< Osee Propheta 1 >
1 Verbum Domini, quod factum est ad Osee filium Beeri, in diebus Oziae, Ioathan, Achaz, Ezechiae regum Iuda, et in diebus Ieroboam filii Ioas regis Israel.
১যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ ৰাজত্বৰ সময়ত আৰু ইস্ৰায়েলৰ ৰজা যোৱাচৰ পুত্ৰ যাৰবিয়ামৰ ৰাজত্বৰ সময়ত বেৰীৰ পুত্ৰ হোচেয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল।
2 Principium loquendi Domino in Osee: et dixit Dominus ad Osee: Vade, sume tibi uxorem fornicationum, et fac tibi filios fornicationum: quia fornicans fornicabitur terra a Domino.
২হোচেয়াৰ মাধ্যমেদি প্রথমে কথা প্রকাশ কৰাৰ সময়ত যিহোৱাই হোচেয়াক কলে, “তুমি যোৱা আৰু নিজৰ বাবে এগৰাকী বেশ্যা মহিলাক বিবাহ কৰা। বেশ্যাস্বভাৱৰ ফলত জন্ম পোৱা তাইৰ সন্তান সকলকো গ্রহণ কৰিবা; কিয়নো দেশখনে যিহোৱাৰ পৰা আঁতৰি গৈ অতি ঘৃণনীয় বেশ্যা কৰ্ম কৰিছে।”
3 Et abiit, et accepit Gomer filiam Debelaim: et concepit, et peperit ei filium.
৩সেইদৰে হোচেয়াই গৈ দিব্লয়িমৰ জীয়েক গোমৰক বিবাহ কৰিলে; তাৰ পাছত তাই গৰ্ভৱতী হৈ হোচেয়ালৈ এটি পুত্ৰ প্ৰসৱ কৰিলে।
4 Et dixit Dominus ad eum: Voca nomen eius Iezrahel: quoniam adhuc modicum, et visitabo sanguinem Iezrahel super domum Iehu, et quiescere faciam regnum domus Israel.
৪তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি সেই ল’ৰাৰ নাম যিজ্ৰিয়েল ৰাখা; কিয়নো কিছু সময়ৰ ভিতৰত যিজ্ৰিয়েল নগৰত যেহূৱে কৰা ৰক্তপাতৰ কাৰণে মই যেহূৰ বংশক দণ্ড দিম আৰু মই ইস্ৰায়েল-বংশৰ ৰাজ্য শেষ কৰি দিম।
5 Et in illa die conteram arcum Israel in valle Iezrahel.
৫সেইদিনা মই যিজ্ৰিয়েলৰ উপত্যকাত ইস্ৰায়েলৰ ধনু ভাঙিম।”
6 Et concepit adhuc, et peperit filiam. Et dixit ei: Voca nomen eius Absque misericordia: quia non addam ultra misereri domui Israel, sed oblivione obliviscar eorum.
৬পাছত গোমৰ পুনৰায় গৰ্ভৱতী হৈ এজনী ছোৱালী প্ৰসৱ কৰিলে; তেতিয়া যিহোৱাই হোচেয়াক ক’লে, “তুমি ছোৱালীজনীৰ নাম লো-ৰুহামা ৰাখা; কিয়নো ইস্ৰায়েলৰ লোক সকলক মই পুনৰায় দয়া নকৰিম, তেওঁলোকক কোনোমতেই ক্ষমা নকৰিম।
7 Et domui Iuda miserebor, et salvabo eos in Domino Deo suo: et non salvabo eos in arcu, et gladio, et in bello, et in equis, et in equitibus.
৭কিন্তু যিহূদাৰ লোকসকলক হলে মই দয়া কৰিম আৰু তেওঁলোকৰ ঈশ্বৰ যিহোৱাৰ দ্বাৰাই তেওঁলোকক উদ্ধাৰ কৰিম; সেই উদ্ধাৰ ধনু, তৰোৱাল বা যুদ্ধ অথবা ঘোঁৰা বা অশ্বাৰোহীৰ দ্বাৰা নহ’ব।”
8 Et ablactavit eam, quae erat Absque misericordia. Et concepit, et peperit filium.
৮লো-ৰুহামাক পিয়াহ এৰুউৱাৰ পাছত গোমৰ গৰ্ভৱতী হৈ পুনৰায় এটি পুত্ৰ প্ৰসৱ কৰিলে।
9 Et dixit: Voca nomen eius: Non populus meus: quia vos non populus meus, et ego non ero vester Deus.
৯তেতিয়া যিহোৱাই ক’লে, “তুমি তাৰ নাম লো-অম্মী ৰাখা; কিয়নো তোমালোক মোৰ প্ৰজা নোহোৱা নতুবা মইও তোমালোকৰ ঈশ্বৰ নহয়।”
10 Et erit numerus filiorum Israel quasi arena maris, quae sine mensura est, et non numerabitur. Et erit in loco ubi dicetur eis: Non populus meus vos: dicetur eis: Filii Dei viventis.
১০তথাপিও ইস্ৰায়েলৰ সন্তান সকলৰ সংখ্যা সাগৰৰ পাৰৰ বালিৰ নিচিনা জুখিব আৰু গণিব নোৱাৰা কৰিম; যি ঠাইত তেওঁলোকক কোৱা হৈছিল, “তোমালোক মোৰ লোক নোহোৱা,” সেই ঠাইত, তেওঁলোকক কোৱা হ’ব, “জীৱন্ত ঈশ্বৰৰ সন্তান।”
11 Et congregabuntur filii Iuda, et filii Israel pariter: et ponent sibimet caput unum, et ascendent de terra: quia magnus dies Iezrahel.
১১যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল মিলিত হ’ব আৰু তেওঁলোকৰ ওপৰত এজন নেতা তেওঁলোকে নিযুক্ত কৰিব। তাৰ পাছত তেওঁলোকে সেই ঠাই অধিকাৰ কৰিব, কাৰণ যিজ্ৰিয়েলৰ সেই দিন মহৎ হ’ব।