< Marcum 2 >
1 Et iterum intravit Capharnaum post dies octo,
১কিছুদিনৰ পাছত, যীচু পুনৰ কফৰনাহূমলৈ আহিল৷ তেতিয়া লোক সকলে তেওঁ ঘৰত আছে বুলি শুনি,
2 et auditum est quod in domo esset, et convenerunt multi, ita ut non caperet neque ad ianuam, et loquebatur eis verbum.
২ইমান মানুহ গোট খালে যে, ভিতৰত কোনো কোঠালিতে ঠাই নোহোৱা হ’ল; আনকি দুৱাৰ-মুখতো ঠাই নাইকিয়া হ’ল। তাতে যীচুৱে তেওঁলোকৰ আগত বাক্য প্ৰচাৰ কৰিলে।
3 Et venerunt ad eum ferentes paralyticum, qui a quattuor portabatur.
৩তেতিয়া লোক সকলে চাৰি জনে কঢ়িয়াই অনা এজন পক্ষাঘাত ৰোগীক যীচুৰ ওচৰলৈ আনিলে।
4 Et cum non possent offerre eum illi prae turba, nudaverunt tectum ubi erat: et patefacientes submiserunt grabatum, in quo paralyticus iacebat.
৪কিন্তু জন সমাগমৰ বাবে তেওঁৰ ওচৰলৈ তেওঁক চপাব নোৱাৰি, যি ঠাইত তেওঁ আছিল, সেই ঘৰৰ ওপৰৰ চাল গুচাই বাট কৰি ললে আৰু পক্ষাঘাত ৰোগীজনক শোৱা শয্যাৰে সৈতে তললৈ নমাই দিলে।
5 Cum autem vidisset Iesus fidem illorum, ait paralytico: Fili, dimittuntur tibi peccata tua.
৫তাতে যীচুৱে তেওঁলোকৰ বিশ্বাস দেখি, সেই জঠৰ ৰোগীজনক ক’লে, “বোপা তোমাৰ সকলো পাপ ক্ষমা হ’ল”।
6 Erant autem illic quidam de Scribis sedentes, et cogitantes in cordibus suis:
৬কিন্তু তাত বহি থকা বিধানৰ অধ্যাপক সকলৰ মাজৰ কোনো কোনোৱে মনতে ভাবি ক’লে,
7 Quid hic sic loquitur? blasphemat. Quis potest dimittere peccata, nisi solus Deus?
৭“এওঁ এনে কথা কেনেকৈ কব পাৰে? এওঁ ঈশ্বৰ নিন্দা কৰিছে। এজন ঈশ্বৰত বাহিৰ কোনে পাপ ক্ষমা কৰিব পাৰে”?
8 Quo statim cognito Iesus spiritu suo quia sic cogitarent intra se, dicit illis: Quid ista cogitatis in cordibus vestris?
৮তেওঁলোকে নিজৰ মনত এনে কথা ভাবি থকা বুলি যীচুৱে নিজৰ আত্মাত তেতিয়াই জানিলে; সেয়েহে তেওঁলোকক ক’লে, “আপোনালোকে অন্তৰত কিয় এনে কথা ভাৱিছে?
9 Quid est facilius dicere paralytico: Dimittuntur tibi peccata: an dicere: Surge, tolle grabatum tuum, et ambula?
৯‘তোমাৰ সকলো পাপ ক্ষমা হ’ল’ নাইবা ‘উঠা, তোমাৰ শয্যা তুলি লৈ খোজকাঢ়ি যোৱা’; এই দুটা কথাৰ মাজত পক্ষাঘাত ৰোগীজনক কোনটো কবলৈ উজু?
10 Ut autem sciatis quia Filius hominis habet potestatem in terra dimittendi peccata, (ait paralytico)
১০কিন্তু আপোনালোকে যেন জানে যে, পৃথিৱীত পাপ ক্ষমা কৰিবৰ বাবে মানুহৰ পুত্ৰৰ ক্ষমতা আছে”, এই বুলি তেওঁ পক্ষাঘাত ৰোগীজনক ক’লে,
11 tibi dico: Surge, tolle grabatum tuum, et vade in domum tuam.
১১“মই তোমাক কওঁ, উঠা, তোমাৰ শয্যা তুলি লৈ, নিজৰ ঘৰলৈ যোৱা”।
12 Et statim surrexit ille: et, sublato grabato, abiit inde coram omnibus, ita ut mirarentur omnes, et honorificent Deum, dicentes: Quia numquam sic vidimus.
১২তাতে তেওঁ তেতিয়াই উঠিল, আৰু সকলোৰে সন্মুখত নিজৰ শয্যা তুলি লৈ ওলাই গ’ল; ইয়াকে দেখি সকলোৱে বিস্ময় মানি ক’লে, “আমি এনেকুৱা কেতিয়াও দেখা নাই”, এইদৰে ঈশ্বৰৰ স্তুতি কৰিব ধৰিলে।
13 Et egressus est rursus ad mare: omnisque turba veniebat ad eum, et docebat eos.
১৩তাৰ পাছত যীচু আকৌ সাগৰৰ তীৰলৈ ওলাই গ’ল; আৰু লোক সকল তেওঁৰ ওচৰলৈ অহাত, তেওঁ তেওঁলোকক উপদেশ দিলে।
14 Et cum praeteriret, vidit Levi Alphaei sedentem ad telonium, et ait illi: Sequere me. Et surgens secutus est eum.
১৪পাছত তেওঁ যাওঁতে আলফয়ৰ পুতেক লেবীক কৰ লোৱা চ’ৰাত বহি থকা দেখা পালে আৰু তেওঁক ক’লে, “মোৰ পাছে পাছে আহা”। তেতিয়া তেওঁ উঠি, তেওঁৰ পাছে পাছে গ’ল।
15 Et factum est, cum accumberet in domo illius, multi publicani, et peccatores simul discumbebant cum Iesu, et discipulis eius: erant enim multi, qui sequebantur eum.
১৫যেতিয়া যীচুৱে লেবীৰ ঘৰত ভোজন কৰি আছিল, তেতিয়া অনেক কৰ সংগ্রহকৰী আৰু পাপী লোক আৰু তেওঁৰ শিষ্য সকলেও তেওঁৰে সৈতে ভোজন কৰিবলৈ বহিল; লগতে তেওঁৰ পাছে পাছে অহা অনেক লোক তাত উপস্থিত আছিল৷
16 Et Scribae, et Pharisaei videntes quia manducaret cum publicanis, et peccatoribus, dixerunt discipulis eius: Quare cum publicanis, et peccatoribus manducat et bibit Magister vester?
১৬তাতে তেওঁ পাপী আৰু কৰ সংগ্রহকৰী সকলৰ সৈতে ভোজন কৰা দেখি, ফৰীচী সমাজৰ বিধানৰ অধ্যাপক সকলে তেওঁৰ শিষ্য সকলক ক’লে, “এওঁ কিয় কৰ সংগ্রহকৰী আৰু পাপী লোকৰ লগত ভোজন-পান কৰে”?
17 Hoc audito Iesus ait illis: Non necesse habent sani medico, sed qui malehabent: non enim veni vocare iustos, sed peccatores.
১৭যীচুৱে ইয়াকে শুনি তেওঁলোকক ক’লে, “নিৰোগী মানুহৰ বাবে চিকিৎসকৰ কোনো প্ৰয়োজন নাই; কিন্তু ৰোগীৰহে প্ৰয়োজন আছে। মই ধাৰ্মিক জনক নহয় কিন্তু পাপীকহে নিমন্ত্রণ জনাবলৈ আহিছোঁ”।
18 Et erant discipuli Ioannis, et Pharisaei ieiunantes: et veniunt, et dicunt illi: Quare discipuli Ioannis, et Pharisaeorum ieiunant, tui autem discipuli non ieiunant?
১৮এবাৰ যোহনৰ শিষ্য সকল আৰু ফৰীচী সকলে লঘোন দি আছিল৷ তাতে তেওঁলোকে আহি যীচুক সুধিলে, “যোহনৰ শিষ্য সকলে আৰু ফৰীচী সকলৰ শিষ্য সকলেও লঘোন দিয়ে, কিন্তু আপোনাৰ শিষ্য সকলে লঘোন নিদিয়ে; ইয়াৰ কাৰণ কি”?
19 Et ait illis Iesus: Numquid possunt filii nuptiarum, quamdiu sponsus cum illis est, ieiunare? Quanto tempore habent secum sponsum, non possunt ieiunare.
১৯তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “সখি সকল দৰাৰ লগত থকা সময়ত, তেওঁলোকে লঘোন দিব পাৰে নে? তেওঁলোকৰ লগত দৰা থাকে মানে তেওঁলোকে লঘোন দিব নোৱাৰে।
20 Venient autem dies cum auferetur ab eis sponsus: et tunc ieiunabunt in illis diebus.
২০কিন্তু এনে দিন আহিব, যিদিনা তেওঁলোকৰ পৰা দৰাক নিয়া হব আৰু সেই দিনত তেওঁলোকেও লঘোন দিব।
21 Nemo assumentum panni rudis assuit vestimento veteri: alioquin aufert supplementum novum a veteri, et maior scissura fit.
২১কোনেও পুৰণি বস্ত্রত নতুন কাপোৰৰ টাপলি নামাৰে; তেনে কৰিলে, যি ডোখৰেৰে টাপলি মৰা হয়, সেয়ে তাক ফালি নিয়ে; অৰ্থাৎ নতুন ডোখৰে পুৰণিক ফালি নিয়ে আৰু তেতিয়া সৰহ ভাগহে ফাটি যায়।
22 Et nemo mittit vinum novum in utres veteres: alioquin dirumpet vinum utres, et vinum effundetur, et utres peribunt: sed vinum novum in utres novos mitti debet.
২২পুৰণি ছালৰ মোটত নতুন দ্ৰাক্ষাৰস কোনোৱে নথয় আৰু যদি কোনোবাই থয়, তেনেহলে সেই দ্ৰাক্ষাৰসে সেই মোট ফালি পেলাব, তাতে দ্ৰাক্ষাৰস আৰু মোট, দুয়োটাই নষ্ট হব, কিন্তু নতুন দ্রাক্ষাৰস নতুন মোটতহে থয়”।
23 Et factum est iterum Dominus sabbatis ambularet per sata, discipuli eius coeperunt progredi, et vellere spicas.
২৩তাৰ পাছত তেওঁ বিশ্রামবাৰে শস্যক্ষেত্রৰ মাজেদি যাওঁতে, তেওঁৰ শিষ্য সকলে শস্যৰ থোকবোৰ ছিঙি খাবলৈ ধৰিলে।
24 Pharisaei autem dicebant ei: Ecce, quid faciunt discipuli tui sabbatis quod non licet?
২৪তাতে ফৰীচী সকলে যীচুক কলে, “চোৱা, বিধান অনুসাৰে বিশ্ৰামবাৰে যি কৰিব নাপায়, সেইবোৰ ইহঁতে কিয় কৰিছে”?
25 Et ait illis: Numquam legistis quid fecerit David, quando necessitatem habuit, et esuriit ipse, et qui cum eo erant?
২৫তেতিয়া তেওঁ তেওঁলোকক কলে, “দায়ুদ আৰু তেওঁৰ লগৰবোৰৰ প্রয়োজন হোৱাত আৰু ভোক লগাত যি কর্ম কৰিছিল, সেই বিষয়ে আপোনালোকে কেতিয়াও পঢ়া নাই নে?
26 quomodo introivit in domum Dei sub Abiathar principe sacerdotum, et panes propositionis manducavit, quos non licebat manducare, nisi solis sacerdotibus, et dedit eis, qui cum eo erant?
২৬তেওঁ কেনেকৈ অবিয়াথ মহা-পুৰোহিতৰ সময়ত, ঈশ্বৰৰ গৃহত সোমাল আৰু পুৰোহিতৰ বাহিৰে বিধান অনুসৰি অন্য লোকে খাব নোৱাৰা যি দৰ্শন-পিঠা, সেইবোৰ তেওঁ খালে আৰু লগৰবোৰকো দিলে”?
27 Et dicebat eis: Sabbatum propter hominem factum est, et non homo propter sabbatum.
২৭যীচুৱে তেওঁলোকক পুনৰ কলে, “বিশ্ৰামবাৰ মানুহৰ কাৰণে হল; কিন্তু মানুহ বিশ্রামবাৰৰ কাৰণে নহ’ল;
28 Itaque Dominus est filius hominis, etiam sabbati.
২৮এই হেতুকে মানুহৰ পুত্র বিশ্রাম-বাৰৰো অধিপতি”।