< Job 20 >
1 Respondens autem Sophar Naamathites, dixit:
১তেতিয়া নামাথীয়া চোফৰে পুনৰায় উত্তৰ কৰি ক’লে,
2 Idcirco cogitationes meae variae succedunt sibi, et mens in diversa rapitur.
২মোৰ ভাৱনাই উত্তৰ দিবলৈ মোক উদগাইছে, কাৰণ এইবোৰে মোক অন্তৰক অধৈৰ্য কৰিছে।
3 Doctrinam, qua me arguis, audiam, et spiritus intelligentiae meae respondebit mihi.
৩মোক লাজ দিয়া উপদেশ মই শুনিলোঁ, তথাপি মোৰ বুদ্ধিদায়ক আত্মাই মোক উত্তৰ যোগাইছে।
4 Hoc scio a principio, ex quo positus est homo super terram,
৪কেতিয়াৰ পৰা ঈশ্বৰে পৃথিৱীত মনুষ্যক স্থাপন কৰিছিল, কালৰ আৰম্ভণিৰ সেই ৰহস্য তুমি নাজানা,
5 Quod laus impiorum brevis sit, et gaudium hypocritae ad instar puncti.
৫দুষ্টবোৰৰ জয়-ধ্বনি যে অলপদিনীয়া, আৰু অধাৰ্মিকৰ আনন্দ যে খন্তেকীয়া, ইয়াক তুমি নাজানা নে?
6 Si ascenderit usque ad caelum superbia eius, et caput eius nubes tetigerit:
৬যদি দুষ্টলোকৰ মাহাত্ম্যই আকাশ পায়গৈ, আৰু তাৰ মুৰ মেঘত লাগে,
7 Quasi sterquilinium in fine perdetur: et qui eum viderant, dicent: Ubi est?
৭তথাপি সি নিজ বিষ্ঠাৰ দৰে চিৰকাললৈকে নষ্ট হ’ব, যিবিলাকে তাক দেখিছিল, তেওঁবিলাকে সুধিব, সি ক’ত আছে?
8 Velut somnium avolans non invenietur, transiet sicut visio nocturna.
৮সি সপোনৰ দৰে উড়ি যাব, তাক পুনৰ পোৱা নাযাব; এনে কি, ৰাতিকালৰ দৰ্শনৰ দৰে সি লুপ্ত হ’ব।
9 Oculus, qui eum viderat, non videbit, neque ultra intuebitur eum locus suus.
৯যি চকুৱে তাক দেখিছিল, সেই চকুৱে তাক পুনৰ নেদেখিব; তাৰ নিবাসৰ ঠায়ে তাক পুনৰ দেখা নাপাব।
10 Filii eius atterentur egestate, et manus illius reddent ei dolorem suum.
১০তাৰ সন্তানবোৰে দৰিদ্ৰসকলৰ পৰা অনুগ্ৰহ বিচাৰিব, আৰু তাৰ নিজ হাতে তাৰ ধন-সম্পত্তি ওভোটাই দিব।
11 Ossa eius implebuntur vitiis adolescentiae eius, et cum eo in pulvere dormient.
১১তাৰ অস্থিবোৰ ডেকা কালৰ শক্তিৰ পৰিপূৰ্ণ, কিন্তু ইয়ো তাৰ লগত ধূলিত শুব।
12 Cum enim dulce fuerit in ore eius malum, abscondet illud sub lingua sua.
১২যদিও দুষ্টতা তাৰ মুখত সোৱাদ লাগে, যদিও সি জিভাৰ তলত তাক লুকুৱাই ৰাখে,
13 Parcet illi, et non derelinquet illud, et celabit in gutture suo.
১৩যদিও সি তাতে ধৰি ৰাখে আৰু এৰি দিব নিবিচাৰে, কিন্তু তাৰ মুখৰ ভিতৰতে তাক ৰাখি থয়,
14 Panis eius in utero illius vertetur in fel aspidum intrinsecus.
১৪তথাপি তাৰ আহাৰ পেট পাই বিকৃত হয়, সেয়ে তাৰ ভিতৰত কালসৰ্পৰ বিষস্বৰূপ হৈ পৰে।
15 Divitias, quas devoravit, evomet, et de ventre illius extrahet eas Deus.
১৫সি ধন-সম্পত্তি গ্ৰাস কৰে, আৰু তাক পুনৰাই বতিঁয়াই পেলাব; ঈশ্বৰে তাৰ পেটৰ পৰা তাক উলিয়াই পেলাব।
16 Caput aspidum suget, et occidet eum lingua viperae.
১৬সি কালসৰ্পৰ বিষ চুহিব; বিশাল সাপৰ জিভাই তাক বধ কৰিব।
17 (Non videat rivulos fluminis, torrentes mellis, et butyri.)
১৭সি নদীবোৰ দেখা নাপাব, মৌ আৰু দৈ গাখীৰ বৈ যোৱা সুঁতিবোৰ নেদেখিব।
18 Luet quae fecit omnia, nec tamen consumetur: iuxta multitudinem adinventionum suarum, sic et sustinebit.
১৮সি নিজ পৰিশ্ৰমৰ ফল ওভোটাই দিব, গ্ৰাস নকৰিব; সি লাভ পোৱা নিজ সম্পত্তি অনুসাৰে উল্লাস নকৰিব।
19 Quoniam confringens nudavit pauperes: domum rapuit, et non aedificavit eam.
১৯সি দৰিদ্ৰবোৰক উপদ্ৰৱ আৰু ত্যাগ কৰিলে; এই হেতুকে যি ঘৰ কাঢ়ি ল’লে, সেই ঘৰ সি সাজি উলিয়াব নোৱাৰিব।
20 Nec est satiatus venter eius: et cum habuerit quae concupierat, possidere non poterit.
২০তাৰ পেট কেতিয়াও তৃপ্ত নহয়; এই হেতুকে সি নিজৰ মৰমৰ বস্তুৰ মাজৰ একোকে ৰক্ষা কৰিব নোৱাৰিব।
21 Non remansit de cibo eius, et propterea nihil permanebit de bonis eius.
২১সি গ্ৰাস নকৰা একোৱেই বাকী নাই; এই কাৰণে তাৰ মঙ্গল চিৰকলীয়া নহ’ব।
22 Cum satiatus fuerit, arctabitur, aestuabit, et omnis dolor irruet super eum.
২২তাৰ বস্তু-বাহানি জোৰাওকৈ থকা সময়তো সি ঠেকত পৰিব; দুখত পৰা প্ৰতিজনৰ হাতে তাক আক্ৰমণ কৰিব।
23 Utinam impleatur venter eius, ut emittat in eum iram furoris sui, et pluat super illum bellum suum.
২৩সি নিজ পেট ভৰাবলৈ ধৰোঁতেই, ঈশ্বৰে তাৰ ওপৰত ক্ৰোধাগ্নি পেলাব, আৰু সি খাই থাকোঁতেই তাৰ ওপৰত তাক বৰষাব।
24 Fugiet arma ferrea, et irruet in arcum aereum.
২৪সি লোহাৰ অস্ত্ৰৰ পৰা পলাই যাব; কিন্তু পিতলৰ ধনুবাণে তাক সৰকাই পেলাব।
25 Gladius eductus, et egrediens de vagina sua, et fulgurans in amaritudine sua: vadent, et venient super eum horribiles.
২৫সি বাণ টানিলে, সেয়ে তাৰ গাৰ পৰা ওলাই আহে; এনে কি, তাৰ তিৰবিৰোৱা আগ, তাৰ পিত্তৰ পৰা বাহিৰ হয়; তাতে মৰণৰ ভয়ে তাক আক্ৰমণ কৰে।
26 Omnes tenebrae absconditae sunt in occultis eius: devorabit eum ignis, qui non succenditur, affligetur relictus in tabernaculo suo.
২৬তাৰ সঞ্চিত বস্তুৰ অৰ্থে ঘোৰ আন্ধাৰ ৰাখি থোৱা হৈছে, মানুহে নধৰা জুয়ে তাক গ্ৰাস কৰিব; সেয়ে তাৰ তম্বুত থকা অৱশিষ্ট বস্তু ভষ্ম কৰিব।
27 Revelabunt caeli iniquitatem eius, et terra consurget adversus eum.
২৭আকাশ-মণ্ডলে তাৰ অপৰাধ প্ৰকাশ কৰিব, আৰু পৃথিৱী তাৰ বিৰুদ্ধে উঠিব।
28 Apertum erit germen domus illius, detrahetur in die furoris Dei.
২৮তাৰ ঘৰৰ সম্পত্তি উড়ি যাব; ঈশ্বৰৰ ক্ৰোধৰ দিনা তাক ধল পানীয়ে উটুৱাই নিব।
29 Haec est pars hominis impii a Deo, et hereditas verborum eius a Domino.
২৯দুষ্ট মানুহে ঈশ্বৰৰ পৰা পাবলগীয়া ভাগ এয়ে, আৰু এয়ে ঈশ্বৰে নিৰূপণ কৰা তাৰ অধিকাৰ।