৰি উলিয়াই পঠিয়ালে আৰু তেওঁলোকৰ দ্ৰাক্ষালতাৰ ডালবোৰ নষ্ট কৰিলে তথাপিও যিহোৱাই ইস্ৰায়েলৰ মহত্ত্বৰ দৰে যাকোবৰ মহত্ত্ব পুনৰায় স্থাপন কৰিব।
3 Clypeus fortium eius ignitus, viri exercitus in coccineis: igneae habenae currus in die praeparationis eius, et agitatores consopiti sunt.
৩তেওঁৰ বীৰ লোকসকলৰ ঢালৰ ৰং ৰঙা আৰু পৰাক্ৰমী লোকসকল সেন্দুৰ বৰণীয়া কাপোৰ পিন্ধা; যুদ্ধলৈ সাজু হোৱাৰ দিনা তেওঁলোকৰ ৰথবোৰৰ তীখা জিলিকে আৰু ছাইপ্রেচ গছবোৰৰ জাঠিবোৰ হাতত বৰকৈ বতাহত তুলি ধৰি লৰাবলৈ ল’লে।
4 In itineribus conturbati sunt: quadrigae collisae sunt in plateis: aspectus eorum quasi lampades, quasi fulgura discurrentia.
৪ৰথবোৰ অতি বেগৰে বাটৰ মাজেদি চলিবলৈ ধৰিলে; তেওঁলোকে বহল মুকলি বাটবোৰত ইখনে সিখনক ইফালে-সিফালে চলালে। সেইবোৰ দেখিবলৈ আৰিয়াৰ নিচিনা আৰু সেইবোৰ বিজুলীৰ নিচিনাকৈ অতি বেগেৰে গৈছে।
5 Recordabitur fortium suorum, ruent in itineribus suis: velociter ascendent muros eius, et praeparabitur umbraculum.
৫যি জনে তোমালোকক ডোখৰ-ডোখৰকৈ ভাঙিব, তেওঁ নিজ বিষয়াসকলক মাতি পঠিয়াইছে; এনেতে তেওঁলোকে বেগেৰে যাওঁতে যাওঁতে উজুটি খালে; তেওঁলোকে ততালিকে দুৰ্গটো আক্রমণ কৰিবলৈ যায়। আক্রমণ কৰোঁতা সকলক ৰক্ষা কৰিবলৈ ঢালবোৰ যুগুত কৰা হ’ল।
6 Portae fluviorum apertae sunt, et templum ad solum dirutum.
৬নদীবোৰত থকা দুৱাৰবোৰ মুকলি হৈ গ’ল, তেতিয়া ৰাজগৃহ পানীত নাশ হৈ গ’ল।
7 Et miles captivus abductus est: et ancillae eius minabantur gementes ut columbae, murmurantes in cordibus suis.
৭যিহোৱাই এই বিষয়ে কথা কৈছিল: ৰাণী হুচব অনাবৃতা হ’ল আৰু তেওঁক নিয়া হ’ল; তেওঁৰ দাসীসকলে বুকুত ভুকুৱাই কপৌৰ স্বৰেৰে শোক কৰিছে।
8 Et Ninive quasi piscina aquarum aquae eius: ipsi vero fugerunt: state, state, et non est qui revertatur.
৮কিন্তু নীনবি আগৰ কালৰে পৰা এটা জলপূ্ৰ্ণ পুখুৰীস্বৰূপ; তথাপি তেওঁলোক বৈ যোৱা পানীৰ দৰে পলাইছে। অন্য লোকসকলে “ৰ’বা ৰ’বা” বুলি চিঞৰে, কিন্তু কোনেও ঘূৰি নাচায়।
9 Diripite argentum, diripite aurum: et non est finis divitiarum ex omnibus vasis desiderabilibus.
৯তোমালোকে ৰূপ লুট কৰি নিয়া, সোণ লুট কৰি নিয়া, কিয়নো বস্তুবোৰৰ সৌন্দৰ্যৰ মহিমা সীমাহীন। ইয়াতে সকলো প্ৰকাৰ মনোহৰ বস্তু অতিশয় অধিক পৰিমাণে আছে।
10 Dissipata est, et scissa, et dilacerata: et cor tabescens, et dissolutio geniculorum, et defectio in cunctis renibus: et facies omnium eorum sicut nigredo ollae.
১০সেই নীনবি শুদা আৰু উচ্ছন্ন; প্রতিজনৰ ভয়ত মন পমি গৈছে আৰু আঁঠুৱে আঁঠুৱে লগালগি হৈছে, সকলোৰে বেদনা, আৰু সকলোৰে মুখ বিবৰ্ণ হৈছে।
11 Ubi est habitaculum leonum, et pascua catulorum leonum, ad quam ivit leo ut ingrederetur illuc, catulus leonis, et non est qui exterreat?
১১যি ঠাইত কোনেও ভয় নথকাকৈ সিংহ, সিংহিনী আৰু সিংহ পোৱালিৰ দৰে ফুৰিছিল, সিংহৰ সেই গুহা আৰু যুবা সিংহৰ সেই খোৱা ঠাই ক’ত?
12 Leo cepit sufficienter catulis suis, et necavit leaenis suis: et implevit praeda speluncas suas, et cubile suum rapina.
১২সিংহই নিজৰ পোৱালিবোৰৰ কাৰণে জোৰাওকৈ অনেক পশু ছিৰিছিল আৰু নিজ সিংহিনীবোৰৰ কাৰণে ডিঙিত টেপা দি মাৰিছিল আৰু বলিৰ চিকাৰেৰে নিজৰ গুহাবোৰ আৰু ধৰি অনা নিজৰ চিকাৰবোৰ গাতবোৰত ভৰাই ৰাখিছিল।
13 Ecce ego ad te, dicit Dominus exercituum, et succendam usque ad fumum quadrigas tuas, et leunculos tuos comedet gladius: et exterminabo de terra praedam tuam, et non audietur ultra vox nunciorum tuorum.
১৩বাহিনীসকলৰ যিহোৱাই কৈছে, “চোৱা, মই তোমালোকৰ বিপক্ষ;” “মই তোমালোকৰ ৰথবোৰ ধূঁৱাত পুৰি পেলাম আৰু তৰোৱালে তোমালোকৰ যুবা সিংহবোৰক গ্ৰাস কৰিব; মই তোমালোকৰ দেশৰ পৰা তোমালোকৰ চিকাৰ উচ্ছন্ন কৰিম আৰু তোমালোকৰ দূতবোৰৰ মাত আৰু শুনা নাজাব।