< Lamentationes 5 >
1 Recordare Domine quid acciderit nobis: intuere, et respice opprobrium nostrum.
১হে যিহোৱা, আমালৈ যি ঘটিল, তাক সোঁৱৰণ কৰা। দৃষ্টি কৰা আৰু আমাৰ অপমান চোৱা।
2 Hereditas nostra versa est ad alienos: domus nostrae ad extraneos.
২আমাৰ আধিপত্য বিদেশীসকলৰ হাতলৈ গ’ল; আমাৰ ঘৰবোৰ বিজাতীয়সকলৰ অধিকাৰলৈ গ’ল।
3 Pupilli facti sumus absque patre, matres nostrae quasi viduae.
৩আমি অনাথ আৰু পিতৃহীন হলোঁ, আমাৰ মাতৃসকল বিধৱা যেন হ’ল।
4 Aquam nostram pecunia bibimus: ligna nostra pretio comparavimus.
৪আমাৰ পানী আমি ধন দি পান কৰোঁ আৰু আমাৰ খৰি আমি দাম দি কিনো।
5 Cervicibus nostris minabamur, lassis non dabatur requies.
৫আমাৰ তাড়নাকাৰীবোৰে আমাৰ ডিঙিত যুৱলি লগাইছে। আমি শ্ৰান্ত হলোঁ আৰু অলপো বিশ্ৰাম নাপাওঁ।
6 Aegypto dedimus manum, et Assyriis ut saturaremur pane.
৬আমি মিচৰীয়াহঁতৰ ফালে হাত মেলিলো, আৰু আহাৰেৰে তৃপ্ত হ’বৰ বাবে অচূৰীয়াহঁতলৈ হাতযোৰ কৰিলোঁ।
7 Patres nostri peccaverunt, et non sunt: et nos iniquitates eorum portavimus.
৭আমাৰ পূৰ্বপুৰুষসকলে পাপ কৰিলে, আৰু তেওঁলোক এতিয়া নাই, আমি তেওঁলোকৰ অপৰাধৰ ভাৰ বৈছোঁ।
8 Servi dominati sunt nostri: non fuit qui redimeret de manu eorum.
৮আমাৰ ওপৰত বন্দীবোৰে শাসন কৰে, তেওঁলোকৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰোঁতা কোনোৱেই নাই।
9 In animabus nostris afferebamus panem nobis, a facie gladii in deserto.
৯আমাৰ প্ৰাণৰ সংশয়েৰেহে আমি আমাৰ আহাৰ আনো, অৰণ্যৰ তৰোৱালৰ কাৰণে,
10 Pellis nostra, quasi clibanus exusta est a facie tempestatum famis.
১০দুৰ্ভিক্ষৰ জ্বলন্ত তাপৰ কাৰণে; আমাৰ ছাল তন্দুৰৰ নিচিনাকৈ জ্বলে।
11 Mulieres in Sion humiliaverunt, et virgines in civitatibus Iuda.
১১শত্ৰুবোৰে চিয়োনত মহিলাসকলক বলাৎকাৰ কৰিলে, সিহঁতে যিহূদা নগৰবোৰত কুমাৰীসকলক ভ্ৰষ্টা কৰিলে।
12 Principes manu suspensi sunt: facies senum non erubuerunt.
১২প্ৰধান লোকসকলক হাতত ডোল লগাই ওলোমাই দিয়া হ’ল, বৃদ্ধাসকলৰ মুখক আদৰ কৰা নহ’ল।
13 Adolescentibus impudice abusi sunt: et pueri in ligno corruerunt.
১৩ডেকাসকলে জাঁত-শিল বলে, আমাৰ লৰাসকলে খৰিৰ ভৰত উজুটি খালে।
14 Senes defecerunt de portis: iuvenes de choro psallentium.
১৪বৃদ্ধসকলে ঘৰ-দুৱাৰ ত্যাগ কৰিলে, ডেকাসকলে গানবাদ্য এৰিলে।
15 Defecit gaudium cordis nostri: versus est in luctum chorus noster.
১৫আমাৰ মনৰ উল্লাস গ’ল; আমাৰ নাচবাগ গুচি শোক হ’ল।
16 Cecidit corona capitis nostri: vae nobis, quia peccavimus.
১৬আমাৰ মুৰৰ পৰা মুকুটটি খহি পৰিল! আমাৰ সন্তাপ হ’ল! কিয়নো আমি পাপ কৰিলোঁ!
17 Propterea moestum factum est cor nostrum, ideo contenebrati sunt oculi nostri.
১৭এই কাৰণে আমাৰ অন্তৰ পীড়িত হ’ল, এইবোৰৰ বাবে আমাৰ চকু দুৰ্ব্বল হ’ল,
18 Propter montem Sion quia disperiit, vulpes ambulaverunt in eo.
১৮কিয়নো চিয়োন পৰ্ব্বতক ধংস কৰা হ’ল, তাৰ ওপৰত শিয়ালবোৰ ফুৰে।
19 Tu autem Domine in aeternum permanebis, solium tuum in generatione et generationem.
১৯হে যিহোৱা, তুমি চিৰকাললৈকে আছা, তোমাৰ সিংহাসন পুৰুষানুক্ৰমে আছে।
20 Quare in perpetuum oblivisceris nostri? derelinques nos in longitudine dierum?
২০তুমি চিৰকাললৈকে আমাক কিয় পাহৰিলা? আৰু ইমান কাল আমাক কিয় ত্যাগ কৰিবা?
21 Converte nos Domine ad te, et convertemur: innova dies nostros, sicut a principio.
২১হে যিহোৱা, তোমালৈ আমাক উভতাই আনা, তেতিয়াহে আমি অনুতপ্ত হ’ম; আগৰ কালৰ নিচিনা আমাৰ দিন পুনৰায় কৰা,
22 Sed proiiciens repulisti nos, iratus es contra nos vehementer.
২২যদিহে তুমি আমাক সম্পূৰ্ণকৈ ত্যাগ কৰা নাই, আৰু আমাৰ অহিতে অতিশয় ক্ৰুদ্ধ হোৱা নাই!