< Iosue 23 >

1 Evoluto autem multo tempore, postquam pacem dederat Dominus Israeli, subiectis in gyro nationibus universis, et Iosue iam longaevo, et persenilis aetatis:
এইদৰে যিহোৱাই ইস্ৰায়েলক তেওঁলোকৰ চাৰিওফালে থকা আটাই শত্ৰুৰ পৰা জিৰণী দিয়াৰ পাছত যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল৷
2 vocavit Iosue omnem Israelem, maioresque natu, et principes ac duces, et magistros, dixitque ad eos: Ego senui, et progressioris aetatis sum:
তেতিয়া তেওঁ গোটেই ইস্ৰায়েলক, তেওঁলোকৰ বৃদ্ধ আৰু অধ্যক্ষসকলক, বিচাৰকৰ্ত্তা আৰু বিষয়াসকলক মতাই আনি তেওঁলোকক ক’লে, “মই বুঢ়া আৰু অতিশয় বৃদ্ধ হ’লো।
3 vosque cernitis omnia, quae fecerit Dominus Deus vester cunctis per circuitum nationibus, quo modo pro vobis ipse pugnaverit:
তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ কাৰণে এই সকলো জাতিলৈ যি যি কৰিলে, সেই বিষয়ে তোমালোকে দেখি আছাহঁক, কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই নিজে তোমালোকৰ পক্ষে যুদ্ধ কৰিলে।
4 et nunc quia vobis sorte divisit omnem Terram, ab Orientali parte Iordanis usque ad mare magnum, multaeque adhuc supersunt nationes:
চোৱা! যি যি জাতিক মই উচ্ছন্ন কৰিলোঁ, তেওঁলোকৰ দেশৰে সৈতে, যৰ্দ্দনৰ পৰা সূৰ্য মাৰ যোৱা ফালে মহা সমুদ্ৰলৈকে সকলো অৱশিষ্ট থকা জাতিৰ দেশ মই তোমালোকৰ ফৈদবোৰক আধিপত্যৰ অৰ্থে চিঠি-খেলৰ দ্বাৰাই ভগাই দিলোঁ।
5 Dominus Deus vester disperdet eas et auferet a facie vestra, et possidebitis Terram, sicut vobis pollicitus est.
তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা তেওঁলোকক গতিয়াই পঠাব আৰু তোমালোকৰ চকুৰ আগৰ পৰা সিহঁতক দূৰ কৰিব৷ তাতে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক কোৱাৰ দৰে, তোমালোকে সিহঁতৰ দেশ অধিকাৰ কৰিবা।
6 tantum confortamini, et estote soliciti, ut custodiatis cuncta quae scripta sunt in volumine legis Moysi: et non declinetis ab eis neque ad dexteram neque ad sinistram:
এতেকে, তোমালোকে মোচিৰ বিধান অনুসাৰে সোঁ কি বাওঁফালে যেন নুঘূৰিবা,
7 ne postquam intraveritis ad Gentes, quae inter vos futurae sunt, iuretis in nomine deorum earum, et serviatis eis, et adoretis illos:
তোমালোকৰ মাজত অৱশিষ্ট থকা এই জাতি সমূহৰ মাজত নুসোমাবা, তেওঁলোকৰ দেৱতাৰ নাম নলবা, সেইবোৰৰ নামেৰে শপত নাখাবা, সেইবোৰক পূজা নকৰিবা আৰু সেইবোৰৰ আগত প্ৰণিপাত নকৰিবা৷
8 sed adhaereatis Domino Deo vestro: quod fecistis usque in diem hanc.
কিন্তু আজিলৈকে যেনেকৈ কৰি আহিছা, তেনেকৈ যেন নিজ ঈশ্বৰ যিহোৱাত আসক্ত হৈ থাকা, এই কাৰণে মোচিৰ বিধান-পুস্তকত লিখা সকলো কথা পালন কৰি, তাৰ দৰে আচৰণ কৰিবলৈ অতিশয় সাহ কৰা।
9 Et tunc auferet Dominus Deus in conspectu vestro gentes magnas et robustissimas, et nullus vobis resistere poterit.
কিয়নো যিহোৱাই তোমালোকৰ আগৰ পৰা মহৎ আৰু বলৱান জাতি সমূহক দূৰ কৰিলে৷ আৰু তোমালোকৰ আগত আজিলৈকে কোনেও থিয় হ’ব পৰা নাই।
10 Unus e vobis persequetur hostium mille viros: quia Dominus Deus vester pro vobis ipse pugnabit, sicut pollicitus est.
১০তোমালোকৰ এজনেই হাজাৰ জনক খেদি দিব; কিয়নো, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যেনেকৈ কৈছিল, তেনেকৈ তেওঁ নিজেই তোমালোকৰ পক্ষে যুদ্ধ কৰোঁতা।
11 Hoc tantum diligentissime praecavete, ut diligatis Dominum Deum vestrum.
১১এই হেতুকে তোমালোকে নিজ নিজ প্ৰাণৰ বিষয়ে অতিশয় সাৱধান হৈ, তোমালোকৰ ঈশ্বৰ যিহোৱাক প্ৰেম কৰা৷
12 Quod si volueritis gentium harum, quae inter vos habitant, erroribus adhaerere, et cum eis miscere connubia, atque amicitias copulare:
১২নাইবা যদি কোনো প্ৰকাৰে বিমুখ হৈ, সেই জাতিবোৰৰ বাকী থকা যি অৱশিষ্ট লোক তোমালোকৰ মাজত আছে, তেওঁলোকত আসক্ত হোৱা, তেওঁলোকৰ লগত বিবাহৰ সম্বন্ধ কৰা আৰু তোমালোকৰ লগত তেওঁলোকৰ বা তেওঁলোকৰ লগত তোমালোকৰ আলাপ ব্যৱহাৰ হয়,
13 iam nunc scitote quod Dominus Deus vester non eas deleat ante faciem vestram, sed sint vobis in foveam ac laqueum, et offendiculum ex latere vestro, et sudes in oculis vestris, donec vos auferat atque disperdat de Terra hac optima, quam tradidit vobis.
১৩তেন্তে, নিশ্চয়ে জানিবা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ আগৰ পৰা সেই জাতি সমূহক দূৰ নকৰিব৷ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোক বিনষ্ট নোহোৱালৈকে সিহঁত তোমালোকৰ জাল আৰু ফান্দ, গাত কোবোৱা চাবুক আৰু চকুত লগা কাঁইট স্বৰূপ হৈ থাকিব।
14 En ego hodie ingredior viam universae terrae, et toto animo cognoscetis quod de omnibus verbis, quae se Dominus praestiturum vobis esse pollicitus est, unum non praeterierit incassum.
১৪চোৱা, গোটেই পৃথিৱীৰ লোকে যোৱা পথেদি মই আজি যাওঁ। আৰু তোমালোকে সকলো মনেৰে সকলো জ্ঞানেৰে ইয়াক জ্ঞাত হোৱা যে, তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকৰ বিষয়ে যিমান কুশলৰ বাক্য ক’লে, তাৰ এটিও বিফল হোৱা নাই; তোমালোকৰ পক্ষে সেই সকলো সিদ্ধ হ’ল, এটিও নিষ্ফল হোৱা নাই।
15 Sicut ergo implevit opere quod promisit, et prospera cuncta venerunt: sic adducet super vos quidquid malorum comminatus est, donec vos auferat atque disperdat de Terra hac optima, quam tradidit vobis,
১৫কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক যি যি কুশলৰ বাক্য কৈছিল, সেই সকলো যেনেকৈ তোমালোকৰ পক্ষে সিদ্ধ হ’ল, সেইদৰে তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক দিয়া এই উত্তম দেশৰ পৰা তোমালোকক বিনষ্ট কৰি নটায় মানে, তেওঁ তোমালোকলৈ সকলো অমঙ্গলৰ বাক্যও সিদ্ধ কৰিব।
16 eo quod praeterieritis pactum Domini Dei vestri, quod pepigit vobiscum, et servieritis diis alienis, ad adoraveritis eos: cito atque velociter consurget in vos furor Domini, et auferemini ab hac Terra optima, quam tradidit vobis.
১৬নিজ ঈশ্বৰ যিহোৱাই তোমালোকক আদেশ কৰা নিয়মটি যদি তোমালোকে লঙ্ঘন কৰা আৰু তোমালোকে যদি আন দেৱতাবোৰক পূজা কৰা আৰু সেইবোৰৰ আগত প্ৰণিপাত কৰা, তেন্তে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ ক্ৰোধ তোমালোকৰ বিৰুদ্ধে জ্বলি উঠিব আৰু তেওঁ তোমালোকক দিয়া এই উত্তম দেশৰ পৰা, তোমালোক সোনকালে বিনষ্ট হ’বা।”

< Iosue 23 >